Home Quiz কোৰাণ কুইজ 

কোৰাণ কুইজ 

0

কোৰাণ কুইজ

কোৰাণ কুইজ

 

কোৰাণ কুইজ, Quran, Kuran

কোৰাণ কুইজ 

প্ৰঃ কোৰাণ কি?

উঃ বিশ্বনবী হজৰত মুহাম্মদ (ছাঃ)ৰ ওপৰত  অৱতীৰ্ণ হোৱা সৰ্বশেষ ঐহী গ্ৰন্থ।

প্ৰঃ ‘কোৰাণ’ শব্দৰ অৰ্থ কি?

উঃ কিতাপ।

প্ৰঃ পৱিত্ৰ কোৰানৰ ৰচয়িতা কোনে?

উঃ বিশ্বব্রহ্মাণ্ডৰ মহাশক্তিশালী সৃষ্টিকৰ্তা পৰম আল্লাহ তায়ালা।

প্ৰঃ কোৰাণ কাৰ জৰিয়তে (মাধ্যমত) অৱতীৰ্ণ হয়?

উঃ  হজৰত জিব্রাইল (আঃ)ৰ জৰিয়তে।

প্ৰঃ পৱিত্ৰ কোৰাণৰ ভাষা কি?

উঃ আৰবী। কোৰাণ কুইজ

প্ৰঃ কোৰাণৰ বৈশিষ্ট্য কি?

উঃ চিৰদিন (কিয়ামতলৈ) কোৰণখন অবিকৃত হৈ থাকিব।

প্ৰঃ ৰাছুলুল্লাহ (ছাঃ)ৰ জীৱনত কিমান মাজিজা সংঘটিত হৈছিল? তাৰ ভিতৰত শ্ৰেষ্ট মাজিজা কি আছিল?

উঃ প্ৰায় 3000, তাৰ ভিতৰত সৰ্বশ্রেষ্ঠ মাজিজা হ’ল আল কোৰাণ।

প্ৰঃ পৱিত্ৰ কোৰাণ অৱতীৰ্ণ হোৱাৰ আগতে ক’ত সংৰক্ষিত আছিল?

উঃ লওহে মাহফুজত।

প্ৰঃ কোৰাণখন সংৰক্ষণৰ দায়িত্ব কাৰ হাতত?

উঃ স্বয়ং আল্লাহৰ হাতত।

প্ৰঃ ‘কোৰাণ’ শব্দটোৰ উপৰিও ঐহী গ্ৰন্থখনৰ অন্য কেইটা নাম আছে আৰু সেইবোৰ কি কি?

উঃ 54 টা, যথা– কিতাব, ফুৰকান, হাকিম, কৰিম, ৰহমত, কালাম, হুদা, যিকৰ, শিফা, নূৰ, মুবীন, মাজীদ, তানজিল, ইলম, ওহী সিৰাতুল মুস্তাকিম, মাসানী, নাজিৰ, মুছাদ্দিক, মুবাৰক, আলী, মাওবিয়া, হিকমত, মুহাইমিন, হাবল, কাওল, নাবয়িল আজিম, আহছানুল হাদিছ, কায়্যিম, মুতাশাবিহ, ৰুহ আৰাবী, বাছায়িৰ, বায়ান, হদী আজাব, তাজকিয়া, আল উৰুৱাতুল বুছকা, সিদক, আদাল, আমৰ, মুনাদী, জাবুৰ, বাশীৰ, আজিম, বালাগ, কাসাস, ছুহুব, মুকাৰৰম, মত্যহ্‌হাৰা আৰু ফাছল।

প্ৰঃ সৰ্বমুঠ কিমানদিনত কোৰাণখন অৱতীৰ্ণ হৈছিল?

উঃ 22 বছৰ 5 মাহ, 14 দিনত।

প্ৰঃ কোৰাণ সৰ্বপ্ৰথম ক’ত কেতিয়া অৱতীৰ্ণ হয়?

উঃ  18 ৰমজান, শুক্ৰবাৰ (17  আগষ্ট, 610 খ্ৰীঃ) হিৰা পৰ্বতৰ গুহাত।

প্ৰঃ সৰ্বপ্ৰথম অৱতীৰ্ণ হোৱা কোৰাণৰ আয়াত কি আছিল?

উঃ ছুৰা আল আলাকৰ প্ৰথম 5 আয়াত।

প্ৰঃ কোৰান নাজিল হোৱাৰ দিনত হজৰত মুহাম্মদ (ছাঃ)ৰ বয়স কিমান আছিল?

উঃ 40 বছৰ 11 দিন।

প্ৰঃ সৰ্বশেষ অহি কেতিয়া নাজিল হয়?

উঃ ৰাছুলুল্লাহ (ছাঃ)ৰ ইন্তেকালৰ 9 দিন আগত।

প্ৰঃ ছুৰা ‘আল আলাক’ৰ প্ৰথম 5 আয়াত নাজিল হোৱাৰ পিছত কিমান দিন অহি অহা বন্ধ আছিল?

উঃ 2 বছৰ 6 মাহ।

প্ৰঃ দীৰ্ঘ আঢ়াই বছৰ পিছত কোৰানৰ কোন ছুৰা নাজিল হয়?

উঃ ছুৰা মুদ্দাছ্‌ছিৰ প্ৰথম পাঁচ আয়াত।

প্ৰঃ তৃতীয় বাৰ কোন ছুৰা নাজিল হয়।

উঃ ছুৰা ওৱাদ্দুহা।

প্ৰঃ সকলোতকৈ সৰু আয়াত কোনটো?

উঃ ওৱাদ্দুহা। কোৰাণ কুইজ

প্ৰঃ সকলোতকৈ ডাঙৰ আয়াত কোনটো?

উঃ কৰজৰ আয়াত।

প্ৰঃ ‘আয়াত’ শব্দৰ অৰ্থ কি?

উঃ শ্লোক, বাক্য, চিহ্ন।

প্ৰঃ কোৰানত মুঠ কিমান আয়াত (শ্লোক, বাক্য) আছে?

উঃ 6666 টি?

প্ৰঃ কোৰানত সৰ্বমুঠ কিমান শব্দ আছে?

উঃ 86,430 টা।

প্ৰঃ কোৰানত কোনটো হৰফ (বৰ্ণ) আটাইতকৈ বেছি ব্যৱহৃত হৈছে?

উঃ আলিফ। কোৰাণ কুইজ

প্ৰঃ কোৰানত সৰ্বমুঠ কেইটা ছুৰা (অধ্যায়) আছে।

উঃ 114 টা।

প্ৰঃ পৱিত্ৰ কোৰাণ কিমান মনজিলত বিভক্ত?

উঃ 7 মনজিলত।

প্ৰঃ কোৰানত কেইটা ৰুকু (পৰিচ্ছেদ)আছে?

উঃ 540 টা।

প্ৰঃ কোৰাণত ছিজদাহৰ আয়াত কেইটা?

উঃ 14 টা। কোৰাণ কুইজ

প্ৰঃ মক্কাত অৱতীৰ্ণ ছুৰাৰ সংখ্যা কেইটা?

উঃ 92 টা। মতান্তৰে 84 টা।

প্ৰঃ মদিনাত অৱতীৰ্ণ হোৱা ছুৰাৰ সংখ্যা কেইটা?

উঃ 22 টা। মতান্তৰে 30 টা।

প্ৰঃ নাজিলকৃত সৰ্বপ্ৰথম পূৰ্ণাঙ্গ ছুৰা কোনটো?

উঃ ছুৰা ফাতিহা।

প্ৰঃ মদিনাত পোন প্ৰথমতে কোন ছুৰা অৱতীৰ্ণ হয়?

উঃ ছুৰা আৰ ৰহমান।

প্ৰঃ কোন ছুৰাক কোৰাণৰ মুকুট বুলি কোৱা হয়?

উঃ ছুৰা আৰ ৰহমান।

প্ৰঃ উম্মুল কোৰাণ বা কোৰাণৰ জননী কোন ছুৰাক কোৱা হয়?

উঃ ছুৰা ফাতিহা।

প্ৰঃ কোন ছুৰাক কোৰানৰ প্ৰাণ বুলি কোৱা হয়?

উঃ ছুৰা ইয়াচিন।

প্ৰঃ পৱিত্ৰ কোৰাণৰ মূৰ কাক কোৱা হয়?

উঃ ‘বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহিম।’

প্ৰঃ কোনটো ছুৰাক কোৰাণৰ আৰশ বুলি কোৱা হয়?

উঃ ছুৰা বাকাৰা।

প্ৰঃ কোন ছুৰাক কোৰানৰ প্ৰদীপ বুলি কোৱা হয়?

উঃ ছুৰা মূলক।

কোৰাণ কুইজ, Quran, Kuran

প্ৰঃ আয়তুল কুৰছিক কি বুলি কোৱা হয়?

উঃ কোৰানৰ বন্ধু।

প্ৰঃ  কোৰাণৰ কোন ছুৰাক আলগণি বুলি কোৱা হয়?

উঃ ছুৰা আল ওৱাকিয়াহ।

প্ৰঃ কোন ছুৰাত ‘তাছমিয়াহ’ নাই?

উঃ ছুৰা তওবা। কোৰাণ কুইজ

প্ৰঃ ছুৰা তওবাত ’বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহিম’ নাই কিয়?

উঃ ‘বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহিম’ৰ অৰ্থ হ’ল আল্লাহ পৰম কৰুণাময় আৰু দয়াশীল’। কিন্তু ছুৰা তওবাত আল্লাহ তায়ালাই বিধৰ্মী, কাফিৰ আৰু মুছৰিকসকলৰ বাবে আল্লাহৰ ভয়ঙ্কৰ কঠিন আজাবৰ বৰ্ণনা কৰিছে। সেয়ে ছুৰাটিত ‘বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহিম’ নাই।

প্ৰঃ কোৰাণৰ কোন ছুৰাত তাছমিয়াহ দুবাৰ আছে?

উঃ ছুৰা নামল।

প্ৰঃ অহি লেখক চাহাবা কিমানজন আছিল?

উঃ 40 জন। কোৰাণ কুইজ

প্ৰঃ কাৰ আদেশত কেইজন চাহাবাই সৰ্বপ্ৰথম কোৰানখন পুস্তক আকাৰত লিখে?

উঃ হজৰত আবু বক্কৰ (ৰাঃ)ৰ আদেশত 75 জন চাহাবাই।

প্ৰঃ হজৰত আবু বক্কৰ (ৰাঃ) পুস্তক আকাৰে লিখা কোৰাণখন কাৰ ওচৰত সংৰক্ষিত ৰাখে?

উঃ উম্মুল মুমেনিন হজৰত হাফছা (ৰাঃ)ৰ ওচৰত।

প্ৰঃ কোৰাণ পাঠ সকলোৰে বাবে সহজ কৰিবলৈ সৰ্বপ্ৰথম হৰকত (জেৰ, জবৰ, পেশ) কোনে উদ্ভাৱন কৰে?

উঃ হজৰত আছওৱাদ দুয়ালী নামৰ এজন লোকে।

প্ৰঃ কোৰাণত হৰকত সংযোজন  কাৰ আদেশত কিমান হিজৰীত কৰা হৈছিল?

উঃ উমাইয়া শাসক আব্দুল মালিক বিন মাৰোৱানৰ ইৰাকী গভৰ্ণৰ হাজ্জাজ বিন ইউছুফৰ নিৰ্দেশত একদল পণ্ডিতে 86 হিজৰীত এই কাম সমাধা কৰে। 

প্ৰঃ ৰাছুলুল্লাহৰ ইন্তেকালৰ সময়ত কেইজন কোৰাণৰ হাফিজ আছিল?

উঃ 22 জন। কোৰাণ কুইজ

প্ৰঃ মহিলা ছাহাবীসকলৰ মাজত কোন কোন কোৰানৰ হাফিজ আছিল?

উঃ হজৰত আয়েশা (ৰাঃ), হজৰত হাফছা (ৰাঃ) আৰু উম্মে ছালমা (ৰাঃ)।

প্ৰঃ পৱিত্ৰ কোৰানত একমাত্ৰ কোন মহিয়সী নাৰীৰ নাম উল্লেখ আছে?

উঃ হজৰত ঈছা (আঃ)ৰ মাতৃ হজৰত মৰিয়ম (আঃ)।

প্ৰঃ পৱিত্ৰ কোৰানত একমাত্ৰ কোন চাহাবাৰ নাম উল্লেখ আছে?

উঃ হজৰত জায়েদ বিন হাৰেশা।

প্ৰঃ কোৰানত কোন নবীৰ বিষয়ে সৰ্বাধিক আলোচিত হৈছে?

উঃ হজৰত মুছা (আঃ) । 

প্ৰঃ কোৰানত মুঠ কেইজন নবীৰ নাম উল্লেখ আছে?

উঃ 25 জন। কোৰাণ কুইজ

প্ৰঃ কোৰানত কেইজন ফিৰিস্তাৰ নাম উল্লেখ আছে?

উঃ 4 জন,যথা– জিব্রাইল, মিকৰাইল, হাৰুত আৰু মাৰুত (আঃ)।

প্ৰঃ কোৰাণত কিমানজন কাফিৰৰ নাম উল্লেখ আছে?

উঃ 7 জন, যথা– আবু লাহাব, ফিৰাউন, হামান, কাৰুন, সামেৰি, আজৰ আৰু ইবলিছ।

প্ৰঃ কোৰানত কিমান দেৱ-দেৱীৰ নাম উল্লেখ আছে?

উঃ 8 টা, যথা– লাত, উজজা, মানাত, ওৱাদ, সুওজা, ইয়াগুছ, ইয়াউক আৰু নাসৰ।

প্ৰঃ কলিমা তৈয়বাহ কোৰাণত কেইবাৰ আছে?

উঃ কোৰানৰ ক’তো সম্পূৰ্ণ কলিমাৰ উল্লেখ নাই। অৱশ্যে দুই স্থানত “লা-ইলাহা ইল্লাল্লাহ’ আৰু অন্য এক স্থানত “মুহাম্মাদুৰ ৰাছুলুল্লাহ’ উল্লেখ আছে।

প্ৰঃ সৰ্বপ্ৰথম পূৰ্ণাঙ্গ কোৰান কোনে কি ভাষাত অনুবাদ কৰে?

উঃ 1543 চনত ৰবাৰ্ট ক্যেটেননিসা, লেটিন ভাষাত।

প্ৰঃ বাংলা ভাষাত পুস্তকাকাৰে সৰ্বপ্ৰথম পূৰ্ণ কোৰাণ কোনে অনুবাদ কৰে?

উঃ গিৰিশ চন্দ্ৰ সেন, 1886 চনত।

প্ৰঃ বিশ্বৰ কোন ভাষাত সৰ্বাধিকবাৰ কোৰাণখন অনুবাদ হৈছে?

উঃ উৰ্দু  ভাষাত।

কোৰাণ কুইজ, Quran, Kuran

প্ৰঃ কোৰানত বৰ্ণিত দুজন বৈজ্ঞানিকৰ নাম কি?

উঃ লুকমান আৰু জুলকাৰনাইন।

প্ৰঃ সৰ্বপ্ৰথম কোৰানৰ হাফিছ কোন আছিল?

উঃ হজৰত মুহাম্মদ (ছাঃ)।

প্ৰঃ চাহাবাসকলৰ মাজত সৰ্বশ্ৰেষ্ঠ কাৰী কোন আছিল?

উঃ হজৰত উবাই বিন কায়াব (ৰাঃ)।

প্ৰঃ বিশ্বৰ সৰ্বপ্ৰথম কোন ব্যক্তি অকলেই আঠোটি ভাষাত কোৰাণৰ ব্যাখ্যা লিখি উলিয়াইছে?

উঃ হামিদুল্লাহ আনছাৰী (হায়দৰাবাদ, ভাৰত)।

প্ৰঃ কোৰানত কোনটো মছজিদক পৃথিৱীৰ প্ৰাচীনতম মছজিদ বুলি কৈছে?

উঃ কাবা শ্বৰিফ। কোৰাণ কুইজ

প্ৰঃ কোৰানত উল্লেখিত মছজিদসমূহৰ নাম কি কি?

উঃ মাছজিদুল হাৰাম, মাছজিদুল আকছা, মাছজিদে কুবা, মছজিদে নকবী আৰু মছজিদে জেৰাৰ।

প্ৰঃ কোৰাণত কিমান সংখ্যক পাহাৰৰ নাম উল্লেখ আছে?

উঃ 5 টা, যথাঃ তুৰ, ছাফা, মাৰওৱা, আৰাফাত আৰু জুদী।

প্ৰঃ কোৰানত কিমান কীট-পতংগৰ নাম উল্লেখ আছে?

উঃ  মৌমাখি, পৰুৱা আৰু মকৰাৰ নাম উল্লেখ আছে।

প্ৰঃ পৰৱৰ্তী লোকসকলৰ বাবে নিদৰ্শনস্বৰূপ কি কি বস্তু আল্লাহতায়ালা এই পৃথিৱীত সংৰক্ষিত ৰাখিছে বুলি কোৰাণত উল্লেখ আছে?

উঃ ফিৰাউনৰ মৃতদেহ আৰু নূহ নবীৰ নৌকা।

প্ৰঃ কোৰানৰ সৰ্ববৃহৎ ছুৰা কোনটো?

উঃ ছুৰা বাকাৰা।

কোৰাণ কুইজ, Quran, Kuran

প্ৰঃ কোৰাণত থকা আটাইতকৈ সৰু ছুৰা কোনটো?

উঃ সুৰা কাওছাৰ (3 টা আয়াত যুক্ত)। 

প্ৰঃ কোৰানৰ কোন ছুৰাৰ পাঠ শুনি হজৰত আবু বক্কৰ (ৰাঃ) বুজিব পাৰিছিল যে হুজুৰ (ছাঃ)ৰ পৰলোক গমনৰ দিন ওচৰ চাপি আহিছে?

উঃ  সুৰা নছৰ। কোৰাণ কুইজ

প্ৰঃ কোৰানৰ আয়াতসমূহৰ হুকুম কি?

উঃ 1 হাজাৰ আদেশৰ, 1 হাজাৰ নিষেধৰ, 1 হাজাৰ প্ৰশাসনৰ, 1 হাজাৰ নবী কাহিনী, 1 হাজাৰ উদাহৰণ, 1 হাজাৰ প্ৰতিশ্ৰুতি, 500 হালাল আৰু হাৰামৰ।

প্ৰঃ কোৰানত হৰফ মকত্তায়াত (পৃথক বৰ্ণ) কিমান ঠাইত আছে?

উঃ মুঠ 30 টা ছুৰাৰ আৰম্ভণিত।

প্ৰঃ কোৰাণত থকা প্ৰতি হৰফ পঢ়িলে কিমান নেকী (পুণ্য) পোৱা যায়?

উঃ নামাজত থিয় হৈ পঢ়িলে প্ৰতি হৰফত 100 নেকী, বহি পঢ়িলে 50 নেকী, নামাজ অবিহনে অজুৰ সহিত পঢ়িলে 25 নেকী আৰু বিনা অজুত পঢ়িলে 10 টিকৈ নেকী পোৱা যায়। 0 0 0

কোৰাণ কুইজ, Quran, Kuran

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here