কৌতুক-ক
কৌতুক-ক
কৌতুক – ১
ৰবিনঃ (চুবুৰীয়া কনক উদ্দেশ্যি) আপুনি দেখোন আজি সন্ধিয়া থিয়েটাৰলৈ যাব, নহয়নে?
কনকঃ হয়, যাম।
ৰফিঃ তেনেহ’লে আপুনি থিয়েটাৰ চাই থকা সময়খিনি মই আেপানাৰ বাইকটো ব্যৱহাৰ কৰিব পাৰিম নিশ্চয়? 0 0 0
কৌতুক – ২
পত্নীয়ে ৰাতি দেখা সপোনৰ বিষয়ে পতিক ক’লে, “যোৱা ৰাতি মই সপোনত দেখিলো যে তুমি মোক এখন গহনাৰ দেকানলৈ লৈ গৈ ডিঙিৰ এডাল হাৰ ক্ৰয় কৰি দিছা।”
“তাৰ পিছত কি হ’ল?” পতিয়ে সুধিলে।
“তুমি কিনি দিয়াৰ লগে লগে মই গম পালোঁ সেয়া সপোনহে।” 0 0 0
কৌতুক – ৩
বিখ্যাত লিখকে এজনে বন্ধুৰ আগত কৈছেঃ আজি ত্ৰিশ বছৰে লিখি লিখি আঙুলিত দাগ বহুৱালোঁ, পেটৰ ভাতকেইটা মোকলালো। কিন্তু আজি নিজে পঢ়ি চাই দেখিলোঁঃ সেইবোৰ বলিয়াৰ প্ৰলাপৰ বাহিৰে আন একো নহয়।
বন্ধু: কোনো দুখ নকৰিব। এয়া চাওঁক মোৰ লাইেব্রিৰীত আপোনাৰ গোটেই কেইটা কিতাপ আছে। কিন্তু আজিলৈকে এখন কিতাপো পঢ়া নাই। 0 0 0
কৌতুক – ৪
শিক্ষয়িত্ৰীঃ (ছাত্ৰক উদ্দেশ্যি) কোৱাচোন ৰাজেন, কমলা এটা পাঁচ টুকুৰা কৰিলে কি পাবা?
ৰাজেনঃ পাঁচ টুকুৰা।
শিক্ষয়িত্ৰী ঃ ভাল কথা। কোৱাচোন আম এটা ছয় টুকুৰা কৰিলে কি পাবা?
ৰাজেনঃ ছয় টুকুৰা।
শিক্ষয়িত্ৰীঃ এতিয়া কোৱাচোন আপেল এটা সাত টুকুৰা কৰিলে কি পাবা?
ৰাজেনঃ সাত টুকুৰা।
শিক্ষয়িত্ৰীঃ বিলাহী এটা তিনি টুকৰা কৰিলে কি পাবা?
ৰাজেনঃ তিনি টুকুৰা।
শিক্ষীয়িত্ৰীঃ ভাল, এতিয়া কোৱাচোন আটাইকেইটা যোগ কৰিলে কি পাবা?
ৰাজেনঃ ফলৰ চালাড, ছাৰ। 0 0 0
কৌতুক – ৫
দিলীপঃ (বিদূষকলৈ প্ৰশ্ন) বিদূষক দা, মানুহে কয়, সৃষ্টিৰ মূলতে নাৰী, ধবংসৰ মূলতেও নাৰী। কিন্তু পুৰুষ অবিহনে নাৰীয়ে সৃষ্টি বা ধবংস কৰিব পাৰে জানো?
বিদূষকঃ নোৱাৰে। কাৰণ ধবংস কৰে পুৰুষেই। নাৰীয়ে মাত্ৰ উচটাইহে দিয়ে। 0 0 0
কৌতুক – ৬
ৰক্মিণীঃ মই ভাবি পোৱা নাই পতিৰ জন্মদিনত কি উপহাৰ দিম?
ৰেখাঃ তুমি তেওঁক আনন্দিত কৰিব বিচৰা নেকি?
ৰুক্মিণীঃ হয়।
ৰেখাঃ তেন্তে তুমি তোমাৰ পতিক বিবাহ বিচ্ছেদৰ প্ৰস্তাৱ দিয়া। 0 0 0
কৌতুক – ৭
নৱবিবাহিতা পত্নীঃ (স্বামীক উদ্দেশ্যি) আজিৰ পৰা মই তোমাৰ সুখ আৰু দুখৰ সমভাগী হ’ম।
স্বামীঃ ভাল কথা, কিন্তু মোৰতো কোনো দুখ নাই।
পত্নীঃ এতিয়াৰ পৰা হ’ব আকৌ! 0 0 0
কৌতুক – ৮
বিচাৰকঃ (কয়েদীৰ প্ৰতি) তুমি এজন উকিল ল’ব পাৰা।
কয়দীঃ মোক উকিল নালাগে ছাৰ। উকিল লোৱাতকৈ মই সঁচা কথাটোকে স্বীকাৰ কৰিম, ছাৰ। 0 0 0
কৌতুক – ৯
হৰেনঃ (বন্ধু ৰাজেশক উদ্দেশ্যি) ৰীণাৰ সৈতে তোমাৰ প্ৰেম বৰ্তমান কেনে ?
ৰাজেশঃ ৰাণীয়ে মোৰ প্ৰেম আধাখিনি ঘূৰাই দিলে।
হৰেনঃ কেনেকৈ?
ৰাজেশঃ তাই মোৰ চিঠিবোৰ ঘূৰাই দিলে, কিন্তু উপহাৰবোৰ ৰাখি থলে। 0 0 0
কৌতুক – ১০
গিৰীয়েকে ঘৈণীয়েকক গাড়ী চলাবলৈ শিকাই আছে। ঘৈণীয়েকে গাড়ীৰ চাইট গ্লাচখনলৈ চাই ক’লে ঃ এই গ্লাচখন ভালকৈ ফিট হোৱা নাই।
গিৰীয়েকঃ কিয়?
ঘৈণীয়েকঃ (অসন্তুষ্টিৰ ভাৱত) গ্লাচখনত মাত্ৰ পিছৰ পৰা আহি থকা গাড়ীবোৰহে দেখা পাইছোঁ, মোৰ মুখখন একেবাৰে দেখা নাই। 0 0 0
কৌতুক – ক | Kautok | Comics | Comics in Assamese
বিঃদ্রুঃ উক্ত কৌতকসমূহ ৰাব্বি মছৰুৰ ৰচিত ‘হাঁহিৰ খোৰাক কৌতুক‘ গ্রন্থৰ পৰা লোৱা হৈছে। —ৰাব্বি মছৰুৰ .কৌতুক-ক
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান: