Home Comics কৌতুক-খ

কৌতুক-খ

0

কৌতুক-খ

কৌতুক -খ কৌতুক-খ

কৌতুক -খ 

কৌতুক – ১

আহিন মাহ। প্ৰৱল বানপানী। ঘৰৰ চাললৈকে পানী উঠাত এজন লোকে ঘৰৰ চালৰ ওপৰত থিয় দি থাকিল।  এনেতে উদ্ধাৰকাৰী নাও আহি তেওঁক নাওত উঠিবলৈ ক’লে। 

লোকজনে ক’লেঃ (উদ্ধাৰকাৰী দলটোক উপেক্ষা কৰি) আপোনালোকে গুচি যাওক। মোক ভগবানে বচাব। 

নাৱৰীয়াসকল গুচি গ’ল।

পানী বাঢ়ি গৈ তেওঁৰ ডিঙিলৈকে উঠিল। এনেতে এটা হেলিকপ্তাৰ ৰচী পেলাই দি তেওঁক ৰচীটো বাই হেলিকপ্তাৰখনলৈ উঠিবলৈ ক’লে।

লোকজনে ক’লে ঃ নহয়। মোক ভগবানে বচাব।

হেলিকপ্তাৰটো গুচি গ’ল।

পানী বাঢ়ি থাকিল। এটা সময়ত মানুহজন পানীত ডুবি মৰি থাকিল।

মৃত্যৰ পিছত লোকজনে ভগবানৰ ওচৰলৈ গৈ প্ৰশ্ন কৰিলেঃ মই আপোনাক ইমান বিশ্বাস কৰা সত্বেও মোক বিপদৰ পৰা উদ্ধাৰ নকৰিলে, প্ৰভু।

উত্তৰত ভগবানে হাঁহি হাঁহি ক’লে ঃ তোমাক উদ্ধাৰ কৰিবলৈ প্ৰথমে নাও আৰু পিছত হেলিকপ্টাৰ পঠোৱা হৈছিল। তুমিহে সহায় গ্ৰহণ নকৰিলা!  0 0 0

কৌতুক – ২

ডক্টৰৰ চেম্বাবৰলৈ এজন ডেকা ল’ৰা সোমাই আহি ডক্টৰক সেৱা জনাই ক’লে, ”আপুনাক কি বুলি যে ধন্যবাদ দিম ভাবি পোৱা নাই। আপোনাৰ চিকিৎসাই মোক যে কিমান উপকাৰ কৰিলে!

ডক্টৰঃ কেনেকৈ? মই তোমাক চিকিৎসা কৰা বুলি মনত নপৰে।

ডেকা ল’ৰাঃ মোক চিকিৎসা কৰা নাই। কিন্তু মোৰ বৰদেউতাকক চিকিৎসা কৰিছিল। আপোনাৰ চিকিৎসাৰ পিছদিনাই সি মৰি থাকিল। আজি মই গম পালোঁ সি মোক তেওঁৰ  গোটেই স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ উত্তৰাধিকাৰী কৰি থৈ গৈছে। মোৰ আৰু এজন খুৰা আছে। অনুগ্ৰহ কৰি আপুনি চিকিৎসা কৰিব লাগিব। 0 0 0

কৌতুক – ৩

এজন ডেকা ল’ৰাই দন্ত চিকিৎসকৰ জীয়েকৰ প্ৰেমত পৰিল। কিন্তু যুৱকজনৰ কাপুৰুষালিত ছোৱালীজীন ক্ষুব্ধ হৈ ক’লে, “তোমাৰ দৰে কাপুৰুষ প্ৰেমিক মোক নালাগে। আজি ইমান দিন হ’ল দেউতাকক বিয়াৰ প্ৰস্তাৱটোৱেই দিব পৰা নাই।”

যুৱকঃ মই চেষ্টা কৰিছো। কিন্তু মুখ মেলাৰ লগে লগেই মোৰ দাঁত উভালি দিয়ে। (মুখ মেলি) চোৱা মোৰ তিনিখন দাঁত ইতিমধ্যে উঠাই দিছে। 0 0 0

কৌতুক – ৪

ককায়েকঃ (ভায়েকৰ প্ৰতি) ইমানকৈ মদ খাব লাগেনে? তই দেখোন মৰি যাবি!

ভায়েকঃ নাই  দাদা, সিহঁত– ৰবি আৰু লবিৰ বাবেহে। 

ককায়েক: কিয়, সিহঁতে তোক জোৰ কৰি খুৱাইছে নেকি?

ভায়েকঃ নহয়, সিহঁতে মদত মুখেই নিদিলে। সেয়ে গোটেইখিনি মই  অকলেইে  গলাধকৰণ কৰিব লগা হ’ল । 0 0 0

কৌতুক – ৫

পিংকিঃ অ’ টমী, তুমি ৰাতি কেতিয়া টোপনি যোৱা?

টমীঃ সেইটো আকৌ মই কেনেকৈ জানিম? মই টোপনিৰ  সময়ত ঘড়ী নাচাওঁ নহয়, পিংকি।  0 0 0

কৌতুক – ৬

দেউতাঃ ৰিমি, তুমি ৱালত কি আঁকি আছা? ৱালটো দেখোন লেতৰা কৰি পেলালা।

ৰিমিঃ কি দেউতা, তুমি জানো কোৱা নাছিলা, এইখন আমাৰ ড্ৰয়িংৰূম বুলি? 0 0 0

কৌতুক – ৭

গ্ৰাহকঃ যিদৰে আপোনাৰ হোটেলৰ চাইনবোর্ডত লিখা আছে, ‘চাফ-চিকুনৰ সুব্যৱস্থা আছে।’ সঁচাই মানিবলগীয়া।

মেনেজাৰঃ ধন্যবাদ মহাশয়। পিছে আপুনি জানিলে কেনেকৈ?

গ্ৰাহকঃ মই হোটেলত সোমোৱাৰ লগে লগে মোৰ দুয়োখন পকেট চাফা হৈ গ’ল। 0 0 0

কৌতুক – ৮

জ্যোতিষীঃ (এজন ব্যক্তিৰ হাত চাই) আপুনি এমাহৰ ভিতৰত বিপত্নীক হ’ব। অৰ্থাৎ আপোনাৰ স্ত্ৰীৰ মৃত্যু হ’ব।

মানুহজনঃ সেয়াতো জানো। কিন্তু ধৰা পৰিম নেকি তাকে কওঁক। 0 0 0

কৌতুক – ৯

আমেৰিকাত বাস কৰা ভাৰতীয় বিহাৰী লোকক এজন পুলিচে ইংৰাজীত সুধিলেঃ আপুনি আমেৰিকাৰ নেচাৰেল চিটিজেন নে?

ভাৰতীয় বিহাৰীজনে ক’লেঃ নহয ছাৰ, মই এজন চিজাৰিয়ানহে। 0 0 0

কৌতুক – ১০

মাজ নিশা ৰাস্তাত টহল দি ফুৰোতে এজন সন্দেহজনক ব্যক্তিক পুলিচে সুধিলেঃ তুমি কিবা কৰা নেকি?

মানুহজনঃ অলপ-অচৰপ কৰোঁ।

পুলিচঃ কি কৰা?

মানুহজনঃ যিহকে-তিহকে।

পুলিচঃ ক’ত থাকা?

মানুহজনঃ য’তে-ত’তে।

মানুহজনৰ কথা-বতৰাত পুলিচৰ খং উঠিল। ফলত পুলিচে মানুহজনক নি লক-আপত ভৰাই থোৱাত মানুহজনে সুধিলেঃ কেতিয়া এৰি দিব।

পুলিচঃ লাহে-ধীৰে। 0 0 0

কৌতুক -খ

বিঃদ্রুঃ  উক্ত কৌতকসমূহ ৰাব্বি মছৰুৰ ৰচিত ‘হাঁহিৰ খোৰাক কৌতুক‘ গ্রন্থৰ পৰা লোৱা হৈছে।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here