Home Comics কৌতুক-ঘ

কৌতুক-ঘ

0

কৌতুক-ঘ

কৌতুক

কৌতুক-ঘকৌতুক -ঘ

কৌতুক -১

বাদলঃ (বাকীৰ টকা খুজিবলৈ ক্ৰেতাৰ ঘৰলৈ) ৰমেনদা ঘৰত আছেনে?

চাকৰঃ আপুনি কোন?

বাদলঃ মই এজন দোকানী। 

চাকৰঃ অ’ সেই বাদল নামৰ দোকানী তেন্তে আপুনিয়েই।

বাদলঃ হয়।

চাকৰঃ মোৰ মালিক ঘৰত নাই।

বাদলঃ ক’লৈ গৈছে? 

চাকৰঃ ঘৰৰ পিছফালে লুকাই আছে।

বাদলঃ কিয়?

চাকৰঃ আপোনাক বৰ ভয় পায় হেনো! 0 0 0

কৌতুক – ২

পত্নীঃ (পতিক উদ্দেশ্য কৰি) তুমি মিছা কথা কোৱাৰ অভ্যাসটো এৰিব নোৱাৰিলা দেখোন।

পতিঃ কোনে ক’লে মই মিছা কথা কোৱা বুলি?

পত্নীঃ তুমি ৰাতিপুৱা ভৃগুৰ আগত কোৱা নাছিলা জানো, “মই কাকো ভয় নকৰো” বুলি?

পতিঃ দুঃখিত। সেই মূহুৰ্তত মই তোমাক পাহৰি আছিলোঁ। 0 0 0

কৌতুক – ৩

পুত্ৰঃ দেউতা, মোক পাঁচ টকা দিয়ক।

দেউতাঃ কিয় 

পুত্ৰঃ চকলেট খাম।

দেউতাঃ যোৱাকালি দেখোন তোমাক এপেকেট চকলেট আনি দিলোঁ। কি কৰিলাঁ?

পুত্ৰঃ খাই পেলাইছোঁ।

দেউতাকঃ ইমানবোৰ চকলেট এদিনতে খাই শেষ কৰিলা! আজিৰ কাৰণে কিছু ৰাখি নথলা কিয়?

পুত্ৰঃ আপুনিয়েইতো কয়, আজিৰ কাম কাইলৈ পেলাই থব নালাগে।  0 0 0

কৌতুক – ৪

নগেন: কেইটামান পৰুৱা প্লেটত থকা কেক কেইটুকুৰালৈ আহি আছে। কিন্তু এটা মাত্ৰ পৰুৱা কেকটুকুৰাৰ পৰা আঁতৰি আছে কিয়?

মৃগেন:  সম্ভৱত পৰুৱাটো বহুমূত্ৰ ৰোগত আক্ৰান্ত। 0 0 0

কৌতুক – ৫

প্ৰণৱে যোৰহাটলৈ যাবৰ বাবে হেমন্তৰ পৰা পাঁচশমান টকা ধাৰে ললে আৰু ক’লে, “মই যোৰহাটৰ পৰা ঘূৰি আহিয়েই তোমাৰ টকাখিনি পৰিশোধ কৰিম।

এমাহ পিছত ৰাজেশে প্ৰণৱক টকা  খোজাত প্ৰণৱে ক’লেঃ মই তোমাক যোৰহাটৰ পৰা ঘূৰি আহি টকাখিনি ঘূৰাই দিম বুলিহে কৈছিলো।

হেমন্তঃ তুমি কেতিয়ালৈ যোৰহাটলৈ যাবা?

প্ৰণৱঃ এতিয়াও ডেট কৰা নাই। কিন্তু অহা দুবছৰত যে যোৱা নহ’ব সেয়া খাটাং। 0 0 0

কৌতুক – ৬

প্ৰশ্নঃ পত্নীৰ দৃষ্টিত পতি কেতিয়ালৈ পৰমেশ্বৰ হৈ থাকে?

উত্তৰঃ যেতিয়ালৈকে মোৰ পত্নীজনী আন পূজাৰিনীসকলে দিয়া ভোগখিনিৰ বিষয়ে অজ্ঞাত হৈ থাকে। 0 0 0

কৌতুক – ৭

শিক্ষকঃ যিজনে নিজকে জ্ঞানী বুলি ভাবে তেওঁতকৈ মূৰ্খ পৃথিৱীত দ্বিতীয় এজন নাই। কিন্তু  যিজনে নিজকে মূৰ্খ বুলি ভাবে তেওঁক কি বুলি কবা?

ছাত্ৰঃ জধা-মূৰ্খ। 0 0 0

কৌতুক – ৮

মদপীৰ প্ৰতি এজন বন্ধুঃ বন্ধু, তুমি মদ খোৱা এৰি দিয়া। তেতিয়াহ’লে ৮০ বছৰ জীয়াই থাকিব পাৰিবা।

মদপীঃ ধেৎ, একেবাৰেই মিছা কথা।

বন্ধুঃ  মই এনে বহুতো লোকক জানোঁ।

মদপীঃ একদম ফাল্টু কথা। মোৰ বয়স ৮০ বছৰ। 0 0 0

কৌতুক – ৯

শ্ৰীমতী হাজৰিকাই (স্বামীৰ মৃত্যু হোৱাত কান্দি আছে। এনেতে বান্ধৱী উৰ্মিলা আহি স্বান্তনা দি ক’লে, “তুমিনো ইমান কান্দি আছা কিয়? মোৰোতো স্বামী মৰিছে, মইতো কন্দা নাই।

শ্ৰীমতী হাজৰিকাঃ তোমাৰ স্বামীৰ নামত থকাৰ দৰে মোৰ স্বামীৰ নামত কোনো জীৱন বীমা নাই। 0 0 0

কৌতুক – ১০

পতিয়ে পত্নীক উদ্দেশ্যিঃ মই টুৰত গ’লে প্ৰায়েই তোমাৰ কথা মনত পৰে।

পত্নীঃ (আনন্দিত হৈ ) হয় নেকি? কেনেকৈ?

পতিঃ হোটেলৰ ভাত খাওঁতে দাঁতত শিল পৰিলেই। ইমান মিল! 0 0 0

কৌতুক-ঘ

বিঃদ্রুঃ  উক্ত কৌতকসমূহ ৰাব্বি মছৰুৰ ৰচিত ‘হাঁহিৰ খোৰাক কৌতুক‘ গ্রন্থৰ পৰা লোৱা হৈছে।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here