কৌতুক -জ
কৌতুক -জ
কৌতুক – ১
বৰুৱাঃ পত্নীৰ স্মৰণ শক্তিৰ বাবে বৰ বিপদত পৰিছোঁ।
ডক্টৰঃ তাই কথা মনত ৰাখিব নোৱাৰে নেকি?
বৰুৱাঃ নাথাকিলেতা আপোনাৰ ওচৰলৈ নাহোঁৱেই। তাই কোনো কথাই নাপাহৰে। সেয়েহে সমস্যাত পৰিছোঁ। 0 0 0
কৌতুক – ২
পত্নীঃ (পতিক উদ্দেশ্যি) মোৰ ৰূপ-লাবণ্য আঁতৰি যোৱাৰ পিছতো আপুনি মোক মৰম কৰিব নে?
পতিঃ কৰিয়েতো আছোঁ। 0 0 0
কৌতুক – ৩
শিক্ষকঃ কোৱাচোন ৰাকেশ, কুৰি শতিকাৰ আটাইতকৈ ডাঙৰ সামাজিক পৰিৱৰ্তনটো কি?
ৰাকেশঃ কুৰি শতিকাৰ আগলৈকে ঘৈনীয়েকে গিৰীয়েকলৈ ভয় কৰিছিল। এতিয়া গিৰীয়েকে ঘৈনীয়েকক ভয় কৰা হ’ল। 0 0 0
কৌতুক – ৪
দূৰৱৰ্তী ঠাইলৈ চাকৰিৰ বদলি হোৱাত ঘৰ এৰাৰ সময়ত পতিয়ে পত্নীক ক’লেঃ ভাল পত্নীয়ে সদায় গিৰীয়েকলৈ চিঠি লিখে, টকা খুজিয়েই হওঁক বা নুখুজিয়েই হওঁক।
পত্নীঃ ভাল পতিয়েও ঘৈনীয়েকলৈ সদায় টকা পঠাই থাকে, চিঠি লিখক বা নিলিখক। 0 0 0
কৌতুক – ৫
পুতেকঃ বিৰক্তিয়ে মনত উদ্বেগৰ সৃষ্টি কৰে। কথাটো সঁচানে, দেউতা?
দেউতাঃ অ’ সঁচা।
পুতেকঃ উদ্বেগে হৃদৰোগ বৃদ্ধি কৰে। সঁচানে, দেউতা?
দেউতাঃ সঁচা।
পুতেকঃ সেয়ে মই লিখা-পঢ়াৰ বাবে কোনো উদ্বেগ নকৰোঁ, দেউতা। 0 0 0
কৌতুক – ৬
ৰজতৰ পুতেকে চহৰত চাকৰি কৰে। এবাৰ হঠাৎ পুতেকে ঘৰলৈ ডাকযোগে চিঠি পঠোৱাৰ লগতে কিছু টকাও পঠালে। ডাকোৱালে ৰজতক টকাৰ কথা কৈ চহী বিচৰাত ৰজতে ক’লেঃ মোৰ হাতত চহী নাই।
ডাকোৱালে ৰজতৰ সোঁহাতখনত ধৰি ক’লেঃ চহী নহ’লেও হ’ব। আপুনি সোঁহাতখন আগবঢ়াই দিয়ক।
ৰজতে ভয় পাই ক’লেঃ নাই, নাই, মই কেইটামান টকাৰ বিনিময়ত হাতখন দিব নোৱাৰিম। 0 0 0
কৌতুক – ৭
দলৈঃ মহিলাৰ হাঁহি আৰু চকুলোৰ মাজত পাৰ্থক্য কি?
ডেকাঃ মই নাজানো দে। মোৰ সিজনীয়ে দুয়োবিধেৰেই কাম হাচিল কৰি লয়। 0 0 0
কৌতুক -৮
মিচেচ কলিতাঃ (চুবুৰীয়া মিচেচ বৰুৱানীক উদ্দেশ্যি) তোমাৰ মানুহজন লাকী। সিদিনা বডি ইঞ্চিওৰেন্স কৰিলে পিছদিনাই আঙুলি এটা হেৰুৱালে।
মিচেচ বৰুৱাঃ তোমাৰ জনে?
মিচেচ কলিতাঃ সি আৰু ক’ৰ পৰা আঘাত পাব, ইঞ্চিওৰেন্সেই কৰা নাই ! 0 0 0
কৌতুক – ৯
শিক্ষকঃ হাঁহ-মুৰ্গীৰ বিশেষত্বনো কি?
ছাত্ৰঃ সিহঁতক জন্ম হোৱাৰ আগতেও খাব পাৰি, পিছতো খাব পাৰি। 0 0 0
কৌতুক – ১০
বাবুলঃ আজি মোৰ ঘৰলৈ তোমাৰ নিমন্ত্ৰণ থাকিল। জৰুৰ আহিবা কিন্তু।
ৰকিবঃ ধন্যবাদ, যাম বাৰু। কিন্তু তোমাৰ কুকুৰটোৱে কামোৰে নেকি?
বাবুলঃ সেয়া প্ৰমাণ কৰিবলৈয়েইতো তোমাক নিমন্ত্ৰণ জনালোঁ। 0 0 0
কৌতুক -জ
বিঃদ্রুঃ উক্ত কৌতুকসমূহ ৰাব্বি মছৰুৰ ৰচিত ‘হাঁহিৰ খোৰাক কৌতুক‘ গ্রন্থৰ পৰা লোৱা হৈছে।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান: