Home Comics কৌতুক-ঝ

কৌতুক-ঝ

0

কৌতুক-ঝ

কৌতুক-ঝ

কৌতুক-ঝ

কৌতুক-ঝ

কৌতুক – ১

ৰংমন আৰু ৰবিন দুজন নলে-গলে লগা বন্ধু। সিহঁতে এদিন  এখন হোটেললৈ গ’ল। হোটেলৰ ল’ৰা এজনে সিহঁতক এখন প্লেটত দুটা মিঠাই দিলে। ইয়াৰ এটা ডাঙৰ আনটো সৰু। ৰবিনে তৎক্ষণাত প্লেটৰ পৰা ডাঙৰ মিঠাইটো মুখত লোৱাত ৰংমনে ক’লেঃ তই অকনো শিষ্টাচাৰ নাজান দেই।

ৰবিনে ক’লেঃ কিয়?

ৰংমনঃ এনেকৈ প্ৰথমে ডাঙৰটো  লব নালাগে।

ৰবিনঃ ঠিক আছে। তই  প্ৰথমে ললে কোনটো ললিহেঁতেন?

ৰংমনঃ সৰুটো।

ৰবিনঃ এতিয়া কোনটো খাই আছ?

ৰংমনঃ সৰুটো।

ৰবিনঃ তেন্তে ক’ত মহাভাৰতটো অশুদ্ধ হ’ল? 0 0 0

কৌতুক – ২

অসমীয়া চিনেমাৰ অভিনেতা এজনৰ পত্নীয়ে কেঁচুৱাক চামুচেৰে গাখীৰ খুৱাই থকা দেখি চুবুৰীয়া এজনীয়ে ক’লে, “ তুমি চামুচৰ সলনি বটলেৰে গাখীৰ নুখুওৱা কি?

“বাপেকৰ দৰে কেঁচুৱাটোৰো বটলৰ নিচা লাগে বুলি মোৰ ভয় লাগে।” অভিনেতাজনৰ পত্নীয়ে উত্তৰ দিলে। 0 0 0

কৌতুক – ৩

এদিনাখন ৰণজিতে হাঁহি হাঁহি বজাৰলৈ গৈ থকা দেখা পাই বন্ধু  অকলেশে সুধিলেঃ তোৰ আজি দেখো বৰ ৰং। কথাটোনো কি?

ৰণজিতঃ মোৰ ঘোঁৰাটো হেৰাল।

অকলেশঃ ঘোঁৰাটো হেৰাল বুলি হাঁহিব লাগেনে, মূৰ্খ?

ৰণজিতঃ তই পাগল নেকি? তই নাজান নে মই যদি ঘোঁৰাৰ পিঠিত থাকিলোহেঁতেন, তেন্তে ময়ো দেখোন হেৰাই থাকিলোহেঁতেন। 0 0 0

কৌতুক – ৪

গাঁৱলৈ মাছ বেপাৰী আহিল। বাটত এজন বৃদ্ধক লগ পাই সুধিলেঃ ছিলভাৰ কাপ ল’ব নেকি, ছিলভাৰ কাপ?

বৃদ্ধঃ নালোগ বোপা, ঘৰত চীনামাটি আৰু ষ্টিলৰ কাপ বহুত আছে। 0 0 0

 

কৌতুক – ৫

দাসঃ মহাভাৰতৰ অভিনয়খন যদি আকৌ এবাৰ চাব পাৰিলোহেঁতেন ………………।

বৰুৱাঃ চিন্তা নকৰিবা। কেইদিনমান পিছতে মোৰ সেইজনী আহি পাব। 0 0 0

কৌতুক – ৬

ব্রজেনঃ (সংগীসকলক উদ্দেশ্যি) জধা-মূৰ্খক কেনেদৰে কৌতুহলত ৰাখিব পাৰি, তোমালোকে জানানে?

সংগীসকলঃ নাজানোঁ, তুমিয়েই কোৱাচোন।

ব্রজেনঃ গোটেই দিনটো কৌতুহলত থাকা। উত্তৰটো অহাকালি ক’ম। 0 0 0

কৌতুক – ৭

এটা ব্যৱসায়িক প্ৰতিষ্ঠানে বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰিলে এই বুলিঃ আপুনি চাপৰ নেকি? তেন্তে উপায়ৰ বাবে এশ টকা মনি অৰ্ডাৰ কৰি যোগাযোগ কৰক।

বিজ্ঞাপনটো চাই এজন ভদ্ৰলোকে এশ টকা মণি অৰ্ডাৰ কৰি নিৰ্দিষ্ট ঠিকনাত পঠাই দিলে। কিছুদিন পিছত এটি চিঠিত পৰামৰ্শ আহিলঃ সদায় সৰু-সৰু ল’ৰা-ছোৱালীৰ মাজত থাকক। 0 0 0

কৌতুক – ৮

শিক্ষকঃ (ছাত্ৰৰ প্ৰতি) ঐ বাবলু ৩৩ সংখ্যাটো বহীত লিখাচোন।

ছাত্ৰঃ কেনেদৰে লিখিম ছাৰ?

শিক্ষকঃ ৩ লিখি কাষত আৰু এটি ৩ লিখা।

ছাত্ৰজনে ৩ এটা লিখি ৰৈ যোৱাত শিক্ষকে সুধিলে, ‘ৰৈ গ’লা কিয়?’

ছাত্ৰঃ আনটো ৩ কোনফালে লিখিব লাগে সেয়া নাজানোঁ, ছাৰ। 0 0 0

কৌতুক – ৯

ৰীনাঃ (প্ৰেমিকাক উদ্দেশ্যি) উস্‌ আৰুনো কিমান দিন অপেক্ষা কৰিম! তুমি জানো কথাটো দেউতাৰাক ক’লা?

প্ৰেমিকঃ হয়, কৈছিলোঁ।

ৰীনাঃ কি ক’লে?

প্ৰেমিকঃ আমাৰ এইবাৰ ব্যৱসায়ত ঘাটি হৈছে। সেয়ে কোনো নতুন ব্যৱসায়ত হাত নিদিয়ে।

ৰীনাঃ  মই জানো যে তোমাৰ দেউতাৰাই বাধাৰ সৃষ্টি কৰিবই। আহা আমি নিজেই কিবা এটি কৰোঁ।

প্ৰেমিকঃ মোৰ ভয় লাগে। হয়তো ময়ো ঘাটি খাও! 0 0 0

কৌতুক – ১০

পথ দুৰ্ঘটনাত বেয়াকৈ আহত হোৱা নেতা এজনক দলৰ কৰ্মী কিছুমানে হস্পিটালত দেখা কৰিবলৈ গৈ ক’লেঃ আমিতো দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগেই আপোনাৰ জীয়াই থকাৰ আশাই এৰি দিছিলোঁ।

আহত নেতাঃ হাই কমাণ্ডৰ অনুমতি অবিহনে কেনেকৈনো মৰোঁ? 0 0 0

কৌতুক-ঝ

বিঃদ্রুঃ  উক্ত কৌতুকসমূহ ৰাব্বি মছৰুৰ ৰচিত ‘হাঁহিৰ খোৰাক কৌতুক‘ গ্রন্থৰ পৰা লোৱা হৈছে।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here