কৌতুক-ঠ
কৌতুক-ঠ
কৌতুক-ঠ
কৌতুক – ১
বাণিজ্যিক মেলাত ঘূৰি-ফুৰাৰ সময়ত হঠাৎ এজন ভদ্ৰলোকে গম পালে যে তেওঁৰ পত্নী তেওঁৰ লগত নাই। বহু সময় ইফালে-সিফালে বিচাৰিও পত্নীক নাপাই ওচৰতে থকা এজনী চেলচ গাৰ্লৰ ওচৰলৈ গৈ সহায় বিচৰাত গাৰ্লজনীয়ে ক’লে “ মই আপোনাক কিদৰে সহায় কৰিব পাৰোঁ।
“আপুনি মাথো কিছুসময় মোক আপোনাৰ সৈতে কথা পতাৰ সুযোগ দিয়ক। মই আপোনাৰ লগত কথা পাতি থাকিলেই তাই মোৰ ওচৰলৈ দৌৰি আহিব।” 0 0 0
কৌতুক – ২
সাঁতোৰ শিকাৰ উদ্দেশ্যে শিখৰ নামৰ ল’ৰাজন পুখুৰীটোত নামিল। হঠাৎ ভৰি পিছলি সি পানীত পৰি কক্বক কৰিবলৈ লোৱাত ওচৰতে থকা খুৰায়েকে তেওঁক উদ্ধাৰ কৰিলে। সি সকাহ পোৱাৰ পিছত শপত খাই ক’লে, “ভালদৰে সাঁতোৰ নিশিকালৈকে মই কেতিয়াও পানীত নানামো।” 0 0 0
কৌতুক – ৩
মহেশৰ মূৰত বেণ্ডেজ বন্ধা দেখা পাই বন্ধু অকলেশে সুধিলে, “বন্ধু, তোৰ মূৰত আকৌ কি হ’ল ?”
“মূৰত কি হ’ব আৰু! বান্ধবী এজনীয়ে ফুল এপাহ দলিয়াই দিয়াত মূৰত লাগিল।” মহেশে উত্তৰ দিলে।
“ফুল দলিয়াই দিলে মূৰ ফাটে জানো?”
“ফুলৰ লগতে পিতলৰ ফুলদানিটোও আছিল।” মহেশে ক’লে। 0 0 0
কৌতুক – ৪
শইকীয়ানীয়ে হেৰুৱা জলকীয়াৰ গুৰিৰ টেমাটো চুবুৰীয়া বৰুৱানীৰ ঘৰত দেখা পাই বৰুৱানীক সুধিলে, “টেমাটো ইয়াত কেনেকৈ আহিল?”
বৰুৱানীয়ে ক’লে, “আপুনি প্ৰায়েই ঘৰত নাথাকে। সেয়ে হেৰাব পাৰে বুলি মই লৈ আনি ইয়াতে সযতনে ৰাখিছোঁ।” 0 0 0
কৌতুক – ৫
এদিনাখন সন্ধিয়া দেবযানী আৰু শইকীয়ানীয়ে কথা পাতি আছিল। এনেতে দেবযানীয়ে ক’লেঃ পৰস্ত্ৰীগমন আৰু নৰহত্যা দুয়োটাই সমান অপৰাধ।
শইকীয়ানীঃ মই সঠিক নাজানো। দ্বিতীয়টোৰ অভিজ্ঞতা মোৰ নাই। 0 0 0
কৌতুক – ৬
শৰ্মা হাই স্কুলৰ বিজ্ঞান শিক্ষক। সিহঁতৰ চুবুৰীয়া ড্ৰাইভাৰ এজনৰ পত্নীয়ে আহি শৰ্মাৰ পত্নীক সুধিলে, “শৰ্মানী, বংশ পৰম্পৰা মানেনো কি?”
শৰ্মানীয়ে উত্তৰ দিলে, “এই ধৰক আপোনাৰ পিতৃ-মাতৃৰ কোনো সন্তান নাই, তেন্তে আপোনাৰো সন্তান নাথাকিব পাৰে। সেয়াই বংশ পৰম্পৰা।” 0 0 0
কৌতুক – ৭
নগেনঃ কলিতাজী, বৰ বেয়া খবৰ এটা আছে।
কলিতাঃ কিনো?
নগেনঃ আপোনাৰ পত্নী চুবুৰীয়া বৰাৰ লগত পলাই গ’ল।
কলিতাঃ (মনে মনে ক’লে– ৰক্ষা পৰিলোঁ, হে ভগৱান) বাজে কথা বাদ দিয়ক হে, কলিতা। এতিয়া বেয়া খবৰটোনো কি, সেয়া ক’ব পাৰে। 0 0 0
কৌতুক – ৮
তিনিজন শিশুয়ে নিজৰ নিজৰ দেউতাকৰ বিষয়ে তলত দিয়া ধৰণে প্ৰশংসা কৰি আছিল–
১ম শিশুঃ মোৰ দেউতাই ইমান বেগেৰে দৌৰিব পাৰে যে তেওঁ ধুনকাড়ৰ সৈতে একেলগে দৌৰ আৰম্ভ কৰি ধনুকাড় ডালৰ লগতে লক্ষ্যস্থানত উপনীত হয়।
২য় শিশুঃ সেয়া কিনো ডাঙৰ কথা হ’ল ? মোৰ দেউতাই নিজে বন্দুক চলাই গুলিতকৈয়ো আগতেই লক্ষ্যস্থানত উপনীত হয়।
৩য় শিশুঃ মোৰ দেউতা সন্ধিয়া তিনি বজাত কাম সামৰি বাৰ বজাতে ঘৰ পায়হি। 0 0 0
কৌতুক – ৯
দুজনী ভদ্ৰ মহিলাৰ মাজত চলা কথোপকথন–
প্ৰথম মহিলাঃ মোৰ ল’ৰাই চাৰি বছৰ বয়সৰ পৰাই চাইকেল চলাব পৰা হ’ল।
দ্বিতীয় মহিলাঃ মোৰ ল’ৰা পাঁচ বছৰ বয়সৰ পৰাই স্কুটাৰ চলাব পৰা হ’ল।
প্ৰথম মহিলাঃ তলত উঠি নে ওপৰত উঠি? 0 0 0
কৌতুক – ১০
পাঁচ বছৰীয়া ছোৱালী নমিতাই চকলেটৰ কাৰণে মাকক আমনি কৰি থকাত মাকে ক’লে, “তুমি সৌ দোকানখনলৈ গৈ দুটামান চকলেট লৈ আহাগৈ। পইচা খুজিলে আম্মীয়ে পিছত দিব বুলি ক’বা।”
ছোৱালীজনীয়ে দৌৰি দোকানলৈ গৈ দুটামান চকলেট লৈ দোকানীক সুধিলে, “দাম কিমান হ’ল ?”
দোকানীয়ে ক’লে, “নমিতা, পইচা দিব নালাগে। মোক দুটামান চুমা দি যোৱা।”
“মই এতিয়া চুমা লৈ অহা নাই। আম্মীয়ে পিছত আহি দি যাব।” 0 0 0
কৌতুক-ঠ
বিঃদ্রুঃ উক্ত কৌতুকসমূহ ৰাব্বি মছৰুৰ ৰচিত ‘হাঁহিৰ খোৰাক কৌতুক‘ গ্রন্থৰ পৰা লোৱা হৈছে।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান: