Home Comics কৌতুক-ড

কৌতুক-ড

0

কৌতুক-ড

কৌতুক-ড

 

কৌতুক-ড

কৌতুক-ড 

কৌতুক – ১

ৰুমটো গোন্ধাই থকা বাবে  নতুনকৈ  ৰখা চাকৰটোক ফেনাইলৰ বটল এটা আনিবলৈ কৈ সুধিলে, “তুমি ফেনাইলৰ বটল চিনি পোৱা জানোঁ?”

চাকৰ: হে হে দেউতা, আপুনি যে কথা কয় আৰু, যেন মই ফেনাইল কোনো দিনেই খাই পোৱা নাই।  0 0 0

কৌতুক – ২

এজন সৰু ল’ৰাঃ দেউতা, তুমি ক’ত জন্ম গ্ৰহণ কৰিছিলা?”

দেউতাঃ গোৱালপাৰাত?

সৰু ল’ৰাঃ মা, তুমি ক’ত জন্ম গ্ৰহণ কৰিছিলা?

মাকঃ গুৱাহাটীত?

সৰু ল’ৰাঃ মোৰ ক’ত জন্ম  হৈছিল? 

দেউতাকঃ ধেমাজীত।

সৰু ল’ৰাঃ (আচৰিত হৈ) তেনেহ’লে আমি তিনিওটাই কেনেদৰে একেলগ হ’লোঁ, দেউতা?   0 0 0

কৌতুক – ৩

মনোজে  বাটত এজন  দাগী অপৰাধীৰ ছবি থকা পোষ্টাৰ দেখা পাই লৰা-লৰিকৈ স্কুললৈ গৈ বাইদেউক সুধিলে, “বাইদেউ সেইজন অপৰাধীক সঁচাকৈয়ে পুলিচে বিচাৰি আছে জানোঁ?”

শিক্ষয়িত্ৰীঃ হয়, সঁচাকৈয়ে বিচাৰি আছে বাবেই চিনাক্ত কৰণৰ বাবে ফটোৰ সৈতে পোষ্টাৰটো মাৰি দিছে।

মনোজঃ পুলিচ ইমানেই অকামিলা আৰু বুৰ্বকনে? সিহঁতে ফটো তোলাৰ সময়ত তাক নধৰিলে কিয়?  0 0 0

কৌতুক – ৪

স্বামীঃ হেৰা, শুনিছানে ? আমাৰ মইনাই যে পেনেপন কৰি কান্দি আছে। কি খোজে নিদিয়া কিয়?

পত্নীঃ কি লাগে আৰু, আপুনিয়ে যে নাৰিকলৰ পুলিটো ৰুবৰ বাবে পদূলিত গাতটো খান্ধিছিল, সেয়া আনি তাক ঘৰৰ মজিয়াত খেলিবলৈ দিব লাগে।  0 0 0

কৌতুক – ৫

পুত্ৰঃ দেউতা, দেউতা, ডক্টৰ আংকোল আহিছে।

দেউতাঃ যা, মোৰ গা ভাল নহয় বুলি কগৈ। অহা সপ্তাহত দেখা কৰিম।  0 0 0

কৌতুক – ৬

ভৰিত বেণ্ডেজ দেখা পাই এজন বন্ধুয়ে ৰাহুলক সুধিলে, “তোৰ ভৰিত কি হ’ল?”

“সিদিনা ছিগাৰেট খাই শেষ হোৱাত মেনহলত পেলাই দি অভ্যাসবশতঃ ভৰিৰে মোহাৰি দিবলৈ যাওঁতে মোৰ এনে অৱস্থা হ’ল বন্ধ³।   0 0 0

কৌতুক – ৭

কনকে  স্কুলৰ পৰা আহি মাকক ক’লেঃ মই  নকৰা ভুলৰ বাবে শিক্ষকে মোক শাস্তি দিলে।

মাকে ক’লে, “তুমি নকৰা ভুলৰ বাবে কিয় শিক্ষকে শাস্তি দিব? ৰ’বা মই তোমালোকৰ হেড ছাৰৰ লগত কথা পাতিম। পিছে তুমিনো কি কৰা নাছিলা?”

কনকে উত্তৰত ক’লেঃ “মা, মই মাত্ৰ মোৰ হোমৱৰ্কখিনি কৰা নাছিলোঁ।  0 0 0

কৌতুক – ৮

শ্ৰেণীকোঠাত এজন শিক্ষকে ছাত্ৰসকলক উদ্দেশ্যি ক’লেঃ তোমালোকৰ ভিতৰত যিসকল নিজকে মূৰ্খ বুলি ভাবা সিহঁত থিয় হোৱা।

কিছু সময় পিছত এজন ছাত্ৰই থিয় হোৱাত শিক্ষকে ক’লেঃ তেনেহ’লে তুমি নিজকে মূৰ্খ বুলি ভাবা, নহয়নে?

ছাত্ৰঃ নহয় ছাৰ, শ্ৰেণীটোত অকল আপুনিয়েই থিয় হৈ থকা দেখি মই ভাবিলো অকল আপুনিয়েই মূৰ্খ । মোৰ বেয়া লাগিল। সেয়ে ছাৰ,  মই  থিয় হ’লোঁ। আমি লাজ পাই আছোঁ। অনুগ্ৰহ কৰি আপুনি বহক ছাৰ। 0 0 0

কৌতুক – ৯

শিক্ষকঃ (এজন ছাত্ৰক উদ্দেশ্যি) ধৰি লোৱা তোমাৰ মায়ে তোমাক চাৰিটা কণী আনিবলৈ ১২ টকা দিলে। তুমি  বাটত দুটা কণী ভাঙি পেলালা। তোমাৰ কিমান টকা লোকচান হ’ল?

ছাত্ৰঃ (কান্দি কান্দি) ছাৰ, ঘৰত গ’লে আয়ে মোক চিকনীৰে কোবাব।0 0 0

কৌতুক – ১০

গৃহস্থিনীঃ (ভিক্ষাৰীক উদ্দেশ্যি): আদলিটো লোৱা । মোৰ ভৰিটো খোৰা হোৱা বাবে আগুৱাবলৈ কষ্ট হয়। কিন্তু কপাল ভাল যে তুমি অন্ধ নহয়।

ভিক্ষাৰীঃ (আগবাঢ়ি আহি) হয় বাইদেউ, মই অন্ধ। চকুৰে দেখা কেইদিন চলিব পৰা নাছিলোঁ।   0 0 0

কৌতুক-ড

বিঃদ্রুঃ  উক্ত কৌতুকসমূহ ৰাব্বি মছৰুৰ ৰচিত ‘হাঁহিৰ খোৰাক কৌতুক‘ গ্রন্থৰ পৰা লোৱা হৈছে।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here