ক্ৰিয়া পদৰ শ্ৰেণী বিভাগ
ক্ৰিয়া পদৰ শ্ৰেণী বিভাগ | Classification of Verbs in Assamese
আমি শিকি আহিছো যে যি পদে কোনো কাম কৰা বা হোৱা অৰ্থ বুজায় তাকে ক্ৰিয়া ( Verb) বোলে। যেনে–
আমি ভাত খাওঁ।
উক্ত বাক্যটোত ‘খাওঁ পদটি ক্ৰিয়া পদ।
বৈশিষ্ট্য অনুযায়ী অসমীয়া ক্ৰিয়া পদক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে, যথা–
ক্ৰিয়া পদৰ শ্ৰেণী বিভাগ
(১) সমাপিকা বা সাধ্যা ক্ৰিয়া ( Finite Verb) আৰু
(২) অসমাপিকা বা সিদ্ধা ক্ৰিয়া (Non-finite Verb)
যিবোৰ ক্ৰিয়াই বাক্য এটা সম্পূৰ্ণ কৰিব পাৰে তাকে সমাপিকা ক্ৰিয়া বা সাধ্যা ক্ৰিয়া (Finite Verb) বোলে। উদাহৰণ–
আমি ক্ৰিকেট খেলো।
ৰাজনে কিতাপ পঢ়িছে।
আনহাতে যি ক্ৰিয়াই বাক্য সম্পূৰ্ণ কৰিব নোৱাৰে তাকে অসমাপিকা ক্ৰিয়া বা সিদ্ধা ক্ৰিয়া (Non-finite Verb) বোলে। উদাহৰণ–
সিহঁতে স্কুলৰ পৰা আহি খেলিব।
তোমাৰ কাণ্ড দেখি তেওঁ খং কৰিলে।
বাক্যত ব্যৱহাৰ হোৱা অৰ্থ অনুযায়ী ক্ৰিয়া পদক আকৌ দুটা ভাগত ভাগ কৰা হৈছে, যথা–
(১) সকৰ্মক ক্ৰিয়া (Transitive Verb) আৰু
(২) অকৰ্মক ক্ৰিয়া (Intransitive Verb)
ক্ৰিয়া পদৰ শ্ৰেণী বিভাগ
যি ক্ৰিয়া পদৰ কৰ্ম থাকে তাকে সকৰ্মক ক্ৰিয়া (Transitive Verb) বোলে। উদাহৰণ–
সি আম খাইছে।
সিহঁতে ফুটবল খেলিলে।
ওপৰৰ উদাহৰণ দুটাত ‘খাইছে’ আৰু খেলিলে’ সকৰ্মক ক্ৰিয়া কিয়নো এই ক্ৰিয়া দুটাৰ ক্ৰমে ‘আম’ আৰু ‘ফুটবল’ কৰ্ম।
সকৰ্মক ক্ৰিয়াৰ আকৌ দুটা ভাগ আছে, যথা–
(১) এক-কৰ্মক ক্ৰিয়া আৰু (২) দ্বি-কৰ্মক ক্ৰিয়া
এটা কৰ্ম থকা ক্ৰিয়াক এক-কৰ্মক ক্ৰিয়া বোলে । উদাহৰণ–
আমি চিঠি লিখো।
সি গাড়ী চলায়।
উপৰি উক্ত বাক্য দুটাত ক্ৰমে ‘লিখো’ আৰু ‘চলায়’ ক্ৰিয়া পদ। ইহঁতৰ এটাকৈ কৰ্ম আছে।
যি ক্ৰিয়াৰ দুটা কৰ্ম থাকে তাকে দ্বি-কৰ্মক ক্ৰিয়া বোলে। উদাহৰণ–
তাই মোক এখন কিতাপ দিলে।
উক্ত বাক্যটোত ‘দিলে’ ক্ৰিয়া পদ। এই ক্ৰিয়া পদটোৰ দুটা কৰ্ম যথাক্ৰমে- ‘মোক’ আৰু ‘কিতাপ’।
দ্বি-কৰ্মক ক্ৰিয়াৰ কৰ্মৰ এটা সাধাৰণতে প্ৰাণীবাচক (Animate) আৰু আনটো অপ্ৰাণীবাচক (Inanimate ) হয়।
প্ৰাণীবাচক কৰ্ম সদায় কোনো মানুহ বা কোনো জীৱ-জন্তু (Animate Being) হয়।
আনহাতে অপ্ৰাণীবাচক কৰ্ম সদায় জীৱ-জন্তুৰ বাহিৰে অন্য বস্তু বা পদাৰ্থ (Inanimate thing ) বা কোনো ধাৰণা (abstract idea) হয়।
ওপৰত দিয়া উদাহৰণটোৰ দুটা কৰ্মৰ ’মোক’ প্ৰাণীবাচক কৰ্ম আৰু ‘কিতাপ’ অপ্ৰাণীবাচক কৰ্ম।
অপ্ৰাণীবাচক কৰ্মক প্ৰধান কৰ্ম (Direct Object) আৰু প্ৰাণীবাচক কৰ্মক গৌণ কৰ্ম (Indirect Object) বোলে।
ক্ৰিয়া পদৰ শ্ৰেণী বিভাগ
অনুশীলনী
(১) ক্ৰিয়া কাক বোলে?
(২) বৈশিষ্ট্য অনুযায়ী অসমীয়া ক্ৰিয়া পদক কেই শ্ৰেণীত ভাগ কৰা হৈছে? ০ ০ ০
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: