Home Literary Criticism খলিল মুত্ৰান | Khalil Mutran

খলিল মুত্ৰান | Khalil Mutran

0

খলিল মুত্ৰান

খলিল মুত্ৰান  Khalil Mutran

 

খলিল মুত্ৰান | Khalil Mutran

খলিল মুত্ৰান | Khalil Mutran

খলিল মুত্ৰান (Khalil Mutran/ ১৮৭২-১৯৪৮) আছিল এজন লেবাননীয় আবৰী কবি, সাংবাদিক আৰু অনুবাদক। আৰবী কবিতাৰ ইতিহাসত তেওঁক আধুনিক আৰবী কবিতাৰ অগ্ৰদূত হিচাপে বিবেচনা কৰা হয়।

খলিল মুত্ৰান লেবাননৰ বালেবক নামৰ ঠাইত এক ৰক্ষণশীল পৰিয়ালত জন্ম গ্ৰহণ কৰে। তেওঁৰ পূৰ্বপূৰুষসকল খ্ৰীষ্টধৰ্মী আছিল। তেওঁৰ দেউতাক এজন ব্যৱসায়ী আছিল। আনহাতে তেওঁৰ মাক এজনী সাহিত্যপ্ৰিয় মহিলা আছিল। মুত্ৰানে তেওঁৰ প্ৰাথমিক শিক্ষা বেইৰুটত লাভ কৰে। ল’ৰালি কালত তেওঁ চুলতান আব্দুল হামিদক সমালোচনা কৰি এটি কবিতা লিখা বাবে তেওঁক বেইৰুট ত্যাগ কৰিবলৈ বাধ্য কৰোৱা হয়। ১৮৮০ চনত তেওঁ ফ্রান্সৰ পেৰিচলৈ যায় আৰু ফৰাচী সাহিত্য অধ্যয়ন কৰিবলৈ লয় আৰু  ‘ইয়ং তুৰ্ক’ আন্দোলনৰ লগত জড়িত হয়। ফলত তেওঁ চৰকাৰৰ ৰোষত পৰে আৰু দক্ষিণ আমেৰিকালৈ প্ৰব্রজন কৰিবলৈ মন মেলে যদিও পিছলৈ তেওঁ ইজিপ্তলৈ যায় আৰু মৃত্যুলৈকে ইজিপ্ততে বাসবাস কৰে।

ইজিপ্তত প্ৰথমে তেওঁ আলেকজেন্দ্ৰিয়াত থাকিবলৈ লয় যদিও পিছত কাইৰোত থিতাপি লয় আৰু লিখা-মেলাত মনোযোগ দিয়ে আৰু সাংবাদিকতা কৰিবলৈ লয়। তেওঁ ‘আল আহৰাম’, ‘আল লিৱা’ আৰু ‘আল মায়াদ’ কাকত আৰু আলোচনীসমূহ সম্পদনা কৰে।

সাংবাদিকতা কৰি থকা সময়ছোৱাত তেওঁ এজনী সুন্দৰী ছোৱালীৰ প্ৰেমত পৰে। কিন্তু তাইৰ অকাল মৃত্যু হোৱাত তাইক বিয়া কৰাব নোৱাৰি চিৰকুমাৰ হৈ থাকে। প্ৰেয়সীৰ মৃত্যুত তেওঁ গভীৰ শোক পায় আৰু কিছুদিন লিখা-মেলাৰ পৰা আঁতৰি থাকে। পিছত তেওঁ আকৌ লিখা-মেলা আৰম্ভ কৰে। তেওঁ বিশেষকৈ কবিতা ৰচনা, আৰু ইংৰাজী নাটক অনুবাদ কৰিবলৈ লয়। তেওঁ উইলিয়াম শ্বেক্সপীয়েৰৰ কেইবাটাও নাটক আৰবী ভাষালৈ অনুবাদ কৰে।

খলিল মুত্ৰানে ৰচনা কৰা কবিতসমূহ ‘দেৱান অল খলিল’ শিৰোনামেৰে চাৰিটা খণ্ডত প্ৰকাশ পাইছে। ইয়াৰ প্ৰথম খণ্ডটো ১৯০৮ চনত প্ৰকাশ পায়। প্ৰেম আৰু প্ৰকৃতি তেওঁৰ কবিতাৰ প্ৰধান বিষয় যদিও তেওঁৰ কিছুমান কবিতা শোকাত্মক। তেওঁৰ কবিতাত ইংৰাজী ৰোমান্টিক কবিতাৰ প্ৰভাৱ আছে যদিও কবি হিচাপে তেওঁ চিৰাচৰিত আৰবী কবিতালৈ আধুনিকতাৰ সোঁত আনয়ন কৰে। তেওঁৰ কবিতাত আৰবী জাহেলিয়াত যুগৰ কবিতা শৈলীৰ প্ৰয়োগো মন কৰিবলগীয়া। তেওঁ ভাবিছিল যে জাহিলায়তী যুগৰ আৰবী কবিতাসমূহত আবেগ, অনুভৱ আৰু প্ৰকাশৰ স্বতঃস্ফূৰ্ততা আছে। সেয়ে তেওঁ জাহিলী যুগৰ কবিতা শৈলীও অনুকৰণ কৰিছিল।

তেওঁৰ কবিতাত ইউৰোপীয় সাহিত্য বিশেষকৈ লামাৰটাইন, হাগু, মুচেট আদিৰ প্ৰভাৱো লক্ষণীয়। খলিল মুত্ৰানে কবিতাত বিষয়বস্তুতকৈ বৰ্ণনাৰ পুংখানুপুংখতা আৰু কল্পনাৰ বিস্তাৰত গুৰুত্ব দিছিল। কবিতাৰ শৈলীত তেওঁ বিদেশী প্ৰভাৱতকৈ আৰবী দ্রুপদী  কাছিদা, ইয়াৰ ছন্দ, সাৱলীলতা, বাগ্মীতা আৰু শব্দ চয়নৰ মাধুৰ্যতাৰ ওপৰত মনোযোগ দিছিল। অৱশ্যে তেওঁ পৰম্পৰাগত উপমা আৰু ৰূপকৰ প্ৰয়োগৰ ওপৰত জোৰ নিদি নতুনত্বৰ ওপৰত জোৰ দিছিল। মুঠতে তেওঁ আৰবী প্রাচীন কাচিদা শৈলীৰ লগত আধুনিকতা যোগ কৰিছিল।

কবি হিচাপে খলিল মুত্ৰান আছিল একেমূলদৰ্শী অৰ্থাৎ তেওঁ এটি কবিতাত বিভিন্ন বিষয় বা প্ৰসংগ উত্থাপন কৰাৰ বিৰোধী আছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ এটি কবিতাত এটি বিষয় বা প্ৰসংগ সবিস্তাৰে উপস্থান কৰাৰ পক্ষপাতী আছিল। তেওঁৰ কবিতাৰ বিষয়বস্তু শিৰোনামৰ পৰাই স্পষ্ট হৈছিল। মুঠতে তেওঁৰ কবিতাত বিষয়বস্তুৰ ঐক্য স্থাপন হৈছিল।

কল্পচিত্ৰ প্ৰয়োগত কবি খলিল মু্‌ত্ৰান আছিল অতি চহকী আৰু সিদ্ধহস্ত।  তেওঁ যিকোনো বিষয়কে কল্পনাৰ ৰহন লগাই কবিতাৰ ৰূপ দিব পাৰিছিল।

কবি খলিল মুত্ৰানে আৰবী কাব্য সাহিত্যলৈ ধ্ৰুপদী আৰবী কবিতাৰ শৈলীৰ লগত আধুনিকতাৰ সংযোজন ঘটাই আধুনিক আৰবী কবিতাৰ পথ মুকলি কৰে। আৰবী সাহিত্যলৈ তেওঁৰ অৱদানৰ স্বীকৃতি হিচাপে লেবাননত জন্ম গ্ৰহন কৰা আৰু ইজিপ্তত বাস কৰা এইজন কবিক দুখন দেশৰ (লেবানন আৰু ইজিপ্তৰ) কবি বুলি সন্মান জনোৱা হয়। 0 0 0

 

বি. দ্র. উক্ত ‘খলিল মুত্ৰান | Khalil Mutranৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘এক গুচ্ছ জীবনী‘ গ্রন্থৰ পৰা লোৱা হৈছে

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here