Home Biographies গগন চন্দ্ৰ সোনোৱাল | Gagan Chandra Sonowal

গগন চন্দ্ৰ সোনোৱাল | Gagan Chandra Sonowal

0

গগন চন্দ্ৰ সোনোৱাল | Gagan Chandra Sonowal

গগন চন্দ্ৰ সোনোৱাল  Gagan Chandra Sonowal

 

গগন চন্দ্ৰ সোনোৱাল

গগন চন্দ্ৰ সোনোৱাল | Gagan Chandra Sonowal

গগন চন্দ্ৰ সোনোৱাল (Gagan Chandra Sonowal) আছিল অসমৰ সোণোৱাল কছাৰী জনগোষ্ঠীৰ এজন অসমীয়া সমাজকৰ্মী আৰু সুসাহিত্যিক।

গগন চন্দ্ৰ সোণোৱালৰ জন্ম হয় তিনিচুকীয়া জিলাৰ বৰহাপজানৰ সমীপৰ শুকানগুৰি চাহ বাগিছাত ১৯২৬ চনত ২৪ ডিচেম্বৰত। পিতৃৰ নাম তিলক সোনোৱাল আৰু মাতৃৰ নাম অদিতি সোনোৱাল।

মাকুম প্ৰাথমিক বিদালয়ত তেওঁৰ শিক্ষা-জীৱন আৰম্ভ হয় আৰু ডাঙৰী মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উর্ত্তীর্ণ হয়। পিছত ডিব্রূগড় হনুমান বক্স কানৈ কলেজৰ পৰা কলা শাখাত প্ৰাক্‌-স্নাতক পৰীক্ষাত উর্ত্তীর্ণ হৈ শিক্ষা-জীৱনৰ সামৰণি মাৰে।

শিক্ষা জীৱনৰ সামৰণি মাৰি ১৯৪৭ চনত শিক্ষকৰূপে  কৰ্ম-জীৱনৰ পাতনি মেলে। শিক্ষকতাৰ বাদেও সোনোৱালদেৱে স্বাৱলম্বী হ’বলৈ জীৱিকাৰ বাবে  কৃষিকৰ্মতো আত্মনিয়োগ কৰিছিল।

ডাঙৰীৰ মধ্য ইংৰাজী বিদ্যালয়ত পঞ্চম শ্ৰেণীত পঢ়ি  থকা সময়ৰ  পৰা গগন চন্দ্ৰ সোনোৱালে সাহিত্য চৰ্চা আৰম্ভ কৰে। বিদ্যালয়ৰ হাতে লেখা আলোচনীৰ পাততেই ১৯৪২ চনত তেওঁৰ  ‘মানৱ সভ্যতা আৰু ক্ৰমবিকাশ’ শিৰোনামৰ প্ৰবন্ধটো ওলাইছিল। সোনোৱালদেৱৰ সাহিত্য সাধনাৰ উৎকৃষ্ট নিৰ্দশনৰূেপ বৰ্তমানলৈকে প্ৰকাশ পোৱা গ্ৰন্থসমূহ হৈছে: (১) ‘সোনোৱাল কছাৰীসকলৰ ঐতিহ্য’ (২) ‘অসমৰ সংস্কৃতিত সোনোৱালসকলৰ অৱদান’ আদি চৌবিশটা মৌলিক প্ৰৱন্ধ (৩) লোকসাহিত্য-সংগ্ৰহ, যেনে— গীত-মাত, হায়দাং হুঁচৰি, আইনাম, অপেচৰা নাম, লখিমী নাম ইত্যাদি। (৪) অন্যান্য ৰচনাৱলীত আছে তেৰটা অমূল্য নিৱন্ধ, (৫) ভাষাণাৱলীত সন্নিবিষ্ট হৈছে ঊনৈশটা ভাষণ, (৬) ছয়টা কবিতা—প্ৰভৃতি বিচিত্ৰ সাহিত্যকৰ্মই গগন চন্দ্ৰ সোনোৱালৰ জীৱনৰ কীৰ্তি। 

তেওঁ কাকপথাৰত প্ৰথম শাখা সাহিত্য সভা গঠন কৰিছিল। অবিভক্ত ডিব্রূগড় জিলাৰ সভাপতি আৰু তিনিচুকীয়া জিলাৰ প্রতিষ্ঠাপক সভাপতিৰ পদো অলংকৃত কৰিছিল। 

নিজৰ প্রতিষ্ঠা, প্ৰতিভাৰ প্ৰশংসাৰ প্ৰতি নিস্পৃহ, নীৰৱ কৰ্ম সাধনত একান্তভাৱে নিবিষ্ট থকা সোনোৱালদেৱে ২০০৯ চনৰ ২৭ অক্টোবৰত  ইহলীলা সম্বৰণ কৰে।  ০ ০ ০

Read More: বিশ্ব ব্যক্তি পৰিচয়

 

বি. দ্র. উক্ত ‘গগন চন্দ্ৰ সোনোৱাল Gagan Chandra Sonowal ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here