Home Kabita গল্প | Galpa

গল্প | Galpa

0

গল্প | Galpa

গল্প Galpa

গল্প

ৰাব্বি মছৰুৰ

মই অনুবাদ কৰিব পাৰো গল্পৰ জন্ম নোহোৱা যুগৰ গল্পবোৰ

কিন্তু কৰা নাই।

মোৰ আগতেও বহুতে চেষ্টা কৰিছে

কিন্তু পৰা নাই।

মোৰ পিছতো বহুতে চেষ্টা কৰিব

সিহঁতো সফল নহ’ব

–কিয়নো আমিবোৰ কাগজৰ ফুল ভালপোৱা মানুহ

জীৱন্ত ফুলৰ সুঘ্ৰাণ আমাৰ বাবে দুৰ্গন্ধ।

আমি সুৰুযৰ সলনি জুইশলা পকেটত লৈ ফুৰা যুগৰ মানুহ

জপাই থোৱা ছাতিৰ দৰে আমাৰ হৃদয়

মৃত ভাষা এটাৰ দৰে আমাৰ মস্তিষ্ক।

মহাত্মা, মহম্মদ, বুদ্ধ, ৰাচেল, আইনষ্টাইনৰ আদৰ্শ

বেৰত আঁৰি থৈ – শিষ্য বুলি গৌৰৱ কৰা যুগৰ মানুহ আমি ।

আমিবোৰ জেট যুগৰ মানুহ

আমাৰ সুৰ আৰু স্বৰত আছে 

নিজকে নিজৰ মাজত হেৰাই পেলোৱাৰ কল্লোল।

আমিবোৰ ‘গ্ৰীণ ৰূম’ যুগৰ মানুহ

আমাৰ সন্মুখত ওলোটা টেবিল- নিত্যান্তই সৰ্বাধুনিক

যাৰ ওপৰত অনুদিত হৈ আছে আমাৰ তেজ

মাংস, হাড়, উশাহ আৰু নিশাহ।

প্ৰতিটো নিশাৰ প্ৰতিটো পলক 

আমাৰ গল্পৰ পাণ্ডুলিপি।

আমিবোৰে এতিয়া অনুবাদ কৰিব লাগিব

এতিয়াও জন্ম নোহোৱা যুগৰ গল্পবোৰ। ০ ০ ০

Read More: পৃথিৱীৰ আৰু মোৰ

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here