Home Literary Criticism গাঁৱৰ চিঠি-এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Gaonor Chithi

গাঁৱৰ চিঠি-এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Gaonor Chithi

0

গাঁৱৰ চিঠি-এক সমালোচনাত্মক বিশ্লেষণ

ৰাব্বি মছৰুৰ

গাঁৱৰ চিঠি-এক সমালোচনাত্মক বিশ্লেষণ Ismail Hossain Gaonor Chithi

গাঁৱৰ চিঠি-এক সমালোচনাত্মক বিশ্লেষণ

গাঁৱৰ চিঠি-এক সমালোচনাত্মক বিশ্লেষণ

গাঁৱৰ চিঠি-এক সমালোচনাত্মক বিশ্লেষণ

‘গাঁৱৰ চিঠি’ শিৰোনামৰ কবিতাটিত কবিয়ে প্ৰাকৃতিক দুৰ্যোগত জীয়াতু ভোগা সহজ-সৰল গাঁৱলীয়া মানুহৰ জীৱন্ত চিত্ৰ অংকন কৰিছে।  গাঁৱৰ মুক্ত আবহাৱাত জন্ম গ্ৰহণ কৰি গাঁৱলীয়া পৰিবেশত ডাঙৰ- দীঘল হোৱা  কবি ইছমাইলৰ গাঁৱৰ প্ৰতি অনাবিল মৰম আৰু আন্তৰিক টান থকা কবি। কিন্তু শিক্ষা নাইবা চাকৰিৰ তাগিদাত চহৰলৈ যায় আৰু  হয়তো অনিচ্ছা থকা সত্বেও গাঁৱৰ পৰিৱেশৰ পৰা বিচ্ছিন্ন হ’ব লগা হয়। কিন্তু চহৰত থাকিলেও  গাঁৱৰ প্ৰতি তেওঁৰ গভীৰ আকৰ্ষণ আছে। সেয়ে চিঠিৰ জৰিয়তে হ’লেও তেওঁ গাঁৱৰ লগত যোগাযোগ ৰাখে। কিন্তু তেওঁ আশা কৰা মতে শান্তি আৰু সুস্থিৰতাৰ কথা গাঁৱৰ পৰা পঠোৱা চিঠিত নাপায়। ‘গাঁৱৰ চিঠি’ত তেওঁ গাঁৱৰ স্বাভাৱিক সুখ- শান্তিৰ অধোগামীৰ খবৰহে পায়। কবিয়ে কৈছে-

“ইয়াত কেতিয়াবাই গধূলি হ’ল

হিম শীতল বুকুতো ইয়াত অনুভৱ হয় উত্তাপ 

দিনে ৰাতি

শৃঙ্খলিত বন্ধীৰ দৰে আবদ্ধ থাকে ইয়াৰ পৃথিৱী

উন্মাদ জন্মভূমিত কবৰ দিয়া হয় গাঁৱৰ চিঠি।”

গাঁৱৰ চিঠি-এক সমালোচনাত্মক বিশ্লেষণ

বিংশ শতাব্দী বিজ্ঞানৰ বিজয় ডংকাৰ যুগ। কিন্তু বিজ্ঞানৰ এনে চৰম উন্নতিৰ দিনতো গাঁও অঞ্চল বিজ্ঞানৰ পোহৰৰ পৰা বঞ্চিত। সেয়ে গাঁৱত দিনতো ৰাতিৰ গভীৰ অন্ধকাৰ প্ৰতিভাত হয়। গাঁও অঞ্চলৰ শস্যৰ পথাৰ পানীৰ অভাৱত শুকান হৈ পৰে। কৃষকসকল বৰষুণৰ বাবে হাহাকাৰ কৰি ফুৰিব লগা হয়। আশাবাদী কৃষকসকল তথাপি নিৰাশ নহৈ কৰ্ষণ কৰে মাটি। চৰকাৰ নামৰ যন্ত্ৰই গাঁৱৰ এনে নিঃকিন পৰিস্থিতি ঈগলৰ দৃষ্টিৰে চোৱাৰ বাহিৰে আন কোনো গঠণমূলক কাৰ্যপন্থা হাতত নলয়। এই পৰিস্থিতিকেই কবিয়ে কল্পচিত্ৰৰ মাজেদি চিত্ৰিত কৰিছে এনেদৰে–

“ইয়াত এতিয়া গভীৰ ৰাতি

শস্যৰ সেউজ পথাৰত বৰষুণ নাই বহু দিন

তথাপিও বলাৎকাৰ হয় প্ৰেয়সী মাটি।”

বানপানী অসমীয়া গাঁৱলীয়া জীৱনৰ বাপতি সাহোন। প্ৰতি বছৰ সাগৰৰ ঢৌৰ দৰে উন্মাদ, উগ্ৰমূৰ্তি  ধৰি আহে আৰু অসহায় গাঁওবাসীৰ জীৱনৰ সঁতে পাশা খেল খেলি বহুতো ধন-জন  কৰাল গ্ৰাসত পেলাই উধাও হয়। তাৰ পিছে পিছে আহে মহামাৰী। তাতো প্ৰাণ দিয়ে বহুতে। কিন্তু চৰকাৰে ইয়াৰ প্ৰতিকাৰৰ অৰ্থে কোনো গঠনমূলক কাম-কাজ হাতত নলৈ গাঁওবাসী ৰাইজক “সাঁতুৰিব নেজানে” বাবে বানপানীত উঠি গ’ল বুলি প্ৰচাৰ কৰে। কবি হোছেইনে গাঁৱৰ চিঠিত এনে শোক লগা খবৰকে পঢ়িবলৈ পায়। সেয়ে শোকত ম্ৰিয়মান কবিয়ে কৈছে–

“গাঁৱৰ চিঠিত খবৰ আহে

‘বানপানীত উটি গ’ল তিনিজন শিশু

অনাহাৰত মৰিল অনেক জীৱন’

চৰকাৰী বাতৰিত পঢ়িলো

‘শিশুবোৰে সাঁতুৰিব নেজানে

মানুহবোৰ গ্ৰহণীত মৰিল।”

গাঁৱৰ চিঠি-এক সমালোচনাত্মক বিশ্লেষণ

গাঁৱৰ চিঠি পঢ়ি স্তব্ধ হৈ যায় কবিসত্বা। চহৰত দিন কটাই থকা কবি প্ৰাণে চহৰতো গাঁৱৰ অন্ধকাৰ নামি অহা অনুভৱ কৰে।  কবিয়ে কৈছে–

“ অনুভৱত মোৰ সমগ্ৰ সত্বাই চিঞৰি উঠে

ইয়াত কেতিয়াবাই গধূলি হ’ল

ইয়াত এতিয়া জয়াল ৰাতি,

বসন্ততো নুফুলে য’ত এপাহি ফুল,

………….

তাতনো কেনেকৈ পঢ়িবা বা গাঁৱৰ চঠি!”

সহজ সৰল গাঁৱলীয়া জীৱনৰ অন্তৰালত নিৰ্মম পৰিহাস আৰু জটিল সংগ্ৰাম লুকাই থকাৰ দৰে কবিৰ এই কবিতাটোও ওপৰুৱা দৃষ্টিত সহজ সৰল যেন লাগিলেও আঙ্গিকৰ দিশত কবিতাটি সহজ নহয়। কবিতাটিত গাঁৱলীয়া জীৱনৰ চিত্ৰ ফুটাই তুলিবলৈ যাওঁতে কবিয়ে নানান চিত্ৰকল্প আহ্বান কৰিব লগা হৈছে। অৱশ্যে চিত্ৰকল্পবোৰে সফলভাৱে গাঁৱলীয়া জীৱনৰ চিত্ৰ ফুটাই তোলাত সফল হৈছে। অনাষক্ত বিশেষণৰ প্ৰতি কবিৰ দুবৰ্বলতা এই কবিতাতো ফুটি উঠিছে, যেনে – ‘প্ৰেয়সী মাটি’, ‘উজাগৰী নিশা’, ‘উন্মাদ জন্মভূমি’ ইত্যাদি। কবিতাটিত থকা আন এটি আলংকাৰিক সৌন্দৰ্য হৈছে ‘পৃথিৱীক ‘শৃঙ্খলিত বন্ধী’ৰ লগত তুলনা কৰা উপমাটো। ০ ০ ০

গাঁৱৰ চিঠি-এক সমালোচনাত্মক বিশ্লেষণ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here