ৰবীন্দ্ৰনাথ ঠাকুৰৰ কাব্যগ্ৰন্থ ‘গীতাঞ্জলি’
ৰবীন্দ্ৰনাথ ঠাকুৰৰ কাব্যগ্ৰন্থ গীতাঞ্জলি-এক বৈশিষ্ট্যমূলক আলোচনা
আজিলৈকে বাংলা ভাষাত দুজন মাথো সাহিত্যিকে সিহঁতৰ অসাধাৰণ প্ৰতিভাৰ গুণত আৰ্ন্তজাতিক যশস্যা অৰ্জ্জ্বন কৰিবলৈ সক্ষম হৈছে – তাৰে এজন হ’ল কাজি নজৰুল ইছলাম আৰু আনজন হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ বাংলা ভাষাৰ সৰ্বশ্ৰেষ্ট কবি হিচাপে স্বীকৃতি পোৱাৰ লগতে ভাৰতৰ জাতীয় কবি হোৱাৰ সন্মানো অৰ্জন কৰিছে। কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘গীতাঞ্জলি’ শিৰোনামৰ কাব্যপুথিখন তেওঁৰ কবিজীৱনৰ কীৰ্তিস্তম্ভ স্বৰূপ (masterpiece)। এইখন কাব্যগ্ৰন্থৰ বাবেই তেওঁ ১৯১৩ চনত সাহিত্যত নবেল বঁটা (Nobel Prize) লাভ কৰে। উপমহাদেশৰ পৰা সাহিত্যত নবেল বঁটা লাভ কৰা তেঁৱেই প্ৰথম ভাৰতীয়। ‘গীতাঞ্জলি’ কব্যগ্ৰন্থখন ভাৱৰ শ্ৰেষ্টতা, ভাষাৰ সৰলতা আৰু ছন্দৰ গীতিময়তাত এক অতুলনীয় পুথি। ভগৱৎ প্ৰেম হৈছে কবিতাপুথিখনৰ প্ৰতিপাদ্য বিষয়। তেওঁৰ ভগৱৎ প্ৰেম ৰহস্যবাদৰ পোছাকেৰে আবৃত। কবিয়ে এজন পূৰ্ণ ঋষি বা তপস্বীৰ দৰে বিশ্বাস কৰে যে মানৱ জীৱনটো হৈছে ঈশ্বৰ আত্মাৰ সান্নিধ্য পোৱাৰ সাধনাহে মাথোন। তাৰোপৰি এজন ৰহস্যবাদী সাধক হিচাপে তেওঁ বিশ্বাস কৰে যে মানৱ আত্মাটো ঈশ্বৰৰ আত্মাৰ পৰা উদ্ভব হোৱা অংশ বিশেষহে। তেওঁ আৰু বিশ্বাস কৰে যে ধ্যান বা সাধনাৰ দ্বাৰা প্ৰকৃতিৰ মাজত মানৱ আত্মাই ঈশ্বৰ আত্মাৰ সন্ধান কৰি ঈশ্বৰ আত্মাৰ লগত একাকাৰ হৈ যাব পাৰে। ‘গীতাঞ্জলি’ গ্ৰন্থখনৰ সৰহভাগ গীতেই ভগবৎ প্ৰেমৰ সুভাষেৰে আমোলমোল। গীতবোৰে প্ৰমাণ দিয়ে যে কবি ৰবীন্দ্ৰাথৰ জীৱনৰ একমাত্ৰ লক্ষ্য হৈছে সংসাৰৰ মায়ামোহৰ বান্ধোনৰ পৰা আত্মাক মুকলি কৰি ঈশ্বৰ আত্মাৰ লগত মিলন ঘটোৱা। এই ক্ষেত্ৰত তেওঁ মহাপুৰুষ মাধৱদেৱৰ ‘নামঘোষা’ গ্ৰন্থত মাধৱদেৱে যি আত্মলঘিমাৰ পৰিচয় দিছে, কবি ৰবীন্দ্ৰনাথ ঠাকুৰেও ‘গীতাঞ্জলি’ কাব্যগ্রন্থত ঈশ্বৰ প্ৰেমৰ প্ৰাথমিক অবস্থাৰ পৰাই নিজকে ধূলিকণা সম লঘু কৰি ঈশ্বৰৰ পৰম মহত্বক স্বীকাৰ কৰি ঈশ্বৰ আত্মাৰ সন্ধানত ব্রতী হৈছে। ‘গীতাঞ্জলি’ৰ বাংলা সংস্কাৰণৰ প্ৰথম গীতটোতেই কবি ৰবীন্দ্ৰনাথে গ্ৰন্থখনৰ আনকি তেওঁৰ ঈশ্বৰ প্ৰেমৰ ধাৰাৰ পাতনি স্বৰূপ লিখিছে–
“আমাৰ মাথা নত কৰে দাও হে তোমাৰ
চৰণ ধূলাৰ তলে।
সকল অহংকাৰ হে আমাৰ ডুবাও
চোখেৰ জলে।” (গীত নং – ১ )
কবি ৰবীন্দ্ৰনাথে নিজকে প্ৰচাৰ বিমূখ কৰি ৰাখিবলৈ দৃঢ়তা প্ৰকাশ কৰি ঈশ্বৰৰ ইচ্ছা কবিৰ নিজৰ জীৱনৰ কৰ্মৰাজিৰ মাজেৰে প্ৰকাশ কৰিবলৈ ঈশ্বৰক প্ৰাৰ্থনা কৰি লিখিছে–
“আমাৰে না যেন কৰি প্ৰচাৰ
আমাৰ আপন কাজে –
তোমাৰি ইচ্ছা কৰোহে পূৰ্ণ
আমাৰ জীবন মাঝে।” (গীত নং – ১ )
কবিৰ বাবে ভগৱানেই হৈছে কবিৰ আত্মা আৰু শৰীৰৰ ৰক্ষা কৱচ। ভগৱানে নিজেই কবিৰ আত্মা আৰু বাসনাক পৰিচালিত কৰিছে। ভগৱানে কবিক বহু বাসনাৰ পৰা বচাই ৰাখি বহুতো মহৎ শক্তিৰ বা গুণৰ অধিকাৰী কৰিছে। সেয়ে কবিয়ে ঈশ্বৰৰ ওচৰত কৃতজ্ঞাতা প্ৰকাশ কৰি গাইছে–
“আমি বহু বাসনায় প্ৰাণপণে চাই
বঞ্চিত কৰে বাঁচালে মোৰে ।
একৃপা কঠোৰ সঞ্চিত মোৰ
জীৱন ভ’ৱে।
নাচাহিতে মোৰ যা কৰেছ দান
আকাশ আলোক তনু মন প্ৰাণ,
দিনে দিনে তুমি নিতেছ আমায়
সেই মহাদানেৰই যোগ্য কেৰ।” (গীত নং – ২ )
কবি ঈশ্বৰৰ ওচৰত পৰম কৃতজ্ঞ, কিয়নো ঈশ্বৰে কবিক সকলো মহত্ব দান কৰিছে। সেইবুলি তেওঁ বাহ্যিক জীৱনত নিজৰ স্বাধীনতা বিসর্জন দিয়া নাই। কবিয়ে সকলো কামনা, জয়-পৰাজয়, বিপদ-আপদত ঈশ্বৰৰ পৰা প্ৰত্যক্ষভাৱে কোনো সহায় নিবিচাৰি তেওঁ প্ৰাৰ্থনা কৰিছে যেন তেওঁ বিপদ আৰু দুঃখ সহ্য কৰিব পাৰে। কবিৰ ভাষাত,
“বিপদে মোৰে ৰক্ষা কৰো
এনোহে মোৰ প্ৰৰ্থনা
বিপদে আমি না যেন কৰি ভয়।
দুঃখ তাপে ব্যাথিত চিতে
নাইবা দিলে সান্তনা
দুঃখ যেন কৰিতে পাৰি জয়।” (গীত নং -৪ )
আকৌ একে গীততেই গাইছে ,
“আমাৰে তুমি কৰিবে ত্ৰাণ
এনোহে মোৰ প্ৰাৰ্থনা
তৰিতে পাৰি শকতি যেন ৰয়।” (গীত নং -৪ )
কবিয়ে প্ৰৰ্থনা কৰিছে যেন ভগৱানে তেওঁৰ অন্তৰ কলুষ-কালিমা শূণ্য কৰি নিৰ্মল, উজ্জল আৰু সুন্দৰ কৰি তোলে। কবিৰ ভাষাত,
“অন্তৰ মম বিকশিত কৰো
অন্তৰতৰহে
নিৰ্মল কৰো, উজ্জ্বল কৰো
সুন্দৰ কৰো হে।” (গীত নং – ৫ )
কবি ঈশ্বৰ সন্ধানত ব্রতী। প্ৰকৃতিত তেওঁ ঈশ্বৰৰ সন্ধান পাইছে যদিও ঈশ্বৰ আত্মাক ধৰিব পৰা নাই। ঈশ্বৰ আত্মাই যেন কবিৰ আত্মাৰ লগত লুকা-ফাকু খেলিছে আৰু আঁতৰি গৈছে, সেয়ে কবিয়ে কৈছে–
“অমন আড়াল দিয়ে লুকিয়ে গেলে
চলবেনা।
এবাৰ হৃদয় মাঝে লুকিয়ে বসো,
কেউ জানবেনা, কেউ বলবেনা।
বিশ্বে তোমাৰ লুকোচুৰি
দেশ বিদেশে কতই ঘূৰি
এবাৰ বলো, আমাৰ মনেৰ কোণে
দেবে ধৰা, ছলবেনা।” (গীত নং – ২৩ )
সাংসাৰিক সুখ-সম্পদত কবি চহকী যদিও সুখী নহয়। তেওঁৰ আত্মা ঈশ্বৰৰ সন্ধানত ব্যাকুল। সেয়ে তেওঁ ঈশ্বৰক বিচাৰে। কবিয়ে গাইছে ,
“ধনে জনে আছি জড়ায়ে হায়
তবু জানো মন তোমাৰে চায়।
অন্তৰে আছ, হে অন্তৰ্যামী
আমা চেয়ে আমায় জানিছ স্বামী –
সব সুখে দুখে ভুলে থাকায়
জানো মম মন তোমাৰে চায়।” (গীত নং – ২৯ )
কবিয়ে আকৌ তেওঁ একে গীততে গাইছে ,
“যা আছে আমাৰ সকলই কবে
নিজ হাতে তুমি তুলিয়া লবে
সব ছেড়ে সব পাব তোমায়
মনে মনে মন তোমাৰে চায়।” (গীত নং – ২৯ )
কবিৰ নিজৰ বাবে কৰিবলগীয়া একো নাই। কবি কেৱল জীয়াই আছে ঈশ্বৰৰ ইচ্ছাক নিজৰ জীৱনত প্ৰতিফলিত কৰিবৰ বাবেহে । সেয়ে তেওঁ গাব পাৰিছে–
“আমি হেথায় থাকি শুধু
গাইতে তোমাৰ গান
দিয়ো তোমাৰ জগৎ সভায়
এইটুকু মোৰ স্থান।
আমি তোমাৰ ভূবন মাঝে
লাগি নি নাথ, কোনো কাজে
সুধু কেবল সুৰ বাজে
অকাজেৰ এই প্ৰাণ।” (গীত নং -৩১ )
কবি আধ্যাত্মিক চিন্তাত ঈশ্বৰৰ সন্ধান পাইছে যদি চৰ্ম চকুৰে ঈশ্বৰৰ সাক্ষাৎ পোৱা নাই। সেয়ে তেওঁ আকুল হৈ গাইছে–
“আমি দেখি নাই তাৰ মুখ, আমি
শুনি নাই তাৰ বাণী-
কেবল শুনি ক্ষণে ক্ষণে তাহাৰ
পায়েৰ ধবনি খানি।” (গীত নং – ৩৯ )
কবিৰ আত্মা ঈশ্বৰৰ আত্মাৰ লগত মিলি যাবলৈ চৰম হাবিয়াস কৰিছে যদিও ঈশ্বৰৰ আত্মাক আপোন কৰি পোৱা নাই। সেয়ে বিচ্ছেদ বেদনাত ভূগি কবিয়ে আবেগ-বিহবল কণ্ঠত গাইছে–
“আজি যেন ভেদ নাহি ৰয়
আপনা পৰে,
তোমায় যেন এক দেখি হে
বাহিৰে ঘৰে।
তোমাৰ সাথে যে বিচ্ছেদে
ঘূৰে বেড়াই কেঁদে কেঁদে
ক্ষূণেক তৰে ঘুচাতে তাই
তোমাৰে ডাকি।” (গীত নং – ৪৩)
কবিয়ে কৈছে যে বিশ্ব দৰবাৰত কবিৰ আবিৰ্ভাৱ বিফল হোৱা নাই। এই আবিৰ্ভাৱৰো উদ্দেশ্য আছে। ঈশ্বৰৰ আদেশ মানি ঈশ্বৰৰ সৃষ্টি এই সুন্দৰ বিশ্বৰ আনন্দ উপভোগ কৰাত কবি ভগৱানৰ ওচৰত কৃতজ্ঞ। কবিয়ে সেয়ে গাইছে–
“জগতে আনন্দে যজ্ঞে আমাৰ নিমন্ত্ৰণ
ধন্য হলো ধন্য হল মানব জীবন
নয়ন আমাৰ ৰুপেৰ পুৰে
সাধ মিটায়ে বেড়ায় ঘূৰে,
শ্ৰবণ আমাৰ গভীৰ সুৰে
হয়েছে মগন।” (গীত নং – ৪৪ )
কবিয়ে বিশ্বাস কৰে যে বিশ্ব-ব্রহ্মাণ্ডখন ভগবানৰ আত্মাৰ প্ৰতিফলনহে। বিশ্বৰ প্ৰতিটো বস্তু বা দৃশ্যই ঈশ্বৰৰ অস্তিত্বৰ প্ৰমাণ দিয়ে। সেয়ে কবিয়ে এজন সম্পূৰ্ণ আধ্যাত্মিক ঋষিৰ দৰে ঘোষণা কৰিছে–
“তোমাৰ আলো গাছেৰ পাতায়
নাচিয়ে তোলে প্ৰাণ
তোমাৰ আলো পাখিৰ বাসায়
জাগিয়ে তোলে গান।
তোমাৰ আলো ভালোবেসে
পড়েছে মোৰ গায়ে এসে,
হৃদয়ে মোৰ নিৰ্মল হাত
বুলালো বুলালো।”
(গীত নং – ৪৫ )
কবিৰ আত্মা ঈশ্বৰৰ দৰবাৰত অতি নত। কবি আত্মলঘিমাত ভূগি ঈশ্বৰৰ দৰবাৰত প্ৰৱেশ কৰিবলৈ ঈশ্বৰক কাকুতি কৰি গাইছে–
“আসন তলেৰ মাটিৰ পৰে লুটিয়ে ৰব
তোমাৰ চৰণ-ধুলায় ধুলায় ধূসৰ হ’ব।
কেন আমায় মান দিয়ে আৰ দূৰে ৰাখ,
চিৰ জনম এমন কৰে ভুলিয়ো নাকো,
অসন্মানে আনো টেনে পায়ে তব।
তোমাৰ চৰণ-ধুলায় ধুলায় ধুসৰ হ’ব।
আমি তোমাৰ যাত্ৰীদলেৰ ৰব পিছে,
স্থান দিয়ো হে আমায় তুমি সবাৰ নীচে।
প্ৰসাদ লাগি ক’ত লোকে আসে ধেয়ে,
আমি কিছুই চাইবনাতো, ৰইব চেয়ে
সবাৰ শেষে বাকী যা ৰয় তাহাই লব।
তোমাৰ চৰণ-ধুলায় ধুলায় ধুসৰ হব।” (গীত নং – ৪৬)
কবিৰ বাবে ভগবানেই আপোন। ঈশ্বৰ ধ্যানত কবিৰ আত্মা সৰ্বদা ব্যস্ত। ঈশ্বৰৰ ধ্যানত থাকিয়েই কবিয়ে জীৱনৰ চৰম আনন্দ লাভ কৰে। কবিৰ ভাষাত–
“তুমি আমাৰ আপন, তুমি আছ আমাৰ কাছে ,
এই কথাটি বলতে দাও হে বলতে দাও।
তোমাৰ মাঝে মোৰ জীবনেৰ সব আনন্দ আছে
এই কথাটি বলতে দাও হে বলতে দাও।”
…………………….
“এই নিখিল আকাশ ধৰা
এ যে তোমায় দিয়ে ভৰা,
আমাৰ হৃদয় হতে এই কথাটি
বলতে দাও হে বলতে দাও।” (গীত নং – ৫২)
ভক্তৰ অধীন ভগৱান। কবিয়ে সেয়ে স্বীকাৰ কৰিছে ভগবানে যিজনক ভাল পায় বা ইচ্ছা কৰে তেওঁক সকলো শক্তি উজাৰ কৰি দান কৰিব পাৰে। তেতিয়া ভক্ত আৰু ভগবানৰ মাজত কোনো আড়াল নাথাকে। কবিয়ে উক্ত কথাটি উপলব্ধি কৰিছে ধ্যানমগ্ন যোগীৰ দৰে। কবিৰ ভাষাত–
“শক্তি যাৰে দাও বহিতে
অসীম প্ৰেমেৰ ভাৰ
একেবাৰে সকল পৰ্দা
ঘুচায়ে দাও তাৰ।” (গীত নং – ৬৬)
কবিয়ে উক্ত গীততেই কৈছে যে ঈশ্বৰে যিজনৰ আত্মাক লগ দিয়ে সেইজনে সকলো বৈষয়িক লালসাৰ পৰা মুক্ত হৈ নিঃস্ব হৈ পৰে। অৰ্থাৎ ঈশ্বৰ ধ্যানৰ বাহিৰে তেওঁৰ আৰু আন কোনো হাবিয়াস নাথাকে। কবিৰ ভাষাত–
“না ৰাখ তাৰ ঘৰেৰ আড়াল
নাৰাখ তাৰ ধন ,
পথে এনে নিঃশেষে তায়
কৰ অকিঞ্চন।
নাথাকে তাৰ মান অপমান
লজ্জা শৰম ভয়-
একলা তুমি সমস্ত তাৰ
বিশ্ব ভুবনময়।
এমন কৰে মুখোমুখি
সামনে তোমাৰ থাকা;
কেবল মাত্ৰ তোমাতে প্ৰাণ
পূৰ্ণ কৰে ৰাখা,
এ দয়া যে পেয়েছে তাৰ
লোভেৰ সীমা নাই
সকল লোভ সে সৰিয়ে ফেলো
তোমায় দিতে ঠাঁই।” (গীত নং – ৬৬ )
কবি ৰবীন্দ্ৰনাথে জানে যে পবিত্ৰ আত্মাইহে ঈশ্বৰ আত্মাৰ সন্ধান কৰিব পাৰে। সেয়ে কবিয়ে ভগৱানক প্ৰাৰ্থনা কৰি কৈছে যে ভগৱানে দয়া কৰিলে তেওঁক ভগবানৰ আত্মাৰ লগত একাত্ম হোৱাৰ যোগ্যতা দান কৰিব পাৰে। কবিৰ সুৰত–
“দয়া দিয়ে হবে গো মোৰ জীৱন ধুতে
নইলে কি পাৰব তোমাৰ চৰণ ছুঁতে।
তোমায় দিতে পূজাৰ ডালি
বেৰিয়ে পড়ে সকল কালি
পৰাণ আমাৰ পাৰি নে তাই
পায়ে থুতে।” (গীত নং – ৭৫ )
কবিৰ আত্মা ভগৱান পিয়াসী। সেয়ে তেওঁ ঈশ্বৰক প্ৰাৰ্থনা কৰি কৈছে যে তেওঁ যদি এই জীবনত ভগবানৰ সাক্ষাৎ নাপায; তেন্তে তেওঁ যে ভগবানক পোৱা নাই এই কথাটি যেন মৰণৰ পিছতো মনত থাকে; কিয়নো মৰণৰ পিছত স্বৰ্গত তেওঁ ভগবানৰ সাক্ষাৎ আশা কৰে। কবিৰ ভাষাত,
“চাই গো আমি তোমাৰে চাই
তোমায় আমি চাই-
এই কথাটি সদায় মনে
বলতে যেন পাই।” (গীত নং – ৮৮)
আন এটি গীতত একে ভাব প্ৰকাশ কৰি কবিয়ে গাইছে–
“যদি তোমাৰ দেখা নাই পাই প্ৰভু
এবাৰ এ জীবনে
তবে তোমায় আমি পাইনি যেন
সে কথা ৰয় মনে।” (গীত নং – ২৪)
কবিয়ে ভাৱে যে ঈশ্বৰৰ কাৰ্য্যাৱলীৰ প্ৰধান বাহক আৰু প্ৰকাশক হৈছে মানুহ। মানুহৰ কাৰ্য্যাৱলীৰ মাজেদিয়েই ঈশ্বৰৰ কাৰ্য্যাৱলীৰ প্ৰকাশ হয়। সেয়ে কবিয়ে গাইছে –
“আমাৰ মাঝে তোমাৰ লীলা হবে,
তাইতো আমি এসেছি এই ভবে।
…………………………….
মৰে গিয়ে বাঁচব তবে
আমাৰ মাঝে তোমাৰ লীলা হবে ।
সব বাসনা যাবে আমাৰ থেমে
মিলে গিয়ে তোমাৰি এক প্ৰেমে,
দুঃখ সুখেৰ বিচিত্ৰ জীবনে
তুমি ছাড়া আৰ কিছু না ৰবে ।” (গীত নং – ১৩০)
কবিৰ আত্মাই ঈশ্বৰ আত্মাৰ সন্ধান কৰিছে বহুবাৰ কিন্তু ঈশ্বৰৰ আত্মাক পোৱা নাই। তথাপি তেওঁ বিচাৰিছে আৰু বিচাৰি থাকিব। কবিৰ ভাষাত,
“তোমাৰ অন্ত নাই গো অন্ত নাই;
বাৰে বাৰে নূতন লীলা তাই।
আবাৰ তুমি জানি নে কোন বেশে
পথেৰ মাঝে দাড়াবে নাথ হেসে-
আমাৰ এ হাত ধৰবে কাছে এসে,
লাগবে প্ৰাণে নূতন ভাবেৰ ঘোৰ।
তোমায় খোঁজা শেষ হবে না মোৰ।” (গীত নং – ১৩০)
কবিয়ে ভাবে মৃত্যুয়েই হৈছে জীৱনৰ শেষ পৰিপূৰ্ণতা। মৰণৰ মাজেদি মানৱ আত্মাই ঈশ্বৰ আত্মাৰ সান্নিধ্যলৈ গতি কৰে। সেয়ে কবিয়ে ঈশ্বৰ আত্মাৰ লগত সোনকালে মিলি যাবলৈ বাঞ্ছা কৰি মৰণক উদ্দেশ্যি গাইছে ,
“ওগো আমাৰ জীবনেৰ
শেষ পৰিপূৰ্ণতা
মৰণ, আমাৰ মৰণ, তুমি
কও আমাৰে কথা।” (গীত নং – ১১৬)
কবি সদায় ঈশ্বৰৰ প্ৰতি সন্তুষ্ট । কবিৰ আৰু কোনো বৈষয়িক আশা নাই। সেয়ে যদি হঠাৎ মৰি যায় তেন্তে কবিৰ কোনো খেদ বা আক্ষেপ নাথাকিব। কবিৰ ভাষাত,
“যা দিয়েছ আমাৰ এ প্ৰাণ ভৰি
খেদ ৰবেনা না এখন যদি মৰি।” (গীত নং – ১৩৯)
এনেদৰে কবিৰ ‘গীতাঞ্জলি’ কাব্য গ্ৰন্থৰ প্ৰতিটো পৃষ্টা, প্ৰতিটো অনুচ্ছেদ ভগবৎ প্ৰেমৰ ৰসেৰে সিক্ত। ভগৱৎ প্ৰেমৰ আকুণ্ঠ হাবিয়াসেৰে কবিৰ জীৱন আৰম্ভ হৈছে আৰু ভগবানৰ সন্ধানত থাকিয়ে কবিৰ জীৱনৰ পৰিসমাপ্তি ঘটোৱাৰ হাবিয়াসেৰে কবিয়ে ‘গীতাঞ্জলি’ কাব্য গ্ৰন্থখনৰ পৃষ্টা ভ’ৰাই তুলিছে। ভাৰতীয় সাহিত্যত ভগবৎ প্ৰেমৰ পংক্তিৰ শেষ নাই; কিন্তু ৰবীন্দ্ৰনাথ এক ব্যতিক্ৰম- কিয়নো ‘গীতাঞ্জলি’ত ভগবৎ প্ৰেম ইমান সৰলভাৱে আৰু সম্পূৰ্ণ আন্তৰিকতাৰ সৈতে প্ৰকাশ পাইছে যে ভগবৎ প্ৰেমৰ এনেকুৱা সাৰুৱা কাব্যগ্ৰন্থ ভাৰতীয় ভাষাত দ্বিতীয় এখন নাই। ই যেন কোনো কবিৰ ৰচনা নহয়। ইয়াক অধ্যয়ন কৰিলে ভাৱ হয় গীতাঞ্জলিৰ গীতবোৰ কোনো ধ্যানমগ্ন যোগীৰ মনৰ স্বতঃস্ফূর্ত আকুল উচ্ছাসহে।
ভগবৎ প্ৰেমৰ ওপৰিও এই কাব্যগ্ৰন্থখনত স্বদেশ প্ৰেম, মানব প্ৰেম আৰু প্ৰকৃতি প্ৰেমৰো পংক্তি আছে। কবিৰ স্বদেশ প্ৰেম সাৱলীল আৰু আক্ষেপময়; যথা –
“জননী তোমাৰ কৰুণ চৰণ খানি
হেৰিনু আজি এ অৰুণ কিৰণ ৰূপে।
জননী তোমাৰ মৰণ হৰণ বাণী
নীৰব গগনে ভৰি উঠে চুপে চুপে।” (গীত নং – ১৪)
কবিয়ে সেই সময়ত ভাৰতবৰ্ষক ইংৰাজৰ হাতৰ পৰা স্বাধীন কৰাৰ আন্দোলনত জপিয়াই পৰা স্বাধীনতা যুঁজাৰুসকলক সম্বোধি, সিহঁতক সাহস যোগাই আশাবাদী মন লৈ লিখিছে–
“ছাড়িস নে ধৰে থাক এঁটে,
ওৰে হবে তোৰ জয়।
অন্ধকাৰ যায় বুঝি কেটে ,
ওৰে আৰ নেই ভয়।”
(গীত নং – ১০৯)
কবিৰ প্ৰকৃতিপ্ৰেম ৰমন্যাসধৰ্মী। প্ৰকৃতিৰ সৌন্দৰ্য্যত কবি বিভোৰ। সেয়ে কবিয়ে গাইছে ,
“আজ ধানেৰ খেতে ৰৌদ্ৰছায়ায়
লুকোচুৰি খেলা।
নীল আকাশে কে ভাসালে
সাদা মেঘেৰ ভেলা।
আজ ভ্ৰমৰ ভোলে মধু খেতে,
উড়ে বেড়ায় আলোয় মেতে
আজ কিসেৰ তকে নদীৰ চৰে
চখাচখিৰ মেলা।”
(গীত নং – ৮ )
কবি ৰবীন্দ্রনাথৰ ‘গীতাঞ্জলি’ৰ ভাষা আৰু ছন্দ সাবলীল, সৰল, সাংগীতিক আৰু কাব্যিক ৰসত কোমল। ওপৰত দিয়া উদ্ধ্বৃতিবোৰেই এই মন্তব্যৰ যথাৰ্থ প্ৰমাণ।
অবশেষত ক’ব পাৰি কবি ৰবীন্দ্ৰনাথৰ ‘গীতাঞ্জলি’ কাব্যগ্ৰন্থখন অকল বাংলা ভাষাতে কিয়, সমগ্ৰ বিশ্ব সাহিত্যৰ এক আপুৰুগীয়া সম্পদ কাৰণ এই গ্ৰন্থখনত প্ৰকাশ পোৱা ধৰণে ভগবৎ প্ৰেম ইমান আন্তৰিকতাৰে আৰু সাৰ্বজনীন আবেদন সহকাৰে আন কোনো কাব্য গ্ৰন্থত চিত্ৰিত হোৱা আজিলৈকে আমাৰ চকুত পৰা নাই। । ০ ০ ০
বি. দ্র. উক্ত ‘ৰবীন্দ্ৰনাথ ঠাকুৰৰ কাব্যগ্ৰন্থ ‘গীতাঞ্জলি’ – এক বৈশিষ্ট্যমূলক আলোচনা’ ৰচনাটি ‘অসমীয়া কবি প্রতিভা’ গ্রন্থৰ পৰা তুলি দিয়া হৈছে।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান:
- সাহিত্য সমালোচনা
- অসমীয়া কবিতাৰ ইতিহাস
- অসমীয়া ব্যাকৰণ
- ভাব সম্প্রসাৰণ
- Assamese Essays
- অসমীয়া সাহিত্য
- আধুনিক কবিতা
- কবিতাৰ সংজ্ঞা আৰু আধুনিক কবিতা