Home Essay গৰু ৰচনা। The Cow Essay in Assamese

গৰু ৰচনা। The Cow Essay in Assamese

1

যদি আপুনি ‘গৰু ৰচনা । The Cow Essay‘ বিচাৰিছে আৰু ইয়াৰ বিষয়ে সবিশেষ জানিব খোজে, তেন্তে এইখন আপোনাৰ বাবে উপযুক্ত। এই নিবন্ধখন ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ পাঠকসকলে সহজে বুজিব পৰাকৈ সৰল ভাষাত লিখা হৈছে। গৰু ৰচনাটি পঢ়ি যাওঁক।

গৰু ৰচনা। The Cow Essay in Assamese

গৰু ৰচনা। The Cow Essay in Assamese

(ৰচনা ১)

আৰম্ভিণি:

গৰু এবিধ চাৰিঠেঙীয়া জন্তু। গৰু পৃথিৱীৰ প্ৰায় সকলোবোৰ  দেশতে পোৱা যায় ।  প্ৰায় প্ৰতিটো কৃষক পৰিয়ালেই গৰু পোহে। কিছুমান দেশত বনৰীয়া গৰুও পোৱা  যায়।

বিৱৰণ:

গৰুৰ দুটা চকু, দুটা কাণ, আৰু মূৰৰ ওপৰত দুটা শিং আছে। ইয়াৰ এডাল ডাঙৰ  নেজো আছে। ইয়াৰ দ্বাৰা ই মহ- মাখি খেদায়। ইয়াৰ খুৰাবোৰ  ফটা। ইয়াৰ গোটেই শৰীৰত মিহি নোম আছে। গৰু বিভিন্ন বৰণৰ আছে, যথা: বগা, কলা, ৰঙা, পখৰা, কজলা আদি।

খাদ্য:

গৰুৱে সাধাৰণতে ঘাঁহ, খেৰ, গছৰ পাত আদি খাই জীয়াই থাকে। 

উপকাৰিতা:

গৰু অতি উপকাৰী জন্তু। গাই গৰুৱে আমাক গাখীৰ দিয়ে।  গাখীৰৰ পৰা আমি ঘি, মাখন আদি পাওঁ। ইয়াৰ গাখীৰ বৰ পুষ্টিকৰ  খাদ্য।কিছুমান মানুহে ইয়াৰ মাংস খাদ্য হিচাপে  গ্ৰহণ কৰে। কৃষকে ইয়াৰ সহায়ত পথাৰত হাল বায়। ষাঁড় গৰু আৰু বলধ গৰুৰ দ্বাৰা গাড়ী চলোৱা হয়। গৰুৰ গোৱৰ উত্তম  সাৰ।  ইয়াৰ হাড়ৰ দ্বাৰা ৰাসায়নিক সাৰ আৰু ঔষধ তৈয়াৰ কৰা হয়। ইয়াৰ ছালৰ পৰা বেগ, মোনা, পেটী, জোতা, জেকেট আদি তৈয়াৰ কৰা  হয়।

সামৰণি:

আমাৰ দৈনন্দিন জীৱনত গৰু বৰ উপকাৰী জীৱ। আমি ইয়াৰ উপযুক্ত যত্ন লোৱা উচিত। 0 0 0

Read More: অসমীয়া ৰচনা শিক্ষা

গৰু ৰচনা। The Cow Essay in Assamese

(ৰচনা )

পৰিচয়:

গৰু এবিধ চাৰি ঠেঙীয়া ঘৰচীয়া জন্তু। ই দীঘল প্ৰায় ২-৩ হাত হয়। গৰুৰ গাটো চুটি নোমেৰে ঢকা থাকে। গৰুৰ মুৰটো তিনিকোণীয়া আৰু মুখৰ পিনিটো সৰু। গৰুৰ কাণ দুখন, চকু দুটা, নেজ এডাল আৰু শিং দুটা থাকে। গৰুৰ গল দীঘল আৰু গলৰ তলত এখন গলবিচনী থাকে।

প্ৰকাৰ:

গৰু সাধাৰণতে দুই প্ৰকাৰৰ হয়। মতা গৰু আৰু মাইকী গৰু। মতা গৰুৱে হাল বায় আৰু গাড়ী টানে। মাইকী গৰুৱে গাখীৰ আৰু পোৱালি দিয়ে। মতা গৰুৱে সৰুতে দমৰা আৰু ডাঙৰ হলে ষাড় বা বলদ হয়। মাইকী গৰুৱে সৰুতে চেউৰী আৰু পোৱালি দিয়াৰ পিছত গাই হয়।

খাদ্য:

গৰু তৃণভোজী প্ৰাণী। ইয়াৰ প্ৰধান খাদ্য হল ঘাঁহ। গৰু গছৰ পাত, চাউলৰ মল, খুদ, তুঁহ খেৰ আদি খায়। চৰি ফুৰোতে গৰু ঘাঁহ ছিঙি গিলি থয় আৰু জিৰণিৰ সময়ত সেই ঘাঁহ পাগুলি খায়। ইয়াকে “ঘাঁহ-পাগুলা” বুলি কোৱা হয়।

বৰণ:

গৰুৰ বৰণ বিভিন্ন হয়। বগা, কলা, মুগা, কজলা, পখৰা, কপিলা, ৰঙা আদি নানা বৰণৰ গৰু দেখা যায়।

স্বভাৱ:

গৰু বৰ শান্ত প্ৰাণী। ই দল বান্ধি থাকিবলৈ ভাল পায়। মাইকী গৰুৱে পোৱালিক মৰম কৰে। গৰু গৃহস্থক মানে আৰু ভাল পায়। কেতিয়াবা খং উঠিলে গৰুৱে শিঙৰে খোচে আৰু পাচ ঠেঙেৰ লথিয়ায়।

উপকাৰিতা:

গৰুৱে আমাৰ বহু উপকাৰ কৰে। মতা গৰুৱে হাল বায় আৰু গাড়ী টানে। মাইকী গৰুৱে গাখীৰ দিয়ে। গৰুৰ গাখীৰ পুষ্টিকৰ আৰু কেঁচুৱাৰ বাবে আদৰ্শ খাদ্য। গাখীৰৰ পৰা দৈ, মাখন, ঘিউ, ছানা আদি তৈয়াৰ কৰা হয়। গৰুৰ গোৱৰ খেতিৰ বাবে উৎকৃষ্ট সাৰ। গৰুৰ ছালৰ পৰা জোতা, চেণ্ডেল, বেগ, ছুটকেচ আদি তৈয়াৰ কৰা হয়। হাড়ৰ পৰা এবিধ সাৰ, খুৰাৰ পৰা আঠা আৰু শিঙৰ পৰা ফণি তৈয়াৰ কৰা হয়।

মন্তব্য:

গৰু আমাৰ জীৱনত অতি উপকাৰী জন্তু। সেয়ে, আমাক গৰুৰ যত্ন ল’ব লাগে আৰু সঠিকভাৱে প্ৰতিপালন কৰিব লাগে। গৰুৰ উপকাৰিতাৰ কথা মনত ৰাখি, আমাক গৰুৰ সুৰক্ষাৰ বাবে সচেতন হ’ব লাগে। 0 0 0

 

গৰু ৰচনা। The Cow Essay in English

Introduction:

The cow is a four-legged animal found in almost every country in the world. Nearly every farming family raises cows, and wild cows can also be found in some places.

Description:

A cow has two eyes, two ears, and two horns on its head. It also has a long tail, which it uses to swat away flies. Its hooves are split, and its body is covered with fine hair. Cows come in different colors like white, black, red, brown, and gray.

Food:

Cows usually eat grass, hay, and leaves of plants. In addition to these, the cow eats the food staff which is generally eaten by humans.

Usefulness:

Cows are very useful animals. They give us milk, which we can use to make ghee, butter, and other dairy products. Cow’s milk is very nutritious. In some places, people also eat its meat. Farmers use cows to plow fields, and bulls are used to pull carts. Cow dung makes excellent fertilizer, and their bones are used to make chemicals and medicines. Leather from cows is used to make bags, belts, shoes, jackets, and more.

Conclusion:

Cows are very helpful in our daily lives, so we should take proper care of them.

Note: Our Ready Guides contains all the texual and additional question and answers in easy and simple language, easy to understand.

বি. দ্র. উক্ত ‘গৰু ৰচনা । The Cow Essay ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত অসমীয়া ৰচনা শিক্ষা গ্রন্থৰ অন্তর্গত। আমি আশাবাদী আপুনি গৰু ৰচনাটি ভাল পাব। 

নোট: যদি আপুনি এই গৰু ৰচনা । The Cow Essay ভাল পাইছে, অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ ।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here