Home Essay চাইকেল | Bicycle Essay in Assamese

চাইকেল | Bicycle Essay in Assamese

0

চাইকেল

চাইকেল  Bicycle Essay in Assamese

চাইকেল | Bicycle Essay in Assamese

চাইকেল হৈছে এবিধ ভৰিৰে চলোৱা দুচকীয়া বাহন। পৃথিবীৰ লাখ লাখ মানুহে চাইকেল ব্যৱহাৰ কৰে।  মানুহে চাইকেলৰ দ্বাৰা ভৰিৰে খোজকাঢ়ি  যোৱাতকৈ বেছি সোনকালে এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰিব পাৰে । ইয়াৰ উপৰিও, অন্যান্য বাহনৰ তুলনাত চাইকেলেৰে ভ্ৰমণ কৰাটো কম খৰচী আৰু স্বাস্থ্যকৰ।

কমপটে ডি চিভাৰাক নামেৰে ফ্ৰান্সৰ এজন মানুহে প্ৰথমতে দুচকাৰ কাঠৰ বাহন তৈয়াৰ কৰিছিল। ইয়াৰ কোনো পেডেল নাছিল। মানুহে ইয়াৰ ওপৰত  ঘোঁৰাত উঠাৰ দৰে  উঠি বেগেৰে যাব পাৰিছিল। কিন্তু সকলোৰে বাবে  ইয়াক চলোৱাটো সহজ নাছিল। মানুহে ইয়াক বেয়া  পাইছিল।

১৮৩৯ চনত মেকমিলান নামেৰে স্কটলেণ্ডৰ কমাৰ এজনে আন এটা বাইচাইকেল তৈয়াৰ  কৰিছিল। ইয়াত এখন বহা আসন আৰু  পিছৰ চকাটো ঘূৰাবৰ কাৰণে পেডেল আছিল।  এইটোৱে আছিল বৰ্তমান যুগৰ বাইচাইকেলৰ প্ৰথম আৰ্হি।

আকৌ ইংলণ্ডত এটা ক’ম্পানীয়ে বাইচাইকেলৰ এটি ভিন্ন আৰ্হি তৈয়াৰ কৰিছিল। ইয়াৰ পিছৰ চকাটো সন্মুখৰ চকাতকৈ বহুত সৰু আছিল। ই আছিল দ্ৰুত গতিৰ  চাইকেল। কিন্তু ইয়াৰ ব্রেক  নাছিল বাবে  ই নিৰাপদ নাছিল।

 বিশ্বৰ প্ৰথমটো ব্যাৱসায়িক বাইচাইকেল তৈয়াৰ কৰা হয় ১৮৭৯ চনত। ইয়াৰ চেইন আৰু গিয়েৰ আছিল।

ইতিয়া সকলোবোৰ  বাইচাইকেলৰ প্ৰাথমিক নক্সা একেই। সিহঁত চেইন, চকা, কগ, ব্রেক, হেন্ডলবাৰ আৰু এখন আসনসহ তৈয়াৰ কৰা হয়। চাইকেল চলাবলৈ হ’লে আমি  পেডেলত হেঁচা দিব লাগে। চেইনটোৱে পিচৰ চকাটো ঘূৰায়। ফলত চাইকেলখন চলে।

আজিকালি বিভিন্ন ধৰণৰ বাহন আৱিষ্কাৰ হৈছে, যেনে: মটৰ গাড়ী, ৰেল  গাড়ী, উৰাজাহাজ, জেট বিমান  ইত্যাদি। কিন্তুএই সকলোবোৰ বাহনৰ ভিতৰত চাইকেল হৈছে আটাইতকৈ কমদামী আৰু কম খৰচী। ইয়াক আমি স্বাধীন মতে চলাব পাৰো।  ইয়াৰ দ্বাৰা  পৰিৱেশৰ কোনো প্ৰদূষণ নহয়। আমি ইয়াক প্ৰায় সকলো ঠইাতে চলাব পাৰো । সেয়ে আমি সকলোৱে চাইকেল চলাবলৈ শিকিব লাগে আৰু সৰু-সূৰা দূৰত্ব আমি চাইকেলৰ দ্বাৰা ভ্ৰমণ কৰিব লাগে। 0 0 0

 

বি. দ্র. উক্ত ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত অসমীয়া ৰচনা শিক্ষা গ্রন্থৰ অন্তর্গত।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here