চৈয়দ আব্দুল মালিকৰ কবিতা ‘মই অসমীয়া’–এক আলোচনা
চৈয়দ আব্দুল মালিকৰ কবিতা ‘মই অসমীয়া’
চৈয়দ আব্দুল মালিকৰ কবিতা ‘মই অসমীয়া’–এক আলোচনা | Abdul Malik Moi Asomiya
চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত ‘মই অসমীয়া’ কবিতাটি এটি সুন্দৰ স্বদেশপ্ৰেমৰ কবিতা। কবিতাটিত আহোম যুগৰ অসমীয়াসকলৰ শৌৰ্য-বীৰ্য, কীৰ্তি-কাহিনী বৰ্ণনা কৰা হৈছে। ইয়াৰ লগে লগে কবিয়ে অসমৰ প্ৰাকৃতিক বিনন্দীয়া ৰূপৰো এক কাব্যিক বৰ্ণনা দাঙি ধৰিছে।
কবিয়ে বৰ্ণনা কৰিছে যে অসমখন সৌন্দৰ্যৰ আধাৰ। অসমৰ চৌদিশে ধুসৰ পাহাৰে আৱৰি আছে। ইয়াৰ প্ৰতিটো বনৰ পাতে জাংফাই, মিনা কৰা ৰূপ ধাৰণ কৰে। দুৱৰি পাতত নিয়ৰৰ টোপাল পৰি মুকুতাৰ দৰে জিলিকে। ইয়াৰ হাতী দাঁতৰ দ্বাৰা পাদুকাৰ চুলা বনোৱা হয়। অসমত পোৱাল মণিৰ দ্বাৰা দলং নিৰ্মাণ কৰা হয় আৰু ইয়াৰ ওপৰত বহি ভৰি ধোৱা হয়। অসমৰ নদীৰ বালিত সোণৰ চেঁকুৰা পোৱা যায়। অসমৰ পুঠি মাছবোৰে কাণত থুৰীয়া পিন্ধে আৰু ভেকুলীবোৰে ৰঙীন ফোঁট লৈ নিজকে সজাই তোলে। অসমীয়াসকলে ম’হৰ শিঙেৰে তৈয়াৰী পেঁপা বজায়। বাঘ নখেৰে ইয়াত অলংকাৰ তৈয়াৰ কৰা হয়। অসমৰ মানুহে হাঁহ কণী, বৰা চাউল আদিৰে দেউল সজায়।
মোগল সম্ৰাট ঔৰংজেৱৰ নিৰ্দেশত অম্বৰৰ ৰজা মানসিংহই ১৬৭১ চনত অসম আক্ৰমণ কৰে। মোগলসকলে অসমৰ এই বিনন্দীয়া প্ৰাকৃতিক সৌন্দৰ্যত বিষ্মিত আৰু মোহিত হৈ প্ৰশংসাত পঞ্চমুখ হৈছিল।
মোগলসকলে অসমীয়াসকলক ধোদৰ পচলা, এলেহুৱা জাতি বুলি ধাৰণা কৰিছিল আৰু সিহঁতে অতি সহজে অসমীয়া সৈন্যক পৰাজিত কৰি অসমখন দখল কৰিব পাৰিব বুলি ভাবিছিল। কিন্তু মোগলসকলে শৰাইঘাট পোৱাত অসমীয়া সেনাই হাতত হেংদাং লৈ বল-বিক্ৰমেৰে যুদ্ধক্ষেত্ৰলৈ ওলাই আহি মোগলসকলকক থকাসৰকা কৰিছিল। অসমীয়া সেনাৰ প্ৰৱল প্ৰতিআক্ৰমণত মোগলসকল বিষ্মিত হৈছিল আৰু শুকান সান্দহ আৰু পানী আঁজলি খাই অসমীয়া সেনাইনো ইমান বিক্ৰম কিদৰে দেখুৱাব পাৰিছিল সেয়া ভাবি মোগল সেনাসকল আচৰিত হৈছিল। কবিয়ে কৈছে–
“মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়
দেশ-প্ৰাণ, মুক্ত-প্ৰাণ, অসমৰ স্বদেশ ভকতি।”
কবিয়ে এনে বিনন্দীয়া শৌৰ্য-বীর্য, কীৰ্তি-কাহিনীৰে ভৰপুৰ অসমৰ এজন হিচাপে জীৱনে মৰণে অসমীয়া পৰিচয়েৰে জীয়াই থাকিব বিচাৰে।
অসমীয়া ভাষাত বহুতো স্বদেশপ্ৰেমমূলক কবিতা আছে যেনে- হীৰেন ভট্টাচার্যৰ ‘মোৰ দেশ’ দেৱকান্ত বৰুৱাৰ ‘মোৰ দেশ মানহৰ দেশ’ আদি। কিন্ত চৈয়দ আব্দুল মালিকৰ ‘মই অসমীয়া’ কবিতাটিৰ মাজেৰে অসমীয়া শৌৰ্য-বীৰ্য, বল-বিক্ৰম, অসমৰ প্ৰাকৃতিক সেন্দৈৰ্য আদিৰ এক বাস্তৱ চিত্ৰ প্ৰকাশ পাইছে। সেয়ে স্বদেশপ্ৰেমৰ কবিতা হিচাপে চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত ‘মই অসমীয়া’ কবিতাটি এক অনন্য কবিতা। ০ ০ ০
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: