Home Essay ছ’চিয়েলে মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ

ছ’চিয়েলে মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ

Social Media and Its Impacts on Society

0
ছ’চিয়েলে মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ
ছ’চিয়েলে মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ

 

ছ’চিয়েলে মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ

ছ’চিয়েলে মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ | Social Media Aaru Samajat Eyar Provab

আৰম্ভণি: মানৱ সভ্যতাৰ ইতিহাসত বিংশ শতাব্দী হৈছে বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ চৰম শতাব্দী। এই শতিকাতে বিজ্ঞানে বহুতো অভূতপূৰ্ব আৱিষ্কাৰেৰে মানৱজতিক আৰ্শীবাদপ্ৰাপ্ত কৰিছে। বিংশ শতাব্দীৰ বিজ্ঞানৰ চকমপ্ৰদ আৱিষ্কাৰসমূহৰ ভিতৰত এলানি উল্লেখযোগ্য আৱিষ্কাৰ হৈছে যোগাযোগৰ কেইবাটাও অভিনৱ উপায় বা মাধ্যমৰ আৱিষ্কাৰ যাক ‘ছ’চিয়োল মিডিয়া’ বুলি কোৱা হয়। ছ’চিয়েল মেডিয়া বুলিলে ইন্টাৰনেট, ফেচবুক, ইনষ্ট্ৰাগ্ৰাম, হুৱাটচআপ, টুইটাৰ, মোবাইল আদি যোগাযোগৰ বৈদ্যুতিক মাধ্যমসমূহক বুজায়। সম্প্ৰতি ছ’চিয়েল মিডিয়াসমূহৰ ব্যৱহাৰ ইমান ব্যাপক আৰু সৰ্বাত্মক হৈ পৰিছে যে ইয়াৰ অবিহনে এটা মুহূৰ্তও পাৰ কৰিব নোৱাৰি। আজিকালি অফিচ আদালত, হাট-বজাৰ, বাট-পথ সকলোতে এই ছ’চিয়েল মিডিয়াসমূহৰ অবাদ ৰাজত্ব চলি আছে।

জনপ্ৰিয়তাৰ কাৰণ: ছ’চিয়েল মিডিয়াসমূহ জনপ্ৰিয়তা লাভ কৰাৰ কিছুমান কাৰণ আছে, যথা:

প্ৰথমত, ছ’চিয়েল মিডিয়াসমূহ অৰ্থাৎ ইন্টাৰনেট, মোবাইল, ইমেইল, ফেচবুক, ইউ টিউব, টুইটাৰ, ইনষ্ট্ৰাগ্ৰাম আদিৰ জৰিয়তে এক মূহুৰ্ততে বিশ্বৰ এটা প্ৰান্তৰ পৰা আন এক প্ৰাপ্তলৈ যোগাযোগ সম্ভৱ হৈছে। ইয়াৰ দ্বাৰা বাতৰি, ছবি, গ্ৰাফিক্স, দৃশ্য, ঘটনাৰ চলন্ত ৰূপ আদি দূৰ-দূৰান্তৰলৈ পঠোৱা সম্ভৱ হৈছে। সেয়ে ছ’চিয়েল মিডিয়াসমূহৰ জনপ্ৰিয়তা বৰ্ণনাতীতভাৱে বৃদ্ধি পাইছে।

দ্বিতীয়তে, ছ’চিয়েল মিডিয়াসমূহ অতি কম খৰচী। এটা মাথো ক্লিকৰ জৰিয়তে হাজাৰ হাজাৰ কিলোমিটাৰ দূৰলৈ তথ্যৰ আদান-প্ৰদান কৰিব পাৰি।

তৃতীয়তে, ছ’চিয়েল মিডিয়াসমূহ বা-বাতৰি, নানান তথ্য তুৰন্তে আদান-প্ৰদান কৰাৰ লগতে ই বিনোদনৰ অতি সহজ মাধ্যমত পৰিণত হৈছে। আমি কম্পিউটাৰ বা মোবাইলত নানান ধৰণৰ গেম খেলিব পাৰো, গীত শুনিব পাৰো, ভিডিঅ’ আলোচনাত অংশ গ্ৰহণ কৰিব পাৰো, গ্ৰন্থ অধ্যয়ন কৰিব পাৰো, শিক্ষা গ্ৰহণ কৰিব পাৰো, কোনো বক্তব্য মূহুৰ্ততে ভাষান্তৰ কৰিব পাৰো ইত্যাদি।

চতুৰ্থতে, ছ’ছিয়েল মিডিয়াসমূহৰ ব্যৱহাৰে বৰ্তমান বিশ্বখনক অতি সংকুচিত কৰি সমগ্ৰ মানৱ জাতিক এক বিশ্ব-ভাতৃত্বৰ ঢোলেৰে বান্ধি পেলাইছে। ফলত জাতি আৰু সম্প্ৰদায়সমূহৰ মাজৰ দূৰত্ব কমি আহি আন্তৰাষ্ট্ৰীয় বুজাপৰা সহজ হৈ পৰিছে। 

ছ’চিয়েল মিডিয়াৰ নেতিবাচক দিশ: ছ’চিয়েল মিডিয়াসমূহৰ যথেষ্ট প্ৰশংসনীয় ইতিবাচক দিশ আছে যদিও ইয়াৰ কিছুমান নেতিবাচক দিশো আছে, যেনে–

প্ৰথমতে, ছ’চিয়লে মিডিয়াসমূহৰ ব্যৱহাৰ সহজলব্য হোৱা বাবে হকে-বিহকে, প্ৰয়োজনে-অপ্ৰয়োজনে ইয়াৰ ব্যৱহাৰ হৈ আছে। ফলত অবিবেচকী ব্যৱহাৰকাৰীসকলৰ সময় আৰু শ্ৰমৰ অপ-ব্যৱহাৰ হৈছে।

দ্বিতীয়তে, ছ’চিয়েল মিডিয়াসমূহ ব্যৱহাৰৰ ফলত মানুহৰ গোপনীয়তা ৰক্ষাত কুঠাৰাঘাত পৰিছে। যিকোনো ঘটনা বা তথ্য নিমিষতে দূৰ-দূৰান্তৰলৈ প্ৰেৰণ কৰাৰ সুবিধা গ্ৰহণ কৰি বহুতে আপত্তিকৰ  গোপনীয় বিষয়সমূহ বেকত কৰি দিয়ে। ফলত বহুতে অসুবিধাত পৰিবলগা হৈছে।

তৃতীয়তে, আজিকালি ইন্টাৰনেট, ইউ টিউব, ফেচবুক আদি হাজাৰ হাজাৰ তথ্যপাতিৰে ভৰি আছে। এই তথ্যসমূহৰ ভিতৰত বহুতো আপত্তিকৰ বা অশ্লীল তথ্যও আছে যিবোৰৰ প্ৰতি ডেকা সমাজ আসক্ত হৈ নিজৰ কৰ্তব্য পাহৰি গৈ আওবাটে গৈছে। 

চতুৰ্থতে, বহুতো লোকে ছ’চিয়েল মিডিয়াসমূহ অতিৰিক্তি ব্যৱহাৰ কৰি ইয়াৰ প্ৰতি আসক্ত হৈ পৰিছে। ফলত শাৰীৰিক তথা মানসিক জড়তাত ভূগি আছে।

পঞ্চমতে, ছ’চিয়েল মিডিয়াসমূহৰ জৰিয়তে বহুতো অপৰাধো সংঘটিত হৈ আছে যাক ‘চাইবাৰ অপৰাধ’ বুলি কোৱা হয়। ইয়াৰ ভিতৰত বেংক একাউন্টৰ পৰা ধন সৰকোৱা, নথি পত্ৰ চুৰি কৰা, কম্পিউটাৰ, মোবাইল আদিত ভাইৰাচ সিচঁৰতি কৰি দিয়া ইত্যাদি।

ষষ্টতে, বহুতে হুৱাটচআপ, ফেচবুক, টুইটাৰ  আদিৰ যোগেদি মিছা বা অপ্ৰয়োজনীয় বা-বাতৰি প্ৰচাৰ কৰি মানুহৰ মাজত ভুল-বুজাবুজিৰ সৃষ্টি কৰি সমাজৰ শান্তি বিঘ্নিত কৰি আছে।

সামৰণি: ছ’চিয়েল মিডিয়াসমূহৰ বহুতো নেতিবাচক দিশ আছে যদিও ইয়াৰ ইতিবাচক দিশবোৰৰ বাবে ই মানৱজাতিৰ এক অভাৱনীয় আৰ্শীবাদত পৰিণত হৈছে। জীৱশ্রেষ্ঠ মানুহে নিজৰ বিবেচনা শক্তি প্ৰয়োগ কৰি ইয়াৰ নেতিবাচক দিশবোৰ এৰাই চলা উচিত। ০ ০ ০

 

বি. দ্র. উক্ত ‘ছ’চিয়েলে মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ | Social Media Aaru Samajat Eyar Provab’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া ৰচনা শিক্ষা’ গ্রন্থৰ অন্তর্গত।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

ছ’চিয়েলে মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ

LEAVE A REPLY

Please enter your comment!
Please enter your name here