জতুৱা ঠাঁচ আৰু খণ্ডবাক্য। Assamese Phrase & Idioms
জতুৱা ঠাঁচ আৰু খণ্ডবাক্য । Assamese Phrase & Idioms
জতুৱা ঠাঁচ আৰু খণ্ডবাক্য । Assamese Phrase & Idioms
কোনো শব্দই যেতিয়া কোনো ধাতুৰ লগত লগলাগি ইয়াৰ আক্ষৰিক অৰ্থতকৈ বেলেগ বা সুকীয়া অৰ্থ প্ৰকাশ কৰে, তেতিয়া তাক জতুৱা ঠাঁচ (Idiom) বুলি কোৱা হয়। আকৌ যেতিয়া এটাতকৈ অধিক শব্দ লগলাগি কোনো নতুন অৰ্থ প্ৰকাশ কৰে তাকে অসমীয়াত খণ্ডবাক্য (Phrase) বোলে। জতুৱা ঠাঁচ আৰু খণ্ডবাক্য প্ৰায় সমপৰ্যয়ৰ যদিও দুটাৰ মাজত সামান্য পাৰ্থক্য আছে। জতুৱা ঠাঁচত কোনো শব্দ ধাতুৰ লগত লগ লাগি নতুন অৰ্থ প্ৰকাশ কৰে। আনহাতে খণ্ডবাক্যত এটা শব্দই ধাতুৰ বাহিৰে অন্য শব্দ (বিশেষ্য বা বিশেষণ) ৰ লগ লাগি নতুন বা সুকীয়া অৰ্থ প্ৰকাশ কৰে।
তলত কিছুমান জতুৱা ঠাঁচ আৰু খণ্ডবাক্যৰ অৰ্থ আৰু বাক্যত সিহঁতৰ প্ৰয়োগ দেখুৱা হ’ল–
জতুৱা ঠাঁচ আৰু খণ্ডবাক্য । Assamese Phrase & Idioms
জতুৱা ঠাঁচ আৰু খণ্ডবাক্য। Assamese Phrase & Idioms-1
অজৌ গছৰ বজৌ গুটি (অতি দুষ্ট)—অনিলক উপদেশ দি লাভ নাই, সি হ’ল আজৌ গছৰ বজৌ গুটি।
অমাতৰ মাত (শুৱলা মাত )—শিশুৰ অমাতৰ মাত সকলোৱে ভাল পায়।
অলপ ধতুৱা (সামান্য সাহ)—অলপ ধতুৱা হ’লে সেনাবাহিনীত কাম কৰিব নোৱাৰা।
আহুকাণে-পহুকাণে (ইকাণে-সিকাণে)—আহুকাণে-পহুকাণে শুনিলো যে তুমি সংসাৰ পাতিলা।
আঁকোৰ-গোজালি (একেটা কথাতে লাগি থাক)—তোমাৰ আঁকোৰ-গোজালি স্বভাৱৰ বাবে তোমাক ভাল নাপাওঁ।
আকাশত চাং পতা (অস্বাভাৱিক কল্পনা কৰা)—ৰমেনে আৰুনো কি কৰিব, সি আকাশত চাং পতা ল’ৰা।
আলাসৰ লাড়ু (অতি মৰমৰ)—সন্তান-সন্ততি মা-দেউতাকৰ আলাসৰ লাড়ু।
আলৈ-আথানি (অৱহেলিত, নিৰাশ্ৰয়)—মাক ঢুকাবৰে পৰা ল’ৰা-ছোৱলীকেইটাৰ আলৈ-আথানি হ’ল।
আঁচলৰ ধন (অতি আদৰৰ)—ললিতা তাইৰ মাকৰ একমাত্ৰ আঁচলৰ ধন।
আঁঠুৱাৰ তলৰ মহ (অধীন লোক)—জাফৰৰনো কি স্বাধীনত আছে, সি দেখোন খুৰায়েকৰ আঁঠুৱাৰ তলৰ মহ।
আলপৈচান ধৰ (সেৱা-শুশ্ৰূষা কৰা)—গুৰুজী আহিল, আলপৈচান ধৰিবি।
আপোন পেটা (স্বাৰ্থপৰ)—তোমালোকৰ দৰে আপোন পেটা ডেকাচামৰ দ্বাৰা সমাজৰনো কি লাভ হ’ব?
আলৈ-বিলৈ (দুখ-দুৰ্গতি )— পিতৃহীন হোৱাৰ পৰা ল’ৰাকেইটাৰ আলৈ-বিলৈ হ’ল।
আমা-ডিমা (নিচেই সৰু)—আমা-ডিমা ল’ৰা কেইটাই আমন-জিমনকৈ বহি আছে।
আঁঠু ল (সেৱা কৰ)—বয়োবৃদ্ধ লোকক আঁঠুলৈ আশীৰ্বাদ ল’ব লাগে।
আঁঠু কাঢ় (আঁঠুৰে বুল বা খোজ কাঢ়)—শিক্ষকে দুষ্ট ছাত্ৰক আঁঠু কাঢ়াই থয়।
ঊনৈশত বা বলা (আনন্দত আত্মহাৰা হোৱা)—চাকৰিটো পাই সি ঊনৈশত বা বলিবলৈ ল’লে।
উলহ-মালহ (অতিশয় আনন্দ)—উৰুকাৰ দিনাই ল’ৰা-ছোৱালীকেইটাৰ উলহ-মালহ লাগিল।
এলা-পেচা (সামান্য)—ৰামক দোষী লাভ নাই, সি এলা-পেচা লোক নহয়।
এলাই বাদু (অকাজী)—এলাই বাদু ছোৱালী বিয়া কৰাই কোনো লাভ নাই।
ওভতগোৰে নাচ (বৰ দুষ্টালি কৰ)—তেওঁ ইয়ালৈ আহি ওভতগোৰে নাচিবলৈ ল’লে।
জতুৱা ঠাঁচ আৰু খণ্ডবাক্য। Assamese Phrase & Idioms-2
জতুৱা ঠাঁচ আৰু খণ্ডবাক্য । Assamese Phrase & Idioms
কাণ পাত (শুনিবলৈ সাজু হ)—এয়া কিহৰ শব্দ হৈছে, কাণ পাতি শুনা।
কাণ চোৱাই থ (মনত ৰাখিবলৈ কোনো কথা জনাই থ )—ৰাজেনৰ দুষ্টালিৰ কথাটো তোমাক কাণ চোৱাই থলো।
কাণত ধৰি ক (শপত খাই ক)—তুমি কাণত ধৰি ক’লেও তোমাৰ কথাটো মই বিশ্বাস নকৰো।
কাণ সমনীয়া (ডেকা)—কাণ সমনীয়া হৈয়ো নিজৰ দায়িত্ব নিজে নুবুজিলি, হে ৰাম!
কাণ বাগৰা (লোকৰ মুখে শুনা)—কাণ বাগৰা কথাত মই বিশ্বাস নকৰো।
কঁকালত টঙালি বান্ধ (কামলৈ সাজু হ)—লাচিত বৰফুকনে নৰিয়া গাৰেই কঁকালত টঙালি বান্ধি মোগলৰ বিৰুদ্ধে থিয় দিছিল।
কাণ সৰালি মাৰ (নুশুনাৰ ভাও জোৰ)—তুমি কাণ সৰালি মাৰি থাকিলে নহ’ব মোকো ভাগটো দিব লাগিব।
কপাল মুকলি হ (ভাগ্য উদয় হ)—চাকৰিটো হ’ল মানে মধুৰ কপাল মুকলি হ’ল।
কপালৰ ঘাম মাটিত পেলা (কঠোৰ পৰিশ্ৰম কৰা)—অসমীয়া কৃষকে কপালৰ ঘাম মাটিত পেলাইহে দুবেলা দুমুঠি খাব পাৰে।
কাণ কৰ (মনোযোগ দে)—হেৰা ৰাম! গুৰুজীৰ কথালৈ কাণ কৰিবা।
কথা চহকী (বেছিকৈ কথা কোৱা লোক)—শ্ৰী হাজৰিকা এজন কথা চহকী লোক।
বুকু ডাঠ (সাহসিয়াল)—আমাৰ বুকু ডাঠ ডেকা ল’ৰাবোৰৰহে প্ৰয়োজন।
কাঠ সংস্কাৰ কৰ (মৰা শ খৰি দিয়া)—হৰিদেৱ মৰিল, আহা আমি তেওঁৰ কাঠ সংস্কাৰ কৰি আহো।
কাঠ চিতীয়া (নিষ্ঠুৰ, নিৰ্দ্দয়)—সি এজন কাঠ চিতীয়া লোক, তেওঁৰ পৰা কোনো সহায় নাপাবা।
কাঠ-বাঁজী (একেবাৰে সন্তান নোহোৱা তিৰোতা)—কাঠ-বাঁজীজনী আশী বছৰ বয়সত ঢুকাল।
কণাৰ লাখুটি (একমাত্ৰ সহায়)—নাতিনীজনীয়েই বুঢ়াটোৰ কণাৰ লাখুটি।
জতুৱা ঠাঁচ আৰু খণ্ডবাক্য। Assamese Phrase & Idioms-3
জতুৱা ঠাঁচ আৰু খণ্ডবাক্য । Assamese Phrase & Idioms
খাই পাত ফলা (অশলাগী, উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা)— তোমাৰ দৰে খাই পাত ফলা লোকৰ পৰা সাৱধানে থকাই শ্ৰেয়।
গাই বাই চা (যত্ন কৰি চা)—কোনো কাম এবাৰত নোৱাৰিলে আকৌ গাই বাই চাব লাগে।
গা টঙা (নৰিয়াৰ পৰা উঠা)—সি বহু দিন কষ্ট ভোগ কৰাৰ পিছতহে গা টঙালে।
গা চাই ফুৰ (সাৱধান হৈ ফুৰ)—আচহুৱা ঠাইত গা চাই ফুৰিবি।
ঘৰ পাত (বিয়া কৰ)—ৰাজনে যোৱা মাহত ঘৰ পাতিলে।
ঘৰ গোনা (সদায় ঘৰতে বহি থকা)—ঘৰ গোনা মানুহে জীৱনত উন্নতি কৰিব নোৱাৰে।
চকু মুদ (মৃত্যু হোৱা)—মামনি ৰয়চম গোস্বামীয়ে বহু দিন কষ্ট কৰি অৱশেষত চকু মুদিলে।
চকু মুদা কুলি (প্ৰৱঞ্চক)— আদিত্যক কোনে বিশ্বাস কৰে, তেওঁ চকু মুদা কুলিহে।
চকুৰ মণি (অতি আদৰৰ)—মৃগেন সকলোৰে চকুৰ মণি।
চকুত লগা (ধুনীয়া, মৰম লগা)—তুমি নিশ্চয় ধন্যবাদৰ পাত্ৰ – কি যে চকুত লগা বাৰীখন বনালা!
চকুৰ কুটা (অপ্ৰিয় শত্ৰু)—তুমিনো কেনেকৈ সকলোৰে চকুৰ কুটা হ’লা?
চকুত ধূলি মাৰ (ফাঁকি দিয়া)—তেওঁ চকুত ধূলি মাৰি মোৰ পৰা দহ টকা সৰকালে।
চকু চৰহা (লোকৰ ভাল দেখিব নোৱাৰা)—চকু চৰহা লোককনো কোনে শ্ৰদ্ধা কৰে?
মুখৰ ছাই গুচা (মৃতকৰ শ্ৰাদ্ধাদি কৰি শুচি হ)—ককা মৰিলত আমি মুখৰ ছাই গুচাই উঠিলো।
মুখৰ ওপৰত ক (ভয় নকৰি সন্মুখতে কথা ক)—আমি ডাঙৰৰ মুখৰ ওপৰত কথা ক’ব নালাগে।
হাত লৰ (চোৰ স্বভাৱৰ)—হে ললিত, তোমাৰ হাত লৰ স্বভাৱটো এৰি দিয়া।
হাত সাবটি থাক (কামত প্রবৃত নোহোৱাকৈ থাক)— হাত সাবটি বহি থাকিনো কি কৰিবি, কিবা এটা কৰাচোন।
হাত টান (কৃপণ)—দীপাৰ ওচৰত একো আশা কৰিব নোৱাৰি, তাই হাত টান ছোৱালী।
হাতত সাৰে ভৰিত সাৰে (মনে মনে, গোপনে)—সিদ্ধাৰ্থই ল’ৰা-তিৰোতা এৰি হাতত সাৰে ভৰিত সাৰে প্ৰসাদৰ পৰা ওলাই গ’ল।
হাত দীঘল (ক্ষমতাশালী)—পণ্ডিত জৱাহৰলাল নেহৰু এজন হাত দীঘল নেতা আছিল।
জতুৱা ঠাঁচ আৰু খণ্ডবাক্য। Assamese Phrase & Idioms-4
জতুৱা ঠাঁচ আৰু খণ্ডবাক্য । Assamese Phrase & Idioms
পেটত হাত ভৰি লুকা (বৰকৈ ভয় পা)—সিংহৰ প্ৰতিমূৰ্টিটো চাইয়েই ল’ৰাটোৰ পেটতে হাত ভৰি লুকালে।
পেট ভাটৌ (প্ৰকাশ নকৰি পেটত কথা লুকাই ৰাখি থোৱা মানুহ)— তেওঁক প্ৰশ্ন কৰি লাভ নাই সি পেট ভাটৌহে।
পেটে ভাতে খা (সঞ্চয় কৰিব নোৱাৰি কোনো মতে খাই বৈ থকা)— এতিয়ানো কি কৰিম, কোনো মতে পেটে ভাতে খাই আছো।
ভাতৰ ভতুৱা (অকামিলা)—ৰজেশৰ দ্ধাৰা কোনো কাম নহ’ব, সি ভাতৰ ভতুৱাহে।
মাটিৰ মানুহ (অতি সহজ সৰল লোক)—কৰিমক বেয়া নুবুলিবা সি এজন মাটিৰ মানুহ।
হাড় পেলা (মৃত্যু হ)—সংগীত সূৰ্য ভূপেন হাজৰিকাই কেতিয়াবাই হাড় পেলালে।
হাড়ে ছালে লগা (ক্ষীণ, দুবৰ্বল)—এই হাড়ে ছালে লগা ল’ৰাটোৰ যত্ন লোৱা উচিত।
হাড়ত বন গজা (বহুত দিন আগেয়ে মৰা)—এতিয়া তেওঁৰ খবৰ লৈ লাভ নাই, তাৰ হাড়ত বন গজিল।
হাড়ক মাটি কৰ (কঠোৰ পৰিশ্ৰম কৰ)—অসমৰ কৃষকে হাড়ক মাটি কৰি পথাৰত কাম কৰে।
ভৰি নচুৱাই থাক (কাম বন নকৰি বহি থাক)—ভৰি নচুৱাই থাকিলে নহ’ব কিবা এটা কৰ।
গাখীৰতে ম’ৰ খুটি (মহা সুখ)—এনেয়ে অতি ধনী ঘৰৰ ল’ৰা, তাতে চাকৰিটো পাই গাখীৰতে ম’হৰ খুটি যেন পালে।
গোট গৰু (মূৰ্খ)—তেওঁক বুজাই লাভ নাই, সি গোট গৰু।
চকুত সৰিয়হ ফুল দেখা (বৰ বিমোৰত পৰা)—গৰুটো হে’ৰালত সি চকুৱেদি সৰিয়হৰ ফুল দেখা আৰম্ভ কৰিলে।
চুক ভেকুলী (একো নজনা)—হিৰেনক একো সুধি লাভ নাই সি দেখোন চুক ভেকুলী।
চুঙাৰ বাদুলি (অনভিজ্ঞ মানুহ)—চুঙাৰ বাদুলি হৈ ৰাজনীতিলৈ মন নেমেলিবা।
চিলিম ছিগ (উপায় নাইকীয়া হ)—চাকৰিটো হেৰালত তেওঁৰ চিলিম ছিগিল।
টুপাই বুৰ মাৰ (সমূলি মিছা মাত)—তেওঁক খবৰটো সোধাত সি টুপাই বুৰ মাৰিলে।
ডাল দৰিদ্ৰ (অতি দুখীয়া)—এইজন কৌটিপতি এসময়ত ডাল দৰিদ্ৰ আছিল।
ডলাৰ বগৰী (সঘনে ঠাই সলোৱা মানুহ)—তাক আৰু ক’ত পোৱা সি ডলাৰ বগৰীহে।
ঢৌতে খৰ মাৰি (ব্যস্ততাৰ মাজত সময় উলিয়াই)—মোৰ নিজা কাম থকা সত্বেও ঢৌতে খৰ মাৰি তোমাৰ কামটো কৰিলো।
থৈয়া-নথৈয়া (ভয়ানক)—পানীপথত ইব্রাহিম লোডী আৰু বাবৰৰ মাজত থৈয়া-নথৈয়া ৰণ হৈছিল।
দোপত দোপে (ক্ৰমে ক্ৰমে)—মহিমে ব্যৱসায়ত দোপত দোপে উন্নতি কৰিবলৈ ল’লে।
জতুৱা ঠাঁচ আৰু খণ্ডবাক্য। Assamese Phrase & Idioms-5
জতুৱা ঠাঁচ আৰু খণ্ডবাক্য । Assamese Phrase & Idioms
দুখে কুলাই-পাচিয়ে নধ’ৰা (অতিশয় দুখ হোৱা)—মাকৰ মৃত্যু হোৱাত ল’ৰাহঁতৰ দুখে কুলাই পাচিয়ে নধ’ৰা হ’ল।
ধোঁৱা-খুলীয়া (অতিপাত খৰচী)—তেওঁনো ক’ৰ পৰা পইচা সাঁচিব, সি ধোঁৱা-খুলীয়াহে।
ধোদৰ পচলা (অকামিলা)—ধোদৰ পচলাই উন্নতি কৰিব নোৱাৰে।
নপতা ফুকন (নিজকে নিজে ডাঙৰ বুলি ভবা)—ৰাকেশৰ কথা আৰু নক’বা, সি নপতা ফুকন হৈ বহি আছে।
নিমাও মাও (মাত বোল নোহোৱা)—তুমি ইয়ালৈ আহি নিমাও মাও হৈ বহি আছা দেখোন।
নলে-গলে লগা (অতি ঘনিষ্ট, পৰম)—ৰাম আৰু ৰহিম দুয়ো নলে-গলে লগা বন্ধু।
নলঙা জেঙাত লাগ (অযথা মূৰ পাতি ল)—কৰিমে নলঙা জেঙাত লাগি অযথা বহুত অসুবিধাৰ সন্মুখীন হ’ল।
মূৰত সৰগ ভাগি পৰ (ঘোৰ বিপদত পৰা)—চাকৰিটো হেৰালত তেওঁৰ মূৰত সৰগ ভাগি পৰিল।
সান্দহ খোৱা বালি তল যা (সুবিধা সমূলি নাশ হোৱা)—এইবাৰ সকলো দালালৰ সান্দহ খোৱা বালি তল পৰিল।
হৰিভৰ দিয়া (সন্মতি দিয়া)—তোমাৰ সিদ্ধান্তত সদায়ে আমি হৰিভৰ দি আহিছো, এইবাৰো দিম।
পানীৰ মিঠৈ (কাল্পনিক কথা)—তোমাৰ পানীৰ মিঠৈয়ে আমাক ভুলাব নোৱাৰে।
পাবত গজা (মূল নোহোৱা)—আমাৰ সমাজত পাবত গজা নেতাৰ অভাৱ নাই।
পোতক তোল (প্ৰতিশোধ লোৱা)—চাবা, সি এইবাৰ তোমাৰ অসভ্যালিৰ পোতক তুলিব।
ফুটুকাৰ ফেন (অস্থায়ী, অথলে যোৱা)—তোমাৰ সকলো প্ৰচেষ্টা ফুটুকাৰ ফেনত পৰিণত হ’ল।
বিধি পথালি দিয়া (বাধা দিয়া)—মোৰ কামত বিধি পথালি নিদিবা।
বিনা মেঘে বজ্ৰপাত (অকস্মাৎ বিপদ)—দেউতাৰ মৃত্যুৰ খবৰ পৰিয়ালটোৰ কাৰণে বিনা মেঘে বজ্ৰপাতৰ দৰে হ’ল।
বগলী ভকত (বাহিৰে সাধু ভিতৰে অসৎ)—আমি বগলী ভকতৰ পৰা সাৱধানে থকা উচিত।
বাপতি সাহোন (পৈত্ৰিক সম্পতি)—বিহু উৎসৱটি আমাৰ বাপতি সাহোন।
মৰণত শৰণ দি (প্ৰাণ পণে)—ইব্রাহিম লোডীয়ে পানীপথৰ যুদ্ধত মৰণত শৰণ দি যুঁজিছিল। ০ ০ ০
জতুৱা ঠাঁচ আৰু খণ্ডবাক্য । Assamese Phrase & Idioms
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: