Home Literary Criticism জীৱন আৰু মানুহ বিষয়ক-এক সমালোচনাত্মক বিশ্লেষণ | Jiban Aru Manuh Bishayak

জীৱন আৰু মানুহ বিষয়ক-এক সমালোচনাত্মক বিশ্লেষণ | Jiban Aru Manuh Bishayak

0

জীৱন আৰু মানুহ বিষয়ক-এক সমালোচনাত্মক বিশ্লেষণ

ৰাব্বি মছৰুৰ
জীৱন আৰু মানুহ বিষয়ক-এক সমালোচনাত্মক বিশ্লেষণ  Jiban Aru Manuh Bishayak
জীৱন আৰু মানুহ বিষয়ক- এক সমালোচনাত্মক বিশ্লেষণ

জীৱন আৰু মানুহ বিষয়ক

জীৱন আৰু মানুহ বিষয়ক- এক সমালোচনাত্মক বিশ্লেষণ

জীৱন আৰু মানুহেই হৈছে যিকোনো শিল্প-সাহিত্যৰ প্ৰধান বিষয়-বস্তু। য’ত জীৱন নাই তাত কোনো কলা (arts) ও নাই আৰু যি কলা মানুহ বিষয়ক নহয় সি কেতিয়াও কলা হ’ব নোৱাৰে। সেয়ে কবি সাহিত্যিকসকলে  জীৱন আৰু মানুহক লৈয়ে ব্যস্ত। কবিয়ে কবিতা ৰচে, সাহিত্যিকে সাহিত্য ৰচনা কৰে, চিত্ৰকৰে চিত্ৰ আঁকে, গায়কে গান গায় মানুহক লৈয়ে। কবি ইছমাইলো ‘জীৱন’ আৰু ‘মানুহ’ – এই শ্বাশত বিষয় লৈয়ে ব্যস্ত। তেওঁৰ “জীৱন আৰু মানুহ বিষয়ক” কবিতাটি (যিখন কবিতাৰ শিৰোনামেৰে তেওঁৰ  কবিতা পুথিখন নামাকৰণ কৰিছে) ও মানুহ আৰু জীৱনক লৈয়ে ৰচিত। কবিতাটিৰ জৰিয়তে কবিয়ে মানুহ আৰু জীৱনৰ মাজত সম্পৰ্ক দেখুৱাবলৈ চেষ্টা কৰিছে।

কবি ইছমাইলৰ জীৱন আৰু মানুহৰ সম্বন্ধটো  তত্ত্বগত (theoretical) হে। কিন্তু এই তত্ত্ব বৈজ্ঞানিক তত্ত্ব নহয়, ই কাব্যিক (poetic) হে। কবিয়ে ভাবে মানুহৰ প্ৰধান আকৰ্ষণ হৈছে জীৱনৰ প্ৰতি। কিন্তু কবিৰ মতে জীৱন শ্বাশত অৰ্থাৎ চিৰন্তন। এই চিৰন্তন সত্যই মানুহৰ অস্তিত্ব।  মানুহ হৈছে জীৱনৰ এক অৱয়ব অৰ্থাৎ পোছাকহে। কবিৰ ভাষাত–

“মানুহৰ প্ৰিয়তম শব্দ ‘জীৱন’

শ্বাশত কালৰ ই এক স্ৰোতস্বিনী নদী

যাৰ পাৰে পাৰে চেতনাৰ বিদীৰ্ণ ইতিহাস

মানুহ তাৰ সমতলত নাচি থকা গছ।

মানুহ মানে জীৱনৰ অনিবাৰ্য অৱয়ব

আমি তাৰ পৰিপূৰক পলস।”

জীৱন আৰু মানুহ বিষয়ক- এক সমালোচনাত্মক বিশ্লেষণ

ইয়াত কবিয়ে মানুহৰ আটাইতকৈ প্ৰিয়তম বিষয় ‘জীৱন’ক প্ৰৱাহমান স্ৰোতস্বিনীৰ লগত তুলনা কৰি ইয়াকে বুজাব বিচাৰিছে যে মানুহৰ জীৱনটো গতিশীল। এই গতিশীলতাৰ ওচৰত মানুহ এটা গছৰ দৰে। অৰ্থাৎ ইয়াৰ দ্বাৰা কবিয়ে ইয়াকে বুজাব খুজিছে যে জীৱন কেতিয়াও মানুহৰ দাস নহয়, মানুহহে জীৱনৰ দাস। 

জীৱন যদিও শ্বাশত  আৰু ই মানুহৰ প্ৰধান পৰিচালক (অৱশ্যে এই ধাৰণা কাব্যিকহে) তথাপি মানুহৰ থকাৰ দৰে জীৱনৰ কোনো স্বকীয় অৰ্থ বা তাৎপৰ্য নাই। কবিয়ে ভাবে যে শ্বাশত জীৱনৰ মানুহেই হ’ব লাগিব সুনিপুণ খনিকৰ অৰ্থাৎ মানুহেই জীৱনৰ গঢ়  দিব লাগিব।  মানুহৰ স’তে জীৱনৰ আজন্ম প্ৰেম। সেয়ে কবিয়ে কৈছে–

জীৱনৰ স্বকীয় অৰ্থ নাই যি দৰে মানুহৰ আছে।

মানুহ অনন্ত জীৱনৰ সুনিপুণ  খনিকৰ

মানুহ মাটিৰ আদিম বণিক

দুহাতত যাৰ যুগল প্ৰেমৰ ঘৰ।”

দ্বিতীয়তে, কবিয়ে নিজৰ জীৱনৰ সাধনাৰ কথা ব্যক্ত কৰিছে। কবিৰ জীৱনৰ প্ৰধান সাধনা হৈছে সৃষ্টিৰ সৰ্বশ্রেষ্ঠ সৃষ্টি মানুহ। কবিৰ মতে মানুহৰ সান্নিধ্যই কবিৰ জীৱনলৈ আচল অৰ্থ কঢ়িয়াই আনে। কবিৰ ভাষাত–

“মই মানুহৰেই সাধনাত ব্রতী এজন মানুহ

মানুহৰ সান্নিধ্যই মোলৈ আনে জীৱনৰ অৰ্থ

যাদুকৰী অন্বেষণ আৰু মধুকৰী স্পৰ্শ।”

তৃতীয়তে কবিয়ে জীৱনক কিদৰে অৰ্থবহ কৰি তুলিব পাৰি তাৰ মানৱীয় দৰ্শন আগবঢ়াইছে। কবিয়ে ভাবে যে মানুহে যদি নিৰৰ্থক বিলাস বাসনা এৰি মানুহৰ সৈতে অন্তৰঙ্গতা গঢ়ি তুলিব পাৰে তেতিয়াই জীৱন অৰ্থবহ হৈ উঠিব। কবিৰ ভাষাত–

“ইচ্ছা থাকিলেই জীৱনক অৰ্থবহ কৰিব পাৰি

নিৰৰ্থক বিলাসৰ বিপৰীতে যদিহে অনুভৱ কৰিব পাৰি

মানুহৰ অন্তৰঙ্গ সঙ্গৰ কল্যাণময় মাদকতা।”

জীৱন আৰু মানুহ বিষয়ক- এক সমালোচনাত্মক বিশ্লেষণ

কবিয়ে জীৱনক অৰ্থবহ কৰি তুলিব পৰা মানৱীয় দৰ্শন আগবঢ়াৱাৰ পিছত আকৌ জীৱন আৰু মানুহৰ কাব্যিক সংজ্ঞা লৈ ওভতিছে। কবিৰ মতে–

“জীৱন মানুহৰ সৰ্বভাষাৰ শ্রেষ্ঠতম অভিধান

যাৰ পাত মেলিলেই ওলাই আহে শব্দৰ মুক্তি সমদল

মানুহ শব্দৰ অবিনশ্বৰ শৰীৰ

জীৱন তাৰ নিৰ্মোহ অলংকাৰ

দেশৰ হকে শ্বহীদে দিয়া মহত্বম উপহাৰ।”

ইয়াত ‘জীৱন মানুহৰ সৰ্বভাষাৰ অভিধান’ বাক্যাংশৰ দ্বাৰা কবিয়ে বুজাবলৈ চেষ্টা কৰিছে যে জীৱন সকলো মানুহৰেই প্ৰধান বিষয় অৰ্থাৎ জীৱন অনুভূতিটো সাৰ্বজনীন। ‘জীৱন’ সকলো ঠাইতে সকলো কালতে মুক্তি প্ৰয়াসী। আকৌ ‘শব্দ’ নামৰ বিশেষণৰ দ্বাৰা মানুহৰ জীৱনৰ কাৰ্যক্ৰমণিকা বা কাৰ্য পদ্ধতি (ইয়াত মানৱীয় কাৰ্য পদ্ধতি) ক সূচাইছে। ‘মানুহ শব্দৰ অবিনশ্বৰ শৰীৰ’ – এই ৰূপকৰ দ্বাৰা কবিয়ে অৰ্থবহ জীৱন যে মানুহৰ মানৱীয় কৰ্ম পদ্ধতিৰ সমষ্টি তাকে বুজাইছে।

ভাষা আৰু ৰচনা শৈলীৰ পিনৰ পৰা কবিতাটি এটি জটিল কবিতা।  কবিতাটিত থকা অভিনৱ কল্পচিত্ৰই জটিলতাৰ ঘাই কাৰণ। সৰহভাগ কল্পচিত্ৰই ৰূপকৰ দ্বাৰা  গঠিত।  কবি হোছেইন ভাৱ আৰু আবেগৰ কবি হোৱাৰ উপৰিও কাব্যিক অলংকাৰৰ প্ৰতি যে সচেতন এই কবিতাটি তাৰেই এক দৃষ্টান্ত।

তাৰোপৰি কবিৰ ‘জীৱন আৰু মানুহ বিষয়ক’ কবিতা সংকলনটিত কবিতাটোৰ এক বিশেষ স্থান আৰু এক বিশেষ তাৎপৰ্য আছে – কিয়নো কবিয়ে তেওঁৰ জীৱন তথা সাহিত্য সাধনাৰ প্ৰধান বিষয়-বস্তু  যে জীৱন আৰু মানুহ সেয়া কবিতাটিৰ জৰিয়তে পাঠক সমাজক অৱগত কৰিছে। কবিতাটিৰ শিৰোনামেৰে কাব্য গ্ৰন্থখনৰ নামকৰণ কৰা যথাৰ্থ হৈছে। ০ ০ ০

জীৱন আৰু মানুহ বিষয়ক- এক সমালোচনাত্মক বিশ্লেষণ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here