Home Essay জৈৱ বৈচিত্ৰ্য আৰু সাম্প্ৰতিক সময় । Jaibo Boichitra Aaru Samprotik Samay |...

জৈৱ বৈচিত্ৰ্য আৰু সাম্প্ৰতিক সময় । Jaibo Boichitra Aaru Samprotik Samay | Biodiversity – Essay in Assamese

জৈৱ বৈচিত্ৰ্য আৰু মানৱ জাতিৰ অস্তিত্ব

0

জৈৱ বৈচিত্ৰ্য আৰু সাম্প্ৰতিক সময় 

বা

জৈৱ বৈচিত্ৰ্য আৰু মানৱ জাতিৰ অস্তিত্ব

জৈৱ বৈচিত্ৰ্য আৰু সাম্প্ৰতিক সময়

জৈৱ বৈচিত্ৰ্য আৰু সাম্প্ৰতিক সময়

জৈৱ বৈচিত্ৰ্য আৰু সাম্প্ৰতিক সময়

আৰম্ভণি: ‘জৈৱ বৈচিত্ৰ্য’ বা ‘জী বৈচিত্ৰ্য’ শব্দৰ ইংৰাজী প্ৰতিশব্দ হ’ল ‘বায়’ডিভাৰচিটি’ (Biodiversity)। ‘বায়’ (Bio) মানে জীৱ আৰু ডিভাৰচিটি (Diversity) মানে বৈচিত্ৰ্য বা বিচিত্ৰতা। এতেকে ‘জৈৱ বৈচিত্ৰ্য’ বুলিলে বিভিন্ন জাতি, প্ৰজাতি আৰু সম্প্ৰদায়ৰ জীৱসমূহক বুজায়। বিস্তৃত অৰ্থত জৈৱ বৈচিত্ৰ্যই কোনো বিস্তৃত অঞ্চলত থকা সকলো প্ৰকাৰৰ প্ৰাণী, উদ্ভিদ, পৰিৱেশতন্ত্ৰ, অণুজীৱ আৰু জিনীয় কণাসমূহক সামৰি লয়। জীৱ বৈচিত্ৰ’ শব্দটো পোন প্ৰথমতে অ’ উইলছন নামৰ এজন বিজ্ঞানীয়ে ১৯৮৫ চনত ব্যৱহাৰ কৰিছিল। প্ৰকৃতিয়ে আমাৰ নীলা গ্ৰহ পৃথিৱীখনক জৈৱ বিচিত্ৰ্যত সমৃদ্ধ কৰি সৃষ্টি কৰিছে। জৈৱ বৈচিত্ৰত্যই পৰিৱেশৰ বিভিন্ন উপাদানৰ মাজত সামভাম্যতা বজাই ৰাখে। জৈৱ বৈচিত্ৰ্যই দেশ এখনৰ সার্বিক উন্নয়নত অৰিহণা যোগায়। জৈৱ বৈচিত্ৰত ভাৰতবৰ্ষ এখন অতি চহকী দেশ যদিও সাম্প্ৰতিক সময়ত বিশ্বৰ জৈৱ বৈচিত্ৰ্যই ভয়াবহ ভাবুকিৰ সন্মুখীন হৈছে।

জৈৱ বৈচিত্ৰ্যৰ পৰ্যায়: জৈৱ বৈচিত্ৰ্যক তিনিটা পৰ্যায়ত  ব্যাখ্যা কৰিব পাৰি, যথা–

(ক) জিনীয় পৰ্যায়ঃ  একে প্ৰজাতিৰ ভিতৰত জিনীয় পৰ্যায়ত পাৰ্থক্য থকা জীৱক জিনীয় বৈচিত্ৰ্য বুলি কোৱা হয়। উদহৰণস্বৰূপে একে প্ৰজাতিৰ চাউলৰ মাজত প্ৰায় ৫০,০০০ জিনীয় প্ৰকাৰ থাকিব পাৰে।

(খ) প্ৰজাতিৰ পৰ্যায়: প্ৰজাতিৰ পৰ্যায়ত জিনীয় পাৰ্থক্য থকাৰ উপৰিও এটা জাতিৰ মাজত বিভিন্ন উপ-পৰ্যায় বা প্ৰজাতি থাকে। প্ৰজাতিৰ পৰ্যায়ৰ এক উদাহৰণ হ’ল বাঘ আৰু সিংহ।

(গ) পৰিৱেশতন্ত্ৰঃ একোটা অঞ্চলত বাস কৰি থকা বিভিন্ন প্ৰাণী, উদ্ভিদ, অণুজীৱ সেই অঞ্চলৰ পাৰিৱেশিক উপাদানবোৰৰ স’তে একেলগে যি তন্ত্ৰ  গঢ়ে সেয়াই পৰিৱেশতন্ত্ৰ। 

জৈৱ বৈচিত্ৰ্য আৰু মানৱ সমাজ: জৈৱ বৈচিত্ৰ্যৰ লগত মানৱ সমাজৰ নিবিড় সম্পৰ্ক আছে। ই মানুহৰ জীৱন প্ৰণালী, মানৱ সমাজৰ উন্নয়ন, মানুহৰ শাৰীৰিক আনকি মানসিক দিশকো প্ৰভাৱিত কৰে। মানুহৰ কাৰ্যকলাপৰ বাবে কোনো অঞ্চলৰ পৰিৱেশতন্ত্ৰৰ পৰিৱৰ্তন ঘটে। উদাহৰণস্বৰূপে খেতি-বাতি বা বসবাসৰ বাবে কোনো অৰণ্য অঞ্চল ধবংস কৰিলে সেই অঞ্চলত বৰষুণৰ পৰিমাণ হ্রাস পাই মৰুভূমিত পৰিণত হ’ব পাৰে। ফলত শস্য উৎপাদন হ্রাস পাই দুর্ভিক্ষই দেখা দিব পাৰে। সেই অঞ্চলত থকা বিভিন্ন প্ৰকাৰৰ উদ্ভিদ, প্ৰাণী, জীৱ-জন্তু আদিয়ে বাসস্থান হেৰুৱাই বিলুপ্ত হ’ব পাৰে। এই প্ৰভাৱ সুদূৰপ্ৰসাৰী আৰু ব্যাপকো হ’ব পাৰে।

জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰয়োজনীয়তা: প্ৰকৃতিৰ লগত মানুহৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। কিয়নো মানুহো প্ৰকৃতিৰ এটি জীৱ। মানুহৰ প্ৰয়োজনী সকলো বস্তু প্ৰকৃতিৰ পৰাই লাভ কৰে। সেয়ে মানৱ জাতিৰ অস্তিত্বৰ বাবে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰয়োজন আছে। জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰধান কাৰণবোৰ তলত উল্লেখ কৰা হ’ল —

(ক) জৈৱ বৈচিত্ৰ্যই কোনো এখন অঞ্চলক প্ৰাকৃতিক সম্পদত চহকী কৰে। প্ৰাকৃতিক সম্পদত অঞ্চল এটি যিমানে চহকী হয় সেই অঞ্চল সিমানে অৰ্থনৈতিক প্ৰগতি লাভ কৰে।

(খ) প্ৰকৃতিত থকা জীৱ-জন্তু, গছ-লতা, হাবি-বননি, ভূমি, নদ-নদী, পাহাৰ-পৰ্বত আদি মানৱ জাতিৰ বাবে প্ৰয়োজনীয় সকলো বস্তুৰ ভাণ্ডাৰ। জৈৱ বৈচিত্ৰ্য বিনষ্ট হ’লে এই ভাণ্ডাৰবোৰৰ ভাৰসাম্য নষ্ট হয় যি মানৱ জাতিৰ অস্তিত্বৰ বাবে ভাকুকিস্বৰূপ।

(গ) জৈৱ বৈচিত্ৰত্যই বায়ুমণ্ডলত থকা গেছসমূহৰ ভাৰসাম্য ৰক্ষা কৰে। উদাহণৰস্বৰূপে হাবি-বননিত থকা গছ-গছনিয়ে মানুহৰ বাবে অতি প্ৰয়োজনীয় অক্সিজেন গেছৰ যোগান ধৰে। সেইদৰে জীৱৰ বাবে ক্ষতিকৰ কাৰ্বন-ডাই অক্সাইড গেছ নিয়ন্ত্ৰণ কৰে।

(ঘ) জৈৱ-বৈচিত্ৰই জলবায়ুৰ স্থিৰতা বজাই ৰাখে। 

(ঙ) জৈৱ বৈচিত্ৰ্যই খেতি-পথাৰৰ শস্যসমূহক বিভিন্ন প্ৰকাৰৰ কীট-পতংগ, ৰোগ-জীৱাণু আদিৰ পৰা প্ৰাকৃতিক সুৰক্ষা প্ৰদান কৰে। উদাহৰণস্বৰূপে চৰাই-চিৰিকতিয়ে শস্যৰ বাবে অনিষ্টকৰ ফৰিঙৰ  দৰে পতংগসমূহক খাই শস্য পথাৰক সুৰক্ষা দিয়ে। 

(চ) জৈৱ বৈচিত্ৰত্যই পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ কৰে। 

(ছ) জৈৱ বৈচিত্ৰ্যই  প্ৰাকৃতিক পৰিৱেশত সৌন্দৰ্য দান কৰে। ফলত পৰ্যটন শিল্পই গা কৰি উঠি কৰ্মসংস্থপনৰ সৃষ্টি কৰিছে।

(জ) জৈৱ বৈচিত্ৰত্যই ভূমি ক্ষয় ৰোধ কৰে আৰু বহু সময়ত প্ৰাকৃতিক বিপৰ্যয়ক নিয়ন্ত্ৰণ কৰে।

জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ উপায়: মানুহৰ সুখ-সমৃদ্ধি, আনন্দ-বিনোদন আদিৰ বাবে আৰু বিভিন্ন প্ৰকাৰৰ স্বাৰ্থ অন্বেষী কাৰ্যকলাপৰ বাবে বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ তথা জৈৱ বৈচিত্ৰ্য বিনষ্ট হৈ আছে। ইয়াৰ প্ৰত্যক্ষ আৰু পৰোক্ষ বিৰূপ প্ৰভাৱ মানৱ জাতিৰ লগতে অন্যান্য জীৱকুলৰ ওপৰত পৰি আছে। বিজ্ঞানীসকলৰ মতে, প্ৰতি বছৰ কেইবা হাজাৰ প্ৰজাতিৰ প্ৰাণী বিশ্বৰ পৰা বিলুপ্ত হৈ আছে। ২০০৪ চনৰ এক সমীক্ষা মতে ভাৰতবৰ্ষত ৭৫০ প্ৰজাতিৰ গছ-বন আৰু প্ৰাণী বিলুপ্তৰ পথত। মানৱ জাতিৰ অস্তিত্ব যিহেতু প্ৰকৃতিৰ দয়াৰ ওপৰত নিৰ্ভৰ কৰে, সেয়ে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ একান্তই প্ৰয়োজন। জৈৱ বৈচিত্ৰ সংৰক্ষণৰ বাবে আমি তলত উল্লেখ কৰা উপায়সমূহ গ্ৰহণ কৰিব পাৰো–

(ক) হাবি বননি ধবংস নকৰি সুৰক্ষা প্ৰদান কৰা আৰু অনাবাদী ভূমি, গ্ৰাম্যাঞ্চল, বাট-পথৰ দাঁতি আদিত অধিক পৰিমাণে গছ-গছনি ৰোপণ কৰা।

(খ) প্লাষ্টিক, নাইলন আৰু ৰবৰ জাতীয় বস্তুৰ ব্যৱহাৰ সম্পূৰ্ণ বন্ধ কৰা।

(গ) খেতি-পথাৰত কীটনাশক দ্ৰব্য, ৰাসায়নিক সাৰ আদিৰ প্ৰয়োগ বন্ধ কৰি জৈৱিক সাৰ প্ৰায়োগ কৰা আৰু কীটনাশক দ্ৰব্য ব্যৱহাৰৰ সলনি প্ৰাকৃতিক উপায় অৱলম্বন কৰা।

(গ) বিলুপ্তিৰ ভাবুকিৰ সন্মুখীন হোৱা উদ্ভিদ, প্ৰাণী, জীৱ-জন্তু আদিক সংৰক্ষণৰ বাবে বিশেষ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা।

(ঘ) ‘গ্ৰীণ হাউচ ইফেক্ট’ সৃষ্টি কৰা বিভিন্ন ডিভাইচ যেনে: এয়াৰ কণ্ডিশ্বনাৰৰ ব্যৱহাৰ বন্ধ কৰা বা হ্রাস কৰা।

(ঙ) পৰিৱেশৰ ক্ষতিকাৰক ধোঁৱা নিৰ্গত কৰা যান-বাহনৰ সংখ্যা নিয়ন্ত্ৰণ কৰা আৰু পৰিৱেশ অনুকূল বিকল্প ইন্ধনৰ উদ্ভাৱন কৰা।

(চ) পৰিৱেশৰ ক্ষতি সাধন কৰা কাঠ, কয়লা আদি দহন কৰা কাৰ্য নিয়ন্ত্ৰণ কৰা আৰু ইয়াৰ পৰিৱৰ্তে সৌৰশক্তি ব্যৱহাৰ সুচল আৰু সুলভ কৰা।

(ছ) পাৰমাণৱিক বোমা বিস্ফুৰণ সম্পৰ্কীয় সকলো পৰীক্ষণ বন্ধ কৰা।

সামৰণি: জৈৱ বৈচিত্ৰ্যৰ বাবেই পৃথিৱী নামৰ গ্ৰহখনত মানৱ জাতিৰ অস্তিত্ব সম্ভৱ হৈছে। সেয়ে আমি যিকোনো প্ৰচেষ্টা আৰু ত্যাগৰ বিনিময়ত জৈৱ বৈচিত্ৰ ৰক্ষা কৰিবই লাগিব। ইয়াৰ বাবে আমি উপৰিউক্ত উপায়সমূহ গ্ৰহণ কৰাৰ লগতে বিশ্বৰ প্ৰতিজন নাগৰিক আৰু প্ৰতিখন ৰাষ্ট্ৰই জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে তৎপৰ হ’ব লাগিব। অন্যাথা পৃথিৱী নামৰ এই অনন্য গ্ৰহটি মানৱ জাতিৰ বসবাসৰ বাবে অনুপযোগী হৈ ইয়াৰ বিলীন ঘটাব। ০ ০ ০

বি. দ্র. উক্ত ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত অসমীয়া ৰচনা শিক্ষা গ্রন্থৰ অন্তর্গত।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here