Home Literary Criticism জ্যোতিপ্ৰসাদ আগৰৱালা | জনতাৰ আহ্বান | এক আলোচনা

জ্যোতিপ্ৰসাদ আগৰৱালা | জনতাৰ আহ্বান | এক আলোচনা

0

জ্যোতিপ্ৰসাদ আগৰৱালা | জনতাৰ আহ্বান | এক আলোচনা

ৰাব্বি মছৰুৰ
জ্যোতিপ্ৰসাদ আগৰৱালা  জনতাৰ আহ্বান  এক আলোচনা

 

জ্যোতিপ্ৰসাদ আগৰৱালা | জনতাৰ আহ্বান | এক আলোচনা

জ্যোতিপ্ৰসাদ আগৰৱালা | জনতাৰ আহ্বান | এক আলোচনা

“জনতাৰ আহ্বান’ কবিতাটোৰ মাজেদি কবি জ্যোতিপ্ৰসাদ আগৰৱালাই কবিয়ে বিশ্ব জনতাৰ মনত অভ্যুদ্বয় হোৱা নতুন চেতনাৰ কথা প্ৰকাশ কৰিছে।  এই চেতনা সৌন্দৰ্যৰ চেতনা, দাসত্বৰ পৰা মানৱৰ মুক্তিৰ চেতনা।

কবিয়ে ভাৱে যে বিশ্ব ৰূপান্তৰৰ দিশত ধাৱমান হৈছে। এই ৰূপান্তৰৰ পৃথিৱীত আকাশে-বতাহে জনতাৰ আহ্বান বিয়পি পৰিছে। সুন্দৰৰ পূজাৰ যি সাধনা আৰম্ভ হৈছে, তাত জনতাই ষোড়শোপচাৰেৰে সুন্দৰৰ আৰাধনাত মগ্ন হৈছে।  সাধৰণ জনতাই আজি বোকাত জন্ম লোৱা  পদুম ফুলৰ দৰে ফুলি পোহৰ বিলাইছে। অন্ধকাৰ নাশি পোহৰত পাহি মেলি, আকশত  সৌন্দৰ্য সিঁচিবলৈ আজি জনতা ওলাই আহিছে। মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্ৰাণ জাগ্ৰত কৰি তুলিছে। আজি জনতাৰ আলোক বিজয়ী অপূৰ্ব অভিযানে পৃথিৱীৰ আকাশ মুখৰিত কৰি তুলিছে। নৱ-জীৱনৰ মহাসংঘাতে বৰ্তমানক কঁপাই তুলিছে. বেদত ধ্বনিত হোৱা আলোকৰ আগমনী মন্ত্ৰ আজি সাৰ্থক হ’বলৈ আগবাঢ়িছে, ঘোষণা কৰিছে জনতাৰ জয়, জনতন্ত্ৰৰ জয়, মহামানৱতন্ত্ৰৰ  জয়। অৰ্থাৎ দাসত্বৰ শিকলি ছিঙি মানৱ সমাজ স্বাধীনতাৰ বাবে উদীপ্ত কন্ঠে ওলাই আহিছে।

কবিতাটি এক আশাবাদী কবিতা। কবিতাটি পৰাধীন ভাৰতৰ পটভূমিত ৰচিত। জ্যোতিপ্ৰসাদ আগৰৱালাই “জনতাৰ আহ্বান’ কবিতাটিৰ জৰিয়তে কবিয়ে সবৰ্বসাধাৰণ জনতাক স্বাধীনতা আন্দোলনৰ প্ৰতি উদ্বুদ্ধ কৰাৰ প্ৰয়াস কৰি সিহঁতৰ জাতীয় চেতনাক প্ৰশংসা কৰিছে। ০ ০ ০

.

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

LEAVE A REPLY

Please enter your comment!
Please enter your name here