জ্যোতি প্ৰসাদ আগৰৱালাৰ গীতি-কবিতা–এক বৈশিষ্ট্যমূলক আলোচনা
জ্যোতি প্ৰসাদ আগৰৱালাৰ গীতি-কবিতা
জ্যোতি প্ৰসাদ আগৰৱালাৰ গীতি-কবিতা–এক বৈশিষ্ট্যমূলক আলোচনা
বিংশ শতাব্দীৰ বহুমুখী প্ৰতিভাধাৰী অসমীয়া শিল্পীসকলৰ অন্যতম এজন হ’ল জ্যোতি প্ৰসাদ আগৰৱালা। তেওঁ আছিল একেধাৰে গীতিকাৰ, গায়ক, নাট্যকাৰ, অভিনেতা, প্ৰথম অসমীয়া বোলছৰি নিৰ্মাতা, অসমীয়া সংস্কৃতিৰ ধবজাবাহক আৰু স্বাধীনতা বিপ্লৱী। কিন্তু ইমানবোৰ প্ৰতিভা থকা সত্বেও তেওঁ অসমীয়া ৰাইজৰ প্ৰাণত অমৰ হৈ আছে এজন গীতিকাৰ হিচাপেহে। তেওঁৰ গীতবোৰ সঁচা অসমীয়া গোন্ধেৰে আমোলমোল। বৃটিচ শাসনকালত যেতিয়া অসমীয়া সংস্কৃতি প্ৰাশ্চাত্য আৰু বঙালী সংস্কৃতিৰ গৰাহত পৰি মৃতপ্ৰায় অৱস্থা পাইছিলগৈ, তেতিয়া তেওঁ স-জোৰে আৰু সু-সাহসেৰে অসমীয়া সংস্কৃতি উদ্ধাৰৰ বাবে দেহে-কহে লাগি পৰিছিল। তেওঁ আছিল সুন্দৰৰ পূজাৰী। অসমীয়া সংস্কৃতিৰ ধূলি-মাকতিবোৰ ধুই-পখালি নতুন ৰূপত সজাই-পৰাই তোলাই আছিল তেওঁৰ শিল্পী মনৰ মূল লক্ষ্য। সেয়ে অসমবাসীয়ে তেওঁক সুন্দৰৰ পূজাৰী ‘ৰূপকোঁৱৰ’ উপাধিৰে আদৰি লৈছিল। তেওঁৰ গীতসমূহ ইমানেই জনপ্ৰিয় আৰু সাবৰ্বজনীন যে অসমৰ যিকোনো সাংস্কৃতিক অনুষ্ঠান তেওঁৰ গীত পৰিৱেশন অবিহনে সম্পূৰ্ণ হ’ব নোৱাঁৰে। প্ৰকৃতি প্ৰেম, বিপ্লৱ আৰু স্বদেশ প্ৰেম তেওঁৰ কবিতাৰ প্ৰধান বিষয়-বস্তু।
প্ৰকৃতিত সৌন্দৰ্য বিচাৰি যোৱা আৰু তাত লুকাই থকা সৌন্দৰ্যৰ গুণ-গান কৰাই তেওঁৰ প্ৰকৃতি বিষয়ক গীতি-কবিতাবোৰৰ মূল উপজীব্য। কবিয়ে প্ৰকৃতিক সৌন্দৰ্যৰ আধাৰ হিচাপে লৈছে আৰু সেই সৌন্দৰ্যৰ আধাৰৰ পৰাই জীয়াই থকাৰ প্ৰেৰণা বুটলিছে। কবিয়ে লিখিছে–
“গছে গছে পাতি দিলে ফুলৰে শৰাই
কি ৰাম ৰাম, ফুলৰে শৰাই
কলিয়া ভোমোৰা গুজৰি আহে
গোন্ধতে ধিয়াই
কি ৰাম, ৰাম।”
কবিয়ে সৌন্দৰ্যৰ ওচৰত নত স্বীকাৰ কৰি লিখিছে–
“সুন্দৰ তই কিমান সুন্দৰ
ভাবোহে মই নাজানো
মই যি সৌন্দৰ্যৰ পাৰকে নাপাওঁ
তাতোকৈয়ো তই আৰু সুন্দৰ
তাক জানো, তাক জানো।”
অসমীয়া জাতি ফুল প্ৰিয়। প্ৰায় সকলো অসমীয়াৰ ঘৰতে ফুলৰ বাগিছা আছে। কবিয়ে সেই ফুলৰ সৌন্দৰ্যত মোহিত হৈ লিখিছে–
“আগবাৰীত ফুলিলে ফুল মোৰ চম্পা
জেউতি মালাত ফুলে মোৰ চম্পা
গোন্ধৰ গুটি মালী ৰঙীকৈ ৰেৱতী
আমোলমোলে ঐ ফুলে মোৰ চম্পা।
সোণৰে পখিলা, ৰূপৰে পখিলা
ফুলনি জিলিকি উৰে ফুলে মোৰ চম্পা।
বাৰে বৰণীয়া ফুটুকা ধুনীয়া
চৰায়ে বিনালে অময়া সুৰেৰে
ফুলে মোৰ চম্পা।”
কবিয়ে গোটেই জগতখনকে সুন্দৰময় দেখিছে। সেয়ে কবিয়ে গাই উঠিছে–
সেউজী, সেউজী, সেউজী অ’
সেউজী ধৰণী ধুনীয়া।
সোণোৱালী শইচৰ
পথাৰ কোলাত শোভে
ৰ’দালি ফুল ফল সেউজীয়া।”
গীতি কবি জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতাৰ দ্বিতীয় বিষয়-বস্তুটো হৈছে স্বদেশ প্ৰেম আৰু বিপ্লৱ। সাম্যবাদৰ প্ৰতি বিশ্বাসী কবিৰ স্বদেশ প্ৰেমমূলক কবিতাবোৰত বিপ্লৱ জলপ্ৰপাতৰ দৰে অবিৰামভাবে অগ্নিস্ফুলিঙ্গময় সুৰত ঝংকৃত হৈছে। তেওঁ স্বদেশৰ পৰা বিদেশী ইংৰাজ শাসন ওফৰাবলৈ স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল আৰু জনসাধৰণকো স্বাধীনতাৰ প্ৰতি সচেতন কৰিবলৈ বিপ্লৱী গীত ৰচনা কৰিছিল। তেওঁৰ বিপ্লৱী গীতবোৰ জনসাধাৰণৰ মনত ইমানেই প্ৰভাৱশালী আছিল যে ল’ৰা, বুঢ়া, ডেকা, ডেকেৰী সকলোৱে তেওঁৰ বিপ্লৱী গীতৰ সুুৰত মতলীয়াহৈ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল আৰু বিপ্লৱক এক সাবৰ্বজনীন ৰূপ দিছিল। বিপ্লৱৰ সময়ত তেওঁৰ বহু গীত শ্লোগান হিচাপেও ব্যৱহাৰ কৰা হৈছিল। তেওঁৰ বিপ্লৱী গীতবোৰ যে ইংৰাজ শাসনৰ বিৰুদ্ধে অমোঘ বৰ্জ নিনাদ কণ্ঠ আছিল সেয়া নহয়; তেওঁৰ বিপ্লৱী গীতসমূহ সমাজৰ শোষক, স্বাৰ্থপৰ, ভণ্ড ৰাজনৈতিক নেতা তথা পুঁজিবাদৰ বিৰুদ্ধে সৰৱ দুন্দুভি আছিল। লুইতপৰীয়া ডেকা অসীম সাহসী। সিহঁতে মৰিবলৈ ভয় নকৰে। শৰাইঘাটৰ যুদ্ধই তাৰ প্ৰমাণ। কবিয়ে সেয়ে ডেকা সকলক উদ্বুদ্ধ কৰিবলৈ লিখিছে–
আই, আই, আই
লুইতৰ পাৰৰে আমি ডেকা ল’ৰা
মৰিবলৈ ভয় নাই।”
কবিয়ে অসমীয়া ডেকাসকলক বিপ্লৱৰ প্ৰতি উদ্বুদ্ধ কৰিবলৈ কৈছে যে সিহঁতৰ বিশ্ব বিজয় কৰাৰো সাহস আছে। সিহঁত শক্তিশালী ভাৰত মাতাৰ শক্তিশালী সন্তান। কবিয়ে অসমীয়া ডেকাসকলক উদ্দেশ্যি সেয়ে উদ্বুদ্ধ বাণী শুনাইছে–
বিশ্ব বিজয়ী নৱ-জোৱান
বিশ্ব বিজয়ী নৱ-জোৱান
শক্তিশালী ভাৰতৰ
ওলাই আহা ওলাই আহা
সন্তান তুমি বিপ্লৱৰ।
সমুখ সমৰ সমুখতে
মুক্তি যুঁজাৰু হুচিয়াৰ
মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ খুলি দুৱাৰ।”
গীতিকাৰে অসমীয়া ছোৱালীকো বিপ্লৱত যোগদান কৰিবলৈ আহ্বান কৰি লিখিছে–
“কোন ক’ত আছ, আহ অ’ আহ অ’ সমনীয়া
তই সমুখত হ থিয়,
মাতৃ পূজাৰ ভাগ ল’বলৈ দেৰি কৰ কিয়?
শুৱনি প্ৰকৃতি শুৱাই থকা
অসম দেশৰে ছোৱালী অ’।”
জেল খাটি হ’লেও যে অসমীয়া ডেকাই স্বাধীনতা আনয়ন কৰিব লাগিব সেই কথা সোঁৱৰাই দি কবিয়ে লিখিছে–
“আমি খাটিব লাগিব জেল
অ’ তাই খাটিব লাগিব জেল
পুৰুষ যদি হোৱা কাপুৰুষৰ দৰে
কিয় হ’ব খোজা ফেল।”
গীতিকাৰ জ্যোতি প্ৰসাদে অসমী সন্তানক সুপ্ত কোলাৰ পৰা জাগৃত কৰিবলৈ চেষ্টাৰ অকনো ত্রূটি কৰা নাই। সেয়ে আকৌ কৈছে–
“জননীৰ সন্তান জাগা
জাগা শক্তিমান, জাগা মুক্তি প্ৰাণ
মৃত্যু গচকি আনা জয় জিনি
কৰি দুৰ্জ্জয় অভিযান।”
গীতিকাৰে আকৌ আন এটি গীতত লিখিছে–
“সাজু হ, সাজু হ, নৱ জোৱান
সাজু হ, সাজু হ, নৱ জোৱান
তই কৰিব লাগিব অগ্নি স্নান।”
অসমীয়াই মৰিবলৈ অকনো ভয় নকৰে। বন্দুক-বৰটোপৰ গুলি অসমীয়াই স্বাধীনতাৰ হকে হাঁহি হাঁহি বুকু পাতি ল’ব পাৰে বুলি সাহস দান কৰি কবিয়ে লিখিছে–
“আমি অহিংসা ৰণলৈ যাওঁ
বীৰ বেগে বুকু ডাঠি বলা আগুৱাই
লক্ষ, লক্ষ চিপাহী বৃটিছৰ সেনানী
বৰতোপ গুলি লৈ থাক থিয় হৈ
আমি নদৰাও, আমি নদৰাও
বুকু পাতি লম
তেওঁ স্বাধীন হ’ম।”
কবিয়ে শোষক ইংৰাজসকলৰ উপৰিও যিসকল দেশীয় সুবিধাবাদীয়ে ৰাইজৰ সেৱা চুৰ কৰি অসমীয়া ৰাইজৰ দুৰ্যোগ মাতি আনিছিল সেইসকলক সাৱধান বাণী শুনাই লিখিছে–
“সুবিধাবাদীৰ দল
তোৰ মিছা হ’ব কৌশল
ৰাইজৰ তই সেৱা চুৰ কৰি
বঢ়াব খুজিছ বল!”
গীতিকাৰে ভণ্ড পাণ্ডিত্যাভিমানী শিক্ষিতসকলক উদ্দেশ্যি সাহসী কন্ঠে গাইছে–
“ৰাজনীতিৰ, সমাজনীতিৰ
ৰাজনীতিৰ, অৰ্থনীতিৰ
তোৰ থৈ দে ফোপোলা জ্ঞান
জনতা পূজাৰ ভাও দি দি
নেদেখুৱাবি
ঘৃণিত তোৰ অহংকাৰৰ নেতৃত্বাভিমান
জনতাই তোৰ স্বৰূপ চিনিছে
সাৱধান, সাৱধান।”
কবিয়ে জানে যে বিপ্লৱত সবৰ্বসাধাৰণ ৰাইজে সঁহাৰি দিলে সেই বিপ্লৱ সফল হ’বই। সেয়ে বিপ্লৱৰ সফল কামনা কৰি কবিয়ে লিখিছে–
“কাৰখানাৰ বনুৱা
নতুন দিনৰ ৰনুৱা
নতুন মনৰ মনুৱা মই
জয় হাতুৰীৰ জয়
জয় বটালীৰ জয়
কোৰ কটাৰীৰ জয়
জয় ভাগৰৰ, ভোগ পিয়াহৰ জয়
কঁপালৰ পৰা ভৰিত পৰা
ঘাম টোপালৰ জয়।”
অসমত যে অকল জ্যোতি প্ৰসাদেই বিপ্লৱী গীত ৰচনা কৰিছিল এনে নহয়; বিষ্ণু প্ৰসাদ ৰাভা, অম্বিকাগিৰি ৰায় চৌধুৰীয়েও বিপ্লৱী গীত ৰচনা কৰিছিল; কিন্তু এই সকলৰ ভিতৰত জ্যোতি প্ৰসাদৰ গীত ইমানেই সাবৰ্বজনীন, সৰল আৰু জনপ্ৰতিনিধিত্বশীল যে তেওঁৰ গীতসমূহে স্বাধীনতা আন্দোলন চলি থকা সময়ত প্ৰতিজন অসমীয়াৰ মন প্ৰাণক বিপ্লৱৰ আলোড়ণৰে আলোড়িত কৰি তুলিছিল আনকি স্বাধীনতা পোৱাৰ পিছতো তেওঁৰ গীতসমূহে অসমীয়া ৰাইজৰ মনত বিপ্লৱী মানসিকতা বজাই ৰখাত প্ৰেৰণাৰ উৎস হৈ আছে।
কবি জ্যোতি প্ৰসাদ আগৰৱালাই প্ৰকৃতি বিষয়ক, স্বদেশপ্ৰেমমূলক আৰু বিপ্লৱী গীত ৰচনা কৰাৰ উপৰিও শিশুৰ উপযোগী বহুতো সুন্দৰ শিশু গীতো ৰচনা কৰিছে- যাৰ বাবে জ্যোতি প্ৰসাদ প্ৰতিজন অসমীয়া শিশুৰ প্ৰাণতো অতি মৰমৰ, অতি আপোন।
পৰিশেষত ক’ব পাৰি, যেতিয়ালৈ সমাজত ধনী-দুখীয়াৰ মাজত বৈষম্য থাকিব, শোষক আৰু শোষিত শ্ৰেণী থাকিব, পুঁজিপতি আৰু সবৰ্বহাৰা শ্ৰেণী থাকিব তেতিয়ালৈকে জ্যোতি প্ৰসাদ অসমীয়া জাতিৰ প্ৰাণৰ আমঠু হৈ থাকিব। ০ ০ ০
জ্যোতি প্ৰসাদ আগৰৱালাৰ গীতি-কবিতা
বি. দ্র. উক্ত ‘জ্যোতি প্ৰসাদ আগৰৱালাৰ গীতি-কবিতা–এক বৈশিষ্ট্যমূলক আলোচনা । Joyti Prasad Agarwalar Geeti Kabita | Lyrics of Joyti Prasad Agrawal’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া কবি প্রতিভা’ গ্রন্থৰ অন্তর্গত। জ্যোতি প্ৰসাদ আগৰৱালাৰ গীতি-কবিতা
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান:
- সাহিত্য সমালোচনা
- অসমীয়া কবিতাৰ ইতিহাস
- নীলিম কুমাৰ
- অসমীয়া কবিতা
- অজিত বৰুৱা
- নলিনীধৰ ভট্টাচাৰ্য
- চৈয়দ আব্দুল মালিকৰ কবিতা
- জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা