Home Essay টেলিভিচন | Television Essay in Assamese

টেলিভিচন | Television Essay in Assamese

1

যদি আপুনি ‘টেলিভিচন’ ৰ বিষয়ে এখন ৰচনা বিচাৰিছে আৰু ইয়াৰ বিষয়ে সবিশেষ জানিব খোজে, তেন্তে এইখন নিবন্ধ আপোনাৰ বাবে উপযুক্ত। এই নিবন্ধখন ছাত্ৰ-ছাত্ৰী সকলে সহজে বুজিব পৰাকৈ সৰল ভাষাত লিখা হৈছে।

টেলিভিচন Television Essay in Assamese

টেলিভিচন | Television Essay in Assamese

টেলিভিচন হৈছে বিজ্ঞানৰ এক আধুনিক আবিষ্কাৰ। ‘টেলিভিচন’  ইংৰাজী শব্দ।‘টেলি’ শব্দই ‘দূৰ’ আৰু ‘ভিচন’ শব্দই ‘দেখা বা দৰ্শন কাৰ্য’ক বুজায়। অৰ্থাৎ টেলিভিচন হৈছে এনে এবিধ যন্ত্ৰ যাৰ দ্বাৰা দূৰৰ দৃশ্য দেখা আৰু দৃশ্যৰ সৈতে জড়িত কাৰ্য বা ঘটনাৰ  লগতে মাত-কথাও শুনিব পাৰি। টেলিভিচন শব্দৰ অসমীয়া প্ৰতিশব্দ হ’ল ‘দূৰদৰ্শন’। জন বেয়াৰ্ড নামৰ এজন ইংৰাজ  বৈজ্ঞানিকে ১৯২৫ চনত টেলিভিচন আবিষ্কাৰ কৰে।

ইয়াৰ কাৰ্যৰ আধাৰ হ’ল বিদ্যুৎ আৰু  ইয়াৰ ক্ৰিয়া। টেলিভিচনত দেখা দৃশ্যবোৰ  প্ৰথমতে শক্তিশালী কেমেৰাৰে তুলি সেইবোৰ   উজ্জ্বল আৰু অনুজ্জ্বল পোহৰ বিন্দুলৈ ৰূপান্তৰিত কৰা হয়।  তাৰ পিছত ইয়াক বিদ্যুৎ তৰঙ্গলৈ সলনি কৰি শব্দ তৰঙ্গৰ সৈতে ইথাৰ জগতলৈ পঠোৱা হয়। গ্ৰাহক যন্ত্ৰই এইবোৰ পূৰ্বৰ ছবি আৰু শব্দলৈ ৰূপান্তৰ কৰে; ফলত টেলিভিচনৰ জৰিয়তে দূৰত ঘটা ঘটনা  চাব আৰু শব্দ শুনিব পৰা যায়।

টেলিভিচনৰ দৃশ্যবোৰক  আমি কলা-বগা আৰু ৰঙীন  এই দুই ৰূপত চাব পাৰো। টেলিভিচন বৰ শক্তিশালী প্ৰচাৰ মাধ্যম। ইয়াৰ যোগেদি দেশ-বিদেশত ঘটা ঘটনা নিজ ঘৰত বহিয়েই চাব পাৰি।  ব্যৱসায়-বাণিজ্য, শিক্ষা, প্ৰচাৰমূলক কাৰ্যত ইয়াৰ ব্যৱহাৰ অপৰিসীম। জনমত গঠনৰ ক্ষেত্ৰত ই এক প্ৰভাৱশালী ভূমিকা গ্ৰহণ কৰে। টেলিভিচনে নিয়মীয়াকৈ বহুতো মনোৰঞ্জনমূলক কাৰ্যসূচীও প্ৰচাৰ কৰে যিবোৰ  উপেভাগ কৰি আমি নানান কথা শিকাৰ উপৰিও  আনন্দ উপভোগ  কৰিব পাৰো ।

ইয়াৰ যেনেকৈ উপকাৰী দিশ আছে, ঠিক তেনেকৈ ইয়াৰ অপকাৰী দিশো নথকা নহয়। বহু সময়ত টেলিভিচনত প্ৰৰোচনামূলক বাতৰিও  পৰিবেশন  কৰে যি বাতৰিয়ে বহু সময়ত জনসাধাৰণৰ মনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।  টেলিভিচনত নানা ধৰণৰ কাৰ্যসূচী প্ৰচাৰ কৰা হয় যদিও সকলো কাৰ্যসূচী সকলোৰে বাবে  প্ৰজোয্য নহয়। অতিৰিক্ত টেলিভিচন দৰ্শন কাৰ্যই আমাৰ চকু আৰু শৰীৰৰ ক্ষতি কৰে। তাৰোপৰি টেলিভিচনত প্ৰচাৰ কৰা বা-বাতৰি সদায় নিৰেপক্ষ নহয়। সেয়ে টেলিভিন চোৱাৰ ক্ষেত্ৰত কিছু পৰিমাণে সতৰ্কতা অৱলম্বন কৰা উচিত।

ই আজিকালি সভ্য জগতৰ প্ৰয়োজনীয় বস্তু যদিও ইয়াৰ বেয়া প্রভাৱবোৰ  এৰাই চলি ইয়াক যুক্তিসঙ্গতভাবে  ব্যৱহাৰ কৰা উচিত। 0 0 0

টেলিভিচন

(ৰচনা )

আৰম্ভণি

টেলিভিচন হৈছে এক বিস্ময়কৰ আবিষ্কাৰ। ই মানুহৰ জীৱনলৈ এক নতুন দিশ আনিছে। টেলিভিচনৰ জৰিয়তে আমি বহু দূৰৰ ঘটনা চাব পাৰো। ই আমাৰ মনোৰঞ্জনৰ এক গুৰুত্বপূর্ণ মাধ্যম।

টেলিভিচনৰ আৱিষ্কাৰ

ইয়াৰ আৱিষ্কাৰ কৰা হৈছিল ১৯২৬ চনত। জন এল. বেয়াৰ্ডে এই আশ্চৰ্যজনক যন্ত্ৰ আৱিষ্কাৰ কৰিছিল। তেওঁ ইংলেণ্ডৰ এজন বিজ্ঞানী আছিল। তেওঁৰ এই আবিষ্কাৰে বিশ্ববাসীক চমৎকৃত কৰিছিল।

ভাৰতত টেলিভিচনৰ আৰম্ভণি

ভাৰতত টেলিভিচন প্ৰথমে আৰম্ভ হৈছিল ১৯৫৯ চনত। দিল্লীত প্ৰথম টেলিভিচন কেন্দ্ৰ স্থাপন কৰা হৈছিল। সেই সময়ত টেলিভিচন চেনেলৰ সংখ্যা খুব কম আছিল।

টেলিভিচনৰ প্ৰকাৰ

টেলিভিচন দুটা প্ৰকাৰৰ হয়। এটা হৈছে ক’লা-বগা আৰু আনটো হৈছে ৰঙীন। ক’লা-বগা টেলিভিচন প্ৰথমে আহিছিল। তাৰ পাছত ৰঙীন টেলিভিচন আহিছিল।

টেলিভিচনৰ উপকাৰিতা

ইয়াৰ বহু উপকাৰিতা আছে । ইয়াৰ জৰিয়তে আমি বহু তথ্য লাভ কৰো। টেলিভিচন শিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। ইয়াৰ জৰিয়তে আমি বিভিন্ন শিক্ষামূলক অনুষ্ঠান চাব পাৰো।

টেলিভিচনৰ ক্ষতিকাৰক দিশ

ইয়াৰ কিছু ক্ষতিকাৰক দিশো আছে। অধিক সময় টেলিভিচন চালে চকুৰ ক্ষতি হয়। টেলিভিচনৰ কাৰণে শিশুসকলে পঢ়াশুনাত মন নিবিচাৰে।

টেলিভিচনৰ ভৱিষ্যত

টেলিভিচনৰ ভৱিষ্যত খুব উজ্জ্বল। টেলিভিচন দিনক দিনে উন্নত হৈ আছে। নতুন নতুন প্ৰযুক্তিৰে টেলিভিচন অধিক উন্নত হৈ উঠিছে।

উপসংহাৰ

টেলিভিচন হৈছে এক আশ্চৰ্যজনক আবিষ্কাৰ। ই আমাৰ জীৱনলৈ এক নতুন দিশ আনিছে। ইয়াৰ জৰিয়তে আমি বহু তথ্য আৰু মনোৰঞ্জন লাভ কৰো। টেলিভিচন আমাৰ জীৱনত এক গুৰুত্বপূর্ণ স্থান দখল কৰিছে। 0 0 0

 

Television: Essay in English

Introduction

Television, commonly referred to as TV, is one of the most influential and powerful communication tools invented in the 20th century. It has significantly shaped the modern world, offering entertainment, education, and information to people across the globe. From its humble beginnings as a box transmitting black-and-white images, television has evolved into a multi-functional device that plays a central role in people’s daily lives.

History and Evolution of Television

The invention of television can be traced back to the late 19th century, when scientists and inventors were experimenting with methods to transmit moving images. In 1927, Philo Farnsworth made a breakthrough by transmitting the first electronic television picture. This marked the birth of television as we know it today. Initially, TV broadcasts were limited to black-and-white images, and the technology was expensive and inaccessible to most households.

However, with the development of color television in the 1950s, the popularity of TV skyrocketed. By the 1960s, it had become a household item in many parts of the world. Since then, the technology has continued to evolve, with the introduction of cable TV, satellite TV, and, more recently, smart TVs connected to the internet, offering a vast range of content and interactivity.

The Role of Television in Society

Television has played a significant role in shaping modern society. It is a source of entertainment, providing millions of viewers with movies, series, sports, reality shows, and talk shows. It also serves as an educational tool, offering documentaries, educational programs, and children’s shows that help broaden knowledge and inspire learning.

In addition to entertainment and education, television is a powerful medium for communication and news. It keeps people informed about current events and important issues on a global scale. Television has proven invaluable in disseminating information to the public during crises. For example, it played a critical role in delivering news about significant historical events like the moon landing, the fall of the Berlin Wall, and the COVID-19 pandemic.

Impact of Television on Culture and Behavior

Television has had a profound impact on culture and behavior. It has influenced the way people view the world and how they interact with it. TV shows and movies shape cultural norms, fashion, and language, often becoming a reflection of society or even driving societal change.

However, the influence of television is not always positive. Excessive television watching, particularly of violent or inappropriate content, can have negative effects on behavior, especially in children. It can lead to issues like reduced physical activity, poor academic performance, and exposure to negative stereotypes. Therefore, parental control and regulation of TV content are essential.

The Evolution of Television Technology

Television technology has undergone numerous transformations over the decades. From the bulky cathode ray tube (CRT) sets of the past, we now have sleek, lightweight flat-screen TVs with LED, OLED, and QLED displays. These modern televisions provide high-definition (HD), ultra-high-definition (UHD), and even 4K and 8K resolution images, offering viewers a more immersive experience with sharper images and vibrant colors.

In addition, smart TVs have brought the internet to the living room, allowing viewers to stream content from platforms like Netflix, YouTube, and Amazon Prime directly on their television screens. Interactive features, voice recognition, and apps have transformed television from a passive viewing device to an interactive hub of entertainment.

The Future of Television

The future of television is likely to see even more innovation. Virtual reality (VR) and augmented reality (AR) are being integrated into TV technology, offering viewers more interactive and immersive experiences. Advances in artificial intelligence (AI) may also enhance the personalization of content, tailoring recommendations to individual preferences.

Furthermore, with the growth of streaming services, traditional broadcast television is facing competition. Many people are now “cutting the cord” and opting for on-demand services that allow them to watch content whenever they choose. This shift is reshaping how television is consumed, but traditional TV still remains relevant for live events like sports and news broadcasts.

Conclusion

Television has come a long way since its invention, growing into a powerful medium that entertains, educates, and informs. It has shaped cultures, influenced behaviors, and brought the world closer together. While it faces competition from digital media and the internet, television continues to evolve, remaining an integral part of modern life. As technology advances, television will continue to adapt, offering new ways to connect with and influence viewers in the years to come. 0 0 0

Read More: অসমীয়া ৰচনা শিক্ষা

বি. দ্র. উক্ত ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া ৰচনা শিক্ষা‘ গ্রন্থৰ অন্তর্গত।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here