Home Literary Criticism ড০ কুলেন্দু পাঠকৰ প্ৰৱন্ধ ‘নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ–এক বিশ্লেষণাত্মক অধ্যয়ন...

ড০ কুলেন্দু পাঠকৰ প্ৰৱন্ধ ‘নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ–এক বিশ্লেষণাত্মক অধ্যয়ন | Kulendu Pathak Newton Aru Saptadash Satikar Boudhik Biplov

0

ড০ কুলেন্দু পাঠকৰ প্ৰৱন্ধ ‘নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ–এক বিশ্লেষণাত্মক অধ্যয়ন

ড০ কুলেন্দু পাঠকৰ প্ৰৱন্ধ ‘নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ--এক বিশ্লেষণাত্মক অধ্যয়ন | Kulendu Pathak Newton Aru Saptadash Satikar Boudhik Biplov

 

ড০ কুলেন্দু পাঠকৰ প্ৰৱন্ধ ‘নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ

ড০ কুলেন্দু পাঠকৰ প্ৰৱন্ধ ‘নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ–এক বিশ্লেষণাত্মক অধ্যয়ন

ড০ কুলেন্দু পাঠকে ৰচনা কৰা ‘নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ’ নামৰ প্ৰৱন্ধটিত সোতৰ শতিকাত কেইজনমান বিজ্ঞানীৰ লগতে নিউটনৰ বিজ্ঞান চৰ্চাৰ দ্বাৰা কিদৰে আধুনিক গৱেষণামূলক বৌদ্ধিক বিপ্লৱৰ সূচনা হৈছিল সেই বিষয়ে বিস্তৃত আলোচনা আগবঢ়াইছে।

সোতৰ শতিকাৰ ইউৰোপৰ কেইবাখনো দেশত কেইজনমান বৈজ্ঞানিকৰ জন্ম হৈছিল আৰু সিহঁতে বিজ্ঞানৰ বিভিন্ন বিভাগত গৱেষণাপ্ৰসূত বৈজ্ঞানিক দৃষ্টিভঙ্গীৰ পাতনি মেলিছিল। উদাহৰণস্বৰূপে  —

১৬০০ চনত বিলিয়াম গিলবাৰ্ট নামৰ এজন লোকে ‘De Magnete’ নামৰ গ্ৰন্থ ৰচনা কৰি চুম্বক বিজ্ঞান আৰু বিদ্যুত বিজ্ঞান চৰ্চাৰ আধুনিক আৰু বৈজ্ঞানিক ধাৰাৰ প্ৰৱৰ্তন কৰে।

১৬২০ চনত ইংৰাজ দাৰ্শনিক, পণ্ডিত আৰু প্ৰৱন্ধকাৰ বেকনে ‘Novum Organum’  গ্ৰন্থ প্ৰকাশ কৰে। এই গ্ৰন্থত বেকনে আৰোহণ, পৰীক্ষা-নিৰীক্ষা আৰু বৈজ্ঞানিক সহযোগিতাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰে।

১৬২৮ চনত উইলিয়াম হােৰ্ভৰ দ্বাৰা ৰচিত ‘On the Motions of Heart and Blood in Animals’ ’  গ্ৰন্থৰ দ্বাৰা জীৱ বিজ্ঞান আৰু শৰীৰ বিজ্ঞান সম্পৰ্কে আলোচনাৰ বাট মুকলি কৰে।

সোতৰ শতিকাৰ আন বহুতো বৈজ্ঞানিকে বিজ্ঞানৰ অন্যান্য শাখালৈ অভূতপৃৰ্ব অবদান আগবঢ়ায়। সেইসকলৰ ভিতৰত স্কটলেণ্ডৰ জন নেপিয়েৰ এজন।  তেওঁ ১৬১৪ চনত ‘ঘাতাংক গণিত বা ল’গাৰিদম’ ৰ ওপৰত গ্ৰন্থ ৰচনা কৰে। ১৬৪৬ চনত পোলেণ্ডৰ জন হেভেলিয়াছে বুধ  গ্ৰহৰ কলা আৰু চন্দ্ৰপৃষ্ঠৰ মানচিত্ৰ অংকন কৰে। ১৬৫৬ চনত হলেণ্ডৰ খ্ৰীষ্টিয়ান হাইজেন্সে শনি গ্ৰহৰ বলয় আবিষ্কাৰ কৰে। ইটালিৰ ট’ৰিচেল্লিয়ে ১৬৪৩ চনত বেৰ’মিটাৰ আৱিষ্কাৰ কৰে। ইটালিৰ মেলপিদিয়ে ‘উদ্ভিদ আৰু প্ৰাণীৰ  শৰীৰ বিজ্ঞান’ সম্পৰ্কে গৱেষণা কৰে। জাৰ্মানীৰ গ’টফ্রিদ লেইবনিটজে গণক যন্ত্ৰ, কেলকুলাচ আৰু বাইনেৰী সংখ্যা পদ্ধতি আৱিষ্কাৰ কৰে।

ড০ কুলেন্দু পাঠকৰ প্ৰৱন্ধ ‘নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ

সপ্তদশ শতিকাৰ আন দুজন প্ৰখ্যাত বৈজ্ঞানিক হ’ল  গেলিলিঅ গেলিলি আৰু ছাৰ আইজাক নিউটন। গেলিলিয়ে নিজে দূৰবীণ সাজি চন্দ্ৰ আৰু বৃহস্পতি গ্ৰহৰ উপগ্ৰহৰ ওপৰত গৱেষণা চলায়।তেওঁ গ্ৰহ-নক্ষত্ৰৰ ওপৰত The Starry Messenger’ আৰু ‘Dialogue’ নামৰ গ্ৰন্থ দুখন ৰচনা কৰে। গেলিলিয়ে বিজ্ঞান চৰ্চাত আধুনিক  গৱেষণা আৰু পৰীক্ষা-নিৰীক্ষা পদ্ধতিৰ সূচনা কৰে।

গেলিলিওৰ পিছত বিজ্ঞান জগতলৈ মহান অৱদান আগবঢ়োৱা বিজ্ঞানীজন হ’ল নিউটন।  তেওঁ জ্যোৰ্তিবিজ্ঞান, পদাৰ্থ বিজ্ঞান, গতি বিজ্ঞান আদিৰ ওপৰত যথেষ্ট গৱেষণা কৰি কেইবাটাও যুগান্তকাৰী সূত্ৰ আৱিষ্কাৰ কৰে। তেওঁৰ ‘The Principia’ গ্ৰন্থখন বিজ্ঞান জগতৰ এক আলোড়নকাৰী গ্ৰন্থ।

ড০ কুলেন্দু পাঠকৰ প্ৰৱন্ধ ‘নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ

নিউটন এজন নিৰক্ষৰ সাধাৰণ খেতিয়কৰ সন্তান আছিল। অৱশ্যে নিউটনৰ মাতুল বংশ শিক্ষিত আছিল। নিউটনৰ জন্মৰ আগতে দেউতাকৰ মৃত্যু হয়। মাকে নিউটনৰ তিনি বছৰ নৌহওঁতেই দ্বিতীয় বিবাহত আবদ্ধ হয়। নিউটনে মাকৰ ফালৰ ককাক-আইতাকৰ লগত এক অকলশৰীয়া শিশু হিচাপে ডাঙৰ হয়। শিক্ষিত ককাকে নিউটনক শিক্ষিত কৰিবলৈ চেষ্টা কৰিছিল। সোতৰ বছৰ বয়সত স্কুলৰ পৰা আঁতৰাই খেতি-বাতিত কাম শিকিবলৈ মাকে নিউটনক গাঁৱৰ ঘৰলৈ উভতাই লৈ যায় যদিও এই কাম নিউটনৰ মনঃপুত হোৱা নাছিল। মোমায়েক আৰু স্কুলৰ শিক্ষক এজনে নিউটনৰ প্ৰতিভাৰ কথা গম পাইছিল আৰু মাকক যথেষ্ট বুজাই নিউটনৰ উচ্চ শিক্ষাৰ ব্যৱস্থা কৰে। বিশ্ববিদ্যালয়ত পঢ়াবৰ ইচ্ছা হয়তো মাকৰ নাছিল কাৰণ কেমব্রিজ বিশ্ববিদ্যালয়ত পঢ়াৰ সম্পূৰ্ণ খৰচ মাকে দিয়া নাছিল। সেই সময়ত বিশ্ববিদ্যালয়লৈ ধনী আৰু ভদ্ৰ লোকৰ ল’ৰাহে পঢ়িবলৈ গৈছিল আৰু তেনে ছাত্ৰৰ লগত এজন ভৃত্যও আছিল। নিউটনে পঢ়াৰ খৰচ উলিয়াবলৈ ভৃত্যৰ কামো কৰিবলগীয়া হৈছিল। অকলশৰীয়া নিউটনে কিতাপকে সঙ্গী কৰি লৈছিল। সেই সময়ত কেমব্রিজ বিশ্ববিদ্যালয়ৰ বৌদ্ধিক পৰিৱেশ বৰ উৎসাহজনক নাছিল। ১৬৬৫ চনত নিউটনে বি. এ. ডিগ্ৰী লাভ কৰে। তেতিয়াৰ পৰা নিউটনে গণিত আৰু বিজ্ঞানৰ পুথি অধ্যয়ন কৰিবলৈ লয়। কিন্তু ১৬৬৫ চনত হঠাৎ প্লেগ মহামাৰীয়ে দেখা দিয়াত বিশ্ববিদ্যালয় বন্ধ কৰি দিয়া হয় আৰু নিউটন গাঁৱৰ ঘৰলৈ ঘূৰি আহে। দুবছৰ পিছত তেওঁ আকৌ কেমব্রিজলৈ ঘূৰি যায়। গাওঁত থকা কালছোৱা নিউটনৰ ‘আশ্বৰ্য সময়’ বুলি ক’ব পাৰি। কাৰণ এই সময়ত তেওঁ কেলকুলাছ আৱিষ্কাৰ কৰে আৰু মহাকৰ্ষণ বলৰ বিষয়েও গভীৰভাৱে চিন্তা-চৰ্চা কৰিছিল। কেমব্রিজলৈ ঘূৰি আহি তেওঁ পোহৰ সম্পৰ্কে অধ্যয়ন  আৰম্ভ কৰে যদিও নিউটনে গৱেষণালব্ধ তথ্যবোৰ লগে লগে প্ৰকাশ কৰা নাছিল।

ড০ কুলেন্দু পাঠকৰ প্ৰৱন্ধ ‘নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ

নিউটনে পিছত ১৬৮৭ চনৰ জুলাই মাহত  ‘দ্য পিন্সিপিয়া’ নামৰ গ্ৰন্থখন প্ৰকাশ কৰে। গ্ৰন্থখনত নিউটনে মধ্যাকৰ্ষণ, মহাকৰ্ষণ সম্পৰ্কীয় তত্ত্ব আৰু অন্যান্য সূত্ৰৰ বিস্তৃত ব্যাখ্যা দাঙি ধৰে। গেলিলিও আৰু গিলবাৰ্টে আৰম্ভ কৰা বিজ্ঞান চৰ্চাৰ নতুন কাৰ্যক্ৰম নিউটনৰ ‘প্ৰিন্সিপিয়া’ গ্ৰন্থখনৰ প্ৰকাশৰ লগে লগে পূৰ্ণতা পায়। গ্ৰন্থখন প্ৰকাশ পোৱাৰ লগে লগে বিদ্বৎ মহলে নিউটনৰ প্ৰতিভাৰ কথা গম পায় আৰু বিজ্ঞান জগতত এক খলকনিৰ সৃষ্টি হয়।

নিউটনৰ অসাধাৰণ বিজ্ঞান প্ৰতিভাৰ স্বীকৃতি হিচাপে আলেকজেণ্ডাৰ পোপে লিখিছে–

‘Nature and Nature’s law lay hid in night,

God said, ‘Let Newton be! and it was light.’

নিউটনক সোতৰ শতিকাৰ চিৰস্মৰণীয় ব্যক্তি বুলি কোৱা হয়। ইয়াৰ কাৰণ  তেওঁৰ আগতে অন্যান্য বিজ্ঞানী যেনে কেপলাৰ, ক’পাৰনিকাছ,¸ গেলিলিও আদি বিজ্ঞানীসকলে আৰম্ভ কৰা পৰীক্ষামূলক বিজ্ঞান চৰ্চাৰ  ধাৰাটোক নিউটনে পৰিপূৰ্ণতা দান কৰে। 

ড০ কুলেন্দু পাঠকৰ প্ৰৱন্ধ ‘নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ

নিউটনীয় বিজ্ঞান চৰ্চাৰ প্ৰভাৱ জ্ঞানৰ সকলো শাখাতে পৰিছিল। কাৰণ  নিউটনৰ  ‘দ্য প্ৰিন্সিপিয়া‘ গ্ৰন্থখন প্ৰকাশৰ লগে লগে বিশ্বৰ বিদ্বৎ সমাজৰ পৰীক্ষামূলক জ্ঞান চৰ্চাৰ প্ৰতি সচেতন হয়। ফলত মানৱ জ্ঞানৰ যিকোনো শাখাতেই বিজ্ঞানমনস্ক অধ্যয়নৰ সূচনা হয়। বৰ্তমান ৰাষ্ট্ৰনীতি, সমাজনীতি, দৰ্শন, সাহিত্য আদি সকলোতে পৰীক্ষামূলক অধ্যয়নৰ প্ৰভাৱ বিদ্যমান।

এইদৰে লিখক ড০ কুলন্দুে পাঠকে ‘নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ’ নামৰ প্ৰৱন্ধটিত সোতৰ শতিকাত কেইজনমান বিজ্ঞানীৰ লগতে নিউটনৰ বিজ্ঞান চৰ্চাৰ দ্বাৰা কিদৰে আধুনিক গৱেষণামূলক বৌদ্ধিক বিপ্লৱৰ সূচনা হৈছিল সেই বিষয়ে বিস্তৃত আলোচনা আগবঢ়াইছে। 0 0 0.

ড০ কুলেন্দু পাঠকৰ প্ৰৱন্ধ ‘নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ

বি. দ্র. ড০ কুলেন্দু পাঠকৰ প্ৰৱন্ধ ‘নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ–এক বিশ্লেষণাত্মক অধ্যয়ন | Kulendu Pathak Newton Aru Saptadash Satikar Boudhik Biplovৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘নির্বাচিত অসমীয়া প্রবন্ধ সমালোচনাগ্রন্থৰ   পৰা লোৱা হৈছে

ড০ কুলেন্দু পাঠকৰ প্ৰৱন্ধ ‘নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here