ড০ প্ৰণয়ী দত্তৰ প্ৰৱন্ধ ’ইন্টাৰনেটৰ তিতা-মিঠা’–এক বিশ্লেষণ
ড০ প্ৰণয়ী দত্তৰ প্ৰৱন্ধ ’ইন্টাৰনেটৰ তিতা-মিঠা’–এক বিশ্লেষণ | Pronoyee Dutt Internetor Tita-Mitha
ড০ প্ৰণয়ী দত্তৰ ’ইন্টাৰনেটৰ তিতা-মিঠা’ প্ৰৱন্ধটিত ‘কুঁৱলী’ নামৰ স্কুলীয়া ছাত্ৰী এগৰাকী আৰু ৰাছিয়াত অধ্যয়নৰত শ্বেৰণ নামৰ বান্ধৱী এজনীৰ মাজত ইমেইলৰ জৰিয়তে হোৱা তথ্যৰ আদানৰ প্ৰদানৰ মাধ্যমত লিখিকাই ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিভিন্ন তথ্য দাঙি ধৰিছে।
ড০ প্ৰণয়ী দত্তৰ প্ৰৱন্ধ ’ইন্টাৰনেটৰ তিতা-মিঠা’
‘ইন্টাৰনেট’ হৈছে কম্পিউটাৰ নেটৱৰ্কৰ এক বিশ্বব্যাপী ব্যৱস্থা। ‘Interconnection of Network’ শব্দকেইটাৰ প্ৰথম অংশৰ সংযোজন ঘটাই ‘Internet’ শব্দটি গঠন কৰা হৈছে। সহজ ভাষাত হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই হৈছে ইন্টাৰনেট।
ইন্টাৰনেটৰ লগত ‘Virus’ শব্দটো জড়িত। Virus শব্দটোৰ সম্পূৰ্ণ ৰূপ হৈছে ‘Vital information resources under seize’। ই হৈছে ধবংসাত্ম অভিপ্ৰায়েৰে প্ৰস্তত কৰা এক কম্পিউটাৰ প্ৰ’গ্ৰেম। ই কম্পিউটাৰৰ ফাইলৰ লগত সংযুক্ত হৈ ব্যৱহাৰকাৰীৰ অজ্ঞাতে সেইবোৰত বিজুতি ঘটাব পাৰে।
ড০ প্ৰণয়ী দত্তৰ প্ৰৱন্ধ ’ইন্টাৰনেটৰ তিতা-মিঠা’
ইন্টাৰনেটৰ লগত জড়িত আন এক সাংকেতিক ব্যৱস্থা বা মাধ্যম জড়িত। ই হ’ল www (world wide web) ই হ’ল পৃথিৱীব্যাপী সিচঁৰতি লাখ লাখ কম্পিউটাৰত থকা তথ্যপাতিৰ সামূহিক ভাণ্ডাৰ। বিভিন্ন তথ্যবোৰ পাঠ, গ্ৰাফিক্স, ভিডিঅ’ আৰু অডিঅ’ৰ মাধ্যমত থাকে আৰু ইয়াক অতি সহজে আহৰণ কৰিব পাৰি। ১৯৮৯ চনত চুইজাৰলেণ্ডৰ জেনেভাত পদাৰ্থ কণিকাৰ তাত্বিক আৰু ব্যৱহাৰিক গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় আৰু অতি উচ্চমানৰ পৃথিৱী বিখ্যাত গৱেষণাকেন্দ্ৰ চনত W W W বা ৱেব -ৰ জন্ম হৈছিল।
এনেদৰে লিখকে প্ৰথমতে ইন্টাৰনেটৰ উদ্ভৱৰ বিষয়ে কিছু তথ্য দাঙি ধৰি ‘কুঁৱলী’ নামৰ স্কুলীয়া ছাত্ৰী এগৰাকী আৰু ৰাছিয়াত অধ্যয়নৰত শ্বেৰণ নামৰ বান্ধৱী এজনীৰ মাজত ইমেইলৰ জৰিয়তে হোৱা তথ্যৰ আদানৰ প্ৰদানৰ মাধ্যমত লিখিকাই ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিভিন্ন তথ্য দাঙি ধৰিছে।
কুঁৱলীয়ে প্ৰথমে ৰাছিয়াত থকা তাইৰ বান্ধবী শ্বেৰণলৈ ই-মেইল পঠাইছিল। তাইৰ ই-মেইল পাই শ্বেৰণেও উষ্ণ সঁহাৰি জনাইছিল। ই-মেইলত শ্বেৰণে দেউতাকৰ লগত পিটাৰ্চবাৰ্গ চহৰলৈ ফুৰিবলৈ যোৱাৰ সময়ত উঠা বহুতো ৰঙ্গীণ ফটোৰ সৈতে তাইৰ অভিজ্ঞতা বৰ্ণনা কৰিছিল। এই বিৱৰণীয়ে কুঁৱলীক বাৰুকৈয়ে মোহিত কৰিছিল। তাই উপলব্ধি কৰিলে যে ই-মেইলৰ জৰিয়তে বিভিন্ন ধৰণৰ ৰোমাঞ্চকৰ অভিজ্ঞতা লাভ কৰিব পাৰি।
ড০ প্ৰণয়ী দত্তৰ প্ৰৱন্ধ ’ইন্টাৰনেটৰ তিতা-মিঠা’
এনেদৰে তাই অন্যান্য বান্ধবীসকললৈয়ো ই-মেইল আদান-প্ৰদান কৰি দেশ-বিদেশৰ নতুন নতুন কথা আৰু তথ্য জানিব পাৰিছিল। তাৰোপৰি তাই ভিডিঅ’ কলিঙৰ জৰিয়তে দূৰণিত থকা বন্ধু-বান্ধবীৰ সৈতে পৰ্দাত মুখামুখিকৈ দেখা পোৱাকৈ কথা পাতিব পাৰিছিল। তাই চিৰযুগমীয়া চিনেমা, গীত, নাটক আদি উপভোগ কৰিব পাৰিছিল।
ইয়াৰ উপৰি কুঁৱলীয়ে ইন্টাৰনেটৰ জৰিয়তে পূজাৰ বন্ধত দক্ষিণ ভাৰতলৈ ফুৰিবলৈ যাবলৈ তাই ভ্ৰমণ টিকট কটা, ৰোম বুকিং কৰা আদি কাম কৰা অভিজ্ঞতা লাভ কৰিছিল।
ইন্টাৰনেটৰ বহুতো সুবিধা বা উপকাৰীতা আছে, যেনে —
প্ৰথমত, ইন্টাৰনেটৰ জৰিয়তে আমি পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা বন্ধু-বান্ধবীসকললৈ ই-মেইল পঠাব পাৰো, ভিডিঅ’ কলিং কৰিব পাৰো।
দ্বিতীয়, ইন্টাৰনেটৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ তথ্য, কিতাপ-পত্ৰ আদি পঢ়িব পাৰো।
তৃতীয়তে, ঘৰতে বহি ৰেলৰ টিকট, বিমানৰ টিকট আদি সংগ্ৰহ কৰাৰ লগতে হোটেলৰ ৰুম বুকিং আদি বহুতো কাম কৰিব পাৰো।
চতুৰ্থতে, ইন্টাৰনেটৰ জৰিয়তে আমি ভিডিঅ’ গেম খেলিব পাৰো।
পঞ্চমতে, ইন্টাৰনেটৰ জৰিয়তে আমি গীত, চিনেমা, আদি উপভোগ কৰিব পাৰো।
ইন্টাৰনেটৰ সুবিধা অৰ্থাৎ মিঠা দিশ থকাৰ লগতে ইয়াৰ অসুবিধা বা তিতা দিশো আছে, যেনে–
প্ৰথম, ইন্টাৰনেট অধিক ব্যৱহাৰ কৰিলে ইয়াৰ প্ৰতি ব্যৱহাৰকাৰী আসক্ত হৈ পৰে। ফলত আসক্ত ব্যক্তিজনে প্ৰধান কৰ্তব্যক পাহৰি যায়।
দ্বিতীয়ত, ইন্টাৰনেটে ব্যক্তি এজনৰ মনত পৰিয়াল আৰু সমাজৰ প্ৰতি থকা দায়িত্বৰ প্ৰতি অৱহেলাৰ ভাৱ গঢ়ি তোল।
তৃতীয়তে, ইন্টাৰনেটত সময়ৰ অপচয় হয়। ছাত্ৰ-ছাত্ৰীসকলে পাঠ্যপুথি অধ্যয়ন, আলোচনী, বাতৰি কাকত আদি পঢ়িবলৈ এলাগী হয়।
চতুৰ্থতে, ইন্টনেটত প্ৰচাৰ হোৱা তথ্য, বাতৰি আদি সদায় শুদ্ধ নহয়। বহু সময়ত উৰা-বাতৰিও প্ৰচাৰ হয়। ফলত মানুহৰ মাজত ভুল বুজা-বুজি হয় আৰু সমাজৰ ক্ষতি কৰে।
পঞ্চমতে, ইন্টাৰনেটত আসক্ত ছাত্ৰ-ছাত্ৰীসকলে শৰীৰচৰ্চা, খেলা-ধূলা, বন্ধ-বান্ধৱীৰ লগত সম্পৰ্ক আদিৰ প্ৰতি পিঠি দিয়ে। ফলত শাৰীৰিক আৰু মানসিক বিকাশ ব্যাহত হয়।
এইদৰে ‘ইন্টাৰনেটৰ তিতা-মিঠা’ প্ৰৱন্ধটোৰ জৰিয়তে লিখিকা ড০ প্ৰণয়ী দত্তই ইন্টাৰনেটৰ বিভিন্ন দিশৰ সাৱলীল বৰ্ণনা দাঙি ধৰিছে। 0 0 0.
ড০ প্ৰণয়ী দত্তৰ প্ৰৱন্ধ ’ইন্টাৰনেটৰ তিতা-মিঠা’
বি. দ্র. ‘ড০ প্ৰণয়ী দত্তৰ প্ৰৱন্ধ ’ইন্টাৰনেটৰ তিতা-মিঠা’–এক বিশ্লেষণ | Pronoyee Dutt Internetor Tita-Mitha‘ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘নির্বাচিত অসমীয়া প্রবন্ধ সমালোচনা‘ গ্রন্থৰ পৰা লোৱা হৈছে।
ড০ প্ৰণয়ী দত্তৰ প্ৰৱন্ধ ’ইন্টাৰনেটৰ তিতা-মিঠা’
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: