Home Literary Criticism তীৰ্থনাথ শৰ্মাৰ প্ৰৱন্ধ ‘ভাৰতীয় আদৰ্শত ‘বৈৰাগ্য’–এক বিশ্লেণাত্মক অধ্যয়ন | Tirthanath Sarma Bharatiya...

তীৰ্থনাথ শৰ্মাৰ প্ৰৱন্ধ ‘ভাৰতীয় আদৰ্শত ‘বৈৰাগ্য’–এক বিশ্লেণাত্মক অধ্যয়ন | Tirthanath Sarma Bharatiya Adarshot Boiragya

0

তীৰ্থনাথ শৰ্মাৰ প্ৰৱন্ধ ‘ভাৰতীয় আদৰ্শত ‘বৈৰাগ্য’ — এক বিশ্লেণাত্মক অধ্যয়ন

তীৰ্থনাথ শৰ্মাৰ প্ৰৱন্ধ ‘ভাৰতীয় আদৰ্শত ‘বৈৰাগ্য’--এক বিশ্লেণাত্মক অধ্যয়ন  Tirthanath Sarma Bharatiya Adarshot Boiragya

 

তীৰ্থনাথ শৰ্মাৰ প্ৰৱন্ধ ‘ভাৰতীয় আদৰ্শত ‘বৈৰাগ্য’

তীৰ্থনাথ শৰ্মাৰ প্ৰৱন্ধ ‘ভাৰতীয় আদৰ্শত ‘বৈৰাগ্য’ — এক বিশ্লেণাত্মক অধ্যয়ন | Tirthanath Sarma Bharatiya Adarshot Boiragya

‘ভাৰতীয় আদৰ্শত বৈৰাগ্য’ শীৰ্ষক প্ৰৱন্ধটোত লিখক তীৰ্থনাথ শৰ্মাদেৱে ত্যাগৰ মাজেদি কিদৰে এক সমৃদ্ধিময় জীৱন যাপন কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিছে। 

লিখকে ‘ভাৰতীয় আদৰ্শত বৈৰাগ্য’ প্ৰৱন্ধটোত কৈছে যে ভাৰতীয় সভ্যতা, সংস্কৃতি আৰু সমাজ জীৱন ভাৰতৰ প্ৰাচীন গ্ৰন্থ বেদৰ ওপৰত প্ৰতিষ্ঠিত। বেদ চাৰিখন যেনে- ঋকবেদ, যজুর্বেদ, সামবেদ আৰু অথর্ববেদ। বেদবোৰ অকল ধৰ্ম শাস্ত্ৰই নহয়, এইবোৰ হৈছে এক উচ্চস্তৰৰ জীৱন যাপনৰ সুস্পষ্ট নিৰ্দেশনা। এই বেদবোৰৰ আদৰ্শৰ ওপৰতে ভাৰতীয় সভ্যতা আৰু সংস্কৃতি গঢ় লৈছে – যিয়ে ভাৰতীয়সকলক বিশ্বৰ দৰবাৰত এক সুকীয়া পৰিচয় প্ৰদান কৰিছে। এই বেদ গ্রন্থাবোৰত মানুহে মানি চলিব লগা আধ্যাত্মিক নিৰ্দেশনাৰ পৰা আৰম্ভ কৰি পৰিয়াল পোহপাল কৰাৰ নীতি নিয়ম আনকি ব্যাধি নিবাৰণৰ উপায়বোৰো দিয়া আছে। এইবেদ গ্রন্থাবোৰে শিকায় যে মানুহে কৰ্মময় জীৱন যাপন কৰিও এক সমৃদ্ধিময় আধ্যাত্মিক জীৱন যাপন কৰিব পাৰে। যুগ যুগ ধৰি ভাৰতীয় ঋষি-মুনিসকলে এই বেদৰ আদৰ্শৰ ওপৰত জীৱন-যাপন কৰি ভাৰতীয় সংস্কৃতি গঢ় দিছে।

তীৰ্থনাথ শৰ্মাৰ প্ৰৱন্ধ ‘ভাৰতীয় আদৰ্শত ‘বৈৰাগ্য’ 

ভাৰতীয় জীৱনাদৰ্শত বৈৰাগ্যৰ স্থান অতি উচ্চ। সংযতভাৱে জীৱন যাপন কৰি প্ৰাপ্তিৰ পিছতো তাৰ প্ৰতি নিৰাসক্ত হৈ থকাই হৈছে বৈৰাগ্য। কিন্তু এই বৈৰাগ্য বিচৰা বস্তু নোপোৱাৰ ফলত ওপজা বিৰক্তি নহয়। কাঙ্খিত বস্তু পোৱাৰ পাছতো তাৰ প্ৰতি নিৰাসক্ত হৈ থাকিব পৰা গুণটোকেই ভাৰতীয় আদৰ্শত বৈৰাগ্য বুলি কোৱা হয়।

ভাৰতীয় আদৰ্শত ব্যক্তি এজনৰ জীৱন কালছোৱাক চাৰিটা স্তৰত ভাগ কৰা হৈছে। এই চাৰিটা স্তৰকে চাৰি আশ্ৰম বুলি কোৱা হৈছে। এই চাৰি আশ্ৰম হৈছে – ব্রহ্মচাৰ্য, গাৰ্হস্থ্য বানপ্ৰস্থ আৰু সন্ন্যাস।

ব্রহ্মচাৰ্য আশ্ৰম হৈছে শিক্ষা লাভৰ স্তৰ। এই স্তৰত বিদ্যাৰ্থীয়ে গুৰু গৃহত থাকি বিভিন্ন জ্ঞান লাভ কৰিব লাগে। শিক্ষা সমাপ্ত কৰি গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰিবলৈ লোৱা বিদ্যাৰ্থীক গুৰুৱে তলত দিয়া ধৰণে উপদেশ দিছিল।

তীৰ্থনাথ শৰ্মাৰ প্ৰৱন্ধ ‘ভাৰতীয় আদৰ্শত ‘বৈৰাগ্য’

প্ৰথম, বিদ্যাৰ্থীয়ে সত্য আৰু ধৰ্ম -এই দুটা বজাই ৰাখি আচৰণ কৰিব লাগে।

দ্বিতীয়, সততাৰে ধন উপাৰ্জন কৰিব লাগে।

তৃতীয়, পিতৃ-মাতৃ আৰু গুৰুজনক মান্য কৰি চলিব লাগে।

চতুৰ্থ, ডাঙৰৰ বেয়া গুণ পৰিহাৰ কৰি ভাল গুণ গ্ৰহণ কৰিব লাগে।

পঞ্চম, ধন-ঐশ্বৰ্য উপাৰ্জন কৰি তাক সমভাৱে বিতৰণ কৰি সংযতভাৱে ভোগ কৰিব লাগে।

শেষত, ভাৰতীয় আদৰ্শই কামৰ ওপৰত অতিজোৰ দি কৈছে যে মানুহৰ কাম কৰাৰ বাহিৰে আন উপায় নাই। কিন্তু নিৰাসক্ত হৈ কৰ্মময় জীৱন যাপন কৰাই হৈছে ভাৰতীয় আদৰ্শত এক সমৃদ্ধিময় জীৱন। 0 0 0.

তীৰ্থনাথ শৰ্মাৰ প্ৰৱন্ধ ‘ভাৰতীয় আদৰ্শত ‘বৈৰাগ্য’

বি. দ্র.তীৰ্থনাথ শৰ্মাৰ প্ৰৱন্ধ ‘ভাৰতীয় আদৰ্শত ‘বৈৰাগ্য’ — এক বিশ্লেণাত্মক অধ্যয়ন | Tirthanath Sarma Bharatiya Adarshot Boiragyaৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘নির্বাচিত অসমীয়া প্রবন্ধ সমালোচনা‘ গ্রন্থৰ   পৰা লোৱা হৈছে

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here