ত্বাৰফা বিন আল আ‘ব্দ (Tarfa bin al-A’bd)
ত্বাৰফা বিন আল আ‘ব্দ
ত্বাৰফা বিন আল আ‘ব্দ | Tarfa bin al-A’bd
চমু পৰিচয়: প্ৰাক-ইছলামী যুগৰ মুখ্য কবিসকলৰ অন্যতম এজন আছিল ত্বাৰফা বিন আল আ‘ব্দ। আৰবী কাব্য সাহিত্যত তেওঁ এজন ব্যঙ্গাত্মক কবি হিচাপে বিখ্যাত হৈ আছে। তেওঁৰ জন্মৰ সঠিক সময় জনা নাযায় যদিও তেওঁ ষষ্ঠ শতিকাৰ দ্বিতীয় দহকত জন্ম গ্ৰহণ কৰিছিল বুলি অনুমান কৰা হয়। তেওঁৰ জন্ম হৈছিল আৰবৰ বিখ্যাত ‘বকৰ’ গোত্ৰত। তেওঁৰ পিতাকৰ নাম আছিল আল-আ’ব্দ। সৰুতে তেওঁ পিতৃ-মাতৃহীন হয় আৰু খুড়ায়েকৰ তত্বাৱধানত থাকিবলৈ লয়। কিন্তু খুড়ায়েকে তেওঁৰ প্ৰতি উদাসীনতা দেখুৱাই পিতৃ সম্পত্তিৰ পৰা তেওঁক বঞ্চিত কৰাৰ চেষ্টা কৰে। ফলত তাৰাফাই সুশিক্ষাৰ পৰা বঞ্চিত হৈ দুৰ্নীতিপৰায়ণ, অত্যাচাৰী আৰু সুৰাসক্ত হৈ পৰে।
যৌৱনৰ প্ৰাৰম্ভিক কালতে তেওঁ তামীম গোত্ৰৰ ‘খাওলা’ নামৰ এজনী যুৱতীৰ প্ৰেমত পৰে। তাৰাফাই তাইক সৰ্বস্ব দি ভাল পালেও তাই তাৰাফাৰ প্ৰেমৰ প্ৰতি কোনো সঁহাৰি দিয়া নাছিল। প্ৰেমত বিফল হৈ তেওঁ ঘৰৰ পৰা ওলাই গৈ অঘৰীভাৱে ঘূৰি-ফুৰিবলৈ লয় আৰু মনৰ দুখ-শোক প্ৰকাশৰ বাহক হিচাপে কাব্য চৰ্চা আৰম্ভ কৰে।
নিজ পিতৃ সম্পত্তিৰ পৰা বঞ্চিত হোৱা তাৰাফাই আৰ্থিক দৈন্যতা লাঘৱ কৰিবলৈ এবাৰ হীৰাৰ ৰজা আমৰৰ ৰাজসভালৈ যায়। তাত আগৰে পৰা মুতালাম্মিছ নামৰ তেওঁৰ এজন দদায়েক হীৰাৰ ৰজাৰ ৰাজকবি হিচাপে আছিল। তাত তেওঁ এটি কবিতা ৰচনা কৰি ৰজাৰ প্ৰশংসা লাভ কৰে আৰু ৰজাই তেওঁক মুতালাম্মিছৰ সহায়কাৰী কবি হিচাপে নিয়োগ কৰে।
ত্বাৰফা আছিল স্বাধীনচেতীয়া আৰু তেওঁৰ প্ৰতিপক্ষৰ যিকোনো ব্যক্তিক কেন্দ্ৰ কৰি ব্যঙ্গ কবিতা ৰচনা কৰাত পটু আছিল। সেয়ে তেওঁ ৰাজসভাৰ সভাষদ আনকি ৰজাৰ বিষয়েও ব্যঙ্গাত্মক কাব্য ৰচনা কৰিছিল। এদিন ত্বাৰফাই ৰজা আমৰৰ লগত ৰাজপ্ৰসাদত মদ পান কৰি আছিল। এনেতে ৰজা আমৰৰ ভনীয়েক এজনীৰ ওপৰত ত্বাৰফাৰ চকু পৰে। ইয়াৰ লগে লগে তেওঁৰ কবিত্ব শক্তি জাগ্ৰত হয় আৰু গাবলৈ ধৰে-
“সোণৰ জুনুকা পৰিহিতা, ৰূপৰ হৰিণী
দিলেহি দেখা মোক আজি
যদি নাথাকিলেহেঁতেন নৃপতি
তাইৰ ওঁঠ দুটি মোৰ ওঁঠত ধৰিলোহেঁতেন চেপি।”
উক্ত কবিতাফাকি শ্ৰৱণ কৰি ত্বাৰফাৰ প্ৰতি ৰজা আমৰ ইমানেই ক্ৰোধান্বিত হয় যে তেওঁ ত্বাৰফাৰ লগতে তেওঁৰ ককায়েক মুতালাম্মিছকো অতি সুকৌশলে মৃত্যুদণ্ড দিব বুলি মনস্থ কৰে। কিন্তু নিজ ৰাজ্যত সিহঁতক মৃত্যু দিলে প্ৰজাই বিদ্ৰোহ কৰিব পাৰে বুলি ভাবি সিহঁতক বেলেগ ৰাজ্যত হত্যা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই উদ্দেশ্য আগত ৰাখি ৰজাই মুতালাম্মিছ আৰু ত্বাৰফাক ছুটি দি নিজ নিজ ঘৰলৈ যোৱাৰ আদেশ দিয়ে। সিহঁতৰ হাতত বাহৰাইন আৰু ওমানৰ শাসনকৰ্তালৈ লিখা দুখন চিঠিও দি দিয়ে।
চিঠি দুখন লৈ দুয়োজন ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। উল্লেখ্য যে মুতালাম্মিছ আৰু ত্বাৰফা দুয়োজনেই আছিল নিৰক্ষৰ কবি। সিহঁতে লিখা-পঢ়া জনা নাছিল। বাটত মুতালাম্মিছে চিঠিখনৰ ভিতৰত কিনো লিখা আছে বুলি কৌতুহল হোৱাত এজন লিখা-পঢ়া জনা যুৱকক চিঠিটো পঢ়িবলৈ দিলে। চিঠিখন পঢ়ি জানিব পাৰিলে যে চিঠিখনত তেওঁক জীয়াই জীয়াই পুতি হত্যা কৰাৰ নিৰ্দেশ দিয়া আছে। তেতিয়া মুতালাম্মিছে চিঠিখন নদীত পেলাই দি ত্বাৰফাকো তেওঁৰ হাতত দিয়া চিঠিটো খুলি পঢ়িবলৈ নিৰ্দেশ দিলে। কিন্তু ত্বাৰফাই ৰাজ আজ্ঞা অৱহেলা নকৰি বাহৰাইনৰ শাসনকৰ্তাৰ হাতত চিঠিটো প্ৰদান কৰে। বাহৰাইনৰ শাসনকৰ্তাই ত্বাৰফাক হত্যা নকৰি বন্দী কৰি হীৰাৰ ৰজাৰ ওচৰলৈ পঠাই দিয়ে। হীৰাৰ ৰজাই তেওঁক ৫৬৪ খ্ৰীষ্টাব্দত ঘাতকৰ হতুৱাই হত্যা কৰে।
কাব্যিক প্ৰতিভাঃ ত্বাৰফা বিন আল আ‘ব্দ মূলত এজন ব্যঙ্গ কবি হিচাপে বিখ্যাত আছিল যদিও তেওঁৰ কবিতাৰ বিষয়বস্তু আছিল প্ৰেম, যুদ্ধ, বীৰত্ব, দুখীয়াৰ প্ৰতি উদাৰ মনোভাৱ আদি। তেওঁ বহুতো কবিতা ৰচনা কৰিছিল যদিও সেইবোৰৰ মাজৰ পৰা মাত্ৰ ২৫০ শাৰীমান কবিতা বৰ্তমানে পোৱা যায়। তেওঁ ৰচনা কৰা কবিতাবোৰৰ ভিতৰত তেওঁৰ মুৱাল্লাকা কবিতাটো বিখ্যাত। এই কবিতাটোত সংক্ষেপে তেওঁৰ ব্যক্তিগত জীৱনৰ বহু কথা প্ৰকাশ কৰিছে। প্ৰথমতে তেওঁৰ ভাতৃয়ে তেওঁৰ প্ৰতি কৰা অন্যায়ৰ বৰ্ণনা দি তেওঁ বাহন হিচাপে ব্যৱহাৰ কৰা উটৰ বৰ্ণনা দিছে। উটৰ বৰ্ণনা কৰাত তেওঁ ২৮ টা মান শাৰী ৰচনা কৰে। উটৰ বৰ্ণনাত তেওঁ তেওঁৰ সমসাময়িক কবি ইমৰাউল কাইছৰ দৰে সাৰুৱা কল্পচিত্ৰৰ ব্যৱহাৰ কৰিছে। এই বৰ্ণনা অতি নিখুঁত, যথাযথ আৰু সুক্ষ্মদৰ্শী। তেওঁ উটৰ খোজৰ ধৰণ, পিঠি, ভৰি, মূৰ, ডিঙি, উচ্চতা, বুকু, কান্ধ, উৰু, বৰণ আদিৰ বৰ্ণনা দাঙি ধৰাৰ লগতে জীনৰ ঘঁহনি খাই উটৰ পেটৰ ওপৰত হোৱা দাগৰ বিষয়েও বৰ্ণনা কৰিছে।
উটৰ বৰ্ণনা দাঙি ধৰাৰ পিছত তেওঁৰ প্ৰেয়সী খাওলাৰ লগত তেওঁৰ প্ৰেম প্ৰসংগৰ বৰ্ণনা দিছে। এই বৰ্ণনাৰ মাজে মাজে তেওঁ যুদ্ধ, যুদ্ধত দেখুওৱা কৌশল, সাহস, বীৰত্ব আদিৰ বিষয়েও কৈছে।
তাৰাফাৰ কবিতাৰ ভাষা আছিল সৰল কিন্তু আমোদজনক। তেওঁৰ ব্যঙ্গাত্মক কবিতসমূহত তেওঁৰ প্ৰতিপক্ষৰ অন্যায় আৰু দোষ-ত্রূটিৰ সমালোচনা প্ৰকাশ পাইছে।
সামৰণিত ক’ব পাৰি যে ত্বাৰফা বিন আল আ‘ব্দ প্ৰাক-ইছলামী যুগৰ এজন দুঃসাহসিক প্ৰতিভাধাৰী কবি আছিল যিজনে নিজৰ পৃষ্ঠপোষকৰো সমালোচনা কৰি ব্যঙ্গ কবিতা ৰচনা কৰিছিল। 0 0 0.
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
Additional Searches:
- Arabic-Wikipedia
- Zuhayr bin Abi Sulma
- Imraul Quis
- Tarfa bin al-A’bd
- Hatim Tai-Wikipedia
- The History of Arabic Language
- Learn Arabic Through Assamese
- Arabic Language History
- Sahban Wael
- আৰবী ভাষা