Home Literary Criticism দুঃসময়-এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Dushamay

দুঃসময়-এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Dushamay

0

দুঃসময়-এক সমালোচনাত্মক বিশ্লেষণ

ৰাব্বি মছৰুৰ

দুঃসময়-এক সমালোচনাত্মক বিশ্লেষণ  Ismail Hossain Dushamay

দুঃসময়-এক সমালোচনাত্মক বিশ্লেষণ

দুঃসময়-এক সমালোচনাত্মক বিশ্লেষণ

দুঃসময়-এক সমালোচনাত্মক বিশ্লেষণ

কবিসকল সমাজ সচেতন। সমাজত চলি থকা অন্যায়, দুৰ্নীতি, অবিচাৰ, অপৰাধ, আন্দোলন, বিদ্ৰোহ ইত্যাদি সামাজিক চিত্ৰ সাহিত্যত প্ৰতিফলিত কৰাই আধুনিক কবি-সাহিত্যিকসকলৰ প্ৰধান লক্ষ্য। আজিৰ কবিতা নিকুঞ্জবনৰ ফুলৰ সুঘ্ৰাণ আৰু চৰাইৰ কলকলনিৰ মাজত আপোন পাহৰা হৈ আনন্দ উপভোগ কৰাৰ বিলাসী সামগ্ৰী নহয়।  আজিৰ কবিতা সমাজ সচেতন। ভাষা আৰু শব্দৰ সহায়ত সমাজৰ চিত্ৰ কবিসকলে কবিতাত তুলি ধৰে। ইছমাইল হাড়ে হিমজুৱে সমাজৰ প্ৰতিনিধিত্বশীল কবি। সমাজৰ চিত্ৰ কবিতাৰ মাজেৰে জনগণৰ মানস আৰু চৰ্ম চক্ষুত তুলি ধ’ৰাই তেওঁৰ লক্ষ্য। ‘দুঃসময়’ নামৰ কবিতাটি কবি হোছেইনৰ তেনে এক সামাজিক কবিতা – যাৰ মাজেদি কবিয়ে আধুনিক সমাজ ব্যৱস্থাত মানৱতাবাদৰ অৱক্ষয়ৰ চিত্ৰ কিছুমান স্পষ্ট প্ৰতীকৰ সহায়ত পাঠক সমাজৰ  আগত দাঙি  ধৰিছে। কবিসকল সদায় মানৱ প্ৰেমত মত্ত। সেইদৰে শান্তি প্ৰয়াসীও। সিহঁতে জানে হত্যা আৰু  বিদ্ৰোহৰ দ্বাৰাই কেতিয়াও সমাজ বা দেশত শান্তি আনয়ন হ’ব নোৱাৰে।  কবিয়ে কৈছে-

“প্ৰাতঃ মানুহৰ প্ৰাণ কাঢ়ি ল’লেই যদি ৰক্ষা হয় স্বাধীনতা

প্ৰাতঃ জাতিদ্ৰোহৰ জালিয়াতি কৰিলেই যদি ৰক্ষা হয় জাতীয়তা

তেনেহ’লে বিবস্ত্ৰা হৈ দাপোণত এবাৰ নিজকে চাই লোৱা

দেখা পাবা, একেই তোমাৰ দেহাৰ আৱৰণ, একেই স্নায়ুৰেখা।”

দেশ বা জাতীয়তাই এক সম্প্ৰদায়ে আন এক সম্প্ৰদায়ক হত্যা কৰা নুবুজায়। দেশৰ এটি সত্ত্বা আছে, অস্তিত্ব আছে, ই বিবস্ত্ৰা প্ৰাণহীনা শিলাৰ দৰে জঠৰ বা মৃত নহয়। কবিৰ ভাষাত-

“দেশৰ আন এটা নামতো নহয় তেজে ধোৱা চোলা

অথবা বিবস্ত্ৰা এটি প্ৰাণহীনা শিলা।”

দুঃসময়-এক সমালোচনাত্মক বিশ্লেষণ

কবিয়ে লক্ষ্য কৰিছে যে আজিকালি এইখন দেশত কোনেও কাৰো ওপৰত বিশ্বাস কৰিব নোৱাৰা হৈছে। প্ৰতিজন নাগৰিকৰ মনত বিশ্বাস ভঙ্গৰ ভয় আৰু প্ৰতিজন নাগৰিকেই প্ৰত্যক্ষ বা পৰোক্ষভাবে অন্যায়, অবিচাৰৰ বলি হ’ব লগা হৈছে। কবিয়ে সেয়েহে কৈছে–

“দেশৰ মাটিত এতিয়া একোটা নিঃসঙ্গ ৰাতিত সৰি পৰে

আস্থাৰ অনেক গোলাপ

প্ৰতিজোপা ফুল ফুলা গছতেই এতিয়া কুঠাৰে কোবোৱা দাগ।”

ইয়াত ‘নিঃসঙ্গ ৰাতি’য়ে পৰস্পৰে পৰস্পৰৰ পৰা আঁতৰি যোৱা বৰ্তমান সময়ক বুজাইছে। ‘আস্থাৰ অনেক গোলাপ’ বাক্যাংশই মানৱ মনৰ ভিতৰত সংজ্ঞাভাৱে থকা বিশ্বাসক বুজাইছে। ‘প্ৰতিজোপা ফুল ফুলা গছ’ প্ৰতীকে সম্ভাৱনাপূৰ্ণ কবি সাহিত্যিক নাইবা মানৱাদৰ্শত বিশ্বাসী নাগৰিকক বুজাইছে।

মানৱ আদৰ্শৰ অৱক্ষয়মান সমাজত যে কেৱল মানুহক ভয় আৰু শংকাৰ দৈত্যই ভয়াতুৰ কৰি ৰাখে এনে নহয়, ইয়াত ভয় আৰু আতংকত পুৱতিৰ চৰাই, আনকি আকাশো নিজকে ডাৱৰৰ আগত ঢাকি ৰাখে। সেয়েহে কবিয়ে সকৰুণভােব চিত্ৰিত কৰিছে–

“আজিকালি 

পুৱতিৰ চৰাইজাকে ইয়াত মিতালি পাতিবলৈ নাহে

জালিকটা ৰ’দতো গা নোধোৱে শালিকীজাক

সদায় গোমা হৈ থাকে বৃদ্ধ আকাশ।”

দুঃসময়-এক সমালোচনাত্মক বিশ্লেষণ

দেশৰ চাৰিওফালে হত্যা, ভাবুকি, লুণ্ঠণ ইমানেই বাঢ়ি গৈছে যে কোনো নাগৰিকৰে সুস্থিৰতা নাই। অকাল মৃত্যু শংকাৰ পৰা হাত সাৰিবলৈ নাগৰিকসকলে ইফালে-সিফালে অস্থিৰভাৱে ঘূৰি ফুৰিব লগা হৈছে। কবিৰ জীৱনতো এয়া ঘটিছে। সেয়ে কবিয়ে বিষাদেৰে কৈছে–

এতিয়া মোৰ বন্ধুবোৰেও মোৰ ঠিকনা পাহৰি গ’ল

ডাকঘৰে সঘনাই সলায় ঠিকনা

আধা বাটতেই ৰৈ যায় মোৰ চিঠিৰ টোপোলা।”

সমাজৰ এনে আতংকজনক পৰিস্থিতি প্ৰত্যক্ষ কৰি কবি ইছমাইল দুখ, শোকত মৰ্মাহত হৈছে, বুকুত বিষ অনুভৱ কৰিছে। সেয়ে কৈছে–

“দুখৰ গহীন ৰাতি সদায় সাৰ পাওঁ বুকুৰ বিষত

পূৰ্ণ নিদ্ৰাত কোনো দিনেই পাৰ নহ’ল মোৰ আন্দোলিত নিশা

………………

হৃদয়ৰ মাজেৰে পাৰ হৈ যায় খৰস্ৰোতা এখনি নদী।”

কবিতাটি সমাজক প্ৰতিনিধিত্ব কৰা এটি আধুনিক কবিতাৰ সফল নিদৰ্শন। আধুনিক কবিতাৰ প্ৰধান শৈলী ‘প্ৰতীকে’ৰে ঠাহ খাই আছে কবিতাটি। প্ৰতীকৰ সহায়ত অংকন কৰা প্ৰতিটি কল্পচিত্ৰই অবিনৱত্ব গুণেৰে সমৃদ্ধ। তাৰোপৰি কবিতাটি অনাসক্ত বিশেষণ (transferred epithet) অলংকাৰেৰে অলংকৃত। ‘নিঃসঙ্গ ৰাতি’, বৃদ্ধ আকাশ‘’, ‘আন্দোলিত নিশা’ আদি কবিতাটিত ব্যৱহাৰ হোৱা অনাসক্ত বিশেষণ। ০ ০ ০

দুঃসময়-এক সমালোচনাত্মক বিশ্লেষণ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here