Home Amplification দুখ কৰিলেহে মুখ ভৰে। Dukh Korile Mukh Vare

দুখ কৰিলেহে মুখ ভৰে। Dukh Korile Mukh Vare

দুখ কৰিলেহে মুখ ভৰে

0

দুখ কৰিলেহে মুখ ভৰে

দুখ কৰিলেহে মুখ ভৰে

দুখ কৰিলেহে মুখ ভৰে

দুখ কৰিলেহে মুখ ভৰে

‘দুখ কৰিলেহে মুখ ভৰে’- উক্তিটো এক অসমীয়া প্ৰৱচন। জীৱনত সফলতা লাভ কৰিবলৈ হ’লে যে পৰিশ্ৰমৰ প্ৰয়োজন সেয়া বুজাবলৈ উক্ত প্ৰৱচনফাকি ব্যক্ত কৰা  হয়।

মানুহে দুবেলা দুমুঠি খাই-বৈ সুখে-সন্তোষে জীৱন যাপন কৰিব বিচাৰে। কিন্তু ইয়াৰ বাবে মানুহে কাম (কষ্ট) কৰিব লাগিব। কাম নকৰিলে কোনোৱে সুখেৰে খাবলৈ নাপায়। সমাজত আমি এনেকুৱা বহুত মানুহ দেখিবলৈ পাওঁ যিসকলে গোটেই দিন গাৰ ঘাম মাটিত পেলাই ৰিক্সা চলাই বা দিন হাজিৰা কৰি সন্ধিয়া সময়ত সেই কষ্টোপাৰ্জিত টকাৰে খাদ্য সামগ্ৰী ক্ৰয় কৰি সুখেৰে ভাত এসাজ খায়। কিন্তু সিহঁতে যদি কষ্ট কৰাৰ ভয়ত কাম নকৰি ঘৰতে বহি থাকিলেহেঁতেন তেন্তে সি নাখাই থাকিব লগা হ’লহেঁতেন। সেইদৰে আমি ইতিহাসত এনে বহু লোকৰ বিষয়ে পঢ়িবলৈ পাওঁ যিসকলে পৰিশ্ৰম বা কষ্টৰ বলত নিঃকিন অৱস্থাৰ পৰা সমাজত বিশেষ স্থান লাভ কৰিছিল। উদাহৰণস্বৰূেপ নেপোলিয়ন বোনাপাৰ্ট,  ধীৰুবাই আম্বানি, জে কে ৰাউলিং আদিৰ নাম উল্লেখ কৰিব পাৰি। ধীৰুবাই আম্বানিয়ে জীৱনৰ আগছোৱা সময়ত ৰিক্সা আৰু অটো চলাই অতি কষ্টেৰে জীৱিকা উপাৰ্জন কৰিছিল আৰু খেৰী ঘৰত শুইছিল। কিন্তু অধ্যাৱসায়, মনৰ দৃঢ়তা আৰু অতিপাত পৰিশ্ৰম (কষ্ট)ৰ ফলত সি অৱশেষত এজন কৌটিপতি হৈছিল।

সেয়ে আমি কষ্ট কৰিবলৈ শিকিব লাগে, তেতিয়াহে আমি জীৱনত কৃতকাৰ্যতা লাভ কৰিব পাৰিম অৰ্থাৎ সুখে-সন্তোষে জীৱন-যাপন কৰিব পাৰিম।  ০ ০ ০

দুখ কৰিলেহে মুখ ভৰে । Dukh Korile Mukh Vare

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

LEAVE A REPLY

Please enter your comment!
Please enter your name here