Home Literary Criticism দেশ-এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Desh

দেশ-এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Desh

0

দেশ-এক সমালোচনাত্মক বিশ্লেষণ

ৰাব্বি মছৰুৰ
দেশ-এক সমালোচনাত্মক বিশ্লেষণ  Ismail Hossain Desh
দেশ-এক সমালোচনাত্মক বিশ্লেষণ Ismail Hossain Desh

 

দেশ-এক সমালোচনাত্মক বিশ্লেষণ

বিশ্ব সাহিত্যৰ ইতিহাসত স্বদেশক ভাল নোপোৱা কোনো কবিৰ নাম পোৱা নাযায়। কবি ইছমাইল হোছেইনৰো স্বদেশৰ প্ৰতি আছে অগাধ প্ৰেম। তেওঁ কেইবাটিও স্বদেশপ্ৰেমমূলক কবিতা ৰচনা কৰিছে। সেইবোৰৰ ভিতৰত ‘দেশ’ নামৰ কবিতাটি অন্যতম।  কবিতাটিৰ মাজেৰে কবিৰ স্বদেশৰ প্ৰতি প্ৰেম ভাৱ প্ৰকাশ পাইছে। কবিতাটিত ‘দেশ’ নামটি সমাসোক্তি হৈছে।

দেশৰ অশান্ত বা অস্থিৰ অৱস্থাৰ প্ৰতি দৃষ্টি দি কবি ভাঙি পৰিছে যদিও কবিয়ে ‘সূৰ্যস্নাতা পুৱা’ক  (সুস্থিৰ শান্তিময় সময়ৰ প্ৰতীক) আহ্বান কৰিছে। কবিৰ ভাষাত–

“তোমাৰ ছন পৰা বুকুত মূৰ গুজি 

প্ৰত্যহ মই আহ্বান কৰো এটি সূৰ্যস্নাতা পুৱা

মোৰ বুকুৰ কামিহাড় গছকি পাৰ হৈ যায় 

এদল উদভ্ৰান্ত ঘোঁৰা।”

ইয়াত এদল ‘উদভ্ৰান্ত ঘোঁৰা’ ই অধোঃগামী সমাজৰ  অৱস্থাই কবিৰ মনত প্ৰতিক্ৰিয়াৰ প্ৰতীকক বুজাইছে। 

দ্বিতীয়তে, কবিয়ে দেশৰ আৰু কবিৰ শাৰীৰিক অৱস্থাৰ বৰ্ণনা দিছে। কবিৰ মতে দেশৰ শৰীৰ নাৰী দেহৰ দৰে ঋজু (কোমল আৰু সৰল); কিন্তু তাৰ বিপৰীতে কবিৰ শৰীৰ কঠিন যন্ত্ৰবৎ আৰু তাৰ কাৰণ হিচাপে দৰিদ্ৰতাকেই  সূচাইছে। কবিৰ ভাষাত–

“নাৰী দেহৰ দৰে তোমাৰ এই ঋজু শৰীৰ

আৰু দৰিদ্ৰতাই কৰ্ষণ কৰা মোৰ

যন্ত্ৰবৎ দেহা।”

যদিও কবিয়ে কবিৰ দেহা আৰু কবিৰ দেশৰ শৰীৰৰ মাজত পাৰ্থক্য দেখা পাইছে তথাপি কবিয়ে দেশক ভাল পায়। সেয়ে কবিয়ে দেশৰ ঋজু শৰীৰৰ সৈতে নিজৰ যন্ত্ৰবৎ কঠিন দেহৰ আলিংগন কামনা কৰি দুয়োজনৰ দেহৰ সমিলমিল কামনা কৰিছে। কবিৰ ভাষাত-

“আহা ক্ষন্তেক আলিংগন কৰোঁ

ক্ৰান্তিকালৰ বাবে বিনিময় হওঁক কিছু কথা।”

কবিতাটিৰ ভাষা শৈলী কবিতাটিৰ বিষয়-বস্তুৰ দৰেই সাধাৰণ আৰু পঠনীয় উজু গুণেৰে সমৃদ্ধ। কবিতাটিত প্ৰয়োগ কৰা সমাসোক্তি, প্ৰতীক আৰু অসাধাৰণ কল্পচিত্ৰই  কবিতাটিৰ আকৰ্ষণ বৃদ্ধি কৰিছে। ০ ০ ০

.

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here