দেৱকান্ত বৰুৱাৰ কবিতা ‘মোৰ দেশ মানুহৰ দেশ’– এক আলোচনা
দেৱকান্ত বৰুৱাৰ কবিতা ‘মোৰ দেশ মানুহৰ দেশ’
দেৱকান্ত বৰুৱাৰ কবিতা ‘মোৰ দেশ মানুহৰ দেশ’– এক আলোচনা
‘সাগৰ দেখিছা’ শিৰোনামেৰে লিখা একমাত্ৰ কবিতা পুথিৰে কবি হিচাপে প্ৰসিদ্ধ লাভ কৰা কবি দেৱকান্ত বৰুৱা প্ৰধানত প্ৰেমৰ কবি। প্ৰেমৰ বিৰহ বেদনা, দুখ শোক, আদি আনুভূতিক দ্বিধাহীন সৰল মনে গ্ৰহণ কৰাই তেওঁৰ প্ৰেমৰ কবিতাৰ প্ৰতিপাদ্য বিষয়। ‘মোৰ দেশ মানুহৰ দেশ’ শিৰোনামৰ কবিতাটি দেৱকান্ত বৰুৱাৰ শেহতীয়া কবিতা যিটো ‘সাগৰ দেখিছা’ কবিতা সংকলনত স্থান পোৱা নাই। এই কবিতাটিও প্ৰেমৰ কবিতা যদিও এই প্ৰেম কোনো ৰূপহী গাভৰুৰ প্ৰতি প্ৰেম নহয়; এই প্ৰেম কবিৰ স্বদেশ আৰু স্বদেশৰ মানুহৰ প্ৰতি থকা অকপট প্ৰেম। কবিতাটিৰ জৰিয়তে কবিয়ে ভাৰতৰ অতীত গৌৰৱ ৰোমন্থন কৰাৰ লগতে ইয়াৰ গৌৰৱ আৰু স্বতন্ত্ৰতা ৰক্ষাৰ বাবে সাজু হৈ থাকিবলৈ দেশবাসীক উদাত্ত আহ্বান জনাইছে।
ভৌগোলিক অৱস্থানৰ পিনৰ পৰা ভাৰত এখন বিচিত্ৰ দেশ। কবি দেৱকান্তই প্ৰথমতে, ভাৰতৰ ভৌগোলিক বিচিত্ৰতা উল্লেখ কৰি কৈছে যে ইয়াৰ উত্তৰত উত্তৰগিৰি অৰ্থাৎ হিমালয় পৰ্বতমালা আৰু দক্ষিণে ভাৰত মহাসাগৰ। এই বিশাল ভূখণ্ডৰ মাজেদি শতাধিক নদী বৈ গৈ ইয়াৰ দুয়োপাৰ পলসুৱা কৰি ৰাখিছে যিবোৰ নদীৰ পাৰে পাৰে অতীত কালৰ পৰা নানান সভ্যতাৰ বিকাশ ঘটি এক মহান ঐতিহ্যময় ইতিহাস ৰচনা কৰিছে।
দ্বিতীয়তে, কবি দেৱকান্তই কৈছে যে তেওঁ অকল ভৌগোলিক ভাৰতবৰ্ষকেই ভাল পায় এনে নহয়; তেওঁ স্বদেশৰ মানুহকো অতি ভাল পায়। কাৰণ স্বদেশৰ মানুহবোৰেই ইয়াত সভ্যতাৰ কাৰেং সাজি বিশ্ব দৰবাৰত ভাৰতবৰ্ষক এক সুকীয়া স্থানত উপনীত কৰাইছে। কবিৰ স্বদেশৰ মানুহসকল সৃষ্টিশীল। সেয়ে সিহঁতে হাবি ভাঙি নগৰ সাজিছে আৰু উন্নত সভ্যতাৰ জন্ম দিছে। এই সভ্যতাৰ পোহৰ সাগৰ, মহাসাগৰ পাৰ হৈ বিদেশতো বিস্তাৰ লাভ কৰিছে।
ভাৰতবৰ্ষ অকল সভ্যতা আৰু সংস্কৃতিৰবাবেই মহান নহয়। ই আধ্যাত্মিক দিশতো মহান। ভাৰতত জন্ম লাভ কৰা হিন্দু আৰু বৌদ্ধ ধৰ্ম সুদূৰ কম্বেডিয়াতো প্ৰচাৰ লাভ কৰিছে। বুদ্ধদেৱৰ মানৱতাৰ বাণীয়ে বিশ্বক প্ৰভাৱিত কৰিছে।
চতুৰ্থতে, কবিয়ে বিভিন্ন বৈদেশিক আক্ৰমণৰ কথা সোঁৱৰি কৈছে যে ভাৰতীয়সকলে স্বদেশৰ স্বতন্ত্ৰতা ৰক্ষাৰ বাবে মৰণ পণ কৰি বৈদেশিক শক্তিৰ বিৰুদ্ধে যুদ্ধ কৰিছে। কেতিয়াবা জয় লাভ কৰিছে আৰু কেতিয়াৱা পৰাজয় বৰণ কৰিছে। স্বদেশৰ সন্মান আৰু গৌৰৱ ৰক্ষাৰ বাবে পানীপথ, হলদীঘাট, পলাচী, শৰাইঘাট আদি ৰণত হাজাৰ হাজাৰ ভাৰতীয়ই প্ৰাণ আহুতি দিছে। আনকি ফিৰিঙ্গী হিচাপে আহি ভাৰতবৰ্ষক দখল কৰা ইংৰাজকলৰ হাতৰ পৰা স্বাধীন কৰাৰ বাবে বহুতো ভাৰতীয়ই ফাঁচিকাঠত ওলমিব লগা হৈছে।
পঞ্চমতে, স্বাধীন ভাৰতৰ সোণালী ভৱিষ্যতৰ সপোন দেখি কবিয়ে কৈছে যে নতুন স্বাধীন ভাৰতৰ ঘৰে ঘৰে আশাৰ প্ৰদীপ, পথাৰত সোনালী ধান। ডেকা-গাভৰুৰ দুবাহুত শক্তিৰ সঞ্চয়।
সেয়ে কবিয়ে স্বদেশৰ স্বাধীনতা অটুট ৰখাৰ বাবে দেশৰ প্ৰতিজন নাগৰিকক আহ্বান কৰি কৈছে যে ভাৰতবৰ্ষই স্বাধীনতা পালেও বিভিন্ন বৈদেশিক শক্তিয়ে ভাৰতৰ প্ৰতি সিহঁতৰ লোলুপ দৃষ্টি নিক্ষেপ কৰি আছে। সেইসকলৰ শত্ৰুৰ হাতৰ পৰা স্বদেশক ৰক্ষা কৰাৰ বাবে প্ৰতিজন ভাৰতীয়ই সদায় সাজু হৈ থাকিব লাগিব। কবিৰ ভাষাত–
‘বাহিৰত কিহৰ আৰাও
দস্যুদল দুৱাৰদলিত
সাজু হোৱা দেশৰ মানুহ
আকৌ আহ্বান ! স্বদেশ ৰক্ষাৰ বাবে
আকৌ আহিছে শুনা মৰণৰ উদগ্ৰ আহ্বান
যি মৰণে যুগে যুগে জীৱনক কৰিছে অমৰ!
তাৰ আমন্ত্ৰণ কোনে নেওচিব পাৰে?
কবিতাটি স্পন্দনময় গদ্য ছন্দত ৰচিত। কবিতাটিত কোনো বিশেষ কাব্যিক অলংকাৰ নাই যদিও ই স্বদেশৰ আপোন মহিমাৰে অলংকৃত। কবিয়ে কল্পনা মোহ জালৰ পৰা আঁতৰত থাকি স্বদেশৰ সঁচা ঐতিহ্য আৰু স্বদেশৰ প্ৰতি থকা কবিৰ স্বতঃস্ফূর্ত প্ৰেমক নিৰলংকাৰ অথচ স্পন্দনময় আবেগ ঢালি কবিতাটি ৰচনা কৰিছে।
অসমীয়া ভাষাত কেইবাটাও উল্লেখযোগ্য স্বদেশপ্ৰেমমূলক কবিতা আছে সেইবোৰৰ ভিতৰত দেৱকান্ত বৰুৱাৰ ‘মোৰ দেশ মানুহৰ দেশ’ শিৰোনামৰ এই কবিতাটি এক সততে উদ্বৃতৰ যোগ্য স্বদেশপ্ৰেমমূলক কবিতা। ইয়াৰ স্থান সম্ভৱত হীৰেন ভট্টাচাৰ্যৰ ‘মোৰ দেশ’ শিৰোনামৰ কবিতাটিৰ পিছতেই। ০ ০ ০
মোৰ দেশ মানুহৰ দেশ
বি. দ্র. উক্ত ‘দেৱকান্ত বৰুৱাৰ কবিতা ‘মোৰ দেশ মানুহৰ দেশ’ — এক আলোচনা | Devakanta Baruah Mur Desh Manuhar Desh‘ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘নিৰ্বাচিত অসমীয়া কবিতা সমালোচনা‘ গ্রন্থৰ পৰা লোৱা হৈছে ।
মোৰ দেশ মানুহৰ দেশ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: