Home Quiz দোজখ কুইজ

দোজখ কুইজ

0

দোজখ কুইজ

দোজখ কুইজ

 

দোজখ কুইজ

দোজখ কুইজ

প্ৰঃ দোজখ কাক বোলে ?

উঃ আল্লাহৰ অবাধ্য (আল্লাহক অবিশ্বাস কৰা) অভিশপ্ত মানৱ আৰু জ্বিনসকলক অনন্ত সীমাহীন শাস্তি ভোগ কৰাৰ ঠাইক ‘দোজখ’ বোলে।

প্ৰঃ দোজখৰ ৰক্ষী কেইজন?

উঃ  প্ৰধান 19 জন।

প্ৰঃ জাহান্নাম (দোজখ)ৰ সকলোতকৈ কম শাস্তি কি?

উঃ মাত্ৰ একযোৰ জুইৰ জোতা পৰিধান কৰোৱা হ’ব যাৰ প্ৰভাৱত মূৰৰ মগজু টগবগ কৰি থাকিব।

প্ৰঃ  দোজখ (জাহান্নাম)ৰ জুই কেনেকুৱা?

উঃ আল্লাই জাহান্নাম (দোজখ) জুইৰ দ্বাৰা সৃষ্টি কৰিছে। আল্লাহ-তায়ালাই জাহান্নামৰ জুই সৃষ্টি কৰি ইয়াক এক হাজাৰ বছৰ উত্তপ্ত কৰে. ফলত জুইৰ ৰং ৰঙা হয়। তাৰ পিছত আকৌ এক হাজাৰ বছৰ ইয়াক উত্তপ্ত কৰে। ফলত ইায়ৰ ৰঙ বগা হয়। তাৰ পিছত আকৌ এক হাজাৰ বছৰ উত্তপ্ত কৰে। ফলত ইয়াৰ ৰঙ সম্পূৰ্ণ ক’লা হৈ যায়। সেয়ে জাহান্নামৰ জুই অতিকৈ ভয়ানক আৰু অন্ধকাৰময়।

প্ৰঃ দোজখৰ খৰি কি?

উঃ মানুহ আৰু পাথৰ।

প্ৰঃ  জাহান্নামিসকলৰ শাৰীৰিক আকৃতি কেনেকুৱা হ’ব?

উঃ পাপিষ্ঠ আৰু অভিশপ্ত লোকসকল গাহৰিৰ আকৃতি ধাৰণ কৰি দোজখত প্ৰৱেশ কৰিব। সিহঁতৰ আকৃতি আৰব দেশৰ ওহুদ পাহাৰৰ সমান বিশাল হ’ব আৰু দেহৰ ছাল 42 হাত ডাঠ হ’ব।

প্ৰঃ মানুহ কিয় গাহৰিৰ আকৃতিত দোজখত নিক্ষেপিত হ’ব?

উঃ আল্লাহপাক আৰবী অক্ষৰত ‘মুহাম্মদ’ আকৃতিত মানুহক সৃষ্টি কৰিছে। মুহাম্মদ নামৰ অৱমাননা হ’ব বুলিয়েই আল্লাহই কোনো লোককে মানুহৰ আকৃতিত দোজখত নিদি গাহৰিৰ আকৃতিত দিব।

প্ৰঃ জাহান্নাম কেইটা আৰু কোন জাহান্নাম কাৰ বাবে?

উঃ জাহান্নাম সাতটি। যেনে–

(ক) হাবিয়া: কাফিৰ, মোনাফিক, ফেৰাউন, নমৰুদ আৰু ছাদ্দাদৰ বংশধৰসকল যাব।

(খ) ছায়ীৰ: সকলো মুছৰিকসকল এই দোজখত নিক্ষেপিত হ’ব।

(গ) ছাকাৰ: এই দোজখত মূৰ্তিপূজক আৰু খ্ৰীষ্টানসকল প্রবেশ কৰিব।

(ঘ) জাহীম: চয়তান, তাৰ অনুগামীসকল আৰু অগ্নিপূজকসকল এই দোজখত প্ৰেবশ কৰিব।

দোজখ কুইজ

(ঙ) হুতামা: এই দোজখ ইহুদীসকলৰ বাবে।

(চ) লাজা: আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰা ব্যক্তিসকল এই দোজখৰ বাবে নিৰ্দ্দিষ্ট।

(ছ) ওজাইল বা জাহান্নাম: এই দোজখত সকলো পাপী মুছলমানসকলে (হজৰত মুহাম্মদ ছাল্লালাহু ৱালাইহি ৱা ছাল্লামৰ  পাপী অনুগামীসকল) প্ৰৱশ কৰিব। 

প্ৰঃ ইল্লিন ক’ত অৱস্থিত?

উঃ সপ্তম আকাশত থকা আৰশৰ তলত অৱস্থিত।

প্ৰঃ ছিজ্জিন ক’ত অৱস্থিত?

উঃ সপ্তম জমিনৰ তলত অৱস্থিত।

প্ৰঃ দোজখে বছৰত কেইবাৰ নিশ্বাস পৰিত্যাগ কৰে?

উঃ বছৰত দুইবাৰ। ইয়াৰ এটা অগ্নিৰ আৰু আনটো বৰফৰ। ইয়াৰ ফলত পৃথিৱীত গ্ৰীষ্ম কাল আৰু শীত কাল হয়।

প্ৰঃ সৰ্বশেষ দোজখ আৰু বিহিস্তৰ মীমাংসা হোৱাৰ পিছত  আল্লাহই কি কৰিব?

উঃ জাহান্নাম আৰু দোজখৰ মাজত দুম্বা বা ভেড়া এটিক জবেহ কৰি আল্লাহই  ঘোষণা কৰিব, ’ আজিৰ পৰা কাৰো মৃত্যু নহ’ব।’ দোজখ কুইজ

প্ৰঃ উক্ত দুম্বা বা ভেড়া ৰূপী মৃত্যুক কোনে জবেহ কৰিব?

উঃ হজৰত ইয়াহহিয়া (আঃ)। 0 0 0

দোজখ কুইজ

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

দোজখ কুইজ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here