Home Ass Grammar ধাতু আৰু ধাতুৰ বিভাজন

ধাতু আৰু ধাতুৰ বিভাজন

0

ধাতু আৰু ধাতুৰ বিভাজন

ধাতু আৰু ধাতুৰ বিভাজন

 

ধাতু আৰু ধাতুৰ বিভাজন

ধাতু আৰু ধাতুৰ বিভাজন

আমি আগতে শিকি আহিছো যে যি পদে কোনো কাম কৰা, হোৱা বা নোহোৱা বুজায় তাকে ক্ৰিয়া বোলে। পুৰুষ, প্ৰকাশৰ ধৰণ, উদ্দেশ্য আৰু কাল অনুযায়ী ক্ৰিয়াৰ ৰূপৰ সলনি হয়। যেনে–

আমি ভাত খাওঁ।

তুমি ভাত খালা।

সিহঁতে ভাত খাব।

ধাতু আৰু ধাতুৰ বিভাজন

ওপৰৰ বাক্যবোৰত থকা ‘খাওঁ, ‘খালা’, ‘খাব’ আদি ক্ৰিয়া পদ। এই পদবোৰৰ ‘খা’ ক্ৰিয়া পদৰ মূল ৰূপ।

এনেদৰে ক্ৰিয়াৰ মূল ৰূপকে ধাতু (Root) বোলে। বাক্য এটিত ক্ৰিয়াৰ গুৰুত্ব অপৰিসীম কিয়নো ক্ৰিয়া নোহোৱাকৈ কোনো বাক্য হ’ব নোৱাৰে। বিভক্তি যোগ হৈ ক্ৰিয়া এটাই ভিন ভিন সময়ত ভিন ভিন ৰূপ লয়। কিন্তু প্ৰতিটো ক্ৰিয়াৰে একোটা মূল ৰূপ আছে।  উদাহৰণ– কৰ, খা, ধৰ, উঠ, বহ, লিখ, দেখ, দে, যা, কান্দ, চৰ, উৰ  ইত্যাদ।

ধাতু আৰু ধাতুৰ বিভাজন

বৈশিষ্ট্য অনুযায়ী অসমীয়া ধাতু (ক্ৰিয়াৰ মূলৰূপ) বোৰক মুঠতে তিনিটা ভাগত ভাগ কৰা হৈছে, যথা– 

(১) মৌলিক বা সিদ্ধ ধাতু (Primary Roots)

(২) মিশ্ৰ বা সংযোগমূলক ধাতু (Compound Roots) আৰু 

(৩) যৌগিক ধাতু বা সাধিত ধাতু (Secondary Roots)।

তলত এইবোৰৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল।

মৌলিক বা সিদ্ধ ধাতু (Primary Roots)

যিবোৰ ধাতু স্বয়ংসিদ্ধ বা আদি ৰূপৰ ৰূপান্তৰ ঘটা নাই সেইবোৰ ধাতুকে মৌলিক বা সিদ্ধ ধাতু বোলে। উদাহৰণ– বহ, হাঁহ, পঢ় , আহ, শুন, কৰ, যা ইত্যাদি।

মিশ্ৰ বা সংযোগমূলক ধাতু (Compound Roots)

মৌলিক ধাতুৰ সৈতে বিশেষ্য, বিশেষণ, ধনাত্মক শব্দ যোগ হৈ সাধিত হোৱা ধাতুক মিশ্ৰ বা সংযোগমূলক ধাতু বোলে। উদাহৰণ– ভিক্ষাকৰ,  ৰক্ষাকৰ, মনকৰ, ক্ষতিকৰ, লাভকৰ  ইত্যাদি।

যৌগিক ধাতু বা সাধিত ধাতু (Secondary Roots)

মৌলিক ধাতু বা শব্দৰ শেষত প্ৰত্যয় যোগ হৈ সৃষ্টি হোৱা ধাতুক যৌগিক ধাতু বোলে।  উদাহৰণ–

ধাতু আৰু ধাতুৰ বিভাজন

ধৰ —- ধৰা

ডবি — ডবিয়া

চৰ — চৰা

দি —- দিয়া

লাঠি — লঠিয়া

কিল — কিলা

ধাতু আৰু ধাতুৰ বিভাজন

বৈশিষ্ট্য অনুযায়ী যৌগিক বা সাধিত ধাতু তিনিটা ভাগত ভাগ কৰিব পাৰি, যথা–

(ক) পাঁচনী ধাতু (Causative)  

(খ) নাম ধাতু (Denominative) আৰু 

(গ) ধ্বন্যাত্মক ধাতু (Onomatopoetic)

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।

(ক) পাঁচনী ধাতু (Causative)

আনৰ দ্বাৰা কাম কৰোৱা অৰ্থত মূল ধাতুৰ পিছত প্ৰত্যয় যোগ হৈ সৃষ্টি হোৱা ধাতুক পাঁচনী ধাতু বোলে। যেনে ঃ

কৰ — কৰা  

দি — দিয়া 

ধৰ— ধৰা 

খা —- খুৱা  ইত্যাদি।

(খ) নাম ধাতু (Denominative)

বিষেশ্য বা বিশেষণ পদৰ পিছত ‘আ’, ‘ইয়া’ বা ‘উৱা’ প্ৰত্যয় যোগ হৈ সৃষ্টি হোৱা ধাতুকে নাম ধাতু বোলে। উদাহৰণ– 

চৰ — চৰা

লাঠি — লঠিয়া

মৰ —- মৰা 

ডবি — ডবিয়া ইত্যাদি।

(গ) ধ্বন্যাত্মক ধাতু (Onomatopoetic)

কোনো শব্দ অনুকৰণ কৰি সাধিত হোৱা ধাতুকে ধ্বন্যাত্মক ধাতু বোলে।  উদাহৰণ–

কলকলা (পানী বৈ যোৱাৰ শব্দ)

গিৰগিৰা (মেঘৰ শব্দ)

কিনকিনা (বৰষুণৰ শব্দ) ইত্যাদি।

ধাতু আৰু ধাতুৰ বিভাজন 

অনুশীলনী

(১) ধাতু বুলিলে কি বুজা?

(২) ধাতু কেই প্ৰকাৰৰ আৰু কি কি?

(৩) মৌলিক বা সিদ্ধ ধাতু¸  কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৪)  মিশ্ৰ বা সংযোগমূলক ধাতু কাক বোলে? বুজাই লিখা।

(৫)  যৌগিক ধাতু বা সাধিত ধাতু কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৬)  যৌগিক ধাতু বা সাধিত ধাতু কেই ভাগত ভাগ কৰা হৈছে? উদাহৰণসহ বুজাই লিখা।

(৭) তলত দিয়া ধাতুবোৰৰ মূল (ধাতুৰূপ) কি কোৱা।

ধৰা, ডবিয়া, চৰা, দিয়া, লঠিয়া, কিলা, খুওৱা, পঢ়া, মাৰিলে। ০ ০ ০

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here