ধানখেতি
ধানখেতি
ধানখেতি | Paddy Essay in Assamese
পৰিচয়: ধান এবিধ ওখধি তৃণ জাতীয় গছ। পৃথিৱীৰ প্ৰায় সকলোবোৰ দেশতে ধান খেতি হয় যদিও নিৰক্ষীয় অঞ্চলত ধানখেতি বৰ ভাল হয়। ধানৰ পৰা চাউল হয় আৰু চাউলৰ পৰা ভাত আৰু নানা ধৰণৰ খাদ্য সম্ভাৰ প্ৰস্তুত কৰা হয়।
প্রকাৰ : আমাৰ দেশত হোৱা ধানেবাৰক প্ৰধানলৈ দুটা প্ৰজাতিত ভাগ কৰিব পাৰি যেনে- আহু ধান আৰু শালি ধান। আহু ধানতকৈ শালি ধানৰ উৎপাদন ভাল হয়। শালি ধানৰ আকৌ নানা প্ৰকাৰ আছে যেনে- জহা, আইজং, চেপা, জয়া, মালা, পানী শইলা ইত্যাদি।
খেতি কৰাৰ পদ্ধতি: ধান সাধাৰণতে জ’হকালিন শস্য। আমাৰ দেশত ফাগুন আৰু চ’ত মাহত আহু ধানৰ বীজ সিঁচা হয়। বীজ সিঁচাৰ আগতে মাটিডৰা ভালকৈ চহ কৰি ল’ব লাগে। সাধাৰণতে বীজ সিঁচাৰ পঁচিশ দিনমান পিছৰ পৰা ঘাহঁ-বন চাফা কৰি থাকিব লাগে। আহুধান বীজ সিঁচাৰ দিনৰ পৰা এশ দিনৰ ভিতৰত পকে। আহাৰ আৰু শাওন মাহত আহু ধান চপোৱা হয়।
আনহাতে আমাৰ দেশত আহাৰ মাহৰ পৰা শালি ধানৰ বতৰ আৰম্ভ হয়। শালি ধান ৰুৱৰ বাবে প্ৰথমে বোকা মাটিত কঠিয়া সিঁচিব লাগে। কঠিয়া সিঁচাৰ পৰা বিশৰ পৰা ত্ৰিশ দিনৰ ভিতৰত পথাৰত ৰুই দিব লাগে। সাধাৰণতে অলপ দ মাটিত বা অলপ পানী থকা মাটিত শালি ধানৰ কঠিয়া ৰুব লাগে। শাওন আৰু ভাদ মাহ শালিধানৰ কঠিয়া ৰুৱাৰ উপযুক্ত সময়। শালি ধান আঘোণ আৰু পুহ মাহত পকে।
উপকাৰিতা:পৃথিৱীৰ প্ৰায় পঞ্চাশ শতাংশ মানুহৰ প্ৰধান আহাৰ ভাত। ধানেই হৈছে ভাতৰ প্ৰধান উৎস। ধানৰ পৰা চাউল হয় আৰু চাউলৰ পৰা আমি ভাত পাওঁ। ইয়াৰ উপৰিও চাউলৰ পৰা বিবিধ সোৱাদযুক্ত খাদ্যসম্ভাৰ প্ৰস্তুত কৰা হয়, যেনে- চিৰা, মুৰী, পিঠা, সান্দহ ইত্যাদি। ধানৰ পতান বা তুঁহ খেতিত সাৰ হিচােপ ব্যৱহাৰ কৰাৰ উপৰিও কিছুমান মানুহে ইন্ধন হিচাপেও ব্যৱহাৰ কৰে।
সামৰণি: বৰ্তমান বিশ্বত জনসংখ্যা বৃদ্ধিৰ লগে লগে ধানৰ চাহিদাও বাঢ়ি আছে। কিন্তু দেখা যায় ধানৰ উৎপাদন ইয়াৰ চাহিদা অনুপাতে বৃদ্ধি পোৱা নাই। বহুতো দেশত উৎপাদন বৃদ্ধিৰ আশাত খেতিত নানা ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত খেতিৰ উৰ্বৰা শক্তি নষ্ট হৈছে। সেয়ে আমি ধান উৎপাদনৰ প্ৰধান উৎস মাটিৰ গুণা-গুণ ঠিক ৰাখি ইয়াৰ উৎপাদন বৃদ্ধি কৰাৰ প্ৰতি সচেষ্ট হোৱা উচিত। 0 0 0
ধানখেতি
বি. দ্র. উক্ত ‘ধানখেতি | Paddy Essay in Assamese‘ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া ৰচনা শিক্ষা‘ গ্রন্থৰ অন্তর্গত।
ধানখেতি
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান:
- অসমীয়া ৰচনা
- নির্বাচিত অসমীয়া সাহিত্য, ৰচনা আৰু ব্যাকৰণ
- তোমাৰ প্রিয় সাহিত্যিক
- জৈৱ বৈচিত্ৰ্য
- ছ’চিয়েলে মিডিয়া
- জনসংখ্যা বৃদ্ধিৰ সমস্যা