আপুনি যদি ‘নবী ৰছুল কুইজ Prophet Quiz‘ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই ‘নবী ৰছুল কুইজ Prophet Quiz’ বোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব ।
নবী ৰছুল কুইজ
প্ৰঃ ‘নবী’ শব্দৰ অৰ্থ কি?
উঃ জ্ঞাতকাৰী (কোনো খবৰ বা তথ্য জনাই দিয়া ব্যক্তি)।
প্ৰঃ ৰছুল মানে কি?
উঃ সংবাদবাহক বা দূত।
প্ৰঃ ফাৰ্চী ভাষাত নবী বা ৰছুলসকল কি বোলে ?
উঃ পয়গম্বৰ বোলে । ‘পয়গাম’ মানে বাৰ্তা আৰু ‘বৰ’ মানে বাহক। অৰ্থাৎ বাৰ্তাবাহক।
প্ৰঃ কাক নবী বা ৰছুল বুলি কোৱা হয় ?
উঃ যিসকল ব্যক্তি আল্লাহৰ মনোনীত প্ৰতিনিধি হিচাপে আল্লাহৰ পৰা অহি (দৈৱ বাণী) প্ৰাপ্ত হয় আৰু কোনো মানৱ গোষ্ঠীক জ্ঞাত কৰোৱাৰ দায়িত্ব পায় সেইসকল ব্যক্তিক নবী বা ৰছুল বোলে ।
প্ৰঃ নবী আৰু ৰছুলসকলৰ দ্বাৰা সম্পন্ন কৰা অলৌকিক ঘটনাক কি বোলে?
উঃ মাজেজা। যেনে– মুছা (আঃ) য়ে নিজৰ লাঠিক ডাঙৰ সাপত পৰিণত কৰিব পাৰিছিল। নবী কৰিম (ছাঃ) য়ে হাতৰ আঙুলিৰে ইংগিত দি পূৰ্ণচন্দ্ৰক দ্বিখণ্ডিত কৰিছিল।
প্ৰঃ অলিসকলে কৰা অলৌকিক ঘটনাক কি বোলে ?
উঃ কাৰামত।
প্ৰঃ সাধু সন্নাসীসকল বা ধৰ্মদ্ৰোহীসকলে কৰা অলৌকিক ঘটনাকে কি বোলে ?
উঃ ইসতেদৰাজ।
নবী ৰছুল কুইজ
প্ৰঃ নবী আৰু ৰছুলৰ মাজত পাৰ্থক্য কি?
উঃ যিসকল প্ৰেৰিত পুৰুষৰ ওচৰত আল্লাহৰ পৰা ধৰ্মমতৰ বিধান সম্বলিত কোনো কিতাপ অৱতীৰ্ণ হৈছে সেইসকলক ‘ৰছুল’ বোলে। আনহাতে যিসকল প্ৰেৰিত পুৰুষৰ ওপৰত আল্লাহৰ কোনো নতুন বিধান সম্বলিত কিতাপ অৱতীৰ্ণ হোৱা নাই, কিন্তু পূৰ্বৱৰ্তী ৰছুলৰ ওপৰত অৱতীৰ্ণ হোৱা কিতাপ মতে ধৰ্ম প্ৰচাৰৰ আদেশ পাইছে সেইসকলক ‘নবী’ বোলে।
প্ৰঃ নবুয়তৰ প্ৰধান চৰ্ত কি?
উঃ আল্লাহৰ পৰা অহি (স্বৰ্গীয় বাণী) অৱতীৰ্ণ।
প্ৰঃ নবী আৰু ৰছুলসকলৰ সংখ্যা কিমান?
উঃ নবী আৰু ৰছুলৰ সংখ্যা সম্বন্ধে মতেভদ আছে। মিছকাত শ্বৰিফৰ এক হাদিছ মতে নবী-ৰছুলৰ সংখ্যা 1 লাখ, 24 হাজাৰ।
প্ৰঃ কিমানজন নবী এতিয়াও জীৱিত আছে?
উঃ হাদিছ মতে 4 জন নবী এতিয়াও জীৱিত আছে, যথা– খিজিৰ (আঃ), ইদ্ৰিছ (আঃ), ইলিয়াছ (আঃ) আৰু ঈছা (আঃ)।
প্ৰঃ এতিয়াও জীৱিত থকা নবীসকল ক’ত আছে?
উঃ ইদ্ৰিছ (আঃ) আৰু ঈছা আঃ) চতুৰ্থ আকাশত আৰু খিজিৰ (আঃ) আৰু ইলিয়াছ (আঃ) এই পৃথিৱীৰ ক’ৰবাত লোকচক্ষুৰ পৰা অদৃশ্য হৈ আছে।
প্ৰঃ কোন নবী আকৌ পৃথিৱীলৈ উভতি আহিব?
উঃ এতিয়া কোনো নতুন নবী পৃথিৱীলৈ নাহে যদিও হজৰত ঈছা (আঃ) কিয়ামতৰ আগে আগে অত্যাচাৰী দাজ্জালক হত্যা কৰাৰ বাবে চতুৰ্থ আকাশৰ পৰা পুনৰ পৃথিৱীলৈ উম্মতী মহম্মদ হৈ অৱতীৰ্ণ হ’ব।
নবী ৰছুল কুইজ
প্ৰঃ কোৰাণত কিমানজন নবী-ৰছুলৰ নাম উল্লেখ আছে?
উঃ কোৰাণত মুঠ 25 জন নবী-ৰছুলৰ উল্লেখ আছে, যথা–আদম (আঃ), নূহ (আঃ), ইদ্রিস (আঃ), হুদ (আঃ), সালেহ (আঃ), ইব্রাহিম (আঃ), লুৎ (আঃ), ইয়াকুব (আঃ), ইউছুফ (আঃ), শুৱায়েৰ (আঃ), মুছা (আঃ), হাৰুন (আঃ), ইউছা (আঃ), দাউদ (আঃ), সোলেইমান (আঃ), আইউব (আঃ), ইউনুছ (আঃ), জুলফিকৰ (আঃ), উজায়েৰ (আঃ), জাকাৰিয়া (আঃ), ইয়াহহিয়া (আঃ), ইলিয়াছ (আঃ), আলইয়াস (আঃ), ইহছাক (আঃ), ইছমাইল (আঃ), ঈছা (আঃ) আৰু মুহাম্মদ ছাল্লালাহু আলাইহি ৱা ছালাম।
প্ৰঃ কোন কোন নবী-ৰছুলৰ কি কি পেছা আছিল?
উঃ হজৰত আদম (আঃ)– কৃষিকাৰ্য আৰু কাপোৰ বোৱা কাম।
হজৰত ইদ্ৰিছ (আঃ)– দৰ্জীৰ কাম।
হজৰত নূহ (আঃ)- কাঠ মিস্ত্ৰীৰ কাম।
হজৰত ছালেহ, হুদ আৰু লুত (আঃ)– ব্যৱসায়।
শোৱায়েৰ আৰু মুছা (আঃ)-ভেড়া, ছাগলী পালন।
ইব্রাহিম আৰু ইছমাইল (আঃ)– কৃষিকাজ আৰু অট্টালিকা নিৰ্মাণ।
ইউছুফ (আঃ)– কৃষিকাৰ্য।
হাৰুন (আঃ)– তেজাৰতি (ব্যৱসায়) কাজ।
দাউদ (আঃ)– বৰ্ম তৈয়াৰ কৰা আৰু কৰ্মকাৰৰ কাম।
ছুলেইমান (আঃ)– বেগ আৰু পাখা তৈয়াৰ কৰা কাম।
ঈছা (আঃ)– কাপোৰত ৰং দিয়া কাম।
হজৰত মহম্মদ (ছাঃ)– ব্যৱসায়।
প্ৰঃ মুঠ আচমানী (স্বৰ্গীয়) কিতাপ আৰু ছহিফাৰ সংখ্যা কিমান?
উঃ মুঠ আচমানী কিতাপৰ সংখ্যা 4 টা আৰু ছহিফাৰ সংখ্যা 100 টা।
প্ৰঃ আচমানী কিতাপ কাক বোলে?
উঃ বিশ্ব মানৱৰ হেদায়ত (শিক্ষা)ৰ উদ্দেশ্যে আল্লাহৰ পৰা নবী-ৰছুলসকলৰ ওচৰত হজৰত জিব্রাইল (আঃ)ৰ মাধ্যমত যি অহি বা বাণী) অৱতীৰ্ণ হৈছিল সেইবোৰকে ‘আচমানী কিতাপ’ (স্বৰ্গীয় গ্ৰন্থ) বোলে।
প্ৰঃ ছহিফা কাক বোলে?
উঃ আচমানী কিতাপৰ ক্ষুদ্ৰ সংকলনক ‘ছহিফা’ বোলে।
নবী ৰছুল কুইজ
প্ৰঃ কোন কোন নবীৰ ওপৰত কিমান সংখ্যক ছহিফা অৱতীৰ্ণ হৈছিল?
উঃ হজৰত আদম (আঃ) ৰ ওপৰত 10 টা।
হজৰত শীস (আঃ) ৰ ওপৰত 50 টা।
হজৰত ইদ্ৰিছ (আঃ) ৰ ওপৰত 30 টা।
হজৰত ইব্রাহিম (আঃ) ৰ ওপৰত 10 টা।
প্ৰঃ চাৰিটা আচমানী কিতাপ কি কি ভাষাত অৱতীৰ্ণ হৈছিল?
উঃ হজৰত মুছা (আঃ) ৰ ওপৰত তাওৰাত, দাউদ (আঃ)ৰ ওপৰত জবুৰ, ঈছা (আঃ)ৰ ওপৰত ইনজিল। এই কিতাপকেইখন হিব্রূ¸ ভাষাত অৱতীৰ্ণ হৈছিল। আৰু সৰ্বশেষ ৰছুল হজৰত মুহাম্মদ (ছাঃ)ৰ ওপৰত আৰবী ভাষাত ‘কোৰাণ’ অৱতীৰ্ণ হৈছিল।
প্ৰঃ হজৰত আদম (আঃ)ৰ পৰা হজৰত মুহাম্মদ (ছাঃ) পৰ্যন্ত নবীসকলৰ ব্যৱধান কিমান?
উঃ হজৰত আদম (আঃ)ৰ পৰা হজৰত নূহ (আঃ) লৈকে সময়ৰ ব্যৱধান আছিল 1200 বছৰ। হজৰত নূহ (আঃ)ৰ পৰা হজৰত ইব্রাহিম (আঃ)লৈকে 2143 বছৰ। হজৰত ইব্রাহিম (আঃ)ৰ পৰা হজৰত ইউছুফ (আঃ)লৈকে সময়ৰ ব্যৱধান 475 বছৰ। হজৰত ইউছুফ (আঃ)ৰ পৰা হজৰত মুছা (আঃ) লৈকে সময়ৰ ব্যৱধান আছিল 400 বছৰ। হজৰত মুছা (আঃ) ৰপৰা দাউদ (আঃ)লৈকে সময়কাল আছিল 578 বছৰ। হজৰত দাউদ (আঃ) ৰ পৰা হজৰত ঈছা (আঃ) পৰ্যন্ত সময়কাল 105 বছৰ। হজৰত ঈছা (আঃ) ৰ পৰা হজৰত মুহাম্মদ (ছাঃ) লৈকে 570 বছৰ।
প্ৰঃ ভণ্ড নবী কাক কয়?
উঃ হজৰত মুহাম্মদ (ছাঃ) শেষ নবী (খাতিমুন নাবীয়িন) বুলি অকাট্য প্ৰমাণ থকা সত্বেও যিসকলে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে মানুহক বিভ্ৰান্ত কৰিবলৈ নিজকে ‘নবী’ বুলি দাবী কৰে সেইসকলক ভণ্ড নবী বোলে ।
প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) ৰ পিছত কিমানজন লোকে নিজকে নবী বুলি দাবী কৰিব?
উঃ 30 জনে। ইতিমধ্যে 28 জন লোকে নিজকে নবী বুলি দাবী কৰিছে।
প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ জীৱন কালতে কোনে মিছাকৈয়ে নবী বুলি দাবী কৰিছিল?
উঃ মোছায়লামা কাজজাব। নবী ৰছুল কুইজ
প্ৰঃ ভাৰতৰ কোনজন লোকে নিজকে নবী বুলি দাবী কৰিছে?
উঃ পঞ্জাৱৰ গুৰুদাসপুৰ জিলাৰ অন্তৰ্গত কাদিয়ান নামে ঠাইৰ গোলাম আহম্মদ নামৰ এজন লোকে নিজকে নবী বুলি দাবী কৰিছে। তেওঁ এজন ভণ্ড নবী। ভণ্ড নবী মুছলমান নহয়। ইছলামৰ দৃষ্টিত তেওঁ কাফিৰ।
প্ৰঃ গোলাম আহমেদৰ অনুসাৰীসকল মুছলমান হয় নে?
উঃ নহয়। ইয়াৰ প্ৰধান কাৰণ সিহঁতে হজৰত মুহাম্মদ (ছা) ক শেষ নবী বুলি স্বীকাৰ নকৰি গোলাম আহমেদক নবী বুলি মানে আৰু ভৱিষ্যতেও আৰু নবী আহিব বুলি সিহঁতে বিশ্বাস কৰে। 0 0 0
Prophet Quiz
Q. What does the word ‘prophet’ mean?
A. Informant (a person who reports a news or information).
Q. What does Rasul mean?
A. A messenger or messenger.
Q. What is the Persian word for prophets or messengers?
A. It is called the Prophet. ‘Paigam’ means message and ‘bar’ means carrier. That is, the messenger.
Q. Who is called a Prophet or Messenger?
A. A person who receives revelation from Allah as His chosen representative and is given the responsibility of conveying it to a group of people is called a prophet or messenger.
Q. What are miracles performed by Prophets and Messengers?
A. Majeza. For example, Moses (pbuh) could turn his stick into a big snake. The Prophet (peace and blessings of Allaah be upon him) bisected the full moon by gesturing with his fingers.
Q. What do the Alis perform the miracles?
A. Karamat.
Prophet Quiz
Q. What is the difference between a prophet and a messenger?
A. The Messengers are those to whom a Book has been revealed from Allah containing the laws of religion. On the other hand, those Messengers who have not been revealed a new Book of Allah, but have been commanded to preach the religion according to the Books revealed to the previous Messengers are called ‘Prophets’
Q. What is the main condition of prophethood?
A. The revelation from Allah.
Q. What is the number of Prophets and Messengers?
A. There are opinions about the number of Prophets and Messengers. According to a hadith in Miskat Sharif, the number of Prophets and Messengers is 100,000 and 24,0
Q. How many prophets are still alive?
A. According to the hadith, four prophets are still alive, namely Khizir (as), Idris (as), Elijah (as) and Jesus (as).
Q. Where are the prophets still alive?
A. Idris (as) and Jesus (as) are in the fourth heaven and Khizir (as) and Elias (as) are invisible from public view somewhere on this earth.
Q. Which prophet will return to earth again?
A: Although no new prophet will come to earth now, Jesus will descend from the fourth heaven as Ummah Muhammad to kill the oppressor Dajjal before the Day of Resurrection.
Prophet Quiz
Q. How many prophets are mentioned in the Qur’an?
A: There are a total of 25 prophets mentioned in the Qur’an, namely Adam, Noah, Idris, Hud, Saleh, Abraham, Lot and Jacob (as), Yusuf (as), Shuwayer (as), Moses (as), Aaron (as), Yusa (as), David (as), Sulaiman (as), Job (as), Yunus (as), Zulfikar (as), Uzair (as), Zakaria (as), Yahya (as), Elias (as), Elias (as). (as), Ishaq (as), Ishmael (as), Jesus (as) and Muhammad There is nothing wrong with that.
Q. What were the professions of which Prophets and Messengers?
A. Prophet Adam (as)– agriculture and weaving.
Hazrat Idris (as)– the work of a tailor.
Prophet Noah (as) was a carpenter.
Prophet Saleh, Hud and Lot (as)– Trade.
Shawayer and Musa (as)-raising sheep and goats.
Abraham and Ishmael (as)– Agriculture and building.
Yusuf (as)– Agriculture.
Aaron (as)– Tejarati (business) work.
David (as)– the maker of armor and the work of the workman.
Sulaiman (as)– Making bags and wings.
Jesus (pbuh)– the work of dyeing clothes.
Prophet Muhammad (peace be upon him)– Business.
Q. What is the total number of Asmani (heavenly) books and Sahifas?
A. The total number of heavenly books is 4 and the number of Sahifas is
Q. What is the Book of Heaven?
A. The Book of Heaven is the revelation that was revealed from Allah to the Prophets and Messengers through Gabriel for the guidance of mankind.
Q. What is Sahifa?
A. A small collection of heavenly books is called a Sahifa.
Prophet Quiz
Q. How many Sahifas were revealed to which Prophets?
A. 10 on Prophet Adam (pbuh).
50 on the Prophet Shis (as).
30 on Prophet Idris (as).
10 on Prophet Abraham (pbuh).
Q. In what languages were the four heavenly books revealed?
A. The Torah on Prophet Moses (pbuh), the Psalms on David (pbuh), the Gospel on Jesus (pbuh). These books were revealed in Hebrew. And the last Prophet, Muhammad (peace be upon him), was revealed the Qur’an in Arabic.
Q. What is the interval between the Prophets from Adam to Muhammad?
A. The time gap from Adam to Noah was 1200 years. There are 2143 years from Noah to Abraham. The time gap from Prophet Abraham (pbuh) to Prophet Joseph (pbuh) is 475 years. The time gap from Prophet Joseph (pbuh) to Prophet Moses (pbuh) was 400 years. The period from Moses to David was 578 years. The period from Prophet David (pbuh) to Prophet Jesus (pbuh) was 105 years. 570 years from the Prophet Jesus (pbuh) to the Prophet Muhammad (pbuh).
Q. Who is called a false prophet?
A. False prophets are those who claim to be ‘prophets’ to mislead people for their own interests despite the irrefutable evidence that Prophet Muhammad (peace be upon him) is the last prophet.
Q. How many people will claim to be prophets after Prophet Muhammad (peace be upon him)?
A. 30 people. Twenty-eight people have already claimed to be prophets.
Q. Who falsely claimed to be a prophet during the lifetime of Prophet Muhammad (peace be upon him)?
A. Mosaylama Kazzab.
Q. Which Indian claims to be a prophet?
A. A man named Ghulam Ahmad from Qadian in Gurudaspur district of Punjab claims to be a prophet. He is a false prophet. False prophets are not Muslims. He is a disbeliever in the eyes of Islam.
Q. Are the followers of Ghulam Ahmed Muslims?
A. No. The main reason for this is that they do not accept Prophet Muhammad (peace be upon him) as the last Prophet but accept Ghulam Ahmed as the Prophet and they believe that more Prophets will come in the future. 0 0 0
নোট: যদি আপুনি উক্ত ‘নবী ৰছুল কুইজ Prophet Quiz’ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:






