Home Quiz নবী ৰছুল কুইজ

নবী ৰছুল কুইজ

0

নবী ৰছুল কুইজ

নবী ৰছুল কুইজ

 

নবী ৰছুল কুইজ

নবী ৰছুল কুইজ

প্ৰঃ ‘নবী’ শব্দৰ অৰ্থ কি?

উঃ জ্ঞাতকাৰী (কোনো খবৰ বা তথ্য জনাই দিয়া ব্যক্তি)।

প্ৰঃ ৰছুল মানে কি?

উঃ সংবাদবাহক বা দূত।

প্ৰঃ ফাৰ্চী ভাষাত নবী বা ৰছুলসকল কি বোলে ?

উঃ পয়গম্বৰ বোলে । ‘পয়গাম’ মানে বাৰ্তা আৰু ‘বৰ’ মানে বাহক। অৰ্থাৎ বাৰ্তাবাহক।

প্ৰঃ কাক নবী বা ৰছুল বুলি কোৱা হয় ?

উঃ যিসকল ব্যক্তি আল্লাহৰ মনোনীত প্ৰতিনিধি হিচাপে আল্লাহৰ পৰা অহি (দৈৱ বাণী) প্ৰাপ্ত হয় আৰু কোনো মানৱ গোষ্ঠীক জ্ঞাত কৰোৱাৰ দায়িত্ব পায় সেইসকল ব্যক্তিক নবী বা ৰছুল বোলে ।

প্ৰঃ নবী আৰু ৰছুলসকলৰ দ্বাৰা সম্পন্ন কৰা অলৌকিক ঘটনাক কি বোলে?

উঃ  মাজেজা। যেনে– মুছা (আঃ) য়ে নিজৰ লাঠিক ডাঙৰ সাপত পৰিণত কৰিব পাৰিছিল। নবী কৰিম (ছাঃ) য়ে হাতৰ আঙুলিৰে ইংগিত দি পূৰ্ণচন্দ্ৰক দ্বিখণ্ডিত কৰিছিল।

প্ৰঃ অলিসকলে কৰা অলৌকিক ঘটনাক কি বোলে ?

উঃ কাৰামত। 

প্ৰঃ সাধু সন্নাসীসকল বা ধৰ্মদ্ৰোহীসকলে কৰা অলৌকিক ঘটনাকে কি বোলে ?

উঃ ইসতেদৰাজ।

নবী ৰছুল কুইজ

প্ৰঃ নবী আৰু ৰছুলৰ মাজত পাৰ্থক্য কি?

উঃ যিসকল প্ৰেৰিত পুৰুষৰ ওচৰত আল্লাহৰ পৰা ধৰ্মমতৰ বিধান সম্বলিত কোনো কিতাপ অৱতীৰ্ণ হৈছে সেইসকলক ‘ৰছুল’ বোলে। আনহাতে যিসকল প্ৰেৰিত পুৰুষৰ ওপৰত আল্লাহৰ কোনো নতুন বিধান সম্বলিত কিতাপ অৱতীৰ্ণ হোৱা নাই, কিন্তু পূৰ্বৱৰ্তী ৰছুলৰ ওপৰত অৱতীৰ্ণ হোৱা কিতাপ মতে ধৰ্ম প্ৰচাৰৰ আদেশ পাইছে সেইসকলক ‘নবী’ বোলে।

প্ৰঃ নবুয়তৰ প্ৰধান চৰ্ত কি?

উঃ আল্লাহৰ পৰা অহি (স্বৰ্গীয় বাণী) অৱতীৰ্ণ।

প্ৰঃ  নবী আৰু ৰছুলসকলৰ সংখ্যা কিমান?

উঃ নবী আৰু ৰছুলৰ সংখ্যা সম্বন্ধে মতেভদ আছে। মিছকাত শ্বৰিফৰ এক হাদিছ মতে নবী-ৰছুলৰ সংখ্যা 1 লাখ, 24 হাজাৰ।

প্ৰঃ কিমানজন নবী এতিয়াও জীৱিত আছে?

উঃ হাদিছ মতে 4 জন নবী এতিয়াও জীৱিত আছে, যথা– খিজিৰ (আঃ), ইদ্ৰিছ (আঃ), ইলিয়াছ (আঃ) আৰু ঈছা (আঃ)।

প্ৰঃ এতিয়াও জীৱিত থকা নবীসকল ক’ত আছে?

উঃ ইদ্ৰিছ (আঃ) আৰু ঈছা আঃ) চতুৰ্থ আকাশত আৰু খিজিৰ (আঃ) আৰু ইলিয়াছ (আঃ) এই পৃথিৱীৰ ক’ৰবাত লোকচক্ষুৰ পৰা অদৃশ্য হৈ আছে।

প্ৰঃ কোন নবী আকৌ পৃথিৱীলৈ উভতি আহিব?

উঃ এতিয়া কোনো নতুন নবী পৃথিৱীলৈ নাহে যদিও হজৰত ঈছা (আঃ) কিয়ামতৰ আগে আগে অত্যাচাৰী দাজ্জালক হত্যা কৰাৰ বাবে চতুৰ্থ আকাশৰ পৰা পুনৰ পৃথিৱীলৈ উম্মতী মহম্মদ হৈ অৱতীৰ্ণ হ’ব।

নবী ৰছুল কুইজ

প্ৰঃ কোৰাণত কিমানজন নবী-ৰছুলৰ নাম  উল্লেখ আছে?

উঃ কোৰাণত মুঠ 25 জন নবী-ৰছুলৰ উল্লেখ আছে, যথা–আদম (আঃ), নূহ (আঃ), ইদ্রিস (আঃ), হুদ (আঃ), সালেহ (আঃ), ইব্রাহিম (আঃ), লুৎ (আঃ), ইয়াকুব (আঃ), ইউছুফ (আঃ), শুৱায়েৰ (আঃ), মুছা (আঃ), হাৰুন (আঃ), ইউছা (আঃ), দাউদ (আঃ), সোলেইমান (আঃ), আইউব (আঃ), ইউনুছ (আঃ), জুলফিকৰ (আঃ), উজায়েৰ (আঃ), জাকাৰিয়া (আঃ), ইয়াহহিয়া (আঃ), ইলিয়াছ (আঃ),  আলইয়াস (আঃ), ইহছাক (আঃ), ইছমাইল (আঃ), ঈছা (আঃ) আৰু মুহাম্মদ ছাল্লালাহু আলাইহি ৱা ছালাম।

প্ৰঃ কোন কোন নবী-ৰছুলৰ কি কি পেছা আছিল?

উঃ হজৰত আদম (আঃ)– কৃষিকাৰ্য আৰু কাপোৰ বোৱা কাম।

হজৰত ইদ্ৰিছ (আঃ)–  দৰ্জীৰ কাম।

হজৰত নূহ (আঃ)- কাঠ মিস্ত্ৰীৰ কাম।

হজৰত ছালেহ, হুদ আৰু লুত (আঃ)– ব্যৱসায়।

শোৱায়েৰ আৰু মুছা (আঃ)-ভেড়া, ছাগলী পালন।

ইব্রাহিম আৰু ইছমাইল (আঃ)– কৃষিকাজ আৰু অট্টালিকা নিৰ্মাণ।

ইউছুফ (আঃ)– কৃষিকাৰ্য।

হাৰুন (আঃ)– তেজাৰতি (ব্যৱসায়) কাজ।

দাউদ (আঃ)– বৰ্ম তৈয়াৰ কৰা আৰু কৰ্মকাৰৰ কাম।

ছুলেইমান (আঃ)– বেগ আৰু পাখা তৈয়াৰ কৰা কাম।

ঈছা (আঃ)– কাপোৰত ৰং দিয়া কাম।

হজৰত মহম্মদ (ছাঃ)– ব্যৱসায়।

প্ৰঃ মুঠ আচমানী (স্বৰ্গীয়) কিতাপ আৰু ছহিফাৰ সংখ্যা কিমান?

উঃ মুঠ আচমানী কিতাপৰ সংখ্যা 4 টা আৰু ছহিফাৰ সংখ্যা 100 টা।

প্ৰঃ আচমানী কিতাপ কাক বোলে?

উঃ  বিশ্ব মানৱৰ হেদায়ত (শিক্ষা)ৰ উদ্দেশ্যে আল্লাহৰ পৰা নবী-ৰছুলসকলৰ ওচৰত হজৰত জিব্রাইল (আঃ)ৰ মাধ্যমত যি অহি বা বাণী) অৱতীৰ্ণ হৈছিল সেইবোৰকে ‘আচমানী কিতাপ’ (স্বৰ্গীয় গ্ৰন্থ) বোলে।

প্ৰঃ ছহিফা কাক বোলে?

উঃ আচমানী কিতাপৰ ক্ষুদ্ৰ সংকলনক ‘ছহিফা’ বোলে।

নবী ৰছুল কুইজ

প্ৰঃ  কোন কোন নবীৰ ওপৰত কিমান সংখ্যক ছহিফা অৱতীৰ্ণ হৈছিল?

উঃ হজৰত আদম (আঃ) ৰ ওপৰত 10 টা।

হজৰত শীস (আঃ) ৰ ওপৰত 50 টা।

হজৰত ইদ্ৰিছ (আঃ) ৰ ওপৰত 30 টা।

হজৰত ইব্রাহিম (আঃ) ৰ ওপৰত 10 টা।

প্ৰঃ চাৰিটা আচমানী কিতাপ কি কি ভাষাত অৱতীৰ্ণ হৈছিল?

উঃ হজৰত মুছা (আঃ) ৰ ওপৰত তাওৰাত, দাউদ (আঃ)ৰ ওপৰত জবুৰ, ঈছা (আঃ)ৰ ওপৰত ইনজিল। এই কিতাপকেইখন হিব্রূ¸ ভাষাত অৱতীৰ্ণ হৈছিল। আৰু সৰ্বশেষ ৰছুল হজৰত মুহাম্মদ (ছাঃ)ৰ ওপৰত আৰবী ভাষাত ‘কোৰাণ’ অৱতীৰ্ণ হৈছিল।

প্ৰঃ হজৰত আদম (আঃ)ৰ পৰা হজৰত মুহাম্মদ (ছাঃ) পৰ্যন্ত নবীসকলৰ ব্যৱধান কিমান?

উঃ হজৰত আদম (আঃ)ৰ পৰা হজৰত নূহ (আঃ) লৈকে সময়ৰ ব্যৱধান আছিল 1200 বছৰ। হজৰত নূহ (আঃ)ৰ পৰা হজৰত ইব্রাহিম (আঃ)লৈকে 2143 বছৰ।  হজৰত ইব্রাহিম (আঃ)ৰ পৰা হজৰত ইউছুফ (আঃ)লৈকে সময়ৰ ব্যৱধান 475 বছৰ। হজৰত ইউছুফ (আঃ)ৰ পৰা হজৰত মুছা (আঃ) লৈকে সময়ৰ ব্যৱধান আছিল  400 বছৰ। হজৰত মুছা (আঃ) ৰপৰা  দাউদ (আঃ)লৈকে সময়কাল আছিল 578 বছৰ। হজৰত দাউদ (আঃ) ৰ পৰা হজৰত ঈছা (আঃ) পৰ্যন্ত সময়কাল 105 বছৰ। হজৰত ঈছা (আঃ) ৰ পৰা হজৰত মুহাম্মদ (ছাঃ) লৈকে 570 বছৰ।

প্ৰঃ ভণ্ড নবী কাক কয়?

উঃ হজৰত মুহাম্মদ (ছাঃ) শেষ নবী (খাতিমুন নাবীয়িন) বুলি অকাট্য প্ৰমাণ থকা সত্বেও যিসকলে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে মানুহক বিভ্ৰান্ত কৰিবলৈ নিজকে ‘নবী’ বুলি দাবী কৰে সেইসকলক ভণ্ড নবী বোলে ।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) ৰ পিছত কিমানজন লোকে নিজকে নবী বুলি দাবী কৰিব?

উঃ 30 জনে। ইতিমধ্যে 28 জন লোকে নিজকে নবী বুলি দাবী কৰিছে।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ জীৱন কালতে কোনে মিছাকৈয়ে নবী বুলি দাবী কৰিছিল?

উঃ মোছায়লামা কাজজাব। নবী ৰছুল কুইজ

প্ৰঃ ভাৰতৰ কোনজন লোকে নিজকে নবী বুলি দাবী কৰিছে?

উঃ পঞ্জাৱৰ গুৰুদাসপুৰ জিলাৰ অন্তৰ্গত কাদিয়ান নামে ঠাইৰ  গোলাম আহম্মদ নামৰ এজন লোকে নিজকে নবী বুলি দাবী কৰিছে। তেওঁ এজন ভণ্ড নবী। ভণ্ড নবী মুছলমান নহয়। ইছলামৰ দৃষ্টিত তেওঁ কাফিৰ।

প্ৰঃ গোলাম আহমেদৰ অনুসাৰীসকল মুছলমান হয় নে?

উঃ নহয়। ইয়াৰ প্ৰধান কাৰণ সিহঁতে হজৰত মুহাম্মদ (ছা) ক শেষ নবী বুলি স্বীকাৰ নকৰি গোলাম আহমেদক নবী বুলি মানে আৰু ভৱিষ্যতেও আৰু নবী আহিব বুলি সিহঁতে বিশ্বাস কৰে। 0 0 0

নবী ৰছুল কুইজ

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here