নাওৰিয়া ফুলো | Naoriya Phulo

নাওৰিয়া ফুলো
নাওৰিয়া ফুলো | Naoriya Phulo
নাওৰিয়া ফুলো (Naoriya Phulo) এজন আধুনিক মণিপুৰী সাহিত্যিক।
তেওঁৰ জন্ম হয় অসমৰ হাইলাকান্দি জিলাৰ ৰাজেশ্বৰপুৰ মৌজাৰ ‘লাইশ্ৰম খুন’ নামৰ গাঁৱত ১৮৮৮ চনৰ ২৮ আগষ্টত। তেওঁ আছিল নাওৰেম চাওবা আৰু থম্বৌ দেবীৰ পঞ্চম সন্তান। জন্মতে কুন্দত কটা যেন সুন্দৰ-সুঠাম শিশুটিক ককাকে নাম দিছিল ‘ফুন্দ্ৰেই’ অৰ্থাৎ কুন্দ। পঢ়াশালীৰ শিক্ষকে সুকোমল এপাহ ফুলৰ দৰে ধুনীয়া ল’ৰাটিৰ নাম দিছিল ‘ফুলো’।
তেওঁলোকৰ পূৰ্বপুৰুষসকল আছিল ৰাজন্য শাসিত মণিপুৰ দেশৰ প্ৰজা। তেওঁলোকৰ কোনোবা আজো-ককাক এজন ৰাজদৰবাৰৰ বিষয়া আছিল। পিছত মান-ভগনত আজোককাক হেৰান্দ স্বদেশ এৰি ভগনীয়া দলৰ সৈতে আহি অসমৰ হাইলাকান্দিত নিগাজীকৈ থাকিবলৈ লয়। নাওৰিয়া ফুলোই স্থানীয় বিদ্যালয়ত শিক্ষা লাভ কৰি শিক্ষকতাৰ চাকৰিত সোমায়।
কুৰি শতিকাৰ তৃতীয় দশকটো (১৯২০-৩০) মণিপুৰী আধুনিক সাহিত্যৰ অৰুণোদয়ৰ সময়। এই দশকটোতে পশ্চিমীয়া শিক্ষাৰে শিক্ষিত এচাম মণিপুৰী ভাষাপ্ৰেমীয়ে সাহিত্য ৰচনাত আত্মনিয়োগ কৰে। নাওৰিয়া ফুলোই শিক্ষকতা কৰি থকা সময়ৰ পৰাই সাহিত্য চৰ্চাত মনোযোগ দিয়ে । তেওঁৰ সাহিত্য চৰ্চা আৰম্ভ কৰে অনুবাদেৰে। ১৯১৮ ৰ পৰা ১৯১৯ চনলৈকে হিন্দু উপাখ্যানৰ কাহিনীৰে মুঠ পাঁচখন নাটক ৰচনা কৰে। সেইসমূহ (১) ‘ইনিংথৌ হৰিচন্দ্ৰ’—(ৰজা হৰিচন্দ্ৰ) (২) ‘সীতা বনবাস’ (৩) ‘ৰামনা বনবাসতগী হল্লক্লবদা’—(বনবাসৰ পৰা ৰামৰ প্ৰত্যাৱৰ্তনত) (৪) ‘দুষ্মন্ত শকুন্তলা’ (৫) ‘শ্ৰৱণ কুমাৰ’। পৰৱৰ্তী সময়ত—(১৯৩০-৪০) ১১ বছৰৰ ভিতৰত কবিতা আৰু নিবন্ধৰ মুঠ ১৯ খন গ্ৰন্থ ৰচনা কৰে।
তেওঁৰ গদ্যত ৰচিত উল্লেখনীয় গ্ৰন্থসমূহ—(১) ‘মীতৈ হৌভম ৱাৰী’ (মীতৈৰ ইতিবৃত্ত), (২) ‘গৌড় ধৰ্ম চঙকপা মতাং’ (গৌড় বা গৌড়ীয় ধৰ্ম প্ৰবৰ্তনৰ সন্ধিক্ষণ), (৩) ‘মীতৈ য়েলহৌ ময়েক’—(মীতৈ প্ৰাচীন লিপি), (৪) ‘অহন য়াথং’—(গুৰু উপদেশ), (৫) ‘হৌৰকপা অমসুং হৌভম’ (পুৰাবৃত্ত), (৬) ‘বামোনগী মতিক’—(বামুণৰ প্ৰভাৱ), (৭) ‘ঐগী ৱাৰেং’—(মোৰ গদ্যযনিবন্ধ) ইত্যাদি।
তেওঁৰ কবিতাসমূহ আধ্যাত্মিক ভাৱাপন্ন আৰু প্ৰাচীন ঐতিহ্যৰ কীৰ্তিগাঁথাৰ উপৰিও বিলুপ্ত মীতৈ দেৱ-দেৱীৰ স্তুতি, মন্ত্ৰ, গীত আদিৰে পৰিপূৰ্ণ।
বহুমুখী প্ৰতিভাধাৰী এইগৰাকী ক্ষণজন্মা পুৰুষে মাত্ৰ ৫৩ বছৰ বয়সত ১৯৪১ চনৰ ৩০ জুন তাৰিখে পৰলোক গমন কৰে। ০ ০ ০
Read More: বিশ্ব ব্যক্তি পৰিচয়
বি. দ্র. উক্ত ‘নাওৰিয়া ফুলো | Naoriya Phulo‘ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: