Home Literary Criticism নাগৰিকৰ প্ৰতি-এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Nagrikor Proti

নাগৰিকৰ প্ৰতি-এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Nagrikor Proti

0

নাগৰিকৰ প্ৰতি-এক সমালোচনাত্মক বিশ্লেষণ

ৰাব্বি মছৰুৰ

নাগৰিকৰ প্ৰতি-এক সমালোচনাত্মক বিশ্লেষণ  Ismail Hossain Nagrikor Proti

 

নাগৰিকৰ প্ৰতি-এক সমালোচনাত্মক বিশ্লেষণ

নাগৰিকৰ প্ৰতি-এক সমালোচনাত্মক বিশ্লেষণ

‘নাগৰিকৰ প্ৰতি’ কবিতাটি কবি ইছমাইল হোছেইনৰ শ্লোগানধৰ্মী কবিতা। কবিতাটিৰ মাজেৰে কবিয়ে নাগৰিকৰ সৈতে হাত মিলাই  একতাৰে দেশৰ অন্যায়, অবিচাৰ, দুৰ্নীতি আৰু সামাজিক অৱক্ষয়ৰ বিৰুদ্ধে  কবিৰ আহ্বান আকুণ্ঠ কণ্ঠে প্ৰকাশ কৰিছে।

প্ৰথমতে, কবিয়ে নাগৰিকসকলৰ সৈতে তেওঁৰ মধুৰ সম্পৰ্ক স্থাপন কৰাৰ কথা ব্যক্ত কৰিছে। কবিৰ মতে কবিৰ ‘প্ৰিয়তম বন্ধু’ হৈছে নাগৰিক। কবিয়ে নাগৰিকৰ সৈতে অহা দিনবোৰৰ প্ৰত্যুষত সংহতিৰ পথাৰত মিলিত হ’ব খোজে- কিয়নো সিহঁতে শিশুৰ মুখত দিব বিচাৰে এটুকুৰা ৰুটি আৰু মৰমৰ চুম্বন। কবিৰ ভাষাত–

“মাটিৰ মৰমত নিমজ্জিত

মোৰ প্ৰিয়তম নাগৰিক

অহা দিনবোৰৰ প্ৰতিটো প্ৰত্যুষত 

আমি যেন মিলিত হ’ব পাৰো

সংহতিৰ বিশাল পথাৰত

আমি যেন কৰিব পাৰো আলিংগন

প্ৰতিজন শিশুৰ মুখত

গুজি দিব পাৰো যেন এটুকুৰা ৰুটি

অথবা এটি চুম্বন।”

দ্বিতীয় স্তৱকত কবিয়ে আকৌ ইচ্ছা আৰু দৃঢ়তা প্ৰকাশ কৰি কৈছে যে  নাগৰিকসকলৰ সৈতে লগলাগি সিহঁতে যেন দেশৰ স্বাধীনতা ৰক্ষা কৰিব পাৰে আৰু যেন স্থায়ী কৰিব পাৰে সিহঁতৰ মিলন আৰু আত্মীয়তা। কবিৰ ভাষাত–

অহা দিনবোৰৰ প্ৰতিটো পলকত

আমি যেন ৰক্ষা কৰিব পাৰো

আমাৰ স্বাধীনতা

আমি যেন স্থায়ী কৰিব পাৰোঁ

আমাৰ মিলন আৰু আত্মীয়তা।”

তৃতীয় স্তৱকত কবিয়ে দেশত চলি থকা সাম্প্ৰদায়িকতা, বিচ্ছিন্নতাবাদ, হত্যা আদি নিষিদ্ধ হোৱাটো বিচাৰিছে। কবিয়ে আশা কৰে যে  আটাইবোৰ জাতি শান্তি প্রতিষ্ঠাৰ বাবে শোভাযাত্ৰাত মিলিত হওঁক। কবিৰ ভাষাত–

“বিভেদৰ প্ৰতিটি ক্ষণ

আৰু প্ৰতিটি দৃশ্যৰ পৰিসমাপ্তি ঘটক;

সাম্প্ৰদায়িকতাবাদ, বিচ্ছিন্নতাবাদৰ  প্ৰতিটো

ভণ্ড কৰ্মশালাক নিষিদ্ধ কৰি দিয়া হওঁক;

একেটা শোভাযাত্ৰাত মিলিত হওঁক

আটাইবোৰ জাতি।”

শেষত, চতুৰ্থ স্তৱকত কবিয়ে নাগৰিকসকলক এনেকুৱা মূহুৰ্তৰ বাবে আহ্বান কৰি ভগৱানক প্ৰাৰ্থনা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। কবিয়ে প্ৰাৰ্থনা কৰিব খোজে এনে এক জাতিৰ বাবে যি জাতিৰ মাজত মন্দিৰ-মছজিদৰ দ্বন্দ্ব নেথাকে। সিহঁতে সংগ্ৰাম কৰিব খোজে প্ৰতিজন মানুহক একো একোজন স্বাধীন প্ৰজাতি কৰিবলৈ। কবিৰ ভাষাত–

আহা, এনে এটি মূহুৰ্তৰ বাবে আমি প্ৰাৰ্থনা কৰো

য’ত মন্দিৰ, মছজিদৰ দ্বন্দ্বই নেভাগে

এটা বৃহৎ জাতি;

আহা, এনে এটা অৱস্থাৰ বাবে আমি 

সংগ্ৰাম কৰো

য’ত প্ৰতিজন মানুহেই একো-একোটা স্বাধীন প্ৰজাতি।”

কবিতাটি কবিৰ সমাজ এখনৰ দলিল বুলি ক’ব পাৰি; কিয়নো কবি সমাজ সচেতন বাবেই তেওঁ সমাজৰ দুৰ্নীতিৰ বিৰুদ্ধে সংগ্ৰামী শ্লোগান ৰচিব পাৰিছে। কবিতাটিত কোনো কাব্যিক কল্পচিত্ৰ নাই। ই আধুনিক কবিতাৰ আউলীয়া অলংকাৰৰ পৰাও মুক্ত। ভাষাও শ্লোগানৰ দৰেই সহজ আৰু সৰল। ০ ০ ০

.

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here