Home Literary Criticism নাজিক-আল-মালাইকা | Nazik al Malaika

নাজিক-আল-মালাইকা | Nazik al Malaika

0

নাজিক-আল-মালাইকা

নাজিক-আল-মালাইকা  Nazik al Malaika

নাজিক-আল-মালাইকা | Nazik al Malaika

 

নাজিক-আল-মালাইকা

নাজিক-আল-মালাইকা (Nazik al-Malaika) (১৯২৩-২০০৭) আছিল বিংশ শতাব্দীৰ এজনী প্ৰভাৱশালী ইৰাকী-আৰবী মহিলা কবি। এইজনী কবিয়ে আৰবী ভাষাত পোন প্ৰথমতে মুক্ত ছন্দ ব্যৱহাৰ কৰে।

আল-মালাইকাই ইৰাকৰ বাগদাদ চহৰত এটি সংস্কৃতমনা পৰিয়ালত ১৯২৩ চনত জন্ম গ্ৰহণ কৰে। তেওঁৰ মাক এজনী কবি আৰু দেউতাক এজন শিক্ষক আছিল। ১৯৪৪ চনত তাই বাগদাদ আৰ্টচ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি উইচকনচিন মেডিচন বিশ্ববিদ্যালয়ৰ পৰা তুলনামূলক সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পিছত তাই ললিত কলা একাডেমীৰ পৰা ১৯৪৯ চনত সংগীতত স্নাতক হয় আৰু বাগদাদ বিশ্ববিদ্যালয়, বছৰা বিশ্ববিদ্যালয়, কুৱেইট বিশ্ববিদ্যালয় আদিত শিক্ষাদান কৰে।

ছাত্ৰী অৱস্থাৰ পৰাই সাহিত্য চৰ্চা কৰা মালাইকাই দহ বছৰ বয়সত প্ৰথম কবিতা ৰচনা কৰে। তাইৰ প্ৰথম ৰচিত কবিতাটি পঢ়ি ককাদেউতাকে তাইৰ মাজত লুকাই থকা কাব্যিক প্ৰতিভাৰ উমান পাই কাব্য চৰ্চা চলাই যাবলৈ উৎসাহিত কৰে আৰু তাই ‘কবি’ অৰ্থ বুজি পোৱাৰ আগতেই তাইৰ ককাদেউতাকে তাইক ‘কবি’ বুলি মাতিবলৈ লয়। ককাদেউতাক, মাক আৰু দেউতাকৰ পৰা উৎসাহ-উদ্বীপনা পাই তাই পঢ়া-শুনাৰ পাশে পাশে কবিতা ৰচনাত লাগি থাকে আৰু কেইবাখনো কাব্য পুথি ৰচনা কৰে, যথাঃ “Ashiqat al-Layl” (Night’s Lover ),  “Al-kolera” (Cholera), “Shazaya wa Ramad” (Sparks and Ashes), “Qararat al-Mawja” (“Bottom of the Wave”),  “Shagrt al-qamar” (“Tree of the Moon”), “Wa Yu’ayer al-wano- albahr” (“And the Sea Change His Colour”) in 1970.  

তাইৰ যৌবন কালত মাকক হেৰুয়ায়   আৰু মানসিক আঘাত পায়। মাক জীয়াই থকালৈকে মাকেই আছিল তাইৰ একান্ত বন্ধু আৰু তাইৰ কবিতাৰ সমালোচক। ১৯৬২ চনত  আবদ-আল-হাদি নামৰ সহকৰ্মী অধ্যাপক এজনৰ লগত তাইৰ বিয়া হয় আৰু তেওঁৰ লগত বছৰালৈ গৈ বছৰা বিশ্ববিদ্যালয় স্থাপন কৰে। ইয়াৰ পিছত তাই স্বামীৰ সৈতে কুৱেইটত থাকিবলৈ লয় আৰু কুইয়েট বিশ্ববিদ্যালত ছন্দ আৰু তুলনামূলক সাহিত্যত অধ্যাপনা কৰে। 

তাই ৰচিত কবিতাৰ সংখা যথেষ্ট যদিও তাৰ মাত্ৰ আধা সংখ্যক কবিতাহে তাইৰ জীৱন কালত প্ৰকাশ পাইছিল। মালাইকাই কবি হিচাপে কীটচ্‌, টি এচ ইলিয়ট আৰু ইংৰাজ ৰোমান্টিক কবিসকলৰ দ্বাৰা প্ৰভাৱিত হৈছিল।  আমেৰিকান কবি আৰু চুটিগল্পকাৰ এডগাৰ এলেন পোৰ বিমৰ্ষতা আৰু শ্বেপনহাৱাৰৰ নিৰাশাবাদৰ প্ৰভাৱো তাইৰ ওপৰত পৰিছিল। ইয়াৰ উপৰিও আৰবী কবি আলি মাহমুদ তাহা, আবু মাদি, খলিল জিব্রান, নাজিব আৰিদা আদিৰ প্ৰভাৱো তাইৰ ওপৰত লক্ষ্যণীয়। 

কবি হিচাপে তাইৰ কৃতিত্ব হৈছে যে তাই পোন প্ৰথমতে ইৰাকী-আৰবী কবিতাত মুক্ত ছন্দৰ প্ৰয়োগ কৰিবলৈ লয়। একাকীকত্ব, বিমৰ্ষতা, ভয়, শংকা, মানসিক যন্ত্ৰণা, প্ৰেম, প্ৰকৃতি আদি তাইৰ কবিতাৰ মূল বিষয়বস্তু। নাজিক মালাইকাই প্ৰধানকৈ কাপলেট আৰু মুক্ত ছন্দত কবিতা ৰচনা কৰিছিল। তাই আনকি ধ্ৰুপদী ছন্দও পৰিত্যাগ কৰা নাছিল বৰং যথোপযুক্ত বিষয়ত ধ্ৰুপদী ছন্দৰ প্ৰয়োগ সমৰ্থন কৰিছিল।

মালাইকাৰ কবিতা কল্পচিত্ৰ, প্ৰতীক, উপকথা, আৰু উদ্বৃতিৰ দ্বাৰা সমৃদ্ধ। কবিতাত তাই সঘনে কোনো শব্দ, খণ্ডবাক্য, কোনো বিশেষ শাৰী, প্ৰশ্নেবাধক চিহ্ন আদি ব্যৱহাৰ কৰি তাইৰ অনুভৱ আৰু অনুভূতিৰ বিস্তাৰ সাধন কৰিছিল। তাইৰ কবিতা প¿Iÿ এনে ধাৰণা হয় যেন তাই কোনো চাকনৈয়াত বন্ধী যাৰ পৰা চেষ্টা কৰিও ওলাই আহিব পৰা নাই। 

তাইৰ প্ৰথম কবিতা পুথি “Ashiqat al-Layl” (Night’s Lover) ত তাই ভ্ৰুকুটিৰ সৈতে জীৱনৰ মুখামুখি হৈছে। তাইৰ কাব্যিক পৃথিৱীটো হৈছে দুখ আৰু যন্ত্ৰণাৰ পৃথিৱী। তাইৰ দ্বিতীয় কবিতা পুথি “Al-kolera” (Cholera) ত তাইৰ নিজৰ বক্তিগত জীৱনৰ আভ্যন্তৰীন অনুভৱ ব্যক্ত কৰিছে। তলত উদ্ধৃত কবিতাকেইশাৰীয়ে তাইৰ কবিতাৰ বিষয়বস্তুৰ এটি আভাষ দিয়ে ঃ

”The night asks who am I?

I am its secret- anxious, black, profound,

I am its rebellious silence

I have veiled my nature, with silence

Wrapped my heart in doubt

And solemn remained here

Gazing, while the ages ask me

Who I am?”

নাজিক-আল-মালাইকা | Nazik al Malaika

 

সামৰিণিত ক’ব পাৰি নাজিক আল-মালাইকা আধুনিক ইৰাকী-আৰবী কাব্য সাহিত্যৰ ভঁৰাল অকল চহকী কৰাই নহয়, তাই বহুতো নবীন কবিৰ বাবে উৎসাহ, প্ৰেৰণা আৰু আদৰ্শৰ প্ৰতীক।  0 0 0 

নাজিক-আল-মালাইকা | Nazik al Malaika

 

বি. দ্র. উক্ত ‘নাজিক-আল-মালাইকা | Nazik al Malaikaৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘এক গুচ্ছ জীবনী‘ গ্রন্থৰ পৰা লোৱা হৈছে

নাজিক-আল-মালাইকা | Nazik al Malaika

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here