Home Literary Criticism নাবিঘা আলজু’দী | Nabigha Al-judi

নাবিঘা আলজু’দী | Nabigha Al-judi

0

নাবিঘা আলজু’দী | Nabigha Al-judi

নাবিঘা আলজু’দী  Nabigha Al-judi

নাবিঘা আলজু’দী (Nabigha Al-judi)

নাবিঘা আলজু’দী: চমু পৰিচয়ঃ

নাবিঘা আলজু’দী (Nabigha Al-judi) আছিল প্ৰাথমিক ইছলামী যুগৰ এজন বিখ্যাত আৰু জনপ্ৰিয় কবি। তেওঁৰ প্ৰকৃত নাম আছিল আবু লায়লা হাছান ইবন ক্বাইছ। তেওঁ পঞ্চম শতিকাৰ শেষ দহকত জন্ম গ্ৰহণ কৰিছিল বুলি অনুমান কৰা হয়। তেওঁৰ জন্ম হৈছিল আৰবৰ জোদা গোত্ৰত। তেওঁ মূৰ্তিপূজা বেয়া পাইছিল আৰু মদ পান কৰাৰ পৰা বিৰত থাকিছিল। আৰবৰ পৰম্পৰাগত পৌত্তলিক ধৰ্মত তেওঁৰ বিশ্বাস নাছিল আৰু হজৰত ইব্রাহিম (আঃ) য়ে প্ৰচাৰ কৰা ধৰ্মমত মানি চলিছিল। পিছত হজৰত মহম্মদ (ছাঃ)য়ে নবুয়ত প্ৰাপ্তিৰ বাতৰি পাই নবীজীৰ ওচৰলৈ গৈ ইছলাম ধৰ্মত দীক্ষিত হৈছিল। তেওঁ নবীজীক প্ৰশংসা কৰি এটি কবিতা ৰচনা কৰি নবীজীৰ সন্মুখত পাঠ কৰিছিল। নবীজীয়ে তেওঁৰ কবিতা পাঠ শ্ৰৱণ কৰি মুগ্ধ হৈছিল আৰু তেওঁৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰিছিল।  তেওঁ বহুতো দেশ ভ্ৰমণ কৰিছিল। কথিত আছে যে মাজ বয়সত তেওঁ এবাৰ কবিত্ব শক্তি হেৰুৱাই পেলাইছিল আৰু পিছলৈ সেই শক্তি ঘূৰাই পাইছিল। কবিতা শক্তি হেৰুৱাই পুনৰ ঘুৰাই পোৱা বাবে তেওঁক ‘নাবিঘা’ (প্ৰৱাহমান) বুলি কোৱা হয়।
 
এইজন কবিয়ে উমাইয়া বংশৰ শেষ খলিফা আব্দুল  মালিকৰ ৰাজত্বকালত ইস্পাহানলৈ যায় আৰু তাতে ১৮০ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে।

নাবিঘা আলজু’দী: কাব্যিক প্ৰতিভাঃ

নাবিঘা আলজু’দী এজন স্বভাৱ কবি আছিল। তেওঁৰ এক বিশেষ বৈশিষ্ট্য আছিল যে স্বাভাৱিকভাৱে তেওঁৰ মুখেৰে যি ওলাইছিল সেয়াই তেওঁৰ কবিতা আছিল। নাবিঘা আলজ’দীয়ে যিকোনো বিষয়ৰ ওপৰত থিতাতে কবিতা ৰচনা কৰিব পাৰিছিল আৰু বিভিন্ন উপলক্ষত কবিতা আবৃতি কৰিছিল। তেওঁ কেতিয়াও তেওঁৰ ৰচিত কবিতা এটি সংশোধন কৰা বা পৰিমাৰ্জিত কৰা নাছিল। ফলত তেওঁৰ কবিতা ভাল  আৰু বেয়াৰ সংমিশ্ৰণ আছিল। তেওঁৰ কবিতা সম্পৰ্কে মন্তব্য কৰি আল আচমায়ীয়ে হৈছিল, “নাবিঘা আলজু’দীয়ে হাজাৰ দেৰহামৰ দামী চাদৰৰ লগত সস্তীয়া ওৰনিৰ মিশ্ৰণ ঘটাইছিল।”  আৰবী কবিতাত শব্দৰ আভিধানিক অৰ্থৰ বাহিৰেও আন অৰ্থত শব্দৰ ব্যৱহাৰ পোনতে তেঁৱেই কৰিছিল। তেওঁ বহুতো প্ৰশংসাসূচক, ব্যঙ্গাত্মক আৰু শোক কবিতা ৰচনা কৰিছিল। তেওঁৰ কবিতাত কোনো অশ্লীল বৰ্ণনা নাই। নাবিঘা আলজু’দীৰ কবিতা আছিল মাৰ্জিত, নৈতিক আৰু ইছলামী দৰ্শনৰ দ্বাৰা প্ৰভাৱিত। প্ৰাথমিক ইছলামী যুগৰ আৰবী কবিতাৰ বিকাশত তেওঁৰ যথেষ্ট অৱদান আছে। কিন্তু দুখৰ বিষয় যে সংৰক্ষণৰ অভাৱত তেওঁৰ সৰহভাগ কবিতাই কালৰ বুকুত জীন গৈছে। 0 0 0.
নাবিঘা আলজু’দী
বি দ্রঃ উক্ত ‘নাবিঘা আলজু’দী | Nabigha Al-judi’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ‘ গ্রন্থখনৰ পৰা লোৱা হৈছে।
নাবিঘা আলজু’দী

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

Additional Searches:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here