Home Literary Criticism নিজৰ স’তে দ্বন্দ্বঃ এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Nijor Sate Dandba

নিজৰ স’তে দ্বন্দ্বঃ এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Nijor Sate Dandba

0

নিজৰ স’তে দ্বন্দ্বঃ এক সমালোচনাত্মক বিশ্লেষণ

ৰাব্বি মছৰুৰ
নিজৰ স’তে দ্বন্দ্বঃ এক সমালোচনাত্মক বিশ্লেষণ  Ismail Hossain Nijor Sate Dandba

 

নিজৰ স’তে দ্বন্দ্বঃ এক সমালোচনাত্মক বিশ্লেষণ

নিজৰ স’তে দ্বন্দ্বঃ এক সমালোচনাত্মক বিশ্লেষণ

‘নিজৰ স’তে দ্বন্দ্ব’ কবিতাটি নাটকীয় স্বগতোক্তি (dramatic monologue) মূলক কবিতা। ইয়াত কবি ইছমাইলে নিজৰ আত্মা আৰু শাৰীৰিক অস্তিত্বৰ মাজত চলা মানসিক দ্বন্দ্ব প্ৰকাশ কৰিছে।  কবিতাটিত কবিৰ শাৰীৰিক অস্তিত্বই আত্মা নামৰ গুণবাচক ধাৰণাটিক সম্বোধি পৰস্পৰৰ দ্বন্দ্বককাব্যিক ৰূপ দিছে।

কবিৰ আত্মাই শৰীৰক উদ্দেশ্যি কৈছে যে তেওঁ অস্তিত্বপূৰ্ণ শাৰীৰিক ইছমাইলক বহুত বছৰ ধৰি আলিঙ্গনত ৰাখিছে আৰু হয়তো আৰু কিছুকাল এইদৰে থাকিব। কিয়নো কবিৰ আত্মাৰ লগত শৰীৰৰ আজন্ম সহবাস। কেৱল সুখৰ দিনতেই নহয় দুখৰ অৰ্থাৎ উপবাসৰ দিনতো কবিৰ আত্মা আৰু শৰীৰে একেলগে পাৰ হৈ আহিছে ভৈয়াম, সাগৰ, নদী আৰু শিলাময় পাহাৰ। কবিৰ ভাষাত–

“ইছমাইল

বহু বছৰ ধৰি তোক মোৰ আলিঙ্গনত ৰাখিছোঁ

আৰু কিছুকাল আমি এনেদৰেই থাকিম

তোৰ স’তে মোৰ আজন্ম সহবাস

উপবাসৰ দিনবোৰতো একেলগে পাৰ হৈ আহিছো

ভৈয়াম, সাগৰ, নদী, আৰু শিলাময় পাহাৰ।”

কবিয়ে আত্মাৰ অনুগত হৈ বিভিন্ন ভাও দিছে। কেতিয়াবা সৈনিকৰ পো  ছাক পিন্ধি বন্দুক টোৱাই হেৰুৱা বন্দৰ দখল কৰিছে অৰ্থাৎ অহৰহ সংগ্ৰাম কৰিছে পাৰ্থিৱ বিষয়লৈ। কবিৰ আত্মাটি কবিৰ কাৰণে বৰ অদ্ভূদ যেন লাগিছে আৰু সেইবাবেই কবিৰ আত্মা আৰু শৰীৰৰ মাজত অহৰহ দ্বন্দ্ব। কবিৰ ভাষাত–

“তোৰ অনুগত হৈ সৈনিকৰ পোছাক পিন্ধিছোঁ

আৰু তোৰেই নিৰ্দ্দেশত বন্দুক টোৱাই দখল কৰিছোঁ

হেৰুৱা বন্দৰ।

তোৰ ভিতৰৰ মানুহজন বৰ অদ্ভূদ

তাৰ স’তে মোৰ অহৰহ দ্বন্দ্ব অহৰহ যুঁজ।”

কবিৰ ভিতৰৰ মানুহজন অৰ্থাৎ আত্মাটি অমানৱীয় আৰু অমানৱীয় বাবেই কবিক শিকাইছে যুদ্ধৰ কৌশল আৰু শিকাইছে মানুহৰ বুকুত আঘাত হানিবলৈ। কবিয়ে স্বীকাৰ কৰিছে–

“তয়েইতো মোক শিকাইছিলি মানুহৰ বুকু ফালি 

সোমাই যোৱাৰ যাদুকৰী কৌশল

আৰু যুদ্ধাৰম্ভৰ আঁচনি

তয়েইতো মোক দিছিলি স্বত্বাধিকাৰৰ অনুজ্ঞাপত্ৰ

যাৰ বলত চহাইছোঁ মানুহৰ বুকুৰ উবৰ্বৰ মাটি।”

কবিৰ মতে কবিৰ আত্মাটি পাশৱিক। কিন্তু কবিয়ে ভাবিছে কোনো এদিন  কবিৰ আত্মাই কবিক এৰা দি গুচি যাব আৰু তেতিয়া কবিৰ অমানৱীয়  গুণ বসবাস কৰা শৰীৰ আনকি তাৰ কাম-কাজবোৰ অৰ্থাৎ কবিৰ যুদ্ধ কৱচ,  প্ৰিয় কবিতা, গান আদি অমানৱীয় কামবোৰৰ লেশমানো নাথাকে। কবিৰ ভাষাত-

“যুদ্ধৰ সকলো আঁচনি এৰি এদিন তই গুচি

যাবি মোৰ পৰা

মইয়ো তোৰ অবিহনে স্ব ইচ্ছাই জ্বলাই দিম

মোৰ ঘৰ, যুদ্ধৰ কবচ, মোৰ প্ৰিয় কবিতা,

তোৰ প্ৰিয় গান, স্মৃতি স্বাক্ষৰ;

তই তাৰে জুহালত অকলশৰে সেকিবি

শীতৰ ঠেৰেঙা  হাত।”

ইয়াৰ পিছত কবিয়ে আত্মাৰ বিষয়ে কৈছে যে কবিৰ শৰীৰৰ পতন হৈ গ’লে তেওঁৰ শৰীৰে নাইবা মানৱীয় গুণসম্পন্ন আত্মাই  আত্মাৰ অমানৱীয় অংশটি এৰি যাব কবিৰ প্ৰাৰ্থনাৰ ৰাতি। নিজানত বহি যেতিয়া কবিৰ আত্মাই সোঁৱৰণ কৰিব বা লিখিব পাহৰণি গীত বা সোঁৱৰণী কবিতা। কবিৰ ভাষাত–

“মূহুৰ্তৰ বাবে তোলৈ এৰি যাম মোৰ

প্ৰাৰ্থনাৰ ৰাতি

নিজানত বহি লিখিবি সোঁৱৰণী কবিতা, 

পাহৰণি গীত।”

কবিয়ে ওপৰত উদ্ধৃত কৰা কবিতা কেইশাৰীত বিষয়-বস্তু উপস্থাপনৰ যুক্তিযুক্ততা (logic) হেৰুৱাইছে আৰু ইয়াতেই  কবিতাটি ক্ৰটিযুক্ত হৈছে। কিয়নো কবিতাটিত কবিৰ শাৰীৰিক সত্বাই বা মানৱীয় সত্বাইহে আত্মাক  বা অমানৱীয় সত্বাক উদ্দেশ্যি বক্তব্যবোৰ পেশ কৰিছে। কিন্তু ওপৰত দিয়া উদ্ধৃত কবিতা দুশাৰীত তাৰ ওলোটাহে ঘটিছে। ইয়াত যেন কবিৰ গুচি যাব লগা আত্মাই কবিৰ শৰীৰক কৈছে। কবিয়ে যদি উদ্দেশ্য প্ৰণোদিতভাৱেই গুচি যাব লগা শৰীৰক উদ্দেশ্যি কথাবোৰ ক’বৰ স্বাধীনতা দিছে তেন্তে উক্ত উক্তিটো কবিৰ মানৱীয় সত্ত্বাৰ প্ৰতি ব্যঙ্গাত্মক হৈছে- যিটো কবিয়ে আশা কৰা নাই কিজানি! কবিতাটিত কবিয়ে মানৱীয় সত্বাক  অমানৱীয় আত্মাংশৰ ওপৰত ৰাখিবলৈয়ো কবিতাটিৰ আৰম্ভণিৰ পৰা প্ৰচেষ্টা চলাইছে আৰু এই আদৰ্শ অটুট ৰখাটোৱেই কবিৰ উচিত আছিল।

শেষত কবিয়ে কৈছে যে কবিৰ আশা এই পৃথিৱীত থকা লৈকে এনেদৰে স্ববিৰোধত পাৰ্থিৱ সময়বোৰ  কটাই যাব। কিন্তু কবি আশাবাদী যে কবিৰ পৰৱৰ্তী প্ৰজন্মৰ প্ৰতি দ্বন্দ্বহীন পৰিৱেশ স্থাপন কৰি যাব। কবিৰ ভাষাত–

“মূলতঃ স্ববিৰোধিতাত পৰস্পৰে কিছুকাল

কটাম আৰু আগন্তুক শিশুটিৰ বাবে

এৰি যাম কিছু ৰসাল মাটি, বিশুদ্ধ বতাহ,

তেজহীন নদী আৰু কিছু ৰসাল কথা।”

কবিতাটি দাৰ্শনিক আৰু মনস্তাত্বিক কবিতা। ইয়াত কবিয়ে মানুহৰ আত্মা নাইবা প্ৰতীতি যে ভাল বেয়াৰ সমষ্টি তাক বুজাবলৈ চেষ্টা কৰিছে।

কবিতাটিৰ ভাষা সম্বন্ধে ক’বলৈ গ’লে ক’ব লাগিব যে কবিতাটি তেওঁৰ আন আন কবিতাৰ দৰেই গদ্যময়। ইয়াত কল্পচিত্ৰ আছে কিন্তু আটকধুনীয়া নহয়। ০ ০ ০

.

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here