Home Literary Criticism নীলিম কুমাৰৰ কবিতা–এক বৈশিষ্ট্যমূলক আলোচনা | Nilim Kumarar Kabita | Poetry of...

নীলিম কুমাৰৰ কবিতা–এক বৈশিষ্ট্যমূলক আলোচনা | Nilim Kumarar Kabita | Poetry of Nilim Kumar

নীলিম কুমাৰৰ কবিতা-- এক বৈশিষ্ট্যমূলক আলোচনা

0

নীলিম কুমাৰৰ কবিতা–এক বৈশিষ্ট্যমূলক আলোচনা

নীলিম কুমাৰৰ কবিতা

নীলিম কুমাৰৰ কবিতা

নীলিম কুমাৰৰ কবিতা– এক বৈশিষ্ট্যমূলক আলোচনা

‘বাৰীকোঁৱৰ’ৰ কবি নীলিম কুমাৰ প্ৰধানকৈ যৌৱনৰ কবি। যৌৱনত যেনেকৈ প্ৰতিজন ডেকা-গাভৰুৱে জীৱন আৰু যৌৱনক উপভোগ কৰাৰ ৰঙীন আশা লৈ বতাহত শিমলু তুলা উৰাদি উৰি ফুৰে, ঠিক তেনেকৈ কবি নীলিমেও উৰি ফুৰিছে আৰু তেওঁৰ ডেউকাৰ প্ৰতিটো সঞ্চাৰনত অৱক্ষয় সমাজখনৰ গঢ়াখহনীয়াত ঠেকা খাই তেওঁ ভাগি পৰিছে আৰু তাৰ প্ৰতিক্ৰিয়া হিচাপে তেওঁৰ মনত যি ভাৱৰ উদয় হৈছে তাকেই তেওঁ কবিতাত ফুটাই তুলিছে। অৱচেতন মনত লুকাই থকা সহজাত আবেগ, বাহ্যিক জগতৰ প্ৰতি কবিৰ অন্তঃশীলা অনুভূতি, ৰঙীন জীৱ-জগতৰ প্ৰতি কবিৰ অদম্য উচ্ছাস, দৈনন্দিন জীৱনত মুখামুখি হোৱা সংঘাত আৰু অৱক্ষয়ী সমাজখনক সহানুভূতিৰে গ্ৰহণ কৰা মনোভাৱ তেওঁৰ কবিতাৰাজিৰ মূল বিষয়-বস্তু।

কবিয়ে জীৱনত লানি-নিছিগা দুখ-শোকৰ মুখা-মুখি হৈছে। তেওঁ উপলব্ধি কৰিছে যে দুখ তেওঁৰ তেজৰ কণিকাৰ স’তে গঁথা। কিন্তু দুখৰ বিৰুদ্ধে  তেওঁৰ কোনো অভিযোগ নাই। শৰতৰ পিছত যেনেকৈ মানুহে হেমন্ত আৰু শীতক সহজাত বুলি গ্ৰহণ কৰে, কবি নীলিমেও দুখক ঠিক তেনেকৈয়ে গ্ৰহণ কৰিছে। কবিয়ে কৈছে–

“মোৰ এটা কোঠালীত 

তেওঁ বহে আৰু পঢ়া-শুনা কৰে

এটাত কৰে খোৱা-বোৱা 

এটা কোঠালীত তেওঁ গান গায়

আনটোত শোৱে।

 

মোৰ হৃদয়ৰ চাৰিওটা কোঠালীয়েই 

তেওঁ ভাড়া লয়

তেওঁ আন কোনো নহয়

দুখ।” (ভাড়াঘৰ)

কবি নীলিম দৰিদ্ৰ। হৃদয়খনৰ বাহিৰে তেওঁৰ কোনো সম্পদ নাই। সেয়ে তেওঁ হৃদয়খনৰ বিনিময়ত প্ৰেম ক্ৰয় কৰিবলৈ উৎসাহী। তেওঁ কৈছে–

“কেৱল হৃদয়খন আছে

তাৰে কিনিবলৈ পামনে

প্ৰেম 

মাতাল হোৱাকৈ।” (গ্ৰাহক)

কবি নীলিম সন্ত্ৰাসবাদ বিৰোধী। কিন্তু সন্ত্ৰাসৰ বিৰুদ্ধে থিয় দিবলৈ সাহস গোটাব পৰা নাই। সেয়ে তেওঁ সিহঁতৰ পৰা নিজকে আঁতৰত ৰাখিছে আৰু আনকো সাৱধানে থাকিবলৈ সকীয়াই দি কবিয়ে কৈছে–

“অঘৰী প্ৰেমিকজন আহিলে

পদূলিত ৰৈ নাথাকিবা

বন্ধ কৰিবা গান

ঢাকি ৰাখিবা তোমাৰ মুখৰ

কৰুণ শিল্প

পিন্ধি থাকিবা শিলৰ পোছাক।” (অঘৰী প্ৰেমিক)

কবিৰ মন তৰুণ আৰু চঞ্চল। তেওঁ কাৰোবাৰ প্ৰেম বিচাৰে; কিন্তু প্ৰেমৰ কাঁইটৰ আঘাত সহ্য কৰিবলৈ তেওঁৰ সাহস নাই বাবে তেওঁৰ মনটো থিৰেৰে ৰাখিব পৰা নাই। কবিৰ ভাষাত–

“ঠিকেই আছে হৃদয়ত

প্ৰেমখিনি

কেৱল থিৰেৰে ৰাখিব পৰা নাই

মনটো

প্ৰেমৰ দলংত 

দুৰ্ঘটনাটো।” (দুৰ্ঘটনা)

কবি প্ৰেমত বিশ্বাসী যদিও প্ৰেমৰ বাবে তেওঁ হাহাকাৰ কৰি ফুৰা নাই। কোনোবাই যদি তেওঁক পাহৰিব খোজে, কবিয়েও তেওঁক পাহৰিবলৈ চেষ্টা কৰিছে। কবিৰ ভাষাত–

“তেওঁ আদালতলৈ গৈছে

মোক এৰিব খোজে

ময়ো গৈছো

গোচৰ তৰিছো 

তেওঁৰ বিপৰীতে।” (আদালত)

কবি আগত দিনবোৰৰ প্ৰতি আশাবাদী। কবিয়ে আশা কৰে সন্নিকট আগত দিনত মানৱ সমাজৰ পৰা দুখৰ সকলো উৎস নাইকীয়া হ’ব আৰু তেতিয়া শান্তিৰ সঁফুৰাৰে ভৰি পৰিব আকাশ, বতাহ আৰু সমস্ত ধৰা। কবিয়ে কৈছে–

“দুয়োজনৰ হাতৰ তলুৱাৰ পথাৰত

গজি উঠিব সেউজীয়া গাঁহনি পথাৰ।” (শুভেচ্ছা)

কবি নীলিম একান্তভাৱে ব্যক্তিগত কবি। তেওঁ কেৱল নিজৰ হৃদয়ত যি অনুভৱ কৰিছে তাকেই শব্দৰ সহায়ত ভাষা ৰূপ দিছে। তেওঁৰ নিৰ্দ্দিষ্ট দৰ্শন নাই। তেওঁ যেতিয়া যি পৰিস্থিতিৰ সন্মুখীন হৈছে তাকেই স্বাভাৱিক যেন গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছে। অৱশ্যে সমাজৰ দোষ-কালিমাও নেদেখা নহয়; কিন্তু সিবোৰ আতঁৰাবলৈ বুকুভৰা স্পৰ্ধা লৈ  ওলাই আহিবলৈ সাহস কৰা নাই। মুঠতে তেওঁৰ কবিতা তেওঁ দৈনন্দিন জীৱনত লাভ কৰা তিতা-কেঁহা সৰল অভিজ্ঞতাৰ দলিল।

তেওঁৰ কবিতাত ফুটি উঠা অভিজ্ঞতাবোৰ যিদৰে তেওঁৰ একান্ত নিজৰ, ঠিক সেইদৰে তেওঁৰ কবিতাৰ আঙ্গিকো তেওঁৰ একান্ত নিজৰ। তেওঁৰ কবিতাত বিশৃঙ্খল  শব্দৰ হেঁতা-ওপৰা নাই। তেওঁ যি কৈছে সহজ-সৰল শব্দৰে সহজ-সৰলভাবেই উপস্থাপন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে। অৱশ্যে সহজ- সৰল উপমা, ৰূপক আৰু প্ৰতীকৰ ব্যৱহাৰে তেওঁৰ কবিতাক উপভোগ্য কৰি তুলিছে। তেওঁৰ উপমাবোৰ চিনাকী ঘৰুৱা গোন্ধেৰে আমোলমোল। উদাহৰণস্বৰূপে –

(ক) মৃত্যুৰ দৰে শীতল

(খ) বগা চাদৰৰ দৰে দেখি ব্রহ্মপুত্ৰখন।

(গ) সাপৰ দৰে দেখি আলিবাটবোৰ। ০ ০ ০

বি. দ্র. উক্ত ‘নীলিম কুমাৰৰ কবিতা–এক বৈশিষ্ট্যমূলক আলোচনা’ ৰচনাটি ‘অসমীয়া কবি প্রতিভা’ গ্রন্থৰ পৰা তুলি দিয়া হৈছে।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here