নোংথোম্বম বিদ্যাপতি সিংহ | Nunthumbam Bidyapati Sinha
নোংথোম্বম বিদ্যাপতি সিংহ | Nunthumbam Bidyapati Sinha
নোংথোম্বম বিদ্যাপতি সিংহ (Nunthumbam Bidyapati Sinha) এজন বহুমুখী প্ৰতিভাসম্পন্ন মণিপুৰী শিক্ষাবিদ আছিল।
তেওঁ ১৯১২ চনৰ ২৪ নভেম্বৰ তাৰিখে বৰ্তমান হাইলাকান্দি জিলাৰ লালা চহৰত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ ললিত সিংহ এজন কবিৰাজ আৰু জ্যোতিষী আছিল। মাতৃ মাইচন দেবী অসমত থকা মণিপুৰীসকলৰ প্ৰথম ডেপুটী ইন্স্পেক্টৰ হিজম ৰমন সিংহৰ বায়েক আছিল। তেওঁ ১৯৩১ চনত কলিকাতা বিশ্ববিদ্যালয়ৰ অধীনত প্ৰথম বিভাগত মেট্ৰিক পাছ কৰি পিছত চিলেটৰ মুৰাৰীচান্দ কলেজৰ পৰা ইণ্টাৰমিডিয়েট পাছ কৰে। উক্ত কলেজৰ পৰা ১৯৩৫ চনত ঢাকা বিশ্ববিদ্যালয়ৰ অধীনত বুৰঞ্জীত অনাৰ্চসহ বি. এ. পাছ কৰে।
নোংথোম্বম বিদ্যাপতি সিংহই ১৯৩৬ চনত কাছাৰ জিলাৰ সোনাই এম. ই. স্কুলত ইংৰাজী শিক্ষকৰূেপ যোগদান কৰে। সেই সময়ত সোনাই অঞ্চলত এম. ই. পাছ কৰাৰ পিচত হাইস্কুল পঢ়াৰ কোনো সুবিধা নাছিল। সেয়ে তেওঁৰ প্ৰচেষ্টাত সোনাই এম. জি. স্কুলত হাইস্কুল স্থাপন কৰি হাইস্কুলীয়া শিক্ষাৰ অভাৱ দূৰ কৰে।
নোংথোম্বম বিদ্যাপতি সিংহই অতি সহজ-সৰল জীৱন যাপন কৰিছিল। সদায় ধূতী-পাঞ্জাবী পৰিধান কৰা বিদ্যাপতি সিংহ এজন আদৰ্শবান পুৰুষ আছিল। অকল পঢ়া-শুনাতেই নহয, নাটক আদি সাংস্কৃতিক দিশতো আগৰণুৱা আছিল।
তেওঁৰ সভাপতিত্বত ১৯৩৯ চনত ‘কাছাৰ মণিপুৰী যুৱ সংঘ’ নামৰ এটি অনুষ্ঠান গঢ়ি উঠিছিল। উক্ত সংঘৰ যোগেদি স্বজাতি যুৱকসকলক জাগ্ৰত কৰিছিল।
১৯৩৫ চনৰ ‘ভাৰত শাসন আইন’ৰ অধীনত ১৯৪৬ চনত অনুষ্ঠিত অসম বিধান সভা নিৰ্বাচনত তেওঁ দক্ষিণ হাইলাকান্দি সমষ্টিৰ বিধায়ক নিৰ্বাচিত হৈছিল। বিধায়ক হৈ থকা কালত তেওঁ নিজ মাতৃভাষা মণিপুৰী মাধ্যমেৰে শিক্ষা-দীক্ষা লোৱাৰ সুবিধা লাভৰ বাবে বহুবাৰ দাবী উত্থাপন কৰিছিল। ইয়াৰ ফলস্বৰূেপ পৰৱৰ্তী কালত অসম চৰকাৰে মণিপুৰী ভাষাক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি প্ৰদান কৰে।
ভাৰত স্বাধীন হোৱাৰ পিছত ১৯৪৮ চনত পূব পাকিস্তানত বসবাস কৰা মণিপুৰীসকলক উৎপীড়ন কৰা খবৰ শুনি তেওঁ কাছাৰৰ তিনিজন মণিপুৰী নেতা আৰু এশগৰাকী ছাত্ৰ-ছাত্ৰী প্ৰেৰণ কৰি সেই সময়ত সেই ঠাইত থকা মণিপুৰী প্ৰজা আৰু চুবুৰীয়া প্ৰজাসকলৰ মাজত সদভাব ৰাখি বসবাস কৰিবলৈ সু-পৰামৰ্শ আগবঢ়াইছিল।
স্বজাতি আৰু জনতাৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰি বহু কম বয়সত ৪২ বছৰ বয়সত ১৯৫৪ চনৰ ১৪ চেপ্তেম্বৰত সোনাই চহৰত নোংথোম্বম বিদ্যাপতি সিংহই মৃত্যুবৰণ কৰে। ০ ০ ০
Read More: বিশ্ব ব্যক্তি পৰিচয়
বি. দ্র. উক্ত ‘নোংথোম্বম বিদ্যাপতি সিংহ | Nunthumbam Bidyapati Sinha‘ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: