Home Quiz পদার্থ বিজ্ঞান কুইজ

পদার্থ বিজ্ঞান কুইজ

0

পদার্থ বিজ্ঞান কুইজ

পদার্থ বিজ্ঞান কুইজ

 

পদার্থ বিজ্ঞান কুইজ

পদার্থ বিজ্ঞান কুইজ

প্ৰঃ কোন চনত অ’ৰষ্টেডে প্ৰমাণ কৰিলে যে বিদ্যুৎ আৰু চুম্বকৰ মাজত এটা সম্পৰ্ক আছে?

উঃ 1820 চনত।

প্ৰঃ এক্স-ৰশ্মি কিহেৰে গঠিত?

উঃ আলফা কণাৰ দ্বাৰা।

প্ৰঃ ছি. জি. এছ. পদ্ধতিত কোনটো এককেৰে তৰল পদাৰ্থৰ আয়তন জোখা হয়?

উঃ লিটাৰ।

প্ৰঃ এফ. পি. এছ. পদ্ধতিৰ ক্ষেত্ৰফলৰ একক কি?

উঃ বৰ্গফুট।

প্ৰঃ কোৱান্টাম সূত্ৰৰ আৱিষ্কাৰক কোন?

উঃ  মেক্স প্লাংক।

প্ৰঃ  বৈদ্যুতিক শক্তিৰ  এছ. আই. একক কি?

উঃ কিল’ৱাট ঘন্টা।

প্ৰঃ  দূৰদৃষ্টিজনিত চকুৰ দোষৰ চিকিৎসাত কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰা হয়?

উঃ  উত্তল লেন্স।

পদার্থ বিজ্ঞান কুইজ

প্ৰঃ ওজন কিয় ভেক্টৰ  ৰাশি?

উঃ পৃথিৱীৰ মাধ্যাকৰ্ষণ ত্বৰণৰ দিশ নিৰ্দ্দিষ্ট বাবে ।

প্ৰঃ 1 অশ্ব শক্তি = কিমান ৱাট?

উঃ 746 ৱাট।

প্ৰঃ লাক্টো মিটাৰ কি কামত ব্যৱহাৰ কৰা হয়?

উঃ গাখীৰৰ বিশুদ্ধতা জুখিবলৈ।

প্ৰঃ আমি আকাশখন নীলা দেখো কিয়?

উঃ পোহৰৰ বিচ্ছুৰণৰ বাবে।

প্ৰঃ এম. কে. এছ .পদ্ধতিত আয়তনৰ একক কি?

উঃ ঘন মিটাৰ।

প্ৰঃ ছি. জি. এছ. পদ্ধতিত তাপৰ একক কি?

উঃ কেলৰি।

প্ৰঃ আলোকবৰ্ষ কিহৰ একক?

উঃ মহাজাগতিক দূৰত্বৰ একক।

প্ৰঃ এফ. পি. এছ. পদ্ধতিৰ সম্পূৰ্ণ ৰূপটো কি?

উঃ ফুট – পাউণ্ড – চেকেণ্ড।

প্ৰঃ এফ. পি. এছ. পদ্ধতিৰ আয়তনৰ প্ৰাথমিক একক কি?

উঃ ঘনফুট।

পদার্থ বিজ্ঞান কুইজ

প্ৰঃ পোহৰৰ তৰঙ্গৰ প্ৰকৃতি সম্বন্ধে কোনে প্ৰথমতে অভিমত প্ৰকাশ কৰিছিল?

উঃ ক্ৰিষ্টিয়ান হাইজেনে।

প্ৰঃ বায়ুমণ্ডলীয় বিদ্যুৎ আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম কি?

উঃ বেঞ্জামিন ফ্রেঙ্কলিন।

প্ৰঃ ছি. জি. এছ. পদ্ধতিত ত্বৰণৰ একক কি?

উঃ ছেঃ মিঃ চেকেণ্ড²।

প্ৰঃ কি সঁজুলিৰ সহায়ত সূৰ্যৰ উষ্ণতা জোখা হয়?

উঃ পাইৰ’মিটাৰ।

প্ৰঃ শূন্য মাধ্যমত শব্দৰ গতিবেগ কিমান?

উঃ শূন্য।

প্ৰঃ ফাৰেনহাইট স্কেলত বৰফৰ গলনাংক কিমান?

উঃ 32⁰ ফাৰেনহাইট।

প্ৰঃ ৱাট কিহৰ একক?

উঃ ক্ষমতাৰ একক।

পদার্থ বিজ্ঞান কুইজ

প্ৰঃ আদৰ্শ গেছ কি?

উঃ যি গেছে গেছৰ সূত্ৰবোৰ মানি চলে।

প্ৰঃ পৃথিৱীৰ কেন্দ্ৰত বস্তুৰ ওজন কিমান?

উঃ শূন্য।

প্ৰঃ এক গেলন = —– লিটাৰ।

উঃ  4.54  

প্ৰঃ ক্ৰিয়া আৰু প্ৰক্ৰিয়াই কিহৰ ওপৰত ক্ৰিয়া কৰে?

উঃ বিভিন্ন বস্তুৰ ওপৰত ক্ৰিয়া কৰে।

প্ৰঃ প্ৰতিধবনি সৃষ্টিৰ মূল কাৰণ কি?

উঃ শব্দৰ প্ৰতিফলন।

প্ৰঃ ৰঙা ৰশ্মিক কিয় বিপদৰ সংকেত বুলি কোৱা হয়?

উঃ ৰঙা ৰশ্মিৰ তৰঙ্গ ৰ্দ্ঘ্যৈ সৰ্বাধিক।

প্ৰঃ বাষ্পীভৱন কাক বোলে?

উঃ যি পদ্ধতিত যি কোনো উষ্ণতাত তৰল পদাৰ্থ বাষ্পীভূত হয়, তাকে বাষ্পীভৱন বোলে।

প্ৰঃ সাধাৰণ তুলাৰে বস্তুৰ কি জোখা হয়?

উঃ বস্তুৰ ভৰ।

প্ৰঃ বিদ্যুৎ প্ৰবাহে চুম্বক ক্ষেত্ৰ সৃষ্টি কৰা পৰিঘটনাটো পোন প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল?

উঃ অ’ৰষ্টেডে।

প্ৰঃ ষ্টেচনৰ পৰা ওলাই যোৱাৰ সময়ত ট্রেইন এখনৰ বেগক কি বেগ বোলে?

উঃ অসম বেগ।

প্ৰঃ ভৰ, সময়, দ্ৰুতি, ঘনত্ব আদি কি ৰাশি?

উঃ স্কেলাৰ ৰাশি।

প্ৰঃ এম. কে. এছ. পদ্ধতিত বলৰ একক কি?

উঃ নিউটন।

পদার্থ বিজ্ঞান কুইজ

প্ৰঃ পৃথিৱীৰ সকলো শক্তিৰ উৎস কি?

উঃ সূৰ্য।

প্ৰঃ বেৰোমিটাৰ আৰু মনোমিটাৰ কি জুখিবলৈ ব্যৱহাৰ কৰা হয়?

উঃ বায়ুৰ চাপ জুখিবলৈ।

প্ৰঃ থাৰ্মোমিটাৰ কোনে আৱিষ্কাৰ কৰিছিল?

উঃ গেলিলিঅ’ই।

প্ৰঃ ফাৰেনহাইট স্কেলত থাৰ্মোমিটাৰৰ উৰ্দ্ধস্থিৰাংক কিমান?

উঃ 212⁰  ফাৰেনহাইট।

প্ৰঃ কি পদাৰ্থৰ গলনত আয়তন হ্রাস পায়?

উঃ বৰফ।

প্ৰঃ পদাৰ্থৰ চতুৰ্থ অৱস্থাটোৰ নাম কি?

উঃ প্লাজমা।

প্ৰঃ ৱাট মানে কি?

উঃ এক চেকেণ্ডত এক জুল কাৰ্য কৰাৰ ক্ষমতাক ‘ৱাট’ বুলি কোৱা হয়।

প্ৰঃ 2 মল অক্সিজেনৰ ওজন কিমান?

উঃ 64 গ্ৰাম।

প্ৰঃ পদাৰ্থ বিজ্ঞানত নবেল বঁটা পোৱা প্ৰথমজন ভাৰতীয় বিজ্ঞানীজনৰ নাম কি?

উঃ চন্দ্ৰশেখৰ ভেংকট ৰমন।

পদার্থ বিজ্ঞান কুইজ

প্ৰঃ বৰ্তনীত বিদ্যুৎ প্ৰৱাহ ধৰা পেলাবলৈ ব্যৱহাৰ কৰা আহিলাটোক কি বোলা হয়?

উঃ গেলভেন মিটাৰ।

প্ৰঃ ৰোধৰ বিপৰীত ৰাশিক কি বোলা হয়?

উঃ পৰিবাহিতা।

প্ৰঃ দৈ বা গাখীৰত সৃষ্টি হোৱা এচিডবিধ কি?

উঃ লেকটিক  এচিড।

প্ৰঃ চুম্বক ক্ষেত্ৰৰ এছ. আই. একক কি ?

উঃ টেছ্‌লা।

প্ৰঃ অতি পৰিবাহিতা নামৰ পৰিঘটনাটো পোন প্ৰথমতে কোনে পর্যবেক্ষণ কৰিছিল?

উঃ এইছ. কে. ৱানছে।

প্ৰঃ মানুহৰ কাণৰ বাবে  কম্পনাংকৰ শ্ৰাব্য সীমা কিমান?

উঃ 20 হাৰ্জৰ পৰা 20,000 হাৰ্জলৈ।

প্ৰঃ বিদ্যুৎ চুম্বকীয় আবেশ কোনে আৱিষ্কাৰ কৰিছিল?

উঃ ফেৰাডেই।

প্ৰঃ স্থিৰ বিদ্যুৎ বল কি?

উঃ এটি ভেক্টৰ ৰাশি।

প্ৰঃ কম্পনাংকৰ এছ. আই. একক কি?

উঃ হাৰ্জ (Hz)

প্ৰঃ বায়ুত শব্দৰ বেগ কিমান?

উঃ 330 মিটাৰ। চেকেণ্ড।

পদার্থ বিজ্ঞান কুইজ

প্ৰঃ এটা তাপ ইঞ্জিনে কাক কিহলৈ কৰে?

উঃ তাপ শক্তিক যান্ত্ৰিক শক্তিলৈ।

প্ৰঃ 1 কেলৰিৰ মান কিমান?

উঃ 4.186 জুল।

প্ৰঃ এছ. আই. একক পদ্ধতিত আপে ক্ষিক তাপৰ একক কি?

উঃ জুল কিঃগ্ৰাঃ 0 ছেঃ।

প্ৰঃ কেতিয়া বাষ্পীভৱন ঘটে?

উঃ সকলো উষ্ণতাতে।

প্ৰঃ ভাৰতবৰ্ষত সচৰাচৰ ব্যৱহাৰ হোৱা ঘৰুৱা বিদ্যুৎ শক্তি যোগানৰ পৰিমাণ কিমান?

উঃ 220 ভল্ট, 100 হাৰ্জ।

প্ৰঃ ভন এলেন বিকীৰণ বলয় কোন চনত আৱিস্কৃত হৈছিল?

উঃ 1958 চনত।

প্ৰঃ বিদ্যুৎ উৎপাদকে কি পৰিৱৰ্তন কৰে?

উঃ যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তিলৈ।

প্ৰঃ বৈদ্যুতিক মটৰে কি ৰূপান্তৰ কৰে?

উঃ বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ।

প্ৰঃ বিদ্যুৎ চুম্বকৰ মজ্জাৰ বাবে কোনবিধ পদাৰ্থ অধিক উপযোগী?

উঃ কোমল লোহা।

পদার্থ বিজ্ঞান কুইজ

প্ৰঃ তাম, পানী, আইৰণ আৰু পাৰা কোনবিধ পদাৰ্থৰ আপেক্ষিক তাপ সৰ্বাধিক?

উঃ পানী।

প্ৰঃ ছেলছিয়াছ আৰু ফাৰেনহাইট দুয়োবিধ স্কেলতে একেই মান থকা উষ্ণতাটো কিমান?

উঃ 40⁰।

প্ৰঃ কয়লাৰ দহনত কি ধৰণে শক্তিৰ ৰূপান্তৰ ঘটে?

উঃ  ৰাসায়নিক শক্তি তাপ শক্তিলৈ।

প্ৰঃ এটা বস্তুত তাপ প্ৰয়োগ কৰিলে, ইয়াৰ কালি কমে নে বাঢ়ে?

উঃ বাঢ়ে।

প্ৰঃ উষ্ণতা জোখাৰ বাবে ব্যৱহাৰ কৰা আহিলা বিধক কি বুলি কোৱা হয়?

উঃ থাৰ্মোমিটাৰ।

প্ৰঃ নিউটনৰ কোনটো সূত্ৰক জড়তাৰ সূত্ৰ বুলি কোৱা হয়?

উঃ প্ৰথম সূত্ৰক।

প্ৰঃ ৰকেটৰ গতি নিউটনৰ কোনটো সূত্ৰৰ উদাহৰণ?

উঃ তৃতীয় গতি সূত্ৰৰ।

প্ৰঃ যান্ত্ৰিক শক্তি আৰু তাপৰ মাজত সম্বন্ধ প্রতিষ্ঠা কৰা বিজ্ঞানীজনৰ নাম কি ?

উঃ জুল।

প্ৰঃ এটা বস্তুৰ আপেক্ষিক তাপ কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উঃ ইয়াৰ পদাৰ্থৰ ওপৰত।

প্ৰঃ তৰংগই এটা স্থানৰ পৰা আন এটা স্থানলৈ কি স্থানান্তৰ ঘটায়?

উঃ শক্তি।

প্ৰঃ তৰংগ ৰ্দ্ঘ্যৈৰ বিপৰীত ৰাশিক কি বোলা হয়?

উঃ তৰংগ সংখ্যা।

পদার্থ বিজ্ঞান কুইজ

প্ৰঃ তাপৰ এছ. আই. একক কি?

উঃ জুল।

প্ৰঃ এটা অন্তৰ্দহন ইঞ্জিনৰ কাৰ্য কিমানটা ষ্ট্ৰোকত সম্পূৰ্ণ হয়?

উঃ চাৰিটা ষ্ট্ৰোকত।

প্ৰঃ মানৱ দেহৰ স্বাভাৱিক উষ্ণতা কিমান?

উঃ 37⁰  ছেঃ।

প্ৰঃ থাৰ্মোমিটাৰত কি পদাৰ্থ সচৰাচৰ ব্যৱহাৰ কৰা হয়?

উঃ পাৰা।

প্ৰঃ বৰফ গলিলে ইয়াৰ উষ্ণতা বাঢ়ে নে কমে?

উঃ একে থাকে।

প্ৰঃ বস্তু এটা চন্দ্ৰ পৃষ্ঠলৈ আনিলে কি পৰিৱৰ্তন হ’ব বাৰু?

উঃ ইয়াৰ ওজন সলনি হ’ব।

প্ৰঃ পৃথিৱীৰ কেন্দ্ৰত মাধ্যাকৰ্ষণিক ত্বৰণৰ মান কিমান?

উঃ শূন্য।

প্ৰঃ মহাকৰ্ষণৰ বিশ্ব জনীন ধ্ৰুৱকৰ মান পোন প্ৰথমবাৰৰ বাবে নিৰ্ণয় কৰা বিজ্ঞানীজনৰ নাম কি?

উঃ কেভেণ্ডিজ।

প্ৰঃ এজন  মানুহে পৃথিৱীত 1.5 মিটাৰ ওপৰলৈ জপিয়াব পাৰে। তেওঁ চন্দ্ৰত কিমান জপিয়াব পাৰিব?

উঃ 9 মিটাৰ।

প্ৰঃ হেলনীয়া তলত বাগৰি যোৱা বল এটাই কি গতি সম্পন্ন কৰে?

উঃ জটিল গতি।

প্ৰঃ সুষম বেগত গতি কৰা বস্তু এটাৰ ত্বৰণ গতি কি?

উঃ শূন্য।

প্ৰঃ প্ৰাণীসমূহৰ চলনক কি বোলে?

উঃ সঞ্চৰণ।

প্ৰঃ ৰৈ থকা বাছ এখনে হঠাৎ চলিবলৈ ধৰিলে থিয় হৈ থকা মানুহ এজন কোনফালে হালি যায়?

উঃ পিছফালে।

প্ৰঃ মেৰুৰ পৰা বিষুৱ অঞ্চললৈ গতি কৰিলে মাধ্যাকৰ্ষণিক ত্বৰণৰ মান কি হয়?

উঃ হ্রাস পায়।

প্ৰঃ দোলকৰ গতি সম্পৰ্কীয় সূত্ৰ কোনে আৱিষ্কাৰ কৰিছিল?

উঃ গেলিলিঅ’ই।

প্ৰঃ নিৰ্দিষ্ট উষ্ণতাত তৰলৰ সকলো অংশৰ পৰা বাষ্প নিৰ্গত হোৱা পদ্ধতিটোক কি বোলে?

উঃ স্ফূটন।

পদার্থ বিজ্ঞান কুইজ

প্ৰঃ বস্তুৰ ভৰ আৰু ভাৰৰ মাজত কি সম্পৰ্ক আছে?

উঃ ভাৰ =  ভৰ × g

প্ৰঃ আকাশত উৰি  ফুৰা উৰাজাহাজৰ কি শক্তি থাকে?

উঃ গতি শক্তি আৰু স্থিতি শক্তি দুয়োটাই থাকে।

প্ৰঃ বস্তু এটা ওপৰলৈ নিক্ষেপ কৰিলে ইয়াৰ গতি শক্তি কি হ’ব?

উঃ ক্ৰমান্বয়ে হ্রাস পাব।

প্ৰঃ ত্বৰণ, সৰণ, বেগ আৰু দ্ৰুতি  ইয়াৰ কোনটো স্কেলাৰ ৰাশি?

উঃ দ্ৰুতি।

প্ৰঃ যদি এটা বস্তুয়ে সুষম দ্ৰুতিৰে গতি কৰে, তেন্তে দূৰত্ব-সময় লেখ ডালক কি বুলি কোৱা হ’ব?

উঃ এডাল সৰল ৰেখা।

প্ৰঃ বল প্ৰয়োগ কৰোঁতে প্ৰয়োগ বিন্দুত সৰণ নঘটিলে সম্পাদিত কাৰ্যৰ পৰিমাণ কি হয়?

উঃ শূন্য।

প্ৰঃ যান্ত্ৰিকভাৱে সম্পাদিত কাৰ্য আৰু উৎপাদিত তাপৰ মাজত এক সঠিক সমতুল্যতা আছে বুলি কোনে প্ৰথমতে প্রতিষ্ঠা কৰিছিল?

উঃ জুল।

প্ৰঃ বেৰ’মিটাৰৰ পাৰাৰ ওপৰৰ স্তৰটোত কি থাকে?

উঃ বায়ুশূন্য স্থান।

প্ৰঃ ফটোগ্ৰাফি কোনে আৱিষ্কাৰ কৰিছিল?

উঃ ফ্রান্সৰ নিপকে।

প্ৰঃ 1 লিটাৰ পানীৰ ভাৰ কিমান?

উঃ 1 কিঃগ্ৰাঃ।

প্ৰঃ সৌৰ দিৱস, মাইক্ৰো চেকেণ্ড, লিপইয়েৰ কিহৰ একক?

উঃ সময়ৰ একক।

প্ৰঃ অন্য এককৰ ওপৰত নিৰ্ভৰশীল এককক কি বোলে?

উঃ লব্ধ একক।

প্ৰঃ চলন্ত বাছ এখনে ব্রেক মাৰিলে বাছৰ গতিৰ কেনে পৰিৱৰ্তন হয়?

উঃ কম্পনৰ সৃষ্টি হৈ স্থিৰ শক্তিলৈ গতি কৰে।

প্ৰঃ পৃথিৱীৰ বিষুৱ অঞ্চলত পদাৰ্থৰ ওজন কিমান হ’ব?

উঃ সকলোতকৈ কম হ’ব।

প্ৰঃ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ কিহৰ সমানুপাতিক?

উঃ বল।

প্ৰঃ চলন্ত বাছৰ পৰা নামিলে যাত্ৰীয়ে কিয় আগলৈ হালি পৰে?

উঃ গতি জড়তাৰ বাবে ।

পদার্থ বিজ্ঞান কুইজ

প্ৰঃ এক মাইল = কিমান কিলোমিটাৰ?

উঃ 1.6093 কিঃমিঃ।

প্ৰঃ যি ৰাশিৰ মান আছে কিন্তু দিশ নাই, সেই ৰাশিক কি বোলে?

উঃ স্কেলাৰ ৰাশি।

প্ৰঃ প্ৰবাহিত নদীৰ পানীত কি শক্তি থাকে?

উঃ গতি শক্তি।

প্ৰঃ প্ৰথম পৰমাণু বোমাটো ক’ত কেতিয়া ফুটোৱা হৈছিল?

উঃ  নিউ মেক্সিকোৰ মৰুভূমিৰ মাজত ‘জিৰো হিল’ নামৰ পাহাৰৰ ওপৰত, 1945 চনৰ 16 জুলাইত।

প্ৰঃ পেট্রোল, ইথাৰ, স্পিৰিট আদিৰ বাষ্পায়ন দ্ৰুত হোৱাৰ কাৰণ কি?

উঃ এইবোৰ উদ্বায়ী পদাৰ্থ বাবে।

প্ৰঃ মটৰৰ মূল নীতি কি?

উঃ তড়িতবাহী তাঁৰৰ ওপৰত চুম্বকৰ ক্ৰিয়া।

প্ৰঃ এক্স ৰশ্মিৰ গতিবেগ কিমান?

উঃ 3×10¹⁰ ছেঃমিঃ।

পদার্থ বিজ্ঞান কুইজ

প্ৰঃ এক্স ৰশ্মিৰ তৰংগ ৰ্দ্ঘ্যৈ কিমান?

উঃ 10⁶ ছেঃ মিঃ।

প্ৰঃ এটা বস্তুৰ বেগ আধালৈ হ্রাস কৰিলে, ইয়াৰ গতিশক্তি কি হ’ব?

উঃ এক চতুৰ্থাংশ হ’ব।

প্ৰঃ কাৰ্য সম্পাদনৰ হাৰক কি বুলি কোৱা হয়?

উঃ ক্ষমতা।

প্ৰঃ এটা বস্তুৰ গতি শক্তি কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উঃ ইয়াৰ ভৰ আৰু বেগৰ ওপৰত।

প্ৰঃ বস্তুৰ ওজন ক’ত সৰ্বাধিক হয়?

উঃ ভূ-পৃষ্ঠত।

প্ৰঃ গৰিষ্ঠ অনুভূমিক বিস্তাৰ পাবলৈ বস্তু এটা অনুভূমিক তলৰ পৰা কিমান ডিগ্ৰী কোণ কৰি নিক্ষেপ কৰিব লাগিব?

উঃ 45⁰

প্ৰঃ আটাইতকৈ গধুৰ মৌলিক পদাৰ্থবিধৰ নাম কি?

উঃ আছমিয়াম।

প্ৰঃ মান আৰু দিশ দুয়োটাই থকা ৰাশিক কি বোলে?

উঃ ভেক্টৰ ৰাশি।

প্ৰঃ সময় আৰু ৰ্দ্ঘৈৰ একক কোন শ্ৰেণীৰ একক?

উঃ মৌলিক একক।

প্ৰঃ বাষ্পীভৱনৰ হাৰ বৃদ্ধি কৰিবলৈ কি কৰিব লাগে?

উঃ তৰলৰ ওপৰত চাপ কমাব লাগিব।

প্ৰঃ কাৰ্যৰ এছ. আই. একক কি?

উঃ জুল।

প্ৰঃ ক্ৰিয়া-প্ৰতিক্ৰিয়া বুলিলে কি বুজা?

উঃ ভিন ভিন বস্তুৰ ওপৰত ক্ৰিয়া কৰাক বুজায়।

প্ৰঃ ফটোগ্ৰাফিৰ পোহৰ শক্তি কি শক্তিলৈ পৰিণত হয়?

উঃ ৰাসায়নিক শক্তিলৈ ।

প্ৰঃ তৰংগ ৰ্দ্ঘ্যৈ বৃদ্ধি পালে শব্দৰ তীক্ষ্ণতাৰ কি পৰিৱৰ্তন হয়?

উঃ হ্রাস পায়।

প্ৰঃ কোনটো মাধ্যমত শব্দৰ গতি সর্বোচ্চ হয়?

উঃ কঠিন মাধ্যমত।

প্ৰঃ স্থিৰ অৱস্থাত থকা বস্তু এটাৰ কি থাকিব পাৰে?

উঃ শক্তি।

প্ৰঃ দেৱাল ঘড়ীৰ পেণ্ডুলামৰ কি শক্তিৰ প্ৰভাৱত দোলন হয়?

উঃ স্প্ৰিঙৰ স্থিতি শক্তিৰ প্ৰভাৱত।

প্ৰঃ নিৰ্দিষ্ট চাপত এক নিৰ্দিষ্ট উষ্ণতাত তৰল পদাৰ্থ কঠিন পদাৰ্থলৈ পৰিণত হ’লে তাক কি বোলে?

উঃ হিমাংক।

প্ৰঃ কি পদাৰ্থৰ গলনৰ ফলত তাপমাত্ৰা বৃদ্ধি পায়?

উঃ মমৰ।

পদার্থ বিজ্ঞান কুইজ

প্ৰঃ সমদ্ৰুতি সম্পন্ন বস্তুৰ গতিত কি থাকে?

উঃ সদায় স্থিৰ মানৰ ভৰবেগ থাকে।

প্ৰঃ দ্ৰুতি, বেগ আৰু ত্বৰণ কিহৰ একক?

উঃ ৰ্দ্ঘ্যৈ আৰু সময়ৰ তিনিটা মিশ্ৰ একক।

প্ৰঃ বাষ্পীভৱনৰ লীন তাপ কিমান?

উঃ প্ৰতি গ্ৰামত 540 কেলৰি।

প্ৰঃ মৰীচিকা কিয় সৃষ্টি হয়?

উঃ আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলনৰ বাবে ।

প্ৰঃ বোমা ফুটিলে কি শক্তি কিহলৈ ৰূপান্তৰিত হয়?

উঃ যান্ত্ৰিক শক্তিৰ দ্বাৰা ৰাসায়নিক শক্তি তাপ, শব্দ আৰু আলোক শক্তিলৈ ৰূপান্তৰিত হয়।

প্ৰঃ পৃথিৱীপৃষ্ঠত কোনো বস্তুৰ ওজন 48 ডাইন হ’লে চন্দ্ৰ পৃষ্ঠত ইয়াৰ ওজন কিমান হ’ব?

উঃ ডাইন।

প্ৰঃ চলিনয়েড কাক বোলে ?

উঃ তড়িত প্ৰবাহ থকা অৱস্থাত কোনো পৰিবাহী তাঁৰৰ কুণ্ডলীক ‘চলিনয়েড’বোলে ।

পদার্থ বিজ্ঞান কুইজ

প্ৰঃ কিহৰ ওপৰত শব্দৰ তীক্ষ্ণতা নিৰ্ভৰ কৰে?

উঃ শব্দৰ কম্পনাংকৰ ওপৰত।

প্ৰঃ চাপৰ বৃদ্ধি হ’লে তামৰ গলনাংকৰ কি পৰিৱৰ্তন হ’ব?

উঃ বৃদ্ধিপাব।

প্ৰঃ বাহিৰৰ পৰা তাপ শক্তিৰ প্ৰয়োগ কৰিলে পদাৰ্থৰ কি পৰিৱৰ্তন হয়?

উঃ পদার্থৰ অণুুসমূহৰ স্থিতি আৰু গতি শক্তিৰ পৰিৱৰ্তন হয়।

প্ৰঃ উত্তল লেন্স কি ধৰণৰ লেন্স?

উঃ অভিসাৰী।

প্ৰঃ বাষ্পৰ ঘনীভৱন হৈ তৰলত পৰিণত হ’লে কি হ’ব বাৰু?

উঃ ই তাপ উৎপন্ন কৰে।

প্ৰঃ এটা সৰল দোলকৰ দোলনশীল বস্তুয়ে সাম্য অৱস্থানৰ পৰা কৰা গৰিষ্ঠ সৰণক কি বোলা হয়?

উঃ বিস্তাৰ।

প্ৰঃ এটা বস্তুৰ ত্বৰণ ঘটিলে কি হয় বাৰু?

উঃ এটা বলে সদায় ইয়াৰ ওপৰত ক্ৰিয়া কৰে।

প্ৰঃ বৰ্ণালীৰ কোনটো অংশত দৰ্শন ক্ষমতা শূন্য?

উঃ ৰঙা  আৰু বেঙুনীয়া অংশত। ০ ০ ০

পদার্থ বিজ্ঞান কুইজ

বিজ্ঞপ্তিঃ আমি আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা সত্বেও কিবা ভুল-ভ্রান্তি থাকি যাব পাৰে। আমাৰ প্রিয় সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনালে আমি চিৰ কৃতাৰ্থ হৈ থাকিম। ধন্যবাদ —ৰাব্বি মছৰুৰ

পদার্থ বিজ্ঞান কুইজ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here