Home Ass Grammar পুৰুষ | Person in Assamese

পুৰুষ | Person in Assamese

0

পুৰুষ | Person in Assamese

পুৰুষ  Person in Assamese

 

পুৰুষ | Person in Assamese

পুৰুষ | Person in Assamese

ব্যাকৰণৰ ভাষাত ‘পুৰুষ’ (Personশব্দই ব্যক্তিৰ লগতে বস্তুকো বুজায়।

বক্তাই নিজক বুজাবলৈ প্ৰথম পুৰুষ (First Person), যাৰ আগত কয় সি দ্বিতীয় পুৰুষ (Second Person) আৰু যাৰ বিষয়ে কয় সি তৃতীয় পুৰুষ (Third Person) । উদাহৰণ–

মই তোমাক কিতাপখনৰ এটা গল্প বৰ্ণনা কৰিলো।

উক্ত বাক্যটোত ‘মই’ – বক্তা। সেয়ে ই প্ৰথম পুৰুষ। ‘তোমাক’- শ্ৰুতা। সেয়ে ই দ্বিতীয় পুৰুষ। ‘কিতাপখন’-তৃতীয় পুৰুষ কাৰণ ইয়াৰ বিষয়ে কিবা কোৱা হৈছে।

পুৰুষ মুঠতে তিনি প্ৰকাৰৰ, যথাঃ

(১) প্ৰথম পুৰুষ ( First Person)  

(২) দ্বিতীয় পুৰুষ (Second Person) আৰু

(৩) তৃতীয় পুৰুষ ( Third Person)।

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।

প্ৰথম পুৰুষ ( First Person)

কিবা কোৱা বা কৰোতাজনক প্ৰথম পৰুষ বোলে। ‘মই’ আৰু ‘আমি’ বুজোৱা বিশেষ্য আৰু সৰ্বনাম পদবোৰ প্ৰথম পুৰুষ। উদাহৰণ–

মই লিখি আছো।

আমি বল খেলিছিলো।

দ্বিতীয় পুৰুষ (Second Person)

বক্তাই যাৰ আগত কোনো কথা ব্যক্ত কৰে অৰ্থাৎ বক্তাৰ শ্ৰোতাক দ্বিতীয় পুৰুষ  বোলে। উদাহৰণ–

তুমি এইফালে আহা।

আপুনি এজন ভাল শিক্ষক।

আপোনালোক সোনকাল কৰক।

তই ভাল ছাত্ৰ।

তৃতীয় পুৰুষ ( Third Person)

বক্তাই যি জনৰ বিষয়ে  বা যাৰ বিষয়ে কিবা ব্যক্ত কৰে তাকে তৃতীয় পুৰুষ বোলে। সাধাৰণতে প্ৰথম আৰু দ্বিতীয় পুৰুষৰ বাহিৰে থকা সকলো সৰ্বনাম আৰু বিশেষ্য পদবোৰ তৃতীয় পুৰুষ। উদাহৰণ–

মই সিহতক  যদুৰ বিষয়ে ক’লো।

সি কথাটো জানে।

সি বান্ধৱীজনীক নিমন্ত্ৰণ কৰিলে।

তলত  পুৰুষ অনুযায়ী সৰ্বনাম পদৰ এক বচন আৰু বহুবচন ৰূপ দেখুৱা হ’ল।

পুৰুষ—একবচন—বহুবচন

প্ৰথম–মইআমি

দ্বিতীয় তই, তুমিতহঁত,তোমালোক

আপুনি–আপোনালোক

তৃতীয়তহঁতসিহঁত

তেওঁতেওঁলোক

তাই তাইহঁত

তেখেততেখেতসকল

ৰামৰামহঁত।

তলত কাল আৰু পুৰুষ অনুসৰি কিছুমান ধাতু (ক্ৰিয়া পদ) ৰ একবচন আৰু বহুবচন ৰূপ দেখুৱা হ’ল।

‘পঢ়’  ধাতুৰ ৰূপ

(১) বৰ্তমান কাল

(ক) নিত্য বৰ্তমান কাল

পুৰুষএকবচনবহুবচন

প্ৰথম 

মই পঢ়ো আমি পঢ়ো 

দ্বিতীয়      

তুমি পঢ়াতোমালোকে পঢ়া

 তই  তহঁত 

 আপুনি পঢ়ে আপোনালোকে পঢ়ে

তৃতীয় 

সি পঢ়ে সিহঁতে পঢ়ে

তেওঁ পঢ়েতেওঁলোকে পঢ়ে

তাই পঢ়েতাইহঁতে পঢ়ে

তেখেতে পঢ়েতেখেতসকলে পঢ়ে

(ক) স্বৰূপ বৰ্তমান কাল

পুৰুষ    

একবচনবহুবচন

প্ৰথম     

মই পঢ়িছোঁআমি পঢ়িছোঁ

দ্বিতীয় 

তুমি পঢ়িছাঁতোমালোক পঢ়িছাঁ

তই পঢ়িছতহঁত পঢ়িছ

আপুনি পঢ়িছে আপোনালোকে পঢ়িছে 

তৃতীয়     

তেওঁ পঢ়িছেতেওঁলোকপঢ়িছে

(২) ভূত বা অতীত কাল

(ক) স্বৰূপ বা সমীপ্য ভূত কাল

পুৰুষ

একবচনবহুবচন

প্ৰথম 

মই পঢ়িলোঁআমি পঢ়িলোঁ

দ্বিতীয় 

তুমি পঢ়িলাতোমালোকে পঢ়িলা 

তই পঢ়িলিতহঁত পঢ়িলি

আপুনি পঢ়িলেআপোনালোকে পঢ়িলে

তৃতীয় 

তেওঁ পঢ়িলেতেওঁলোকেপঢ়িলে

(খ) অপূৰ্ণ ভূত কাল

পুৰুষ

একবচনবহুবচন

প্ৰথম 

মই পঢ়িছিলোঁআমি পঢ়িছিলোঁ

দ্বিতীয় 

তুমি পঢ়িছিলাঁতোমালোকে পঢ়িছিলা

তই পঢ়িছিলিতহঁতে পঢ়িছিলি

আপুনি পঢ়িছিলআপোনালোকে পঢ়িছিল 

তৃতীয় তেওঁ পঢ়িছিলিতেওঁলোকে পঢ়িছিলি

(খ) সম্ভাব্য ভূত কাল

পুৰুষ

একবচন বহুবচন

প্ৰথ

ই পঢ়িলোঁহেঁতেন আমি পঢ়িলোঁহেঁতেন

দ্বিতীয়

তুমি পঢ়িলাঁহেঁতেন তোমালোকে পঢ়িলাঁহেঁতেন

তই পঢ়িলিহেঁতেনতহঁতে পঢ়িলিহেঁতেন

আপুনি পঢ়িলেহেঁতেনআপোনালোকে পঢ়িলেহেঁতেন

তৃতীয়

তেওঁ পঢ়িলেহেঁতেনতেওঁলোকে পঢ়িলেহেঁতেন

(৩) ভূত সম্ভাব্য ভূত কাল

পুৰুষ

একবচনবহুবচন

প্ৰথম 

মই পঢ়িম আমি পঢ়িম

দ্বিতীয়

তুমি পঢ়িবাতোমালোকে পঢ়িবা

তই পঢ়িবি তহঁতেপঢ়িবি

আপুনি পঢ়িবআপোনালোকে পঢ়িব

তৃতীয় 

তেওঁ পঢ়িবতেওঁলোকে পঢ়িব।

 

অনুশীলনী

(১) পুৰুষ বুলিলে কি বুজা?

(২) অসমীয়া ব্যাকৰণত পুৰুষ কেই প্ৰকাৰৰ আৰু কি কি?

(৩)  প্ৰথম পুৰুষ বুলিলে কি বুজা? উদাহৰণসহ বজাই লিখা।

(৪)  দ্বিতীয় পুৰুষ বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।

(৫)  তৃতীয় পুৰুষ বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।

(৬) পুৰুষ অনুযায়ী সৰ্বনাম পদৰ একবচন আৰু বহুবচনবোৰ লিখা।

(৭)  তলত দিয়া বাক্যটোৰ পুৰুষ বিচাৰ কৰা। 

মই সিহঁতক কৰিমহঁতৰ ঘটনাটো বিৱৰি ক’লো।

আমি যোৱাকালি শিক্ষকজনক পাঠটো পঢ়াই শুনালো। 0 0 0

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here