Home Quiz প্রাচীন ভাৰত বুৰঞ্জী কুইজ

প্রাচীন ভাৰত বুৰঞ্জী কুইজ

0

প্রাচীন ভাৰত বুৰঞ্জী কুইজ

প্রাচীন ভাৰত বুৰঞ্জী কুইজ

প্রাচীন ভাৰত বুৰঞ্জী কুইজ

প্রাচীন ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ আৰ্যসকল কেতিয়া ভাৰতলৈ আগমন কৰিছিল?

উঃ খ্ৰীষ্টপূবৰ্ব 2000-1500  মাজত।

প্ৰঃ প্ৰাচীন ভাৰতীয় সভ্যতাটোক কি সভ্যতা বুলি কোৱা হয়?

উঃ সিন্ধু সভ্যতা।

প্রাচীন  ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ মৌৰ্য সাম্ৰাজ্যৰ প্রতিষ্ঠাতা কোন আছিল?

উঃ চন্দ্ৰগুপ্ত মৌৰ্য।

প্ৰঃ চন্দ্ৰগুপ্ত মৌৰ্যই কেতিয়া ৰাজপাটত উঠে?

উঃ খ্ৰীষ্টপূৰ্ব 321।

প্ৰঃ মহাবীৰ আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল?

উঃ 327 খ্ৰীষ্টপূৰ্বত।

প্ৰঃ চানক্যই ৰচনা কৰা বিখ্যাত গ্ৰন্থখনৰ নাম কি?

উঃ অৰ্থশাস্ত্ৰ।

প্ৰঃ চন্দ্ৰগুপ্তৰ ৰাজসভা ভ্ৰমণ কৰা গ্ৰীক ভ্ৰমণকাৰীজনৰ নাম কি আছিল?

উঃ মেগাস্থেনিচ।

প্ৰঃ অশোকৰ শিলালিপিবোৰ কোন ভাষাত লিখা হৈছিল?

উঃ প্ৰাকৃত ভাষাত।

প্ৰঃ গুপ্তবংশৰ ৰাজত্বকালছোৱাত মগধৰ ৰাজধানী ক’ত আছিল?

উঃ পাটলিপুত্ৰ।

প্ৰঃ মগধ সাম্ৰাজ্যৰ প্রতিষ্ঠাতা কোন?

উঃ বিম্বিসাৰ।

প্ৰঃ শ্রেষ্ঠ মৌৰ্য সম্ৰাট কোন আছিল?

উঃ চন্দ্ৰগুপ্ত মৌৰ্য।

প্ৰঃ কোনে সম্ৰাট অশোকক বৌদ্ধ ধৰ্মত দীক্ষিত কৰিছিল?

উঃ উপগুপ্ত নামৰ এজন বৌদ্ধ সন্নাসীয়ে।

প্ৰঃ কোনে ‘শকাব্দ’ নামৰ চনৰ প্ৰচলন কৰিছিল ?

উঃ কণিষ্কই।

প্ৰঃ কণিষ্ক কোন বংশৰ লোক আছিল?

উঃ কুষাণ বংশৰ।

প্ৰঃ গুপ্ত বংশৰ কোনজন ৰজা সামৰিক অভিযানকাৰী হিচাপে ইতিহাস বিখ্যাত?

উঃ সমুদ্ৰগুপ্ত।

প্ৰঃ ভাৰতৰ কোনজন সম্ৰাটক ‘ভাৰতৰ নেপোলিয়ন’ বুলি কোৱা হয়?

উঃ সমুদ্ৰগুপ্ত।

প্ৰঃ  ভাৰতৰ কোনজন ৰজাই ‘বিক্ৰমাদিত্য’ উপাধি গ্ৰহণ কৰিছিল?

উঃ  দ্বিতীয় চন্দ্ৰগুপ্ত।

প্ৰঃ ভাৰত বুৰঞ্জীত কোনটো যুগক‘হিন্দু নৱজাগৰণ’ বুলি কোৱা হয়?

উঃ গুপ্ত যুগক।

প্ৰঃ কোনজন চীনা পৰিব্রাজকে হৰ্ষবৰ্ধনৰ ৰাজত্ব কালত ভাৰত ভ্ৰমণ কৰিছিল?

উঃ  হিউৱেন-চাং।

প্রাচীন  ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ ভাৰতৰ কোনখন বিশ্ব বিদ্যালয়ক বিশ্বৰ প্ৰথম আবাসিক আন্তৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় বুলি স্বীকাৰ কৰা হয়?

উঃ  নালন্দা বিশ্ববিদ্যালয়।

প্ৰঃ ভাৰতত কেতিয়া ‘বিক্ৰমী যুগ’ আৰম্ভ হয়?

উঃ খ্ৰীষ্টপূৰ্ব 58।

প্ৰঃ কোন চনত গৌতম বুদ্ধৰ মৃত্যু হৈছিল?

উঃ খ্ৰীষ্টপূৰ্ব 487।

প্ৰঃ কোনে ভাৰতত পাল বংশ প্রতিষ্ঠা কৰে?

 উঃ ৰজা গোপালে।

প্ৰঃ গুপ্ত বংশৰ শাসন কালত কোনটো বিদেশী জাতিয়ে ভাৰত আক্ৰমণ কৰিছিল?

উঃ  শূূণ জাতিয়ে।

প্ৰঃ গুপ্ত যুগৰ গুহা চিত্ৰৰ নাম কি?

উঃ অজন্তা গুহা চিত্ৰ।

প্ৰঃ ভাৰত বুৰঞ্জীত কোনটো যুগক ‘সোণালী যুগ’ বুলি কোৱা হয়?

উঃ  গুপ্তযুগক।

প্ৰঃ ভাৰতৰ প্ৰচীনতম ৰাজবংশটোৰ নাম কি?

উঃ মৌৰ্য বংশ।

প্ৰঃ গুপ্ত যুগত ভাৰতত কোন ধৰ্মই  প্ৰভাৱ বিস্তাৰ কৰিছিল?

উঃ হিন্দু ধৰ্ম।

প্ৰঃ কোনজন ভাৰত শাসকক ‘অমিত্ৰঘাত’ (Killer of Enemies) আখ্যা দিয়া হৈছে?

উঃ বিন্দুসাৰ।

প্ৰঃ মহেঞ্জোদাৰো ক’ত অৱস্থিত?

উঃ পাকিস্থানৰ সিন্ধু প্ৰদেশত।

প্ৰঃ সিন্ধু উপত্যকাৰ সভ্যতা ধবংশ হোৱাৰ প্ৰধান কাৰণ কি আছিল?

উঃ বানপানী আৰু ধুমুহা।

প্ৰঃ কোন ৰাজবংশৰ কালছোৱাত ভাৰতত সোণৰ মুদ্ৰাৰ প্ৰচলন হয়?

উঃ গুপ্ত বংশ।

প্ৰঃ তৰাইনৰ প্ৰথম যুদ্ধ কিমান চনত হৈছিল?

উঃ 1191 খ্ৰীষ্টাব্দত।

প্ৰঃ তৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল ?

উঃ 1192 খ্ৰীষ্ট্ৰাব্দত।

প্ৰঃ চন্দ্ৰগুপ্ত মৌৰ্যই কোনজন গ্ৰীক শাসকক পৰাজিত কৰিছিল?

উঃ চেলিউকছ।

প্ৰঃ বুদ্ধদেৱে সৰ্বপ্ৰথম ধৰ্মোপদেশ ক’ত দিছিল ?

উঃ ‘সাৰনাথ’ নামে ঠাইত।

প্ৰঃ ‘তৰাইনৰ যুদ্ধ’ কাৰ কাৰ মাজত সংঘটিত হৈছিল ?

উঃ পৃথিৰাজ চৌহান আৰু মহম্মদ ঘোৰীৰ মাজত। ০ ০ ০

প্রাচীন  ভাৰত বুৰঞ্জী কুইজ, India History Quiz

বিজ্ঞপ্তিঃ আমি আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা সত্বেও কিবা ভুল-ভ্রান্তি থাকি যাব পাৰে। আমাৰ প্রিয় সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনালে আমি চিৰ কৃতাৰ্থ হৈ থাকিম। ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

প্রাচীন ভাৰত বুৰঞ্জী কুইজ

LEAVE A REPLY

Please enter your comment!
Please enter your name here