Home Ass Grammar প্ৰত্যয় আৰু প্ৰত্যয় বিভাজন | Protoy Aru Protoy Bivajon

প্ৰত্যয় আৰু প্ৰত্যয় বিভাজন | Protoy Aru Protoy Bivajon

0

প্ৰত্যয় আৰু প্ৰত্যয় বিভাজন

প্ৰত্যয় আৰু প্ৰত্যয় বিভাজন  Protoy Aru Protoy Bivajon

 

প্ৰত্যয় আৰু প্ৰত্যয় বিভাজন

প্ৰত্যয় আৰু প্ৰত্যয় বিভাজন

নতুন শব্দ গঠনৰ বােব ধাতু আৰু প্ৰতিপাদিকৰ পিছত যোগ হোৱা বৰ্ণ বা বৰ্ণ সমষ্টিক প্ৰত্যয় (Affix) বোলে। উদাহৰণ–

ধান + অনি = ধাননি

ফুল + অনি = ফুলনি

দয়া + আলু  =  দয়ালু

চল + অন্ত   =  চলন্ত

প্ৰত্যয় চাৰিবিধ, যথা ঃ

(১) স্ত্ৰী প্ৰত্যয় (Feminine Affix)  

(২) বিভক্তি (Inflection) 

(৩) কৃত প্ৰত্যয় (Primary Affix) আৰু

(৪) তদ্ধিত প্ৰত্যয় (Secondary Affix)

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।

প্ৰত্যয় আৰু প্ৰত্যয় বিভাজন

স্ত্ৰী প্ৰত্যয় (Feminine Affix)

পুংলিঙ্গ শব্দক স্ত্ৰীলিংঙ্গ শব্দলৈ ৰূপান্তৰ কৰোতে পুংলিঙ্গ শব্দত যোগ হোৱা প্ৰত্যয়কে স্ত্ৰীপ্ৰত্যয় বোলে।

স্ত্ৰীপ্ৰত্যয় তিনিটা, যথা– ‘ঈ’, ‘অনী’, আৰু ‘ৰী’। সাধাৰণতে ‘অনী’ প্ৰত্যয়ে ‘নী’, ‘ইনী’ বা ‘উনী’ৰ ৰূপ গ্ৰহণ কৰে। উদাহৰণ–

দেৱ +   ঈ = দেৱী

ময়ূৰ +  ঈ = ময়ুৰী

হৰিণ + ঈ = হৰিণী

কাউৰ + ঈ = কাউৰী

পাত্ৰ + ঈ = পাত্ৰী

গোপ + ঈ = গোপী

ৰাক্ষক + ঈ = ৰাক্ষকী

ভালুক + ঈ = ভালুকী

কায়স্থ + অনী = কায়স্থনী

নাগ + অনী =  নাগিনী

ডাক্তৰ + অনী = ডাক্তৰনী। ইত্যাদি।

প্ৰত্যয় আৰু প্ৰত্যয় বিভাজন

বিভক্তি (Inflection)

বাক্য গঠনত ব্যৱহাৰ হোৱা শব্দৰ পাছত যুক্ত হোৱা চিনবোৰকে বিভক্তি বোলে। উদাহৰণ–

ৰামে লিখিছে।

তাই কলেজলৈ গ’ল।

ওপৰৰ বাক্য দুটিৰ প্ৰথমটিত ‘ৰাম + এ = ৰামে’,  লিখ + ইছে =  লিখিছে, আৰু দ্বিতীয় বাক্যটিত কলেজ + অলৈ = কলেজলৈ’ হৈছে। এই ‘এ’, ‘হৈছে’ আৰু ‘লৈ’ এইবোৰেই বিভক্তিৰ চিন।

বিভক্তি দুইবিধ, যথা–

(ক) শব্দ বিভক্তি  আৰু 

(খ) ক্ৰিয়া বিভক্তি । 

বি: দ্ৰ: বিভক্তিৰ বিষয়ে পিছত বহলাই আলোচনা কৰা  হৈছে।

প্ৰত্যয় আৰু প্ৰত্যয় বিভাজন

কৃত প্ৰত্যয় (Primary Affix)

ধাতু বা ক্ৰিয়াৰ মূলৰ লগত যিবোৰ প্ৰত্যয় যোগ হৈ কৃদন্ত পদ গঠিত হয় সেইবোৰ প্ৰত্যয়কে কৃত প্ৰত্যয় বোলে।  উদাহৰণ–

চল + অন্ত = চলন্ত

কৰ + ওঁতা = কৰোঁতা

বাচ + অনি = বাচনি

বিচ + অনি = বিচনি 

ভোজ + অনীয়া =  ভোজনীয়া

দা + ণক = দায়ক। ইত্যাদি।

প্ৰত্যয় আৰু প্ৰত্যয় বিভাজন

তদ্ধিত প্ৰত্যয় (Secondary Affix)

প্ৰতিপাদিকৰ পিছত বেলেগ বেলেগ অৰ্থত যুক্ত হৈ যি প্ৰত্যয়ে নতুন পদ গঠন কৰে তাকে তদ্ধিত প্ৰত্যয় বোলে। 

সাধাৰণতে তদ্ধিত প্ৰত্যয়বোৰ হ’ল– অতি, আইত, অতিয়া, অলীয়া, আৰুৱা, আঙ, আই, আল, আলি, অনি, অৰি, অৰিয়া ইত্যাদি। উদাহৰণ–

হয় বা পোৱা অৰ্থত ‘অতি’ প্ৰত্যয় হয়। যেনে–

বাপ + অতি = বাপতি

পাঁচ + অতি = পাঁচতি

বাব + অতি = বাবতি

পটু অৰ্থত  ‘আইত’ প্ৰত্যয় ব্যৱহাৰ হয়। যেনে–

অঘ + আইত = অঘাইত

গভ + আইত = গভাইত । ইত্যাদি।

বিয়পি থকা  অৰ্থত  ‘অনি’ প্ৰত্যয় ব্যৱহাৰ হয়। যেনে–

ধান + অনি = ধননি

বন + অনি = বননি

মাহ + অনি = মাহনি। ইত্যাদি

গুণবাচক   অৰ্থত  ‘অৰি’, ’অৰী’  আদি প্ৰত্যয় ব্যৱহাৰ হয়। যেনে-

ভাল + অৰি = ভালৰি

লগ + অৰি = লগৰী।

অভ্যাস বা পেশা  অৰ্থত  ‘অৰীয়া’   প্ৰত্যয় ব্যৱহাৰ হয়। যেনে–

বন + অৰীয়া = বনৰীয়া

নাও + অৰীয়া = নাৱৰীয়া

ভাও + অৰীয়া = ভাৱৰীয়া। ইত্যাদি।

অন্যান্য তদ্ধিত প্রত্যয়বোৰ তলত দিয়া ধৰণে ব্যৱহাৰ হয়–

গাওঁ + অলীয়া = গাঁৱলীয়া

চাফ + আই = চাফাই

তেজ + আল = তেজাল

ভোগ + আলী = ভোগালী

হাট + আৰুৱা = হাটৰুৱা

আগ + অতীয়া = আগতীয়া। ইত্যাদি।

প্ৰত্যয় আৰু প্ৰত্যয় বিভাজন 

অনুশীলনী

(১) প্ৰত্যয় বুলিলে কি বুজা?

(২) প্ৰত্যয় কেইবিধ  আৰু কি কি?

(৩) স্ত্ৰী  প্ৰত্যয়  কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৪) বিভক্তি কাক বোলে? উদাহৰণ দিয়া।

(৫) কৃত প্ৰত্যয় কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৬)  তদ্ধিত প্ৰত্যয় কাক বোলে?  উদাহৰণসহ বুজাই লিখা। ০ ০ ০

প্ৰত্যয় আৰু প্ৰত্যয় বিভাজন

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here