Home Literary Criticism প্ৰফুল্ল দত্ত গোস্বামীৰ প্ৰৱন্ধ ‘ব’হাগ বিহুৰ পৰম্পৰা’– এক বিশ্লেষণাত্মক অধ্যয়ন

প্ৰফুল্ল দত্ত গোস্বামীৰ প্ৰৱন্ধ ‘ব’হাগ বিহুৰ পৰম্পৰা’– এক বিশ্লেষণাত্মক অধ্যয়ন

0

প্ৰফুল্ল দত্ত গোস্বামীৰ প্ৰৱন্ধ ‘ব’হাগ বিহুৰ পৰম্পৰা’– এক বিশ্লেষণাত্মক অধ্যয়ন

প্ৰফুল্ল দত্ত গোস্বামীৰ প্ৰৱন্ধ ‘ব’হাগ বিহুৰ পৰম্পৰা’-- এক বিশ্লেষণাত্মক অধ্যয়ন

 

প্ৰফুল্ল দত্ত গোস্বামীৰ প্ৰৱন্ধ ‘ব’হাগ বিহুৰ পৰম্পৰা’

প্ৰফুল্ল দত্ত গোস্বামীৰ প্ৰৱন্ধ ‘ব’হাগ বিহুৰ পৰম্পৰা’– এক বিশ্লেষণাত্মক অধ্যয়ন

‘বহাগ বিহুৰ পৰম্পৰা’ নামৰ প্ৰৱন্ধটিত প্ৰৱন্ধকাৰ ড০ প্ৰফুল্ল দত্ত গোস্বামীয়ে বিহুক জাতীয় উৎসৱ হিচাপে প্ৰতিপন্ন কৰাৰ লগতে বিহুৰ উৎপত্তি সম্পৰ্কে বিভিন্ন তথ্য দাঙি ধৰিছে। 

প্ৰথমতে লিখকে বিহুক জাতীয় উৎসৱ হিচাপে প্ৰতিপন্ন কৰাৰ কিছুমান কাৰণ আৰু যুক্তি আগবঢ়াইছে। 

বহাগ বিহুৰ পৰম্পৰা’ নামৰ প্ৰৱন্ধটিত লিখকে কৈছে যে বিহু উৎসৱ হৈছে কৃষিমুখী উৎসৱ। এই কৃষিভিত্তিক উৎসৱটো কালক্ৰমত বিভিন্ন সংস্কৃতিৰ সংস্পৰ্শলৈ আহি অসমৰ জাতীয় উৎসৱত পৰিণত হৈছে। কৃষি উৎসৱৰ লগত জড়িত গৰু বিহু অৰ্থাৎ গো পূজা, বিহুৱান দিয়া, মান সৎকাৰ কৰা, নাম-কীৰ্তন কৰা আদি সামাজিক পৰম্পৰাত পৰিণত হৈছে। এইবোৰৰ মূল উদ্দেশ্য হ’ল ৰাইজ, জীৱ-জন্তু, খেতি-বাতি আদিৰ মংগল সাধন কৰা।

প্ৰফুল্ল দত্ত গোস্বামীৰ প্ৰৱন্ধ ‘ব’হাগ বিহুৰ পৰম্পৰা’

বিহু উৎসৱত অসমীয়া লোকে ঘৰ-বাৰী পৰিস্কাৰ কৰা, কাপোৰ-কানি ধোৱা, গৰুৰ যতন লোৱা আদি কাম কৰা দেখা যায়। এইবোৰ কাৰ্যৰ লগত ধৰ্মীয় সম্পৰ্ক আছে যদিও সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ দৃষ্টিভংগীৰো পৰিৱৰ্তন হৈ বিহু ধৰ্মীয় উৎসৱৰ পৰিৱৰ্তে সাংস্কৃতিক উৎসৱত পৰিণত হৈছে। বৰ্তমান বহাগ বিহু উৎসৱৰ যোগেদি সকলো অসমীয়াই একেগোট হোৱাৰ সুযোগ লাভ কৰিছে। লিখক ড০ প্ৰফুল্ল দত্ত  গোস্বামীৰ মতে ই বিভিন্ন খেলৰ বিভিন্ন লোকৰ মিলনৰ ক্ষেত্ৰ হিচাপে সাংস্কৃতিক সমন্বয়ৰো প্ৰতীক হৈ পৰিছে।

বিহু উৎসৱক জাতীয় উৎসৱ হিচাপে প্ৰতিপন্ন কৰাৰ পিছত লিখলে বিহু আৰু বিহু নৃত্যৰ উৎপত্তি কেতিয়া, ক’ত, কেনেদৰে হৈছিল সেই সম্পৰ্কে বিভন্ন উৎসৰ সন্ধান কৰিছে।

প্ৰফুল্ল দত্ত গোস্বামীৰ প্ৰৱন্ধ ‘ব’হাগ বিহুৰ পৰম্পৰা’

প্ৰথমতে, কিছুমান পণ্ডিতে ঠাৱৰ কৰিছে যে বিহুৰ উৎপত্তি সংস্কৃত ‘বিষুৱণ’ শব্দৰ পৰা আহিছে। ‘অথর্ববেদ’ আৰু ‘ঐতৰেয় ব্রাহ্মণ’ আদি পুৰণি শাস্ত্ৰত পোৱা যায় যে সেই সময়ত বিষুৱণ’ আছিল যাগ-যজ্ঞ কৰা এটা দিনৰ নাম। যাগ-যজ্ঞই সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰি শস্যৰ বীজ গজাত সহায় কৰে বুলি সিহঁতে বিশ্বাস কৰিছিল। অৰ্থাৎ খেতি-বাতিৰ সুব্যৱস্থাৰ কাৰণেই এই বিষুৱ দিনত যাগ-যজ্ঞৰ আয়োজন কৰা হৈছিল। 

দ্বিতীয়তে, প্ৰাচীন অসমত বিষুৱ সংক্ৰান্তিৰ দিনত ৰজাসকলে ব্রাহ্মণক ভূমিদান কৰিছিল। বিষুৱ সংক্ৰান্তিৰ সময়ত পালন কৰা এনে মাংগলিক অনুষ্ঠানৰ সোঁৱৰণ যে ভাৰতৰ উত্তৰ-পূৱ চূকৰ  অসমতে হৈছিল এনে নহয়, ভাৰতৰ অন্যান্য অঞ্চলতো এই অনুষ্ঠান পতা হৈছিল। বিষুৱ সংক্ৰান্তিৰ দিনা পালন কৰা উৎসৱৰ পৰাও বিহুৰ উৎপত্তি হোৱা বুলি ভবাৰ থল আছে।

প্ৰফুল্ল দত্ত গোস্বামীৰ প্ৰৱন্ধ ‘ব’হাগ বিহুৰ পৰম্পৰা’

তৃতীয়তে, দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক ‘বিষু’ বোলে। সেইদৰে হিমালয়ৰ নামনি অঞ্চলৰ মাজতো ‘বিষু মেলা’ বুলি এক উৎসৱৰ প্ৰচলন আছে। তেনেদৰে মধ্য ভাৰতৰ ওৰাওঁসকলে গ্ৰীষ্ম কালত ‘বিষু চিকাৰ’ৰ ব্যৱস্থা কৰে–ঠিক যেনেকৈ মাঘ বিহুৰ সময়ত অসমৰ ৰাইজে সমূহীয়াকৈ মাছ মৰা বা পহু চিকাৰৰ ব্যৱস্থা কৰে। ইয়াক কোনো কোনো অঞ্চলত বিহু নুবুলি ‘বৈশাখী’ বোলে।

মুঠতে বিহু উৎসৱটো কেতিয়া ক’ত কেনেদৰে উৎপত্তি হৈছিল তাৰ সঠিক তথ্য আজিলৈ উদ্ধাৰ হোৱা নাই যদিও ই যে পোনতে এক কৃষি উৎসৱ হিচাপে উৎপত্তি লাভ কৰিছিল তাত অৱশ্যে কাৰো সন্দেহ নাই।  কালক্ৰমত এই কৃষি উৎসৱটোত আৰ্য আৰু অনাৰ্যৰ উপাদান লগলাগি এক জাতীয় সাংস্কৃতিক উৎসৱত পৰণিত হয়।

নিহু নৃত্য সম্পৰ্কেও এইখিনি জনা যায় যে কৃষি বৃত্তি অৱলম্বন কৰা লোকৰ মাজত স্ত্ৰী-পুৰুষৰ আনুষ্ঠানিক মিলন আৰু নৃত্য-গীত পৃথিৱীৰ উৰ্বৰা শক্তি বৃদ্ধি কৰাৰ এক প্ৰাচীন ব্যৱস্থা আছিল। সপ্তম শতিকাত এজন মুছলমান ভ্ৰমণকাৰীয়ে লিখি থৈ যোৱা বৰ্ণনাৰ পৰা জনা যায় যে তেওঁ অসমৰ ৰাজধানীত স্ত্ৰী-পুৰুষ উভয়ে নৃত্য আৰু গীতেৰে ৰং-ধেমালি কৰা প্ৰত্যক্ষ কৰিছিল। ঢোল, পেঁপা, টকা আদি বাদ্য যন্ত্ৰৰো ব্যৱহাৰ তেওঁ লক্ষ্য কৰিছিল বুলি উল্লেখ আছে। তেওঁ আকৌ উল্লেখ কৰিছে যে এই উৎসৱৰ সময়ত ডেকা-গাভৰুৰ মনৰ আদান-প্ৰদানো হয়। পিছলৈ আহোম ৰজাসকলে এই উৎসৱক পৰিপোষণ  কৰি বিহু উৎসৱক জাতীয় উৎসৱ হিচােপ গঢ় দিয়াত সহায় কৰে।  0 0 0.

প্ৰফুল্ল দত্ত গোস্বামীৰ প্ৰৱন্ধ ‘ব’হাগ বিহুৰ পৰম্পৰা’ 

বি. দ্র. প্ৰফুল্ল দত্ত গোস্বামীৰ প্ৰৱন্ধ ‘ব’হাগ বিহুৰ পৰম্পৰা’– এক বিশ্লেষণাত্মক অধ্যয়ন | Profulla Dutt Goswamiৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘নির্বাচিত অসমীয়া প্রবন্ধ সমালোচনা‘ গ্রন্থৰ   পৰা লোৱা হৈছে

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here