Home Literary Criticism প্ৰাথমিক আৰবী সাহিত্যৰ উৎসঃ কোৰান । Kuran as a Source of Early...

প্ৰাথমিক আৰবী সাহিত্যৰ উৎসঃ কোৰান । Kuran as a Source of Early Islamic Literature

0

প্ৰাথমিক আৰবী সাহিত্যৰ উৎসঃ কোৰান

প্ৰাথমিক আৰবী সাহিত্যৰ উৎসঃ কোৰান । Kuran as a Source of Early Islamic Literature

প্ৰাথমিক আৰবী সাহিত্যৰ উৎসঃ কোৰান । Kuran as a Source of Early Islamic Literature

প্ৰাথমিক ইছলামী যুগ বুলিলে ৬২২ খ্ৰীষ্টাব্দ অৰ্থাৎ হজৰত মহম্মদ (ছাঃ)য়ে মক্কাৰ পৰা মদিনালৈ হিজৰত কৰা সময়ৰ পৰা ৬৬১ খ্ৰীষ্টাব্দলৈ অৰ্থাৎ ইছলামী সাম্ৰাজ্যৰ খলিফা হজৰত আলী (ৰাঃ)শাসনৰ সময়লৈকে বুজোৱা হয়। এই সময়ছোৱাত আৰবী ভাষা আৰু সাহিত্যই এক নতুন শক্তি, গতি আৰু দৰ্শন লাভ কৰে। কিয়নো ইছলাম ধৰ্মৰ আবিৰ্ভাৱৰ লগে লগে পৰম্পৰাগত আৰবী ভাষা আৰু সাহিত্যৰ  প্ৰভাৱ ক্ৰমে হ্রাস পাই আহে আৰু এক নতুন ধাৰা আৰম্ভ হয় যাক আমি ইছলামী ধাৰা বুলি ক’ব পাৰোঁ। প্ৰাথমিক ইছলামী যুগৰ আৰবী সাহিত্যৰ উৎসসমূহৰ ভিতৰত আছিল কোৰান, হাদিছ,  কোৰানৰ তফছিৰ, ফিকা, ইতিহাস, কবিতা আৰু গদ্য সাহিত্য। এইবোৰৰ ভিতৰত কোৰান আৰু হাদিছক প্ৰধান উৎস বুলি বিবেচনা কৰা হয়। তলত প্ৰাথমিক আৰবী সাহিত্যৰ উৎস হিচাপে কোৰানৰ বিষয়ে সংক্ষেপে আলোচনা কৰা হ’ল।

কোৰান পৰিচয় 

কোৰান হৈছে সৰ্বশেষ ঐশী গ্ৰন্থ। এইখন আল্লাহ প্ৰেৰিত শেষ নবী হজৰত মহম্মদ (ছাঃ) ওপৰত নাজিল (অৱতৰণ) হৈছিল। গ্ৰন্থখনত মানৱজাতিৰ শান্তিপূৰ্ণ জীৱন-যাপন বাবে প্ৰয়োজনীয় সকলো নীতি নিৰ্দেশন আছে। এইখনৰ নীতি-নিৰ্দেশনা মতে জীৱন যাপন কৰা লোকসকলক ‘মুছলমান’ বুলি কোৱা হয়। গ্ৰন্থখন পোনতে আল্লাহই ‘লৌহে মাহফুজ’ (সুৰক্ষিত ফলি)ত লিখি সংৰক্ষণ কৰি ৰাখিছিল আৰু পিছত প্ৰয়োজন অনুসাৰে হজৰত মহম্মদ (ছাঃ)ৰ ওপৰত ফিৰিস্তা হজৰত জিব্রাইল (আঃ)ৰ জৰিয়তে নাজিল (অৱতৰণ) কৰিছিল।

কোৰান অৱতৰণ 

হজৰত মহম্মদ (ছাঃ)ৰ চল্লিশ বছৰ বয়সত মক্কাৰ পৰা তিনি মাইল দূৰত অৱস্থিত হীৰা গুহাত ৬১০ খ্ৰীষ্টাব্দৰ ৰমজান মাহত জিব্রাইল (আঃ)ৰ জৰিয়তে কোৰানখন হজৰত মহম্মদ (ছাঃ)ৰ ওপৰত ছোৱা ছোৱাকৈ অৱতৰণ হোৱা আৰম্ভ হয় আৰু ৬৩২ খ্ৰীষ্টাব্দৰ ৮ জুন তাৰিখে কোৰানখনৰ অৱতৰণ সমাপ্ত হয়। মুঠতে কোৰানখন সম্পূৰ্ণৰূপে অৱতৰণ হওঁতে ২২ বছৰ  ২ মাহ ২২ দিন সময় লয়। কোৰানখনত মুঠতে ১১৪ টি ছুৰা (অধ্যায়) আৰু ৬৬৬৬ টি আয়াত (বাক্য) আছে। কোৰানৰ ১১৪ টি ছুৰাৰ ভিতৰত ৯৩ টি ছুৰা মক্কাত ১৩ বছৰত অৱতীৰ্ণ হয় আৰু বাকী ২৩ টি ছুৰা মদিনাত অৱতীৰ্ণ হয়। মক্কাত অৱতীৰ্ণ হোৱা ছুৰােবাৰক ‘মক্কী ছুৰা’ আৰু মদিনাত অৱতীৰ্ণ হোৱা ছুৰােবাৰক ‘মাদীনি ছুৰা’ বুলি কোৱা হয়। কোৰানখনৰ অৱতীৰ্ণ হোৱা প্ৰথম আয়াত আছিল ‘ছুৰা আল-আলাক’ৰ প্ৰথম আয়াত।
আল্লাহৰ শেষ নবী হজৰত মহম্মদ (ছাঃ)ৰ ওপৰত পবিত্ৰ কোৰানখন নিম্নোলেখিত তিনিটা পদ্ধতিত (নাজিল) অৱতীৰ্ণ হয়, যথা-
 
(ক) হজৰত মহম্মদ (ছাঃ) টোপনিত থকা অৱস্থাত, সপোনৰ মাধ্যমত।
 
(খ) জাগ্ৰত অৱস্থাত হজৰত মহম্মদ (ছাঃ)ৰ অন্তৰত ভাৱৰ উন্মেষ ঘটি।
 
(গ) মানুহৰ আকৃতিতে স্বয়ং ফিৰিস্তা জিব্রাইলৰ  মাধ্যমত।
 
এইদৰে নবীজীয়ে আল্লাহৰ পৰা যি বাণী লাভ কৰিছিল সেইবোৰ লগে লগে মুখস্থ কৰি ৰাখিছিল আৰু তেখেতৰ চাহাবী (সংগী)সকলকো মুখস্থ কৰাইছিল। ইয়াৰোপৰি নবীজীৰ  চৌৱাল্লীশজন অহি লেখক আছিল আৰু সিহঁতে নবীজীয়ে শিকোৱা মতে জন্তুৰ হাড়, খেজুৰ গছৰ পাত, জন্তুৰ ছাল আদিত লিখি ৰাখিছিল।
 
নবীজীৰ ইন্তেকালৰ ৮০ দিন আগতে কোৰানখনৰ অৱতীৰ্ণ সম্পূৰ্ণ হয়। কোৰানখন ছোৱা-ছোৱাকৈ অৱতীৰ্ণ হোৱা বাবে হজৰত মহম্মদ (ছাঃ)ৰ জীৱন কালতে এইখন কিতাপ আকাৰে সংকলিত হোৱা নাছিল।

কোৰান সংকলন আৰু সংৰক্ষণ

৬৩২ খ্ৰীষ্টাব্দৰ  ৮ জুনত ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদ (ছাঃ) য়ে পৰলোক গমন কৰে। তেখেতৰ পিছত হজৰত আবু বকৰ মদিনাৰ খলিফা নিৰ্বাচিত হয়। হজৰত মহম্মদ (ছাঃ)ৰ ইন্তেকালৰ পিছত আৰবসকলৰ মাজত আকৌ বিশৃঙ্খলতা আৰম্ভ হয়। কিছু সংখ্যক মুছলমানে ইছলাম ধৰ্ম ত্যাগ কৰি পুনৰ পৌত্তলিক ধৰ্মলৈ ওভতি যায়। কিছুমানে ইছলামৰ মূল নীতিৰ পৰা আঁতৰি যায়। আনহাতে কেইজনমান লোকে নিজকে নবী বুলি দাবী কৰে। হজৰত আবু বকৰ (ৰাঃ)য়ে এইসকলৰৰ বিৰুদ্ধে বৰ কঠোৰ নীতি অৱলম্বন কৰে। ইয়াৰ ফলত তেওঁ কেইটিমান বিদ্ৰোহৰ সন্মূখীন হয় আৰু যুদ্ধ কৰিবলগা হয়। সেই যুদ্ধসমূহৰ ভিতৰত এটি যুদ্ধ আছিল ‘য়ামামাৰ যুদ্ধ’। এই যুদ্ধখন ভণ্ডনবী মুছাইলিমাৰ লগত সংঘটিত হয়। খলিফা হজৰত আবু বকৰ (ৰাঃ)য়ে সেনাপতি খালিদ বিন অলিদৰ নেতৃত্বত মুছাইলিমাৰ বিৰুদ্ধে এক বিশাল বাহিনী প্ৰেৰণ কৰে। এই যুদ্ধখন আছিল অতি ভয়াবহ আৰু ৰক্তক্ষয়ী। যুদ্ধখনত ইছলামৰ প্ৰায় ১২০০ (বাৰশ) সেনা নিহত হয়। ইয়াৰ সৰহভাগেই আছিল কোৰানৰ হাফিজ। কোৰানৰ হাফিজসকল নিহত হোৱা চাই হজৰত ওমৰ (ৰাঃ) শংকিত হৈ পৰে আৰু দূৰদৰ্শী ওমৰে খলিফা হজৰত আবু বকৰ (ৰাঃ)ক  কোৰানৰ সিচঁৰতি হৈ থকা খণ্ড খণ্ড অংশবোৰ গোটাই কিতাপ আকাৰে সংকলন কৰাৰ পৰামৰ্শ প্ৰদান কৰে। প্ৰথমতে হজৰত আবু বকৰে এই কাম কৰিবলৈ অস্বীকাৰ কৰে আৰু কয় যে যি কাম নবীয়ে কৰি থৈ যোৱা নাই, সেইকাম সি কৰিব নোৱাৰে। পিছত হজৰত আবু বকৰে কোৰানখন গ্ৰন্থাকাৰে সংকলন কৰিবলৈ মান্তি হয় আৰু এই কামৰ বাবে  বিশিষ্ট আনচাৰী যায়িদ বিন ছাবিদক বিভিন্ন স্থানত সিচঁৰতি হৈ থকা কোৰানৰ ছুৰাবোৰ গোটাই বিশ্বস্ততাৰ ভিত্তিত  গ্ৰন্থাকাৰে সংকলন কৰিবলৈ নিযুক্তি দিয়ে।
 
জায়েদ বিন ছাবিদে আবু বকৰৰ নিৰ্দেশ শিৰোধাৰ্য কৰি অতি সতৰ্কতাৰ সৈতে এই কাম কৰিবলৈ লয়। তেওঁ কোৰানৰ হাফিজসকলক লগ ধৰি সিহঁতৰ আবৃতি শুনাৰ লগতে বিভিন্ন জনে লিখি ৰখা কোৰানৰ ছুৰাবোৰ সংগ্ৰহ কৰি বহুতো বাছ-বিচাৰ কৰি সম্পূৰ্ণ শুদ্ধ আৰু নিখুঁতৰূপত পবিত্ৰ কোৰানখন গ্ৰন্থ আকাৰে সংকলন কৰি উলিয়ায়।  সংকলনৰ কাম সমাপ্ত কৰি এইখন খলিফা হজৰত আবু বকৰ (ৰাঃ) ৰ হাতত অৰ্পন কৰে। এই কাম সমাধা হোৱাৰ কিছুদিনৰ পিছত হজৰত আবু বকৰ (ৰা) মৃত্যু হয় । ইয়াৰ পিছত হজৰত ওমৰ (ৰাঃ) ইছলামী সাম্ৰাজ্যৰ খলিফা নিৰ্বাচিত হয় আৰু সংকলিত কোৰানখন তেওঁৰ তত্বাৱধানত ৰখা হয়। 
 
হজৰত ওমৰে দহ বছৰকাল ইছলামী সাম্ৰাজ্য শাসন কৰি শ্বহীদ হয়।পিছত কোৰানখন তেওঁৰ কন্যা আৰু হজৰত মহম্মদ (ছাঃ)ৰ এক পত্নী হজৰত হাফছা (ৰাঃ)ৰ ওচৰত জমা ৰখা হয়।
 
হজৰত ওমৰ (ৰাঃ)ৰ পিছত হজতে ওছমান ইছলামী সাম্ৰাজ্যৰ খলিফা নিৰ্বাচিত হয়। হজৰত ওমৰৰ শাসন কালত ইছলামী সাম্ৰাজ্যৰ যথেষ্ট বিস্তাৰ হয় আৰু ইছলাম ধৰ্মৰো প্ৰসাৰ হয়। নৱদীক্ষিত মুছলমানসকলৰ মাজত কোৰানৰ তিলৱাত (পাঠ)ক লৈ মতানৈক্যৰ সৃষ্টি হয়।  তেতিয়া হজৰত ওছমানে এই বিতৰ্কৰ অন্ত পেলাবলৈ হজৰত হাফছাৰ জিম্বাত থকা কোৰানৰ কপিটো সংগ্ৰহ কৰি জায়েদ বিন ছাবিদক এই কপিটোৰ পৰা কেইবাখনো প্ৰতিলিপি প্ৰস্তুত কৰিবলৈ দায়িত্ব অৰ্পন কৰে। এই কামত আব্দুল্লা ইবনে জুবাইৰ, ছাঈদ ইবনে আল-আশ্বা আৰু আব্দুৰ ৰহমান ইবনে হাৰিছে ছাবিদক সহায় কৰে। কোৰানৰ কোনো আয়াতলৈ কিবা মতবিৰোধৰ সৃষ্টি হ’লে কুৰাইশ উপভাষাত সেয়া লিপিবদ্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। সিহঁতৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলত ৬৫১ খ্ৰীষ্টাব্দত কোৰানৰ ছয়খন প্ৰতিলিপি প্ৰস্তুত হয় আৰু তৎকালিন মুছলিম বিশ্বৰ চাৰিখন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। হজৰত ওছমানৰ উদ্যোগত এই কাম সমাধা হোৱা বাবে তেওঁক ‘জামিউল কোৰান’ (কোৰানৰ সংৰক্ষণকাৰী) উপাধি দিয়া হয়।

সাহিত্যিক উৎস হিচাপে পবিত্ৰ কোৰান

পবিত্ৰ কোৰানখনে আৰবী সাহিত্যৰ ভাণ্ডাৰত এক অতুলনীয় স্থান দখল কৰি আহিছে। ইয়াৰ ভাষা গদ্য আৰু পদ্যৰ এক অপূৰ্ব সংমিশ্ৰন। এইখন এনেকুৱা ৰীতিত ৰচিত হৈছিল যি আছিল পূৰ্ব দৃষ্টান্তহীন আৰু অতুলনীয়। ইয়াৰ ভাষা ৰীতি, শব্দ চয়ন, অলংকাৰ আদিয়ে সেইসময়ৰ আৰবী ভাষা আৰু সাহিত্যৰ ওপৰত এক গভীৰ প্ৰভাৱ পেলায় আৰু আৰবী ভাষাক  স্থিৰতা, সাৰ্বজনীনতা প্ৰদান কৰি আৰবী ভাষা-সাহিত্যক এক নতুন গতি প্ৰদান কৰে। ইয়াক প্ৰাথমিক ইছলামী যুগৰ আৰবী ভাষা-সাহিত্যৰ প্ৰধান উৎস হিচাপে বিবেচনা কৰা হয়। কিয়নো কোৰানত ইছলামৰ ধৰ্মীয় নিৰ্দেশনা থকাৰ লগতে পূৰ্বৰ প্ৰধান নবীসকলৰ বিষয়ে বিভিন্ন তথ্য, সেই সময়ৰ আৰবৰ সামাজিক, ৰাজনৈতিক, নৈতিক, আদি বিভিন্ন দিশৰ প্ৰসংগ পোৱা যায়।

আৰবী ভাষাৰ ওপৰত কোৰানৰ প্ৰভাৱ

ভাষিক দিশৰ পৰা কোৰানখন এক অতুলনীয় গ্ৰন্থ। ইয়াৰ প্ৰভাৱ ধৰ্মীয় দিশত যিমান শক্তিশালী আৰু যুগান্তকাৰী, সেইদৰে আৰবী ভাষাৰ ওপৰতো ইয়াৰ প্ৰভাৱ লেখতলবলগীয়া। তলত আৰবী ভাষাৰ ওপৰত কোৰানৰ প্ৰভাৱৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’লঃ
 
(ক) কোৰান ভাষা গদ্য আৰু পদ্যৰ এক অনুপম সংমিশ্ৰন। ইয়ে আৰবী গদ্যক এক সুষমতা দান কৰাৰ উপৰিও আৰবী ভাষাৰ বিভিন্ন ঠাল-ঠেঙুলিবোৰৰ মাজত ঐক্য সাধন কৰি আৰবী ভাষাক সাৰ্বজনীনতা প্ৰদান কৰিছে। ফলত আৰবী ভাষাই আজি বিশ্বৰ অন্যতম মৰ্যদাশীল ভাষাত পৰিণত হৈছে।
 
(খ) কোৰানখনে আৰবী গদ্যৰ সংস্কাৰ সাধন কৰি ইয়াক শ্ৰুতিমধুৰতা আৰু সৰলতা প্ৰদান কৰিছে।
 
(গ) কোৰানে আৰবী ভাষাত কিছুমান নতুন শব্দ, খণ্ডবাক্য আদিৰ সৃষ্টি কৰি আৰু পুৰণি শব্দক নতুন অৰ্থ প্ৰদান কৰি আৰবী ভাষাৰ শব্দ ভাণ্ডাৰ বাৰুকৈয়ে চহকী কৰিছে।
(ঘ) কোৰানৰ বাবেই আজি আৰবী ভাষাই বিশ্বজনীন ৰূপ লাভ কৰিছে। আজি বিশ্বৰ প্ৰায় ২৬খন দেশৰ চৰকাৰী ভাষা আৰবী। ইয়াৰ প্ৰধান কাৰণ ই ইছলাম ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ গ্ৰন্থৰ ভাষা।
 
(ঙ) প্ৰভাৱশালী ইছলাম ধর্মৰ মূল বাণীসমূহ মূল আৰবী ভাষাত অনুধাৱন কৰিবলৈ বহুতো অনা-ইছলামধৰ্মী লোকেও আৰবী ভাষা অতি আগ্ৰহৰে শিকি আছে। ফলত আৰবী ভাষাৰ মৰ্যদা বহুগুণে বৃদ্ধি পাইছে।
 
(চ) কোৰানৰ অৱতৰণৰ আগলৈ আৰবী ভাষাত কবিতাই বিশেষ প্ৰভাৱ বিস্তাৰ কৰি আছিল আৰু গদ্য সাহিত্য প্ৰায় নাছিল বুলিয়েই ক’ব পাৰি। কিন্তু কোৰানখন অৱতণৰ পিছত আৰবী ভাষাত কাব্য সাহিত্যৰ প্ৰভাৱ ক্ৰমে হ্রাস পাবলৈ ধৰে আৰু গদ্য সাহিত্যৰ প্ৰভাৱ দ্ৰুত গতিত বৃদ্ধি হৈ থাকে। ফলত মানুহৰ জ্ঞান চৰ্চাৰ দিশো সহজ আৰু সৰল হয়।

আৰবী সাহিত্যৰ ওপৰত পবিত্ৰ কোৰানৰ প্ৰভাৱ 

ইছলাম ধৰ্ৰ্মৰ মূল ধৰ্ম গ্ৰন্থ পবিত্ৰ কোৰানখনে বিশ্ববাসীক অকল এক বিশুদ্ধ ধৰ্ম প্ৰদান কৰাই নহয়, ই আৰবী সাহিত্যৰ ওপৰতো এক শক্তিশালী আৰু যুগান্তকাৰী প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। তলত আৰবী সাহিত্যৰ ওপৰত কোৰানৰ প্ৰভাৱৰ বিষয়ে চমুলৈ আলোচনা কৰা হ’লঃ
 
(ক) কোৰান গ্ৰন্থখন ইছলাম ধৰ্মালম্বীসকলৰ প্ৰধান গ্ৰন্থ। এই গ্ৰন্থখন বাধ্যতামূলকভাৱেই অধ্যয়ন কৰিবলগা হয়। সেয়ে ইয়াৰ প্ৰতিটো শব্দৰ যথাযথ অৰ্থ, ব্যাখ্যা, বিশ্লেষণ আদিৰ প্ৰয়োজন হয় আৰু এই প্ৰয়োজন পূৰণ কৰিবলৈ আৰবী ভাষাৰ ব্যাকৰণ, অভিধান, অলংকাৰ শাস্ত্ৰ আদি প্ৰণয়ন কৰিব লগা হৈছে। ফলত আৰবী ভাষা আৰু সাহিত্যই এক সুস্থিৰ বিন্যাস লাভ কৰিছে।
 
(খ) হজৰত মহম্মদ (ছাঃ) হৈছে ইছলাম ধর্মৰ প্ৰৱৰ্তক আৰু এই ধৰ্মৰ পবিত্ৰ গ্ৰন্থ কোৰানখন তেখেতৰ ওপৰতে অৱতৰণ হৈছিল। সেয়ে ইছলাম ধৰ্মাৱলম্বী লোকসকলে সিহঁতৰ ধৰ্মগুৰুৰ জীৱনী, জীৱন দৰ্শন, আদেশ-নিষেধ আদি মানি চলিব লগা হয়। ইয়াৰ উপৰিও হজৰত মহম্মদ (ছাঃ) য়ে নিজৰ জীৱনত কোৰানৰ বাণীসমূহৰ প্ৰতিফলন ঘটাইছিল। সেয়ে মুছলিম মনীষীসকলে হজৰত মহম্মদৰ মুখৰ বাণীসমূহ সংগ্ৰহ কৰি হাদিছ গ্ৰন্থ সংকলন কৰিছে। এই হাদিছৰ ভাষা আছিল বিশুদ্ধ আৰবী। ফলত হাদিছ গ্ৰন্থৰ জৰিয়তে আৰবী ভাষা আৰু সাহিত্যৰ যথেষ্ট উন্নতি হৈছে।
 
(গ) পবিত্ৰ কোৰানত ধৰ্মীয় নীতি-বিধি, আদেশ-নিষেধ থকাৰ উপৰিও বিভিন্ন প্ৰসংগ্ৰক্ৰমে পূৰ্বৰ নবীসকলৰ বিষয়েও বহুত বৰ্ণনা পোৱা যায়।পিছত মুছমান পণ্ডিত কিছুমানে পূৰ্বৰ নবীসকলৰ বিষয়ে লিখিবলৈ উৎসাহিত হয় ইয়াৰ ফলত আৰবী ভাষাত জীৱনী গ্ৰন্থৰ লগতে ইতিহাস গ্ৰন্থও ৰচিত হয় আৰু আৰবী সাহিত্যৰ যথেষ্ট উন্নয়ন হয়।
 
(ঘ) কোৰানখন যথাযথভাৱে বুজা আৰু হৃদয়াঙ্গম কৰিবলৈ কোৰানৰ তফছিৰ (ব্যাখ্যা) গ্ৰন্থৰ সৃষ্টি হয় আৰু পিছত কেইজনমান ইমামৰ পৰিশ্ৰমৰ ফলত ফিকাহ শাস্ত্ৰৰ জন্ম হয়। এনেদৰে আৰবী সাহিত্যৰ ভঁৰাল বাৰুকৈয়ে টনকিয়াল হয়।
 
(ঙ) ইছলামৰ পঞ্চ খুটিৰ ভিতৰত হজ পালন কৰাটো অৱশ্য কৰণীয় কৰ্তব্য। হজ পালন কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মুছলমানসকলে পবিত্ৰ মক্কা শ্বৰিফত প্ৰতিবছৰ সমেবত হয়। সিহঁতে দূৰ-দূৰান্তৰ পৰা মক্কালৈ হজ পালন কৰিবলৈ বাট-পথ, লোকালয়, আদিৰ বিষয়ে জনাটো আৱশ্যকীয় হৈ পৰে। এই আৱশ্যকতা পূৰণ কৰিবলৈ ভূগোল শাস্ত্ৰৰ সৃষ্টি হয়।
 
(চ) কোৰানখনত ধৰ্মীয়, নৈতিক আৰু মানৱ জাতিৰ বাবে প্ৰয়োজনীয়  সকলোবোৰ বিধি-বিধান থকাৰ উপৰিও, বিজ্ঞানৰ বিষয়েও কিছু নিৰ্ভুল সিদ্ধান্ত পোৱা যায়। পিছলৈ কোৰানত থকা বৈজ্ঞানিক এই সংকেতসমূহৰ ওপৰত চিন্তা চৰ্চা আৰম্ভ হয়। ফলস্বৰূপে মানৱ জ্ঞানৰ অন্যান্য শাখা যেনে- ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, জ্যোতিবিজ্ঞান, বীজ গণিত, চিকিৎসা শাস্ত্ৰ আদিৰ যথেষ্ট উন্নতি হয় আৰু এইবোৰ বিষয়ৰ ওপৰত বিভিন্ন গ্ৰন্থ ৰচিত হয় আৰু আৰবী ভাষা আৰু সাহিত্যৰ লগতে জ্ঞান-বিজ্ঞানৰো বিস্তৰ বিকাশ হয়।
 
(ছ) কোৰান অৱতণৰ পিছত আৰবী কাব্য ধাৰাতো পৰিৱৰ্তন ঘটে। ইছলাম পূৰ্ব আৰবী কবিতাসমূহ প্ৰায়েই অশ্লীল আছিল। কিন্তু কোৰান অৱতৰণৰ পিছত, ইয়াৰ প্ৰভাৱত পৰি আৰবী কাব্য সাহিত্যত শালীনতা, ভাষাৰ স্পষ্টতা, শব্দৰ যথাযথ প্ৰয়োগ আদি আনয়ন হয়। কবিতাৰ বিষয়বস্তুতো ইছলামী দৰ্শনৰ স্পষ্ট প্ৰভাৱ পৰে।
 
(জ) কোৰান অৱতীৰ্ণ হোৱাৰ আগলৈকে আৰবী লিপি অসম্পূৰ্ণ আছিল। কোৰান অৱতীৰ্ণৰ পিছত ইয়াৰ প্ৰভাৱৰ ফলত আৰবী লিপিৰো সংস্কাৰ সাধন হয়। কোৰান পঢ়া আৰু  শব্দৰ উচ্চাৰণ বিশুদ্ধ আৰু সাৰ্বজনীন কৰাৰ বাবে আৰবী ভাষাত কিছুমান চিন (হৰকত) সংযোজিত হয়। ফলত আৰবী ভাষাটোত সৰলতা আহে আৰু ইয়ে আৰবী ভাষাক বিশ্বৰ এক মৰ্যদাশীল ভাষাত পৰিণত হোৱাত অৱদান যোগাইছে।
 
এনেদৰে কোৰান গ্ৰন্থখনে আৰবী সাহিত্যৰ ওপৰত অভূতপূৰ্ব প্ৰভাৱ পেলাই আৰবী সাহিত্যক মৰ্যদা প্ৰদান কৰিছে।

বিজ্ঞানৰ বিভিন্ন শাখাত কোৰানৰ প্ৰভাৱ

কোৰানখন মূলত এখন ধৰ্মগ্ৰন্থ যদিও ইয়াত প্ৰসংগক্ৰমে পূৰ্বৰ প্ৰধান নবীসকলৰ চমূ পৰিচয়, সিহঁতৰ জীৱনত ঘটা বিভিন্ন শিক্ষনীয় ঘটনা, আল্লাহৰ মহাত্ম্য প্ৰকাশক বিভিন্ন নিদৰ্শনৰ বৰ্ণনা, বিজ্ঞানৰ কিছুমান সিদ্ধান্ত আদিৰো উল্লেখ আছে। পিছলৈ কোৰানৰ এইবোৰ বিষয়ৰ ওপৰত গভীৰ চিন্তা-চৰ্চা আৰু গৱেষণা আৰম্ভ হয় আৰু ইয়াৰ পৰিণতিত বিজ্ঞানৰ বিভিন্ন শাখাৰ জন্ম হয়। তলত বিজ্ঞানৰ বিভিন্ন শাখাৰ ওপৰত কোৰানৰ প্ৰভাৱৰ বিষয়ে চমুকৈ আলোচনা কৰা হয়।

ধ্বনি বিজ্ঞানঃ

কোৰানৰ প্ৰভাৱত আৰবী ভাষাৰ ধ্বনি বিজ্ঞান ৰচিত হয়। পবিত্ৰ কোৰান অধ্যয়ন  বা আবৃতিৰ বাবে সাতটো পদ্ধতি বা সুৰ অনুমোদনীয়। হজৰত মহম্মদ (ছাঃ) য়ে কৈছিল, “কোৰানখন সাতোটা আহৰূফ বা সুৰত অৱতীৰ্ণ হৈছে আৰু তোমালোকে যিটো সুৰ সহজ পোৱা সেইমতে ইয়াক পাঠ কৰা।” এই ‘আহৰূফ’ শব্দই উচ্চাৰণৰ তাৰতম্য আৰু স্বৰ চিহ্নৰ ভিন্নতাক সূচায়। আহৰূফৰ এই তাৰতম্য আৰু ভিন্নতাক সহজে বুজাবলৈ মুছলিম পণ্ডিতসকলে আৰবী ভাষাত ধ্বনি বিজ্ঞানৰ জন্ম দিয়ে।

ছন্দ শাস্ত্ৰঃ

কোৰানখন ছন্দত ৰচিত। আয়াত ভেদে ছন্দৰো পাৰ্থক্য দেখা যায়।  সেয়ে ইয়াক শুদ্ধ ৰূপত পঢ়োতে যাতে অৰ্থৰ কোনো বিকৃতি নহয় সেই বাবে আৰবী ভাষাত ছন্দৰ জন্ম হয়।  উল্লেখ্য যে কোৰানৰ ভাষা আৰু ছন্দৰ ভিত্তিত আবুল আছৱাদ আদদুৱালীয়ে আৰবী ছন্দ প্ৰকৰণ নিৰ্দ্ধাৰণ কৰি আৰবী ছন্দ বিজ্ঞানৰ জন্ম দিয়ে।

বিবিধ বিজ্ঞানঃ

আগতে উল্লেখ কৰা হৈছে যে কোৰানত কিছুমান বৈজ্ঞানিক সিদ্ধান্ত আছে। উদাহৰণস্বৰূপে কোৰানত ভ্রূণ বিজ্ঞান, জল বিজ্ঞান, জ্যোতিবিজ্ঞান, কৃষ্ণ গহ্বৰ, মহানাদ তত্ব আদিৰ সিদ্ধান্ত আছে। এই সিদ্ধান্তবোৰৰ কোনো ব্যাখ্যা নাই যদিও এইবোৰ সিদ্ধান্তই পিছত চিন্তাশীল ব্যক্তিসকলক এইবোৰৰ ওপৰত গৱেষণা কৰিবলৈ অনুপ্ৰাণিত কৰে। ফলস্বৰূপে আব্বাচী যুগত ইছলামী দেশবোৰত বিজ্ঞানৰ বিভিন্ন শাখাত বিস্তৰ গৱেষণা হয় আৰু ৰসায়ন বিজ্ঞান, গণিত, পদাৰ্থ বিজ্ঞান, জ্যোতির্বিজ্ঞান  আদিৰ জন্ম হয়।

দৰ্শনঃ

দৰ্শন শাস্ত্ৰৰ বিকাশ আৰু বিস্তাৰতো কোৰানৰ প্ৰভাৱ লক্ষণীয়। উদাহৰণস্বৰূপে আল গাজ্জলীয়ে কোৰানৰ বিভিন্ন বিষয়ৰ ওপৰত দাৰ্শনিক দৃষ্টিভংগীৰে কেইবাখনো মূল্যৱান গ্ৰন্থ ৰচনা কৰে। সেইদৰে বিশ্বৰ বিভিন্ন প্ৰান্তত কোৰানৰ মূল নীতিসমূহৰ সাৰ্বজনীন প্ৰাংসগিকতাৰ ওপৰত দাৰ্শনিক দৃষ্টিভংগীৰ গ্ৰন্থ ৰচিত হৈ আছে। উল্লেখ্য যে কোৰানৰ ওপৰত ভিত্তি কৰি সৃষ্টি হোৱা ইছলামী দৰ্শনৰ আলোচনা অবিহনে আজিৰ দৰ্শন শাস্ত্ৰ অসম্পূৰ্ণ।
 
এনেদৰে কোৰান এখন ধৰ্ম গ্ৰন্থ হৈয়ো আধুনিক বিজ্ঞানৰ অগ্ৰগতিত  বিশেষ অৱদান আগবঢ়াইছে। বৰ্তমানেও কোৰানত উল্লেখিত বিভিন্ন বিষয়ৰ ওপৰত গোটেই বিশ্বত গৱেষণা চলি আছে। সেয়ে কোৰানখন চিন্তাশীল ব্যক্তিসকলৰ বৈজ্ঞানিক গৱেষণাৰ বাবে অনুপ্ৰেৰণাৰ এক অমোষ গ্ৰন্থ বুলি বিবেচিত হ’ব পাৰে।

কোৰানৰ ঐতিহাসিক মূল্য বা ইতিহাস হিচাপে  কোৰান

কোৰান গ্ৰন্থখন মূলতঃ এখন ধৰ্ম গ্ৰন্থ; ই কোনো ইতিহাস বা বিজ্ঞানৰ গ্ৰন্থ নহয়। কিন্তু ধৰ্মীয় নীতি-নিয়ম, মানৱ আচাৰ-আচৰণ, আল্লাহৰ আদেশ-নিষেধ পালনৰ উপকাৰিতা আৰু বিধি-বিধান বা আদেশ-নিষেধ অমান্য কৰাৰ পৰিণাম আদি বিভিন্ন বিষয় সহজে আৰু মূৰ্তভাৱে বুজাবলৈ আল্লাহই ইতিহাসৰ পাতৰ পৰা বহুতো উদাহৰণ, উদ্ধৃতি, ইংগিত, প্ৰসংগ আদিৰ উল্লেখ কৰিছে। ফলত ইতিহাসৰ বহু কথাই  কোৰানখনত স্থান পাইছে। তলত কোৰান গ্ৰন্থখনৰ ঐতিহাসিক মূল্য বা ইতিহাস হিচাপে কোৰানৰ মূল্যায়ন কৰা হ’লঃ
 
প্ৰথমতে, কোৰানত আমি আদি মানৱ হজৰত আদম (আঃ) আৰু আদি মাতা হজৰত হাওৱা (ইভ)ৰ জন্ম কাহিনী, আল্লাহৰ আদেশৰ প্ৰতি সিহঁতৰ অবাধ্যতা, তাৰ পৰিমাণ আদিৰ বিস্তৃত বৰ্ণনা পাওঁ।
 
দ্বিতীয়তে, কোৰনত হজৰত আদম (আঃ)ৰ পুত্ৰ হাবিল আৰু কাবিলৰ কাহিনী, কাবিলৰ দ্বাৰা হাবিলৰ হত্যা, পিতৃ আদম (ছাঃ)ৰ দ্বাৰা ইয়াৰ বিচাৰ আদিৰ বৰ্ণনা পোৱা যায়।
 
তৃতীয়তে, হজৰত নূহ নবীৰ দিনত হোৱা মহাপ্লাৱনৰ কাহিনী, প্লাৱনত মৃত্যু হোৱা আল্লাহৰ অবিশ্বাসী বান্দাসকলৰ কৰুণ পৰিণতি, নবীৰ অবাধ্য স্ত্ৰীৰ পৰিণতি আদি ঐতিহাসিক কাহিনীৰ মূল আধাৰ পবিত্ৰ কোৰান।
 
চতুৰ্থতে, হজৰত লুত (আঃ)ৰ যুগৰ তেওঁৰ জাতিৰ পাপকাৰ্য আৰু সিহঁতৰ পাপৰ ফলৰ বিস্তাৰিত বৰ্ণনা কোৰানৰ পৰা জানিব পৰা যায়।
 
পঞ্চমতে, হজৰত ইব্রাহিম (আঃ) আৰু তেওঁৰ পুত্ৰ ইছমাইল (আঃ)ৰ কালছোৱাৰ সামাজিক আৰু ধৰ্মীয় দিশৰ বিৱৰণ থকাৰ উপৰিও নবীদ্বয়ৰ আত্মোসংৰ্গ, কাবাঘৰ পুননিৰ্মাণ আদিৰ বিৱৰণ আমি কোৰানৰ পৰাই পাওঁ।
 
ষষ্টতে, হজৰত মুছা (আঃ), তেওঁৰ ভায়েক হাৰুণৰ লগতে ফেৰাউন আৰু ইহুদি জাতিৰ এক বিস্তাৰিত বৰ্ণনা কোৰানত আছে। 
 
সপ্তমতে, হজৰত ইছা (আঃ), তেওঁৰ জন্ম আৰু মৃত্যু ৰহস্যৰ সমাধানসূচক বিবৃতি কোৰানত বিদ্যমান। ইয়াৰ উপৰিও শেষ নবী হজৰত মহম্মদ (ছাঃ)ৰ বিষয়ে, তেখেতৰ সমাসাময়িক আৰবসকলৰ আচাৰ-আচৰণ, নবীৰ লগত কৰা সিহঁতৰ বিশ্বাসঘাতকতা, নবীৰ লগত হোৱা সিহঁতৰ যুদ্ধ-বিগ্ৰহ আদিৰ উল্লেখ কোৰানত পোৱা যায়।
 
ইয়াৰ উপৰিও কোৰানত সংক্ষিপ্ত আকাৰে মানৱ জাতিৰ প্ৰতি সতৰ্কতাস্বৰূপ বহুতো কাহিনী, দৃষ্টান্ত আদি আছে।
 
মুঠতে কোৰানখন এখন ইতিহাস গ্ৰন্থ নহয় যদিও ইতিহাসৰ বহুতো কথা আমি কোৰান পঢ়ি জানিব পাৰো। পিছলৈ কোৰানত থকা বিভিন্ন কাহিনীসমূহৰ ওপৰত ভিত্তি কৰি বহুতো জীৱনী গ্ৰন্থ ৰচনা কৰা হৈছে। সাম্প্ৰতিক সময়তো মানৱ জাতিৰ ইতিহাস ৰচনাৰ ক্ষেত্ৰতো কোৰানখনে বহুতো সমলৰ যোগান ধৰে। 
 
সেয়ে ক’ব পাৰি কোৰানখন মূলতঃ এখন ধৰ্ম গ্ৰন্থ হৈয়ো ইয়াত থকা বহুতো ঐতিহাসিক কাহিনী আৰু বিৱৰণৰ বাবে ইয়াক বিশ্ব মানৱ জাতিৰ এক সংক্ষিপ্ত ইতিহাসৰ গ্ৰন্থ বুলিও ক’ব পাৰি। ০ ০ ০ 
প্ৰাথমিক আৰবী সাহিত্যৰ উৎসঃ কোৰান

বি দ্রঃ উক্ত ‘প্ৰাথমিক আৰবী সাহিত্যৰ উৎসঃ কোৰান । Kuran as a Source of Early Islamic Literature’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ‘ গ্রন্থখনৰ পৰা লোৱা হৈছে।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Additional Searches:

LEAVE A REPLY

Please enter your comment!
Please enter your name here